অদাহ্য (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অদাহ্যৰ পৰা পুনঃনিৰ্দেশিত)


অদাহ্য

চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট
পৰিচালক সান্ত্বনা বৰদলৈ
প্ৰযোজক ডা° সান্ত্বনা বৰদলৈ
অভিনয়ত টম আল্টাৰ
তৃষ্ণা শ‍ইকীয়া
চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাস
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক শ্বেৰ চৌধুৰী
মুক্তি
১৯৯৬ (1996)
দৈৰ্ঘ্য
৯৩ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া

অদাহ্য (ইংৰাজী: Adajya; ভাবানুবাদ: The Flight) হৈছে অসমীয়া ভাষাত নিৰ্মিত মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত[1] সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয়।

কাহিনী[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ কাহিনী ১৯৪০ চনৰ অসমৰ পৰিস্থিতিৰ ওপৰত[2]। তিনিগৰাকী বিধৱা তিৰোতাই সেইসময়ৰ সমাজৰ নীতি নিয়মবোৰৰ মাজেদি কেনেদৰে দুৰ্বিষহ জীৱন যাপন কৰিছে সেয়া বৰ্ণনা কৰা হৈছে।

অভিনয়ত[সম্পাদনা কৰক]

বঁটা/স্বীকৃতি[সম্পাদনা কৰক]

  • অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা
  • বিচাৰকৰ বিশেষ বঁটা (১৯৯৭) [3]
  • অৰবিন্দন বঁটা, ১৯৯৬ [4]
  • এছিয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠা মহিলা পৰিচালক হিচাপে ড॰ সান্ত্বনা বৰদলৈ "Silver Peacock" বঁটা (১৯৯৭)[4]
  • চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাসলৈ "শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ বঁটা", ১৯৯৭[4]
  • 'অদাহ্য' কথাছবিৰ বাবে শ্বেৰ চৌধুৰীলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাজ্যিক বঁটা, ১৯৯৭[5]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Delhi to host first festival of films from Assam, ৱেবছাইট: indiaglitz.com, আহৰণ: ১৪-১০-২০১২
  2. Santwana Bardoloi Filmography at chaosmag.in
  3. IFFI '98, Some bright spots, ফ্ৰণ্টলাইন আলোচনী, আহৰণ: ১৪-১০-২০১২
  4. 4.0 4.1 4.2 Assam Film Awards Archived 2016-03-04 at the Wayback Machine at joiaaiaxom, আহৰণ: ১৪-১০-২০১২
  5. প্ৰমোদ শৰ্মা, মাণিক ৰায়; নি:সংগতা, অলপ মনোবেদনা আৰু সংগীত পৰিচালক শ্বেৰ চৌধুৰী; বহুমুখ, 'আমাৰ অসম' কাকতৰ বুধবৰীয়া বিশেষ প্ৰকাশ, ২৩ মে', ২০১২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]