অম্বিকাগিৰি ৰায়চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অম্বিকাগিৰি ৰায়চৌধুৰী
জন্ম ১৮৮৫
বৰপেটা
মৃত্যু ২ জানুৱাৰী,১৯৬৭
পেচা কবি, গায়ক, লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনা
ৰাষ্ট্ৰীয়তা ভাৰতীয়

অম্বিকাগিৰি ৰায়চৌধুৰী (ইংৰাজী: Ambikagiri Raichoudhury; ১৮৮৫-১৯৬৭) কুৰি শতিকাৰ অসমৰ এজন খ্যাতমান কবি, গায়ক, শক্তিশালী গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনা। ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেখেতক ‘অসম কেশৰী’ উপাধিৰে সম্বোধিত কৰা হয়। ১৯৫০ চনত তেখেত অসম সাহিত্য সভাৰৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল[1]

শৈশৱ[সম্পাদনা কৰক]

বৰপেটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত ১৮৮৫ চনত অম্বিকাগিৰিৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃ দেৱকী দেৱী। সৰুকালত বৰপেটাত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত গুৱাহাটীৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীলৈ পঢ়ে। সিমানতে স্কুলীয়া শিক্ষা বিসৰ্জন দি ১৯০৪-০৫ চনত স্বদেশী আন্দোলনত আৰু সামাজিক উন্নয়নমূলক কামত যোগ দিয়ে। আন কেইজনমান ডেকা ছাত্ৰৰ লগ লাগি তেখেতে এই সময়ছোৱাতে ইংৰাজ-বিৰোধী এনাৰ্কিষ্ট দল গঠন কৰে । ফলস্বৰূপে ইংৰাজ চৰকাৰে ১৯০৮ চনৰপৰা ১৯১৫ চনলৈ অম্বিকাগিৰিক বৰপেটাত নজৰবন্দী কৰি ৰাখে।

ৰাজনৈতিক আৰু সামাজিক জীৱন[সম্পাদনা কৰক]

বৰপেটাত থকা কালছোৱাত অম্বিকাগিৰিয়ে ৰাজনৈতিক কাৰ্যাৱলী পৰিহাৰ কৰি বৰপেটাৰ সমাজ জীৱনলৈ চাই কিছুমান সামাজিক সংগঠনমূলক আৰু, সাহিত্য-সংস্কৃতিমূলক কামত আত্মনিয়োগ কৰে। তাৰ ভিতৰত উল্লেখযোগ্য আছিল দুখীয়া ছাত্ৰৰ পঢ়াৰ সুবিধাৰ্থে পূঁজি গঠন, থলুৱা ঢুলীয়া চাৰ্কাচৰ সংশোধিত ৰূপত “শংকৰদেৱ চাৰ্কাচ” সংগঠন, অসমীয়া লোকগীত আৰু বৰগীত চৰ্চাৰ বাবে মানুহক উ‍ত্সাহিত কৰা ইত্যাদি । তাৰোপৰি তেখেতে বৰপেটাৰ সমাজ জীৱনৰ পৰা বঙলা যাত্ৰা নাটৰ প্ৰভাৱ লোপ কৰাত প্ৰভূত অৰিহণা যোগায়। ১৯১৫ চনত ডিব্ৰুগড় গৈ অম্বিকাগিৰিয়ে ৰেল বিভাগত টাইপিষ্ট,সংগীত শিক্ষক আদি হিছাপে কৰ্মৰত হোৱাৰ উপৰিও হৰেকৃষ্ণ দাসৰ সৈতে “অসম বান্ধৱ” নামৰ সাহিত্য আলোচনীখনৰ সাহিত্য সম্পাদক ৰূপে কাম কৰে । তাৰ পিছৰ কালছোৱাত তেখেতেৰ সৰহভাগ সামাজিক আৰু ৰাজনৈতিক চিন্তাধাৰা নিজে ছপাই উলিওৱা “চেতনা”ৰ সম্পাদকীয় ৰূপেই প্ৰকাশ পাইছিল । অসহযোগ আন্দোলনৰ সময়ত জেলত ভোগা শাস্তিৰ অভিজ্ঞতাৰে তেখেতে ‘তই ভাঙিব লাগিব শিল’, ‘ধৰ ঝাৰু ধৰ ভাই’, ‘কি দেখাবি ভয় কাৰাগাৰ’ আদি স্বাধীনতাৰ সংগ্ৰামৰ উদ্দীপনাৰ গীত ৰচনা কৰে যিবোৰে আন সংগ্ৰামীসকলক যথেষ্ট অনুপ্ৰেৰণা যোগায় । ১৯৩০ চনৰ আন্দোলনতো অম্বিকাগিৰিয়ে পুনৰ কাৰাবাস খাটে। সেই সময়ৰ কংগ্ৰেছৰ সাংগঠনিক কাৰ্যৰ বাবে তেখেত ‘ডিক্টেটৰ’ নিয়োজিত হৈছিল । ৰাজনৈতিক দিশত তেখেত মহাত্মা গান্ধীৰ অনুগামী এজন নিভাঁজ দেশপ্ৰেমিক আহিল। যি ক্ষেত্ৰত কংগ্ৰেছৰ নেতা সকলে আন্দোলনৰ সময়ছোৱাত বিবিধ দিশৰ পৰা অসমীয়া জাতিসত্তাক হেঁচা মাৰি ধৰিব বিচৰা বহিৰাগতৰ সমাগম, অসমৰ খেতিৰ মাটিৰ ওপৰত পমুৱাৰ বে-দখল, চাকৰি-ব্যৱসায় আদি ক্ষেত্ৰৰ পৰা অসমীয়াৰ অধিকাৰ সংকোচন ইত্যাদি প্ৰশ্নৰ প্ৰতি মনোযোগ কমকৈ দিছিল সেই ক্ষেত্ৰত অসম আৰু অসমীয়াৰ ভৱিষ্যতলৈ লক্ষ্য কৰি অম্বিকাগিৰিয়ে কংগ্ৰেছৰ লগত সম্পৰ্ক ৰক্ষা কৰিও “অসমীয়াৰ অধিকাৰ আৰু স্বাৰ্থ সংৰক্ষণী সভা”, “অসম জাতীয় মহাসভা”, আৰু “অসম শিক্ষা প্ৰচাৰ সমিতি” আদি স্থাপন কৰিছিল আৰু অসমীয়া জাতিৰ মৰ্য্যদা ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। “স্বদেশী কিনক সংঘ” খুলি নিজে “মায়াবিনী কেমিকেল ৱৰ্কছ” নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান পাতি অম্বিকাগিৰিয়ে অসমীয়া সমাজক অৰ্থনৈতিকভাৱে আত্মপ্ৰতিষ্ঠাৰ পথ প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিছিল । নিজৰ মতবাদ ৰাইজৰ মাজত প্ৰকাশ কৰিবলৈ তেখেতে ‘ডেকা-ডেকেৰীৰ বেদ’, ‘আহুতি’ আদি পুথি ৰচনা কৰিছিল। ১৯৪৬-৪৭ চনত অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ আশংকাৰ সময়ত জাতি ৰক্ষাৰ উদ্দেশ্যেৰে অসমীয়া হিন্দু-মুছলমানৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে সংগঠিত কৰিছিল “অসম আত্মৰক্ষী বাহিনী”, আনহাতে সমষ্টি গঠনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ঘোষণা কৰিছিল আমৰণ অনশনৰ সংকল্প । ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত অসমীয়াক ৰাজ্যভাষা ঘোষণাত চৰকাৰে ইত:স্তত: কৰি থকাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে তেখেতেক দিয়া “সাহিত্যিক পেঞ্চন” বৰ্জন কৰিছিল।[2]

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ১৯১৫ চনত ‘তুমি’ আৰু ১৯১৬ চনত ‘বীণা’ নামৰ কবিতা পুথি প্ৰকাশ কৰে । ১৯১৮ চনত চন্দ্ৰনাথ শৰ্মাৰ সহযোগিতাত ‘চেতনা’ নামৰ মাহেকীয়া আলোচনী উলিয়ায় । তেখেতে ‘চেতনা’ৰ লিখাবোৰত স্বাধীনতা আন্দোলন, অসহযোগীতা, ৰাজনীতিত হিংসা-অহিংসাৰ স্থান, দেশ-বিদেশৰ বিবিধ সমস্যা আদিৰ উপৰিও বিশেষভাৱে অসম দেশ,অসমৰ জাতীয় সমস্যা আদিৰ বিষয়ে বিষদভাৱে আলোচনা কৰিছিল । ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত জেলত থাকোঁতে বহুতো জাতীয়তাবাদী গীত ৰচনা কৰে। ইয়াৰেই ইংৰাজী ভাঙনি ‘Songs of The Cell’ নামেৰে পিছলৈ প্ৰকাশ পায়। ৰায়চৌধুৰীৰ প্ৰকাশিত আন কবিতা পুথিসমূহ হ’ল- ‘অনুভূতি’, ‘স্থাপন কৰ,স্থাপন কৰ’(১৯৫৮), ‘বেদনাৰ উল্কা’(১৯৬৪) আৰু ‘আজি বন্দো কি ছন্দেৰে[3]। তাৰ বাহিৰেও ভালেখিনি কবিতা বিবিধ আলোচনীত প্ৰকাশ পায়। গদ্যৰ ভিতৰত ‘আহুতি’(১৯৫৪), ‘ডেকা-ডেকেৰীৰ বেদ’ আৰু ‘কল্যাণময়ী’, ‘ভক্তগৌৰৱ’, ‘জয়দ্ৰথ বধ’ নামৰ তিনিখন নাটক প্ৰকাশ হৈছে । ৰায়চৌধুৰীৰ কবিতাত দুটা প্ৰধান সুৰ ধ্বনিত হৈছে । এটা হৈছে দৃপ্ত জাতীয়তাবাদৰ দুন্দভিধ্বনি আৰু আনটো ‘তুমি’ আৰু ‘বীণাত থকা ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ কোমল সুৰ । ‘তুমি’ কাব্য প্ৰিয়তমাৰ দৈহিক সৌন্দৰ্য-আকৰ্ষণত আৰম্ভ হৈ শেষত বিশ্বসুন্দৰৰ বিশ্বব্যাপী সৌন্দৰ্য আৰু অতীন্দ্ৰিয় আকৰ্ষণত পৰিসমাপ্তি ঘটিছে । তেখেতেৰ জাতীয়তাবাদী কবিতাত নিষ্পেষণ আৰু অত্যাচাৰৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ, “দুৰ্গম গিৰি কান্তাৰ মৰু” অতিক্ৰম কৰি জীৱনযুদ্ধত বীৰদৰ্পে আগবাঢ়িবলৈ উদাত্ত আহ্বান পোৱা যায়[3]। কবিয়ে এনে এটা জীৱন কামনা কৰে য’ত ব্যক্তিয়ে সংগ্ৰামৰ মাজেদি সকলো গ্লানি,ভণ্ডামি,নীচতা আঁতৰাই মানৱতাই বিকাশ ঘটাব পাৰে । ৰায়চৌধুৰীৰ কবিতাৰ শব্দগঠন আৰু তান বা শ্বাসাঘাত প্ৰধান বলিষ্ঠ ছন্দও অসমীয়া কবিতাৰ বিশেষ সম্পদ৷[4]

১৯৬৭ চনৰ ২ জানুৱাৰীত ৮২ বছৰ বয়সত অসম আৰু অসমীয়া জাতি-সত্তাৰ চিম্তা মনত লৈয়েই অসম কেশৰী অম্বিকাগিৰিয়ে মৃত্যুবৰণ কৰে ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. প্ৰণতি শৰ্মা গোস্বামী আৰু অনিল শৰ্মা (সম্পাদনা) ১৯৯৯ কুৰি শতিকাৰ কুৰিজন বিশিষ্ট অসমীয়া, জাৰ্নাল এম্পৰিয়াম,পৃ: ৬৬
  3. 3.0 3.1 অঞ্জল বৰা. "অম্বিকাগিৰি ৰায়চৌধুৰীৰ মই বিপ্লৱী মই তাণ্ডৱী – সমকালীন সমাজৰ এক প্ৰতিচ্ছবি". http://enajori.com/2012/02/%E0%A6%85%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%97%E0%A6%BF%E0%A7%B0%E0%A6%BF-%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80%E0%A7%B0/। আহৰণ কৰা হৈছে: ফেব্ৰুৱাৰী, ০২, ২০১২. 
  4. সত্যেন্দ্ৰনাথ শৰ্মা, ১৯৯৬, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, অৰুণোদয় প্ৰেছ, পৃ: ২৮৬

বহিঃ সংযোগ[সম্পাদনা কৰক]