১১ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অক্টোবৰ ১১ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

১১ অক্টোবৰ (ইংৰাজী: 11 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৪তম (অধিবৰ্ষত ২৮৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮১টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৬৩৪ - নৰ্থ ফ্ৰিজলেণ্ড, ডেনমাৰ্ক আৰু জাৰ্মানীত হোৱা বুৰ্চাৰ্ডি বানপানীৰ ফলত প্ৰায় ১৫,০০০ লোকৰ মৃত্যু হয়।
  • ১৭৩৭ - গ্ৰেট বেংগল ঘূৰ্ণীবতাহে ভাৰতত ৩,০০,০০০ লোকৰ মৃত্যু ঘটাইছিল আৰু কলিকতাৰ আধা অংশ ধ্বংস কৰিছিল বুলি জনা যায়।
  • ১৯৫৮ - নাছাই পায়'নিয়াৰ ১ উৎক্ষেপণ কৰে, এইয়া নাছাক প্ৰথম মহাকাশ অভিযান যদিও ই এক স্থিৰ কক্ষপথ প্ৰাপ্ত কৰাত ব্যৰ্থ হয়।
  • ১৯৬৮ - নাছাই এপ'লো ৭ উৎক্ষেপণ কৰে, এইয়া হৈছে প্ৰথম সফল মানৱ চালিত এপ'লো অভিযান।
  • ১৯৮৮ - বাংগালোৰত আনুষ্ঠানিক ভাৱে জনতা দল গঠন কৰা হয়। দলৰ নেতা নিৰ্বাচিত হয় বিশ্বনাথ প্ৰতাপ সিং।
  • ২০০০ - নাছাই এছটিএছ-৯২ উৎক্ষেপণ কৰে, এইয়া হৈছে নাছাৰ শততম স্পেচ শ্বাটল অভিযান।
  • ২০০১ - ভাৰতীয় মূলৰ সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপললৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়।
  • ২০০৬ - কিৰণ দেশাইয়ে তেওঁৰ "দি ইনহেৰিটেন্স অব্ লছ" উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰে।
  • ২০০৭ - ব্ৰিটিছ লেখিকা ডৰিছ লেছিঙলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। এই বঁটা লাভ কৰা লেছিঙেই আটাইতকৈ বয়সিয়াল ব্যক্তি।

জন্ম[সম্পাদনা কৰক]

  • ১৮৮১ - লিৱিছ ফ্ৰাই ৰিচাৰ্ডছন (Lewis Fry Richardson), ইংৰাজ গণিতজ্ঞ, পদাৰ্থ বিজ্ঞানী, বতৰবিজ্ঞানী আৰু মনোবিজ্ঞানী। গণিতৰ ফ্ৰেক্টেল(fractal), ৰিচাৰ্ডছন এক্সট্ৰাপ'লেছন (Richardson extrapolation) আৰু বৈজ্ঞানিক মডেলিঙৰ (Scientific modelling) উদ্ভাৱক। ইয়াৰ উপৰিও যুদ্ধৰ গাণিতিক বিশ্লেষণ, বতৰৰ আগজাননী, আৰু উপকূল ৰেখা আৰু সীমাৰ দৈৰ্ঘ্যৰ ওপৰত কৰা গৱেষণাৰ বাবে জনা যায়।
  • ১৮৮৪ - এনা এলেনোৰ ৰুজভেল্ট, আমেৰিকান ৰাজনৈতিক ব্যক্তিত্ব, কূটনীতিবিদ আৰু সমাজকৰ্মী। (মৃত্যু: ৭ নৱেম্বৰ, ১৯৬২)
  • ১৯০২ - জয়প্ৰকাশ নাৰায়ণ, ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা।
  • ১৯২৩ - হৰিশ-চন্দ্ৰ, ভাৰতীয়-আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী।
  • ১৯৩০ - কে পি উম্মাৰ, মালয়ালম চিনেমাৰ অভিনেতা।
  • ১৯৪২ - অমিতাভ বচ্চন, ভাৰতীয় চলচ্চিত্ৰৰ মেগা ষ্টাৰ।
  • ১৯৪৬ - বিজয় পাণ্ডুৰং ভাটকাৰ, ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী, তথ্য প্ৰযুক্তি নেতা আৰু শিক্ষাবিদ।
  • ১৯৬৮ - চন্দ্ৰচুৰ সিং, ভাৰতীয় অভিনেতা।
  • ১৯৯২ - কাৰ্ডি বি, আমেৰিকান ৰেপ গায়িকা।
  • ১৯৯৩ - হাৰ্দিক পাণ্ড্যা, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।

মৃত্যু[সম্পাদনা কৰক]

ছুটী আৰু দিৱস[সম্পাদনা কৰক]

  • ছোৱালী সন্তানৰ আন্তৰ্জাতিক দিৱস।
  • আন্তৰ্জাতিক বাতৰি কাকত বাহক দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]