অম্বুবাচী মেলা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
অম্বুবাচী মেলা
{{{holiday_name}}}
কামাখ্যা মন্দিৰত অম্বুবাচী মেলা
সম্পুৰ্ণ নাম অম্বুবাচী
অন্য নাম সাথ (অসম)
পালন কৰে হিন্দুসকলে
প্রকাৰ হিন্দুধৰ্মৰ ধাৰ্মিক উৎসব
আৰম্ভ হয় আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ চতুৰ্ধ পাদ
শেষ হয় আহাৰ মাহত আদ্যা নক্ষত্ৰৰ প্ৰথম পাদ
তাৰিখ আহাৰ মাহ (অসমীয়া), জুলাইৰ মাজভাগত
উৎসৱ অম্বুবাচী মেলা
মানিবলগা ধাৰ্মিক কাৰ্য্য ব্ৰত, শুদ্ধি
সম্পৰ্কিত তান্ত্ৰিক, শক্তি, প্ৰজনন

অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মৰ লোকসকলে অম্বুবাচীৰ সময়ত সংগতি ৰাখি শক্তিপূজাৰ স্থান সমূহ আদিত আয়োজন কৰা এক উৎসব। অসমগুৱাহাটীকামাখ্যা মন্দিৰত যঠেষ্ট আড়ম্বৰপূৰ্ণভাবে অম্বুবাচীৰ সময়ত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়।

সূচী

[সম্পাদনা কৰক] অম্বুবাচী কি

সাধাৰণতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদ আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয় বাবে এই সময়ক অম্বুবাচী বুলি কোৱা হয়৷

[সম্পাদনা কৰক] অম্বুবাচীৰ নিয়ম

অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা, চতুৰ্থদিনা শুদ্ধি বুলি কোৱা হয়৷ অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়৷ অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়৷ এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে৷

[সম্পাদনা কৰক] কামাখ্যা ধামৰ অম্বুবাচী মেলা

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়৷ ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ৷ চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে৷ পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে৷ চুৱাৰ কেইদিন সৰ্প ভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে৷ ইঘৰে-সিঘৰলৈ ফল-মূল আগবঢ়ায়, প্ৰবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়৷ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা (আজিকালি বিদেশৰ পৰাও আহে)লাখ লাখ ভক্তই তিনিওদিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম-কীৰ্তন কৰে৷ মন্দিৰৰ বাহিৰতে ধূপ-দীপ জ্বলাই দেৱীক প্ৰণাম জনায়৷ অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্ৰ৷ দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰৱল৷ সেইবাবে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁহাত বা ডিঙিত ধাৰণ কৰে৷ এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা কুব্জিকা তন্ত্ৰৰ সপ্তম পটলত বৰ্ণিত হৈছে৷ এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ৷ কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে৷

[সম্পাদনা কৰক] তথ্যসংগ্ৰহ

  • অসমীয়া সংস্কৃতিৰ ৰূপৰেখা- সম্পাদনা- ডঃ পৰমানন্দ ৰাজবংশী, ডঃ নাৰায়ন দাস, পৃষ্ঠা- ৭৫
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত