অতুল চন্দ্ৰ হাজৰিকা
| অতুলচন্দ্ৰ হাজৰিকা | |
|---|---|
| জন্ম | ৯ ছেপ্টেম্বৰ, ১৯০৩ গুৱাহাটী, অসম |
| মৃত্যু | ৭ জুন, ১৯৮৬ |
| পেচা | লেখক, প্ৰবক্তা, অধ্যাপক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | |
| শিক্ষা | কলিকতা বিশ্ববিদ্যালয় |
| উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৬৭), পদ্মশ্ৰী বঁটা (১৯৭১), সাহিত্যচাৰ্য উপাধি |
| দাম্পত্যসংগী | সাবিত্ৰী হাজৰিকা |
অতুল চন্দ্ৰ হাজৰিকা (ইংৰাজী: Atul Chandra Hazarika; ১৯০৩-১৯৮৬) এগৰাকী অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ তেওঁ একাদিক্ৰমে তিনিবাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ১৯৫৯ চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিবেশনত তেখেতে সভাপতিত্ব koriছিল। অসম সাহিত্য সভাই ১৯৮২ চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে। হাজৰিকাদেৱে অসমত এক নাট্য আন্দোলনৰ সূচনা কৰি অসমৰ ৰঙ্গমঞ্চসমূহত প্ৰভাৱ পেলাইছিল আৰু তাৰেই ফলত বাংলা নাটকে অসমৰ ৰঙ্গমঞ্চ ত্যাগ কৰিবলৈ বাধ্য হৈছিল।[1]
সূচী |
জন্ম তথা প্ৰাৰম্ভিক জীৱন [সম্পাদনা কৰক]
অতুলচন্দ্ৰ হাজৰিকাৰ ১৯০৩ চনৰ ৯ ছেপ্টেম্বৰত গুৱাহাটীত জন্ম হয় । পিতৃৰ নাম ৰমাকান্ত হাজৰিকা আৰু মাতৃৰ নাম নিৰুপমা হাজৰিকা আছিল। অতুলচন্দ্ৰ হাজৰিকাই লতাশিল প্ৰাথমিক বিদ্যালয়ত বাল্য শিক্ষা আৰু মানিক চন্দ্ৰ বৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা সমাপ্ত কৰি কটন কলেজিয়েট বিদ্যালয়ত মাধ্যমিক শিক্ষা লাভ কৰে। ১৯২৩ চনত প্ৰবেশিকা পৰীক্ষাত তিনিটা লেটাৰ নম্বৰ সহ উৰ্ত্তীণ হয়। ১৯২৮ চনত কটন মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৪ চনত অনাঅনুষ্ঠানিক ভাবে পৰীক্ষা দি দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। ১৯৩০ চনৰ পৰা ১৯৪৮ চনৰ ভিতৰত হাজৰিকাই অসমৰ বিভিন্ন ঠাইত শিক্ষকতা কৰিছিল আৰু সেই সময়তেই আইনৰ স্নাতক ডিগ্ৰী (গুৱাহাটী আৰ্ল ল মহাবিদ্যালয়ৰ পৰা) আৰু বি টি ডিগ্ৰী (চেইণ্ট এডমাণ্ডচ মহাবিদ্যালয়, শ্বিলং) লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৯৪৮ চনত হাজৰিকাদেৱে কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্তি পাইছিল। পিছলৈ কটন মহাবিদ্যালয়ৰৰ অসমীয়া বিভাগৰ মুখ্য অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে।[1]
ব্যক্তিগত জীৱন [সম্পাদনা কৰক]
১৯৩৭ চনত অতুল চন্দ্ৰ হাজৰিকাই সাবিত্ৰী হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁগুৱাহাটীৰ উজান বজাৰস্থিত তপোবনত স্থায়ীভাবে বসবাস কৰিব আজীৱন সাহিত্য সেৱাত মনোনিবেশ কৰিছিল।
মৃত্যু [সম্পাদনা কৰক]
১৯৮৬ চনৰ ৭ জুনত অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু হয়।
সাহিত্যৰাজী [সম্পাদনা কৰক]
অতুলচন্দ্ৰ হাজৰিকাই সৰ্বমুঠ ১২৪ খন গ্ৰন্থৰ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। তাৰ ভিতৰত সংকলন আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা ২৪ খন, নাটক আৰু নাটক সম্পৰ্কীয় গ্ৰন্থ ৩২ খন[2], গীত আৰু কবিতা গ্ৰন্থ ২৩ খন, শিশুৰ বাবে ৰচিত গ্ৰন্থ ৪০ খন আৰু ৫ খন বিবিধ বিষয়ক গ্ৰন্থ আছিল। হাজৰিকা দেৱে ১৯২৮ চনত মিলন আলোচনীৰ সম্পাদনা কৰিছিল আৰু কিছুদিন শিশু আলোচনী দীপকৰো সম্পাদনা কৰিছিল। তেওঁ অমিয়কুমাৰ দাসৰ বাঁহীত চিত্ৰদাস ছদ্মনামেৰে অসংখ্য কবিতা প্ৰকাশ কৰিছিল আৰু তেওঁৰ প্ৰথম কবিতাটো আছিল বসন্তকাল। হাজৰিকাৰ অসমীয়া নাট্য ইতিহাসমূলক গ্ৰন্থ মঞ্চলেখা ১৯৬৭ চনত প্ৰকাশ হয় আৰু এই গ্ৰন্থৰ বাবেই তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭১ চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। অসম সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাবে জৰিত হাজৰিকাই ১৯৫৩ চনৰ পৰা একেলেঠাৰীয়ে তিনিবছৰৰ বাবে প্ৰধান সম্পাদকৰ পদত থাকি ১৯৫৬ চনত উপ-সভাপতি নিৰ্বাচিত হয় আৰু ১৯৫৯ চনত নগাঁও জিলাত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰে।[1]
|
কবিতা সংকলন
|
নাট সংকলন[2]
|
|
গ্ৰন্থ সংকলন (শিশু উপযোগী)
|
আত্মজীৱনী সমূহ
|
সম্পাদিত গ্ৰন্থ সংকলন
|
সন্মান আৰু স্বীকৃতি [সম্পাদনা কৰক]
- ১৯৫৯ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়[3]।
- ১৯৬৯ চনত অসমীয়া নাটৰ পাঁচশ বছৰীয়া ইতিহাস বৰ্ণনা কৰা "মঞ্চলেখা" গ্ৰন্থৰ বাবে হাজৰিকাক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়[4]।
- ১৯৭১ চনত তেখেতক ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়[উদ্ধৃতিৰ প্ৰয়োজন]।
- অসমীয়া সাহিত্যলৈ তেখেতৰ বৰঙণিৰ বাবে ১৯৮২ চনত অসম সাহিত্য সভাই তেখেতক ‘সাহিত্যাচাৰ্য্য’ উপাধি প্ৰদান কৰে।
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ৮৩,৮৪,৮৫.
- ↑ 2.0 2.1 Chandra Bhushan (1 January 2005). Assam. Gyan Publishing House. পৃষ্ঠা. 144–. ISBN 978-81-7835-352-4. http://books.google.com/books?id=p_n-naXpdhkC&pg=PA144। আহৰণ কৰা হৈছে: 27 November 2012.
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- শেষ নোহোৱা সাধু, অতুলচন্দ্ৰ হাজৰিকাই লিখা এটা কবিতা