অনিৰ্বাণ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অনিৰ্বাণৰ পৰা পুনঃনিৰ্দেশিত)
অনিৰ্বাণ
(The Vigil)
পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়া
চিত্ৰনাট্য ভবেন্দ্ৰ নাথ শইকীয়া
প্ৰযোজক প্ৰীতি শইকীয়া
অভিনয়ত ভোলা কটকী
ৰুণু গোস্বামী
সংগীতা শইকীয়া
আনন্দ মোহন ভাগৱতী
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সম্পাদনা নিকুঞ্জ ভট্টাচাৰ্যি
সংগীত পৰিচালক আখটাৰ খান
মুক্তি
৬ ফেব্ৰুৱাৰী, ১৯৮১
দেশ ভাৰত
ভাষা অসমীয়া

অনিৰ্বাণ ১৯৮১ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ[1]। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত দ্বিতীয়খন ছবি। ড° শইকীয়াৰ অন্যান্য ছবিৰ দৰে এইখনৰো কাহিনী তেখেতৰে এটা চুটিগল্পৰ পৰা লোৱা হৈছিল। গল্পটো আছিল 'প্ৰহৰী'; ৰচনা কাল ১৯৬০ চন। ছবিখনত কোনো গীত নাছিল। তেখেতে পৰিচালনাৰ উপৰিও ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপো ৰচনা কৰিছিল। প্ৰযোজক আছিল তেখেতৰ পত্নী প্ৰীতি শইকীয়া। অনিৰ্বাণে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ 'ৰজত কমল' বঁটা লাভ কৰিছিল[1]

পুৰস্কাৰ[সম্পাদনা কৰক]

১৯৮১ চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।

অভিনয়ত[সম্পাদনা কৰক]

  • ভোলা কটকী,
  • ৰুণু গোস্বামী,
  • সংগীতা শইকীয়া
  • আনন্দ মোহন ভাগৱতী
  • উৎপল চক্ৰৱৰ্তী
  • হেমন্ত দত্ত
  • বিদ্যুত চক্ৰৱৰ্তী
  • ববিতা শৰ্মা
  • কামিনী বৰুৱা
  • ৰীতু দাস
  • অনন্ত গগৈ
  • ঈশান বৰুৱা
  • চিৰন্তন হাজৰিকা

কলা-কুশলী[সম্পাদনা কৰক]

(তথ্যপেৰাত উল্লেখ নথকা)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Bhabendra Nath Saikia's films, আহৰণ ১৮.১১.২০১১

বাহ্যিক সংযোগ[সম্পাদনা কৰক]