অভিজিত বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অভিজিত বৰুৱা
জন্ম অভিজিত বৰুৱা
১৯৯০ চন[1]
যোৰহাট, অসম, ভাৰত
পেচা অসম আৰক্ষী বাহিনীত কৰ্মৰত


অভিজিত বৰুৱা (ইংৰাজী: Abhijit Baruah, জন্ম: ১৯৯০ চন) হৈছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছত স্বীকৃতিপ্ৰাপ্ত এজন অসমীয়া ক্ৰীড়াবিদ।[2][3] তেওঁ অসম আৰক্ষী বিভাগৰ এজন কৰ্মচাৰী। তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সামৰিক কলাৰ বহুতো প্ৰতিযোগিতাত কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে।[4]

সূচী

দীৰ্ঘতম শুদাভৰিৰ দৌৰবিদ[সম্পাদনা কৰক]

প্ৰথম প্ৰচেষ্টা

২০১১ চনৰ ২৮ মে'ত অভিজিত বৰুৱাই ২৬ ঘণ্টা ৩১ মিনিটত শুদা ভৰিৰে ১৫০ কিঃমিঃ দৌৰি অতিক্ৰম কৰে।[4] ইয়াৰ বাবে অভিজিতক লিমকা বুক অফ ৰেকৰ্ডছে longest barefoot runner হিচাবে স্বীকৃতি দিয়ে।[2][3] গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ ভাৰতৰ প্ৰতিনিধি চন্দ্ৰশেখৰ তিৱাৰীৰ নিৰীক্ষণত অভিজিতে এই কাৰ্য্য সম্পূৰ্ণ কৰে।[2]

“ভাৰতৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অথ'ৰিটীয়ে মোক জনাই যে তেওঁলোকে মোৰ এই প্ৰচেষ্টাক আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে। এই অভিলেখ গঢ়ি মই গৌৰৱ অনুভৱ কৰিছোঁ। সৰুৰে পৰা কিবা এটা কৰাৰ সপোন আছিল আৰু আজি সেয়া বাস্তৱিত হ'ল।”[2]
— অভিজিত বৰুৱা (গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্বীকৃতি পোৱাৰ পিছত সাংবাদিকৰ সন্মুখত এনেদৰে কয়)
দ্বিতীয় প্ৰচেষ্টা

২০১২ চনৰ ২৯ জানুৱাৰীত আবেলি অভিজিতে যোৰহাটৰ পৰা দৌৰা আৰম্ভ কৰে।[2][3][5] ৩০ জানুৱাৰীৰ আবেলি ৩ বাজি ৫৬ মিনিটত ২৪ ঘণ্টাৰ ভিতৰত অভিজিতে শুদা ভৰিৰে ১৫৬.২ কিঃমিঃ অতিক্ৰম কৰে। এই দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁ ২৩ ঘণ্টা ১৯ মিনিট লয়।[3] ইয়াৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ-এ অভিজিত বৰুৱাক longest barefoot runner হিচাবে স্বীকৃতি দিয়ে।[5]

অন্যান্য অভিলেখসমূহ[সম্পাদনা কৰক]

বিশ্বৰ দ্ৰুততম মুষ্টিযুঁজাৰু[সম্পাদনা কৰক]

২০১২ চনৰ ১৩ অক্টোবৰত যোৰহাট জিলাযোৰহাট ষ্টেডিয়ামত অভিজত বৰুৱাই এক মিনিটত এখন বক্সিঙ পেডত ৩২৯ বাৰ প্ৰহাৰ কৰি অভিলেখ সৃষ্টি কৰে।[1][6] ইয়াৰ বাবে অভিজিতক এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ সকলোতকৈ দ্ৰুততম মুষ্টিযুঁজাৰু ৰূপে স্বীকৃতি দিয়ে।[1][6] গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্বীকৃতি পাবৰ বাবে ২০১২ চনৰ ডিচেম্বৰত লণ্ডনত অভিজিতে এইয়া পুনৰবাৰ চেষ্টা কৰিব।[6]

সহিষ্ণুতাৰ অভিলেখ[সম্পাদনা কৰক]

অভিজিত বৰুৱাই ২০১২ চনৰ ১৪ অক্টোবৰৰ দিনা কেইবাটাও অভিলেখ গঢ়ে। তেওঁ চাৰি ঘণ্টাত যোৰহাটৰ পৰা শিৱসাগৰৰ লৈ দৌৰি যায়। তাৰ পাছত তিনি ঘণ্টাৰ ভিতৰত পুনৰ যোৰহাটলৈ বাইচাইকেল চলাই উভতি আহে।[7] উভতি আহি যোৰহাট ষ্টেডিয়ামত ২০ টা পুচ আপ (push up) কৰে। ইয়াৰ পিছত ৪০ কিঃগ্ৰাঃ বোজা পিঠিত লৈ ২০০ মিটাৰ শুদা ভৰিৰে দৌৰি যায়। ইণ্ডিয়ান বুক ৰেকৰ্ডছৰ নিৰীক্ষকে গোটেই ঘটনাৰ নিৰীক্ষণ কৰাৰ পিছত অভিজিতক সহিষ্ণুতাৰ বাবে স্বীকৃতি দিয়ে।[7]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Abhijit Baruah sets new boxing world record". News Live. 14 OCTOBER 2012. http://www.newslivetv.com/regional/abhijit-boruah-sets-new-boxing-world-record.html। আহৰণ কৰা হৈছে: October 14, 2012. 
  2. 2.0 2.1 2.2 2.3 2.4 "Assam cop is longest barefoot runner in world". NDTV Convergence Limited. April 17, 2012. http://www.ndtv.com/article/cities/assam-cop-is-longest-barefoot-runner-in-world-198692। আহৰণ কৰা হৈছে: October 14, 2012. 
  3. 3.0 3.1 3.2 3.3 "assamese-boy-abhijit-baruah-runs-to-glory-of-guinness-book". Times Of Assam. 1 February, 2012. http://www.timesofassam.com/headlines/assamese-boy-abhijit-baruah-runs-to-glory-of-guinness-book/। আহৰণ কৰা হৈছে: October 14, 2012. 
  4. 4.0 4.1 "অভিজিত বৰুৱাৰ মেডেল". The Telegraph. Saturday , January 28 , 2012. http://www.telegraphindia.com/1120128/jsp/northeast/story_15058588.jsp#.UHpcb8XMiSo। আহৰণ কৰা হৈছে: October 14, 2012. 
  5. 5.0 5.1 "Abhijit Baruah,Assam, Guiness World record by running barefooted 156.2 kms. for 23 hrs. &19 mts.". HumtyDumty Technologies. http://humtydumty.in/video/abhijit-baruahassam-guiness-world-record-running-barefooted-1562-kms-23-hrs-19-mts। আহৰণ কৰা হৈছে: October 14, 2012. 
  6. 6.0 6.1 6.2 "the fastest boxer in the world by punching 329 times within a minute". The Assam Tribune. Sunday, October 14, 2012. http://www.assamtribune.com/scripts/detailsnew.asp?id=oct1412/at09। আহৰণ কৰা হৈছে: October 14, 2012. 
  7. 7.0 7.1 "Abhijit Baruah sets multiple record". Assam Times. 15 October, 2012. http://www.assamtimes.org/hot-news/7712.html। আহৰণ কৰা হৈছে: October 16, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]