অসমীয়া ৱিকিপিডিয়াৰ পৰা

(IPA:ɔ) অসমীয়া লিপিস্বৰবৰ্ণৰ প্ৰথম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'অ'ও এটি স্বৰধ্বনি, সেয়েহে 'অ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'অ'-ক এনেদৰে ⠁ (braille pattern dots-1) লিখা যায়।

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

যিহেতু ব্যঞ্জন বৰ্ণ স্বতন্ত্ৰকৈ উচ্চাৰণ কৰিব নোৱাৰি[2], সেয়ে ব্যঞ্জনবৰ্ণৰ লগত কোনো স্বৰবৰ্ণ যোগ কৰা হয়। সাধাৰণতে, যেতিয়া কোনো ব্যঞ্জনবৰ্ণৰ লগত কোনো 'কাৰ' যোগ কৰা নহয়, ব্যঞ্জন বৰ্ণটোৰ লগত 'অ' যোগ কৰা হয়। যেনে ক=ক্+অ আদি। 'অ'ৰ কোনো গৌণ চিন বা 'কাৰ' নাই।[3]

ইউনিক’ড[সম্পাদনা কৰক]

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+0985 U+0985 BENGALI LETTER A

'অ' পৰা আৰম্ভ হোৱা শব্দ[সম্পাদনা কৰক]

কিছু উদাহৰণ হ'ল-

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of স্বৰবৰ্ণ
  2. xobdo.org search result of ব্যঞ্জন বৰ্ণ
  3. ডাঃ দাস আৰু ডাঃ ভট্টাচাৰ্যৰ 'ৰচনা সঞ্চয়ন'ৰ ১৭ পৃষ্ঠাৰ পৰা লোৱা।
  4. বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)