অমৰনাথ মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অমৰনাথ মন্দিৰ

অমৰনাথ মন্দিৰ, জম্মু আৰু কাশ্মীৰ
ভূ-স্থানাংক: 34°12′54″N 75°30′03″E / 34.2149°N 75.5008°E / 34.2149; 75.5008
স্থান
দেশ: ভাৰত
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল: জম্মু আৰু কাশ্মীৰ

অমৰনাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বী সকলৰ এখন প্ৰধান তীৰ্থস্থান। হিন্দুসকলৰ চাৰিধামৰ ভিতৰত এইখনৰ গুৰুত্ব অসীম। জন্মু-কাশ্মীৰৰ সীমান্তৰ ওচৰত, শ্ৰীনগৰৰ পৰা প্ৰায় ১৪১ কিলোমিটাৰ দূৰৈত ৩,৮৮৮ মিটাৰ[1] (১২,৭৫৬ ফুট) উচ্চতাত অৱস্থিত, বৰফেৰে আবৃত অমৰনাথ গুহাৰ ভিতৰত সম্পূৰ্ণ প্ৰাকৃতিক ধৰণে প্ৰতি বছৰে সৃষ্টি আৰু নাইকিয়া হোৱা দক্ষিণমুখী শিৱলিংগ প্ৰকৃতিৰ এক আচৰিত সৃষ্টিৰ অন্যতম৷

জুলাইৰ পৰা আগষ্টলৈকে (শাওণ মাহ) ৪৫ দিনীয়া এই সময়ছোৱাত প্ৰায় চাৰি লাখ ভক্ত অমৰনাথ দৰ্শনৰ বাবে আহে৷ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু ভাবুকিৰ বাবে ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈকে চৰকাৰে এই যাত্ৰা বন্ধ কৰি দিছিল৷ কিন্তু সন্ত্ৰাসবাদী বিলাকে ১৯৯৬ চনত এই যাত্ৰাত ভক্তসকলক একো ক্ষতি নকৰে বুলি আশ্বাস দিয়াত তেতিয়াৰে পৰা আগতকৈয়ো অধিকলোক অমৰনাথ দৰ্শনৰ বাবে আহিবলৈ ল’লে৷ হ’লেও ২০০০ চনত কোনো এক সন্ত্ৰাসবাদী দলৰ আক্ৰমণত প্ৰায় ত্ৰিশজন যাত্ৰী আৰু সহায়কে প্ৰাণহেৰুৱাব লগীয়া হয়৷ এই যাত্ৰাক লৈ বিতৰ্কৰো অন্ত নাই৷ ২০০৮ চনত ভাৰত চৰকাৰ আৰু কাশ্মীৰ চৰকাৰে যাত্ৰীসকলৰ সুবিধাৰ বাবে ১০০একৰ বনভুমি ”Shri Amarnathji Shrine Boar” ক হস্তান্তৰ কৰিব খুজিছিল যদিও কেইবাটাও সন্ত্ৰাসবাদীদলৰ হেঁচাত কাশ্মীৰ চৰকাৰে পিচহোঁহোকা মাৰিলে৷

ইতিহাস[সম্পাদনা কৰক]

মন্দিৰৰ ভিতৰভাগ

এই গুহা তীৰ্থৰ এক ৰহস্য আছে৷ কৈলাশত মহাদেৱৰ পত্নী পাৰ্বতীয়ে অমৰত্ব আৰু সৃষ্টিৰ ৰহস্যৰ বিষয়ে কবলৈ কুটুৰিবলৈ ধৰিলে৷ শেহত মহাদেৱ পত্নীৰ মনোবাঞ্চা পূৰণ কৰিবলৈ সন্মত হ’ল৷ কিন্তু সৃষ্টিৰ এই গোপন কথা কবলৈ আন কোনোৱেই শুনিব নোৱৰা এটুকুৰা নিৰ্জন স্থান লাগিব৷ সেইসূত্ৰে তেওঁ অমৰনাথ গুহাটোকে সঠিক স্থান বুলি বাছনি কৰিলে৷ ইয়াৰ প্ৰস্তুতিৰ বাবে কৈলাশৰ পৰা অমৰনাথ গুহালৈ যোৱাৰ বাটত পেহেলগ্ৰামত (বালিগাওঁ) তেওঁ নন্দীক এৰে, চন্দনবাৰীত নিজ শিৰৰ চন্দ্ৰ, শেষনাগত কণ্ঠৰ নাগ আৰু পঞ্জতৰণীত পঞ্চতত্ব (বায়ু, পানী, আকাশ, অগ্নি আৰু মাটি) ত্যাগ কৰি তেওঁ আগুৱাই যায়৷ পঞ্চতৰণীতে শিৱৰ জটাৰ জল পাঁচ ভাগ হৈ বৈ আহি এক ধাৰাত মিলিত হৈ নদীৰূপে বৈ গৈছে৷ পুত্ৰ গণেশকো মহাগুনা পৰ্বততে এৰিলে৷ ধৰ্মীয় বিশ্বাসমতে পাৰ্থিৱ জগতখন ত্যাগ কৰাৰ প্ৰতীকৰূপে মহাদেৱে ইয়াৰ পাছতে তাণ্ডব নৃত্য কৰিছিল৷ সেই প্ৰকাণ্ড গুহাত প্ৰৱেশ কৰি শিৱই হৰিণাৰ চালৰ ওপৰতে সমাধিত বহি ধ্যানত মগ্ন হ’ল৷ অমৰ কথা আৰু সৃষ্টিতত্বৰ গোপন কথা আন কোনোৱেই শুনিব নোৱৰাতো নিশ্চিত কৰিবলৈ তাতে তেওঁ ৰুদ্ৰনামৰ কালগ্নি সৃষ্টি কৰি গুহাৰ ভিতৰত আৰু ওচৰে পাজৰে থকা সকলো জীৱকে পুৰি নাশিবলৈ আদেশ দিলে৷ শিৱই চকু বন্ধ কৰি পাৰ্বতীক সৃষ্টিৰ ৰহস্যৰ বিষয়ে কবলৈ ধৰিলে৷ কিন্তু দৈৱক্ৰমে শিৱ-পাৰ্বতীৰ আসনখনৰ তলত এটা পাৰ চৰাইৰ কণী অক্ষত অৱস্থাত থাকি গ’ল৷ ৰুদ্ৰই কণীটো নিৰ্জীৱ পদাৰ্থ বুলি নুপুৰিলে আৰু শিৱ-পাৰ্বতীৰ আসনখনেও কণীটোক নিৰাপত্তা দিলে৷ সেই কণীৰ পৰা জন্মহোৱা পাৰ চৰাই এহাল অমৰকথা শুনি অমৰ হ’ল৷ সেই গুহাৰ ভিতৰে মহাদেৱ স্বয়ম্ভু তুষাৰ লিংগ ৰূপে বিৰাজমান৷[2]

লোকবিশ্বাস[সম্পাদনা কৰক]

এই লিংগ প্ৰায় ৫০০০ বছৰৰ পৰা আছে বুলি বিশ্বাস কৰা হয় যদিও যোৱা ১৫০ বছৰ মানৰ পৰাহে তালৈ সঘনাই মানুহ যাবলৈ ধৰিছে৷ আদিগুৰু শঙ্কৰাচাৰ্যই এই তীৰ্থ দৰ্শন কৰিছিল বুলি জনা যায়৷ তেখেতেই চাৰি যাত্ৰা প্ৰবৰ্তন কৰিছিল৷ স্বামী বিবেকানন্দই ১৮৯৮ চনৰ জুলাই মাহত এই তীৰ্থ দৰ্শনৰ বাবে আহিছিল৷ আক্ৰাম বক্ত (বুটা? )মালিক নামৰ এজন ভেৰা ৰখীয়াই তেওঁৰ হেৰোৱা ভেৰা বিচাৰি আহি এই গুহা তীৰ্থ আবিষ্কাৰ কৰে৷ তেতিয়াৰ পৰাই এই তীৰ্থ যাত্ৰা আৰম্ভ হয়৷ ভিন্ন মত এটাৰ মতে কোনোবা সাধু এজনে মালিকক কয়লাৰ টুকুৰাৰে ভৰা মোনা এটা দিছিল৷ ঘৰলৈ আহি মালিকে দেখে যে মোনাটোত কয়লাৰ পৰিবৰ্তে সোণৰ টুকুৰাৰেহে ভৰি আছে৷ সেই সাধুজনক কৃতজ্ঞতা জনাবলৈ বুলি ঘুৰি গৈ মালিকে দেখে যে সাধু তাৰ পৰা অন্তৰ্ধান হৈছে, কিন্ত সাধুক লগপোৱা ঠাইতে এটা শিৱলিংগহে আছে৷ এই আবিষ্কাৰৰ কথা তেওঁ গাওঁবাসীক জানিবলৈ দিলে আৰু তেতিয়াৰে পৰা ই তীৰ্থস্থানলৈ পৰিবৰ্তন হ’ল৷ আক্ৰাম বক্ত মালিকৰ বংশধৰ সকলে এতিয়াও যাত্ৰীয়ে দিয়া দান বৰঙণিৰ এটা অংশ পায়৷ তেওঁৰ বংশৰ লোক পেহেলগ্ৰামত থাকে৷আন এটা বিশ্বাস মতে আকৌ কাশ্মীৰ আগতে পানীৰ তলত আছিল৷ ই এটা ডাঙৰ হ্ৰদহে আছিল৷ কাশ্যপ মুনিয়ে কেইবাখনো নদীৰে সেই পানীখিনি বোৱাই দিলে৷ সেইসময়তে আকৌ ভৃগুমুণি হিমালয় দৰ্শনৰ বাবে আহিছিল৷ তেৱেই প্ৰথমে এই গুহা আৰু লিংগৰ দৰ্শন পায়৷ মানুহে এই কথা জনাৰে পৰা দৰ্শনৰ বাবে তালৈ যাবলৈ ধৰিলে৷ শিৱ আশুতোষ সকলোৱে তেওঁৰ পূজা কৰিব পাৰে৷ জাতি ধৰ্মৰ বাধা নাই৷ সাধাৰণতে আহাৰ মাহৰ পূৰ্ণিমাৰ পৰা শাওণ মাহৰ পূৰ্ণিমাৰ ভিতৰে অমৰনাথ দৰ্শন কৰি ঘুৰি আহিব লাগে৷ তুষাৰ লিংগৰ হ্ৰাস, বৃদ্ধি হৈ থাকে৷ শুক্ল পক্ষত লাহে লাহে ডাঙৰ হৈ পূৰ্ণিমাত পূৰ্ণ হয় আৰু কৃষ্ণ পক্ষত লাহে লাহে সৰু হৈ নাইকীয়া হয়৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Ranjit Sarkar. "Shri Amarnathji Shrine Board :: The Holy Cave". Shriamarnathjishrine.com. http://www.shriamarnathjishrine.com/the-holy-cave.html। আহৰণ কৰা হৈছে: 2013-03-23. 
  2. Ranjit Sarkar. "Shri Amarnathji Shrine Board :: The Holy Shrine". Shriamarnathjishrine.com. http://www.shriamarnathjishrine.com/the-holy-shrine.html। আহৰণ কৰা হৈছে: 2013-03-23. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. Shri Amarnathji Shrine board: official site
  2. অমৰনাথ যাত্ৰা লিখক বেদী
  3. অমৰনাথ যাত্ৰাৰ ৱেবছাইট
  4. অমৰনাথ যাত্ৰা ইণ্ডিয়া.কম
  5. যাত্ৰাৰ বিষয়ে বহুল জ্ঞান
  6. অমৰনাথ যাত্ৰা (পাঞ্চজন্য)
  7. পাপনাশী ৰোমাঞ্চকৰ অমৰনাথ যাত্ৰা