২২ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অক্টোবৰ ২২ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

২২ অক্টোবৰ (ইংৰাজী: 22 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৫তম (অধিবৰ্ষত ২৯৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭০টা দিন বাকী থাকে।

ঘটনাপঞ্জী[সম্পাদনা কৰক]

  • ১৭৬৪ - বংগ আৰু বিহাৰত নবাবৰ শাসন অন্ত, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ।
  • ১৭৬৪ - বক্সাৰ যুদ্ধ আৰু ইংৰাজৰ বিহাৰ অধিকাৰ।
  • ১৮৭৯ – ৰাৰ্বনাইজড সূত্ৰৰ ফিলামেণ্ট ব্যৱহাৰ কৰি টমাছ আলভা এডিছনৰ দ্বাৰা প্ৰথম বৈদ্যুতিক বাল্বৰ ব্যৱহাৰিক পৰীক্ষণ।
  • ১৯৩৮ - পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ দ্বাৰা জেৰৌগ্ৰাফী বা জেৰক্স মেচিন নিৰ্মাণত ব্যৱহৃত " ইলেক্ট্ৰোফটোগ্ৰাফ " নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ।
  • ১৯৪৭ - কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়।
  • ১৯৬২ - ভাৰতৰ ভাক্ৰা নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
  • ১৯৬৬ - ছোভিয়েট ইউনিয়নে লুনা -১২ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন।
  • ১৯৬৮ – পৃথিৱীক ১৬৩ বাৰ পৰিভ্ৰমণ কৰাৰ পাছত এপল ৭ সফলতাৰে আট্লাণ্টিক মহাসাগৰত অৱতৰণ।
  • ১৯৯৪ - শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ জন লোক এক বোমা বিস্ফোৰণত নিহত হয়।
  • ১৯৯৯ - ব'ফৰ্ছ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল , ৰাজীৱ গান্ধী সহ আন চাৰিজন অভিযুক্ত।
  • ১৯৯৯ - লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালাযোগী নিৰ্বাচিত।
  • ২০০১ - আফগানিস্তানৰ এক চিকিৎসালয়ত আমেৰিকান বোমা দিয়াৰ ফলত ১০০ জন জনলোকৰ মৃত্যু।
  • ২০০৩ - চনৰ আজিৰ দিনটোতে ফিফাৰ ৰেংকিংত ব্ৰাজিলৰ বিশ্ব ফুটবলত শীৰ্ষ স্থান অধিকাৰ।
  • ২০০৮ – ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান - ১ ৰ উৎক্ষেপন।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]