অনুৰাধা শৰ্মা পূজাৰী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
অনুৰাধা শৰ্মা পূজাৰী
জন্ম ১৯৬৪ চন
পেচা লেখক, সাংবাদিক

অনুৰাধা শৰ্মা পূজাৰী (জন্ম ১৯৬৪ চন) অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক।১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ,তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি কলিকতাৰ একাডেমী অব ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘আমাৰ অসম’ কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান সাদিন[1] কাকত আৰু সাতসৰী[2] নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিছাপে কাৰ্যৰত হৈ আছে। ‘চাহেব পুৰাৰ বৰষুণ’ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে ।

সূচী

[সম্পাদনা কৰক] সাহিত্য কৰ্মৰাজি

[সম্পাদনা কৰক] উপন্যাস

  • হৃদয় এক বিজ্ঞাপন
  • এজন ঈশ্বৰৰ সন্ধানত
  • কাঞ্চন
  • চাহেব পুৰাৰ বৰষুণ
  • ব’ৰাগী নদীৰ ঘাট
  • নাহৰৰ নিৰিবিলি ছাঁ
  • ৰাগ-অনুৰাগ
  • মেৰেং

[সম্পাদনা কৰক] গল্প সংকলন

  • বসন্তৰ গান
  • এজন অসামাজিক কবিৰ বায়’গ্ৰাফী
  • কেথাৰীনৰ সৈতে এটা নিৰ্জন দুপৰীয়া

[সম্পাদনা কৰক] আত্মজীৱনীমূলক প্ৰৱন্ধ সংকলন

  • কলিকতাৰ চিঠি
  • ডায়েৰি
  • অট’গ্ৰাফ
  • আমেৰিকান চৰাইখানাত সংবাদ
  • বসন্ত আৰু বন্ধু


[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. "Anuradha Sharma Pujari, editor of the popular assamese weekly, Sadin, which carried the controversial story, stood by the report."Jounalist [sic] accused of blackmail in Assam SHANKHADEEP CHOUDHURY, TNN 23 January 2002 Times of India
  2. Online Sivasagar


[সম্পাদনা কৰক] বাহ্যিক সংযোগ



ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত