অমূল্য বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অমূল্য বৰুৱা

২৪ বছৰীয়া অমূল্য বৰুৱাৰ ফটো
জন্ম ১৯২২ চনৰ ৩০ জুন
যোৰহাট
মৃত্যু ১৯৪৬ চন ১৮ আগষ্ট
কলিকতা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা কলিকতা বিশ্ববিদ্যালয়

অসমীয়া কবিতা তথা সাহিত্যক আধুনিকতাৰ স্পৰ্শ দিয়া কবিৰ ভিতৰত অমূল্য বৰুৱাৰ নাম চিৰস্মৰণীয়৷ ১৯২২ চনৰ ৩০ জুনত যোৰহাটত এইগৰাকী কবিৰ জন্ম হয়৷ ১৯৪১ চনত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নাম লগায়৷ কিন্তু ঘৰুৱা সমস্যাৰ হেতু ঘূৰি আহি জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়ে আৰু ১৯৪৫ চনত বি.এ. পৰীক্ষাত ঊত্তীৰ্ণ হৈ কলিকতা বিশ্ববিদ্যালয়ত নাম লগায়৷

অমূল্য বৰুৱাৰ কবিতা[সম্পাদনা কৰক]

সেই কালৰ আন আন অসমীয়া কবিৰ দৰে অমূল্য বৰুৱাইও ৰোমান্টিক কবিতাৰেই লেখক জীৱনৰ সূত্ৰপাত কৰিছিল৷ কিন্তু দ্বিতীয় বিশ্বযুদ্ধ, ৰাছিয়াৰ অক্টোবৰ বিদ্ৰোহ, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু দ্ৰুত ৰাজনৈতিক পট পৰিৱৰ্তন আদিয়ে তেখেতৰ মনত গভীৰ ৰেখাপাত কৰে আৰু সমাজ জীৱন সম্পৰ্কে সচেতন কৰি তোলে৷ দুৰন্ত মানৱতাবাদী আৰু সমাজ পৰিৱৰ্তনৰ ভাৱেৰে তেখেতে ‘জয়ন্তী’ৰ পাতত অসমীয়া কবিতালৈ আধুনিকতাৰ ঢল বোৱাই আনিলে৷ সৰ্বহাৰাৰ দুখ আৰু মানৱ জীৱনৰ ছবি প্ৰতিফলিত হোৱা কিয়নো, বেশ্যা, বিপ্লৱী, কয়লা, কুকুৰ, সিহঁত তেতিয়া জীৱ, আন্ধাৰৰ হাহাকাৰ, ভাৰতীয় মুক্তিৰ স্বপ্ন, আজি আমাৰ বিহু কবিতা তেখেতৰ প্ৰতিভাৰ সাক্ষৰ৷ মৰণোত্তৰভাৱে প্ৰকাশ পোৱা ‘অচিনা’ তেখেতৰ একমাত্ৰ কবিতা পুথি৷[1]

মৃত্যু[সম্পাদনা কৰক]

১৯৪৬ চনত কলিকতাত হোৱা জাতিগত সংঘৰ্ষত ১৮ আগষ্টত মাথোঁ ২৪ বছৰ বয়ষতে তেখেতেৰ অকাল মৃত্যু ঘটে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [1]জনসাধাৰণ ১৮ আগষ্ট ২০১১