অগ্নিগড়

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
অগ্নিগড়:মূল প্ৰৱেশ দ্বাৰ
অগ্নিগড়ৰ সন্মূখভাগ
তেজপুৰৰ হৰি হৰ যুদ্ধ


তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই ঐতিহাসিক গড়টো তেজপুৰৰ বাণৰজাই তেওঁৰ কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে নিৰ্মাণ কৰিছিল । ইয়াত ঊষাৰ কাৰেং আছিল । ঊষাৰ প্ৰেমিক অনিৰুদ্ধক ইয়াতেই বন্দী কৰি ৰাখিছিল বুলি বিশ্বাস কৰা হয় । দৰাচলতে এই সৰু টিলাতোক অগ্নিগড় বোলা হৈছে যদিও প্ৰকৃতাৰ্থত সমগ্ৰ নগৰখনেই ‘অগ্নিগড়’ আছিল বুলি এক জনবিশ্বাস আছে । শত্ৰুৰ পৰা নগৰখন সূৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে । তদুপৰি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ স-সৈন্যে যুদ্ধ যাত্ৰা কৰি আহি শোণিতপুৰত প্ৰৱেশ কৰি বাণৰ নগৰৰ চাৰিওদিশে অগ্নিৰ বেৰ দেখি বিস্ময় মানিছিল আৰু নগৰত প্ৰৱেশ কৰাৰ কোনো চিদ্ৰ নেদেখি অৱশেষত গৰুড়ৰ দ্বাৰা অগ্নি নিৰ্বাপণ কৰিহে নগৰত প্ৰৱেশ কৰিছিল বুলি মহাভাৰতহৰিবংশৰ বিষ্ণুপৰ্বত উল্লেখ আছে ।এই তথ্যবোৰৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে বাণৰজাৰ নগৰখনেই অগ্নিগড় বুলি খ্যাত আছিল । পাছে ১৯২৮ চনত তেজপুৰ পৌৰসভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান(পিছলৈ ‘পদ্মপাৰ্ক’ নামেৰে জনাজাত) গঢ়ি তোলে আৰু কালক্ৰমত ইয়েই অগ্নিগড় ৰূপে পৰিচিত হৈ পৰিল । ব্ৰিটিছ আমোলাত এই টিলাটোত দূৰবীণ বহাই নগৰখন নিৰীক্ষণ কৰা হৈছিল বাবে ইয়াৰ নাম আছিল `Observatory Hill' । ২০০১ চনৰ জানুৱাৰী মাহৰপৰা ইয়াক নতুন ৰূপত সজাই পৰাই জাতিস্কাৰ কৰি তোলা হৈছে । ইয়াত নিৰ্মাণ কৰা মূৰ্ত্তিসমূহত হৰি-হৰ যুদ্ধ ফুটাই তোলা হৈছে । বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত চলি থকা ই এক অত্যাধুনিক নয়নাভিৰাম উদ্যান । তেজপুৰ চৰকাৰী বাছ আস্থানৰ পৰা "অগ্নিগড়"লৈ দুটা পথ আছে । এটা পথত আমি তেজপুৰৰ বিখ্যাত গণেশ ঘাট দেখিবলৈ পাওঁ । আৰু আনটো পথত তেজপুৰৰ উপায়ুক্তৰ আবাসগৃহ আৰু তেজপুৰ মহাবিদ্যালয় দেখিবলৈ পোৱা যায় ।[1]


[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. শান্তনু বৰুৱা (২০০৪). তেজপুৰ, এখন চহৰ অনেক কাহিনী. তেজপুৰ মহোৎসৱ উদ্‌যাপন কমিটি ২০০৪. পৃষ্ঠা. ২,৩. 
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত