অম্বিকাচৰণ চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অম্বিকাচৰণ চৌধুৰী
জন্ম ১৬ আগষ্ট, ১৯৩০
বৰপাৰা গাঁও, বঙাইগাঁও, অসম
মৃত্যু ৪ ডিচেম্বৰ, ২০১১
পেচা সাহিত্যিক, ইতিহাস গৱেষক, সমাজকৰ্মী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজী কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি
উল্লেখযোগ্য বঁটা চিলাৰায় বঁটা, ২০০৯

অম্বিকাচৰণ চৌধুৰী (হিন্দী: अम्बिका चरण चौघुरी, ইংৰাজী: Ambika Charan Choudhuri) অসমৰ এজন সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল[1] [2][3][4]তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।[5]

সমাজসেৱী হিচাবে চৌধুৰী "অন্যান্য পিচপৰা শ্ৰেণী"ৰ সাহিত্য সভাৰ গোৱালপাৰা জিলা সমিটিৰ যুটীয়া সম্পাদক, ১২ বছৰ কোঁচ ৰাজবংশী সন্মিলনীৰ সম্পাদক আৰু ৩ বছৰৰ কাৰণে অসম সাহিত্য সভাৰ কাৰ্য্যবাহী সদস্য হিচাবে কাম কৰিছিল। তেখেতে নিজৰ জীৱনকালত প্ৰায় ১২৩ টা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আৰু প্ৰায় ২৯ খন গ্ৰন্থ লিখি থৈ গৈছে। তেখেতেই অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনত অসমীয়াক অসমৰ ৰাজ্যভাষাৰ মৰ্য্যদা দিব লাগে বুলি সৰ্বপ্ৰথমে [6] প্ৰস্তাব উত্থাপন কৰিছিল। গুৱাহাটীৰ আমিনগাৱঁত স্থাপিত বীৰ চিলাৰায়ৰ মুৰ্তিৰ প্ৰতিস্থাপনতো তেখেতৰ যঠেষ্ট ভূমিকা আছিল[6]। তেখেত বঙাইগাঁও শিক্ষক প্ৰশিক্ষণ বিদ্যালয় স্থাপনকে ধৰি কেইবাখনো শিক্ষা সংস্থান আৰু কেইবাটাও সংগঠন স্থাপন কৰি থৈ গৈছে[6]

ইয়াৰ আগতে তেখেতে শ্বিলঙকে আদি কৰি ভিন ভিন ঠাইত চৰকাৰী চাকৰি কৰিছিল। তেখেতে বঙাইগাওঁ শিক্ষক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰে[6]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

অম্বিকাচৰণ চৌধুৰী অসমবঙাইগাঁৱৰ এটি কৃষক পৰিয়ালত ১৯৩০ চনৰ ১৬ আগষ্টত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃ নৰেশ্বৰ চৌধুৰী আৰু মাতৃ কাশীশ্বৰী চৌধুৰী। মুঠ পাঁচ সন্তানৰ ভিতৰত তেখেত জ্যেষ্ঠ আছিল[6]

শিক্ষা[সম্পাদনা কৰক]

সাহিত্যকৃতি[সম্পাদনা কৰক]

অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে তিনিবাৰকৈ প্ৰতিদ্বন্দিতাত আছিল অম্বিকাচৰণ চৌধুৰী। বিভিন্ন সাহিত্যৰ অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈ আছিল।

১৯৬১ চনত গুৱাহাটীৰ লয়াৰ্ছ বুক ষ্টলে তেওঁৰ প্ৰথমখন গ্ৰন্থ "ৰত্নপীঠত এভূমুকি" প্ৰকাশ কৰিছিল। ইয়াৰ পিছত এখনৰ পিছত সিখন গ্ৰন্থ তেওঁ প্ৰকাশ কৰি গৈছে। মৃত্যুৰ আগলৈকে তেওঁ ৩৩ খন গ্ৰন্থ লিখি থৈ গৈছে। ইয়াৰে সাতখন ইংৰাজী ভাষাৰ গ্ৰন্থ। তেওঁৰ প্ৰায়সংখ্যক গ্ৰন্থই ইতিহাস আৰু বুৰঞ্জী সমৃদ্ধ। অসমৰ বহুকেইখন কাকত আলোচনীত অম্বিকাচৰণ চৌধুৰীৰ লেখা প্ৰকাশ পাই আহিছে। তেওঁৰ প্ৰকাশিত প্ৰবন্ধৰ সংখ্যা ডেৰ শতাধিক[6]

অম্বিকাচৰণ চৌধুৰীদেৱৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰাজী[সম্পাদনা কৰক]

  1. ৰত্নপীঠত এভূমুকি (১৯৬১)
  2. বিচিত্ৰা ১ম (প্ৰকাশিত প্ৰবন্ধ কেইটামানৰ সংকলন, ১৯৬৫)
  3. কমতাপুৰত শ্ৰী মন্ত শংকৰদেৱ (১৯৮২)
  4. নৰৰূপে নাৰায়ণ (১৯৯১)
  5. সংগ্ৰামসিংহ চিলাৰায় (১৯৮৩)
  6. ইতিহাস অধ্যায়নৰ নৱদিগন্ত (১৯৯১)
  7. কল্কি অৱতাৰ শ্ৰী শ্ৰী অনুকুল চন্দ্ৰ (১৯৮৮)
  8. বঙাইগাঁৱৰ জীৱন কাহিনী (১৯৮৩)
  9. যুৱৰাজ শুল্কধ্বজৰ সাহিত্য প্ৰতিভা (১৯৯২, ২০০৯)
  10. কোচ-ৰাজবংশী সন্মিলনীৰ সমীক্ষাত্মক ইতিহাস (১৯৯৩)
  11. তপস্বীনি ৰাণী অভয়েশ্বৰী (১৯৯৩)
  12. মহাপুৰুষ শ্ৰী চৈতন্যদেৱৰ জীৱন আৰু দৰ্শন (১৯৬৫)
  13. শান্তিৰ দূত হজৰত মহম্মদ (১৯৬৫)
  14. আহ্বান (কেইটামান প্ৰকাশিত কবিতাৰ সংকলন, ১৯৯৫)
  15. মহাৰাজ নৰনাৰায়ন আৰু সেতু (১৯৯৮)
  16. শব্দাৰ্থৰ মৈলিক বিশ্লেষণ (১৯৯৯)
  17. শ্ৰী শ্ৰী কালিমাৰ তাত্ত্বিক পৰিচয় (২০০২)
  18. ৰাংটা গাৰো, ৰাজা মহেন্দ্ৰ নাৰায়ণ আৰু অম্বিকাচৰণ চৌধুৰীৰ জীৱন কৃতি (২০০৪)
  19. কাছাৰ ৰাজ্যৰ খাছু ছা আৰু ডিমাছাৰ কৰুণ ইতিহাস (২০০৪)
  20. বড়ো-কছাৰীৰ সাংস্কৃতিক পৰিচয়, বিজনী-চিদলী-মেছপাৰা আৰু পৰ্বত জোৱাৰৰ ইতিহাস, আমাৰ বক্তব্য (২০০৪)
  21. আমাৰ বক্তব্য (২০০৪)
  22. কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি (২০১১)
  23. কোঃ পন্থা, অভিনন্দন গ্ৰন্থ, কুত্তি যাঙতে এলা, Satsang-at a glace, whithher the Koches of Chilarai (১৯৮৪)
  24. whither the Koches of Chilarai? (১৯৮৪)
  25. Glory : Thy Name is Goalpara (১৯৯৭)
  26. The Koches Around the World (১৯৯১)
  27. Varities (কিছুমান প্ৰকাশিত প্ৰবন্ধৰ সংকলন, ১৯৯৩)
  28. Koch Rajbongshies Betrayed, (২০০৯)
  29. A Peep into Rajbonshi Language[6]
  30. Satsang: at a glance

অন্যান্য কৰ্মৰাজী[সম্পাদনা কৰক]

এজন সমাজকৰ্মী হিচাপেও অম্বিকাচৰণ চৌধুৰী সুপৰিচিত আছিল। তেওঁ যেতিয়া বিদ্যালয়ৰ ছাত্ৰ আছিল তেতিয়াই ১৯৪৮ চনৰ পৰা ১৯৫০ চনলৈ গোৱালপাৰা জিলা ছাত্ৰ কংগ্ৰেছৰ সভাপতি আছিল। কটন কলেজত অধ্যয়নৰত সময়ত তেখেতে বিভিন্ন সামাজিক কাম কাজত জঢ়িত হৈ বিভিন্ন সামাজিক সংস্থাৰ সৈতেওঁ যোগাযোগ ৰক্ষা কৰিছিল। কটন কলেজত থকা সময়তে তেওঁ মাদুৰাইৰ গান্ধীগ্ৰামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ আৰু যুৱ সন্মিলনত অংশ লৈছিল। মৃত্যুৰ আগমূহুৰ্তলৈকে তেখেত বঙাইগাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হৈ আছিল। বঙাইগাঁৱৰ শংকৰদেৱ শিশু নিকেতন, বঙাইগাঁও আইন মহাবিদ্যালয়, বঙাইগাঁও সত্সঙ্গ বিহাৰৰ উপৰি স্থানীয় কেইবাখনো শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতিৰ কামো কৰিছিল। এন এফ ৰেলৱেৰ বঙাইগাঁও গোটৰ স্থানীয় নিয়োগ বৰ্ডৰ সৈতেওঁ সাত বছৰ জড়িত হৈ আছিল[6]


বঁটা-উপাধি-সন্মান[সম্পাদনা কৰক]

  • ভাৰতীয় সাহিত্য অকাডেমিয়ে অসমীয়া সাহিত্যৰ বাবে অকাডেমি বঁটা নিৰ্বাচক পেনেলত অম্বিকাচৰণ চৌধুৰীক স্থান দিছিল।
  • উত্তৰবংগ সাংস্কৃতিক মঞ্চ‍ই তেওঁক "কামতা সাহিত্যৰত্ন" উপাধি প্ৰদান কৰিছিল।
  • অসম সাহিত্য সভাদুধনৈ সাহিত্য অধিবেশনত তেওঁক ৰত্নপীঠৰ ৰত্ন উপাধি প্ৰদান কৰিছিল।
  • সদৌ অসম শিক্ষক সংস্থাই তেওঁক শিক্ষক বান্ধৱ উপাধি প্ৰদান কৰে।
  • দিল্লী পোণ্ড্ৰ সংঘ‍ই ২০০৩ চনত তেওঁক "মহেন্দ্ৰ নাথ কৰণ" উপাধি প্ৰদান কৰে।
  • ১৯৯৪ চনৰ ১৫ আগষ্টত অম্বিকাচৰণ চৌধুৰীক অসম চৰকাৰে আজীৱন সাহিত্যিক পেঞ্চন দিয়াৰ ঘোষনা কৰে।
  • অসম চৰকাৰে বীৰ চিলাৰায়ৰ নামত প্ৰৱৰ্তন কৰা "চিলাৰায় বঁটা" ২০০৯ ত অম্বিকাচৰণ চৌধুৰীক প্ৰদান কৰিছিল[6]

মৃত্যু[সম্পাদনা কৰক]

২০১১ চনৰ ৪ ডিচেম্বৰ তাৰিখে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাৰ কামাখ্যাগুড়ি সংলগ্ন ৩১ (ছি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেঁতুলতলা চাৰিআলিত সংঘটিত এক শোকাবহ পথ দূৰ্ঘটনাত তেখেতে অকাল মৃত্যু সাৱটি লয়[1]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 অসমীয়া প্ৰতিদিন, দিনাংক ৫ ডিচেম্বৰ, ২০১১(পৃষ্ঠা নং- ১)
  2. People gather for last glimpse of Ambika Charan Choudhury, The Sentinel, Guwahati, India, Dec 6, 2011.
  3. Historian Ambika Charan Choudhury dies in accident, Dy365 News Channel, Guwahati, India, Dec 7, 2011.
  4. Bongaigaon pays last respects to scholar, The Telegraph, Kolkata, India, Dec 6, 2011.
  5. ‘Kamataratna’ Ambika Charan Choudhuri dies, The Sentinel, Guwahati, India, Dec 5, 2011.
  6. 6.0 6.1 6.2 6.3 6.4 6.5 6.6 6.7 6.8 অসমীয়া প্ৰতিদিন, দিনাংক-৫ ডিচেম্বৰ, ২০১১ (পৃষ্ঠা নং-৮)