অসম অভিযান্ত্ৰিক মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়
মূলমন্ত্ৰ Service Before Self
স্থাপিত ১৯৫৫
ধৰণ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
অধ্যক্ষ ড॰ অতুল বৰা
স্নাতক শিক্ষাৰ্থী ১৬৫০
স্নাতকোত্তৰ শিক্ষাৰ্থী ১০০
স্থান গুৱাহাটী, অসম,
 ভাৰত
চৌহদ চহৰ অঞ্চল
অন্য নাম এ.ই.চি.
ৰং ৰঙা (শক্তি),
নীলা (শান্তি),
হালধীয়া (অধ্যৱসায়),
সেউজীয়া (জীৱন)
                
ৱেবছাইট aec.ac.in


অসম অভিযান্ত্ৰিক মহাবিদ্যালয় হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এখন উল্লেখযোগ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। ১৯৫৫ চনত অসমগুৱাহাটী মহানগৰৰ জালুকবাৰী অঞ্চলত এই প্ৰতিষ্ঠানখন প্ৰতিষ্ঠা কৰা হয়। ইয়েই হৈছে প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী প্ৰদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন প্ৰতিষ্ঠান[1]। ই All India Council for Technical Education (AICTE)ৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান। এই মহাবিদ্যালয়ত চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং, মেকালিকেল ইঞ্জিনিয়াৰিং, ইণ্ডাচট্ৰিয়েল এণ্ড প্ৰডাকচন ইঞ্জিনিয়াৰিং, ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং , ইনষ্ট্ৰুমেণ্টেশ্বন ইঞ্জিনিয়াৰিং , কেমিকেল ইঞ্জিনিয়াৰিং আৰু ইলেকট্ৰনিকছ এণ্ড টেলিকমিউনিকেশ্বন ইঞ্জিনিয়াৰিং বিভাগত বি.ই. ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ উপৰিও মাষ্টাৰছ অফ কম্পিউটাৰ এপ্লিকেছনছ (এম.চি.এ.), ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং (এম.ই.), চিভিল ইঞ্জিনিয়াৰিং(এম.ই.), মেকালিকেল ইঞ্জিনিয়াৰিং(এম.ই.)ৰ পাঠ্যক্ৰম প্ৰদান কৰা হয়। Mechanics and Hydraulicsত পি.এইচ.ডি কৰাৰো সুবিধা ইয়াত আছে। ইয়াৰ সকলো পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ[1]

অৱস্থান[সম্পাদনা কৰক]

অসম অভিযান্ত্ৰিক মহাবিদ্যালয় অসমৰ গুৱাহাটীৰ দক্ষিণ-পশ্চিম দিশৰ জালুকবাৰীত অৱস্থিত। মহাবিদ্যালয়খনৰ উত্তৰে গুৱাহাটী বিশ্ববিদ্যালয়, দক্ষিণে দীপৰ বিল, পূবে গৱৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ আৰু পশ্চিমে অসম পুলিচ ৰেডিঅ' অ'ৰগেনাইজেশ্বন অৱস্থিত। গুৱাহাটী ৰেল ষ্টেছনৰ পৰা মহাবিদ্যালয়ৰ চৌহদলৈ প্ৰায় ৯ কিঃমিঃ, আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা ৫ কিঃমিঃ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, বৰঝাৰৰ পৰা প্ৰায় ৮ কিঃমিঃ[1]

ছাত্ৰাবাস[সম্পাদনা কৰক]

মহাবিদ্যালয়ত ৭টা ল'ৰাৰ, ১টা ছোৱালীৰ আৰু এটা স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে হোষ্টেল আছে। প্ৰত্যেক ছাত্ৰাবাসত এজনকৈ শিক্ষক পৰিদৰ্শক আছে। প্ৰত্যেক ছাত্ৰাবাসত মেচ, কমনৰূম আদি সুবিধাসমূহ আছে। ছাত্ৰাবাসসমূহৰ নিজৰ নিজৰ পুথিভঁৰাল, অধ্যয়নকক্ষ আৰু জীমনেচীয়াম আছে। ছাত্ৰাবাস সমূহ নিজৰ নিজৰ হোষ্টেল কমিটিয়ে পৰিচালনা কৰে।

AEC clock-tower

বিভাগসমূহ[সম্পাদনা কৰক]

  1. মাষ্টাৰছ অফ কম্পিউটাৰ এপ্লিকেছনছ বিভাগ
  2. গণিত বিভাগ
  3. পদাৰ্থ বিজ্ঞান বিভাগ
  4. ৰসায়ন বিজ্ঞান বিভাগ
  5. অসামৰিক অভিযান্ত্ৰিকী বিভাগ
  6. যান্ত্ৰিক অভিযান্ত্ৰিকী বিভাগ
  7. বৈদ্যুতিক অভিযান্ত্ৰিকী বিভাগ
  8. সূক্ষ্ম-বিদ্যুত আৰু দূৰ-সংযোগ অভিযান্ত্ৰিকী বিভাগ
  9. ৰাসায়নিক অভিযান্ত্ৰিকী বিভাগ
  10. ইণ্ডাচট্ৰিয়েল এণ্ড প্ৰডাকচন ইঞ্জিনিয়াৰিং
  11. ইনষ্ট্ৰুমেণ্টেশ্বন ইঞ্জিনিয়াৰিং
  12. কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিকী বিভাগ
  13. Humanities আৰু সমাজ বিজ্ঞান
  14. মাষ্টাৰছ অফ কম্পিউটাৰ এপ্লিকেছনছ বিভাগ[2]

মাষ্টাৰছ অফ কম্পিউটাৰ এপ্লিকেছনছ বিভাগ[সম্পাদনা কৰক]

১৯৯০ চনত এই বিভাগটো স্থাপন কৰা হয়। এই বিভাগটোৱে তিনি বছৰীয়া এম.চি.এ. পাঠ্যক্ৰম প্ৰদান কৰে। বাৰ্ষিক ৩০ জন ছাত্ৰ-ছাত্ৰীয়ে এই বিভাগত নামভৰ্তি কৰাৰ সুযোগ পায়। এই বিভাগটোৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ অনুপাত হৈছে ৩:১। এই বিভাগটোত Pentium, AMD workstations, servers সৈতে তিনিটাকৈ উন্নত মানদণ্ডৰ প্ৰয়োগশালা আছে। এইসমূহ WindowsNT, লিনাক্স, UNIX সহায়ত C, C++, C#, VB, Java, ASP.NET, Oracle, Shell programming ৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত দ্ৰুত গতিৰ ইণ্টাৰনেট সংযোগ কৰা হৈছে।

যান্ত্ৰিক অভিযান্ত্ৰিকী বিভাগ[সম্পাদনা কৰক]

১৯৫৭ চনত যান্ত্ৰিক অভিযান্ত্ৰিকী বিভাগটো ইয়াত স্থাপন কৰা হৈছিল। এই বিভাগটো মহাবিদ্যালয়খনৰ আটাইতকৈ পুৰণি বিভাগ সমূহৰ মাজত অন্যতম। বাৰ্ষিক ৯০ জন ছাত্ৰ-ছাত্ৰীয়ে এই বিভাগত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰে। এই বিভাগটোৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ অনুপাত হৈছে ৫:২। এই বিভাগটোৱে মেকানিকেল বিভাগত চাৰি বছৰীয়া বি.ই. ডিগ্ৰীৰ পাঠ্যক্ৰম প্ৰদান কৰে। এই বিভাগটোৰ নিজা প্ৰয়োগশালা আৰু পুথিভঁৰাল আছে। বহু অভিজ্ঞ শিক্ষকবৃন্দৰ প্ৰচেষ্টাত বহুতো সুদক্ষ মেকানিকেল অভিযন্তা ইয়াৰপৰা উত্তীৰ্ণ হৈ বিভিন্ন ঠাইত সংস্থাপন লাভ কৰিছে।

অসামৰিক অভিযান্ত্ৰিকী বিভাগ[সম্পাদনা কৰক]

১৯৫৬ চনত অসামৰিক অভিযান্ত্ৰিকী বিভাগটো স্থাপন কৰা হয়। এই বিভাগটোৱেই হৈছে মহাবিদ্যালয়খনৰ স্থাপিত হোৱা প্ৰথম বিভাগ। বহু অভিজ্ঞ শিক্ষকবৃন্দ আৰু উন্নত মানৰ প্ৰয়োগশালা এই বিভাগটোত আছে। এই বিভাগটোৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ অনুপাত হৈছে ৩:১। এই বিভাগত বাৰ্ষিক ৯০ জন ছাত্ৰ-ছাত্ৰীয়ে বি.ই. ডিগ্ৰী পাঠ্যক্ৰম আৰু ২৫ জন ছাত্ৰ-ছাত্ৰীয়ে এম.ই. ডিগ্ৰীৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰে। ইয়াৰ উপৰিও এই বিভাগটোৱে Soil Mechanics and Hydraulicsত পি.এইচ.ডি ডিগ্ৰী প্ৰদান কৰে।

বৈদ্যুতিক অভিযান্ত্ৰিকী বিভাগ[সম্পাদনা কৰক]

১৯৫৭ চনত বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগটো দ্বিতীয়তো বিভাগ হিচাবে স্থাপন কৰা হয়। বাৰ্ষিক ৯০ জন ছাত্ৰ-ছাত্ৰীয়ে এই বিভাগত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰে। এই বিভাগটোৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ অনুপাত হৈছে ৫:১। এই বিভাগটোৱে ইলেকট্ৰিকেল বিভাগত চাৰি বছৰীয়া বি.ই. ডিগ্ৰীৰ পাঠ্যক্ৰম প্ৰদান কৰে। এই বিভাগটোৱে পাৱাৰ ছিষ্টেম (power system)ত স্নাতকোত্তৰ ডিগ্ৰীও প্ৰদান কৰে। এই বিভাগটোত গৱেষণাৰ বাবে সা-সুবিধা প্ৰদান কৰা হয়।

সূক্ষ্ম-বিদ্যুত আৰু দূৰ-সংযোগ অভিযান্ত্ৰিকী বিভাগ[সম্পাদনা কৰক]

১৯৮৪ চনত সূক্ষ্ম-বিদ্যুত আৰু দূৰ-সংযোগ অভিযান্ত্ৰিকী বিভাগটো স্থাপন কৰা হয়। এই বিভাগটোৱে কিংকৰণীয় আৰু দুৰসংযোগ অভিযান্ত্ৰিক বিভাগত চাৰি বছৰীয়া বি.ই. ডিগ্ৰীৰ পাঠ্যক্ৰম প্ৰদান কৰে। অসম চৰকাৰ ৰ অধীনত এই বিভাগৰ পাঠ্যক্ৰ্ম প্ৰ্দান কৰা এইখনেই একমাত্ৰ মহাবিদ্যালয়। বাৰ্ষিক ৬০ জন ছাত্ৰ-ছাত্ৰীয়ে এই বিভাগত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰে আৰু অভিজ্ঞ শিক্ষকবৃন্দৰ সহায়ত পাঠদান কৰোৱা হয়। এই বিভাগটোৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ অনুপাত হৈছে ৫:১। এই বিভাগটোৰ পাঠ্যক্ৰ্ম ত উল্লেখনীয় তথা নতুন নতুন অধ্যায়ৰ পৰিসৰ সামৰি লোৱা হৈছে। প্ৰতি বছৰে মেধাৱী ছাত্ৰ্-ছাত্ৰী সকলে এই বিভাগটোত নিজে সুমাবলৈ হেঁপাহ কৰা দেখা যায়। এই বিভাগ টোৱে ছাত্ৰ-ছাত্ৰী সকলক hardware আৰু software দুয়োধৰণে উপযুক্ত কৰি তোলে। এই বিভাগ টোৰ laboratories সমূহ হৈছে -circuit & device lab,digital electronics lab,analog communication lab,digital communication lab,advanced communication lab,microprocessor lab,microwave engineering lab,computer lab,image processing lab.

ভাৰতৰ উল্লেখনীয় অনুষ্ঠান তথা কোমপানী সমূহ্ত এই বিভাগ ৰ ছাত্ৰ-ছাত্ৰী সকলে নিজৰ স্থান পাই এই মহাবিদ্যালয়লৈ গৌৰৱ বুটলি আনিছে। এই অনুষ্ঠান সমূহ হৈছে-Centre for Development of Advanced Computing,Wipro GE,Hindustan Computers Ltd.,Infosys Technologies Ltd.,Oil India Ltd.,Oil and Natural Gas Corporation,India Satcom Ltd.,Reliance Telecom,Bhaba Atomic Research Centre,Power Grid Corporation,Indian Air Force.

কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিকী বিভাগ[সম্পাদনা কৰক]

১৯৯৮ চনৰ ২৫ আগষ্টত কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিকী বিভাগটো স্থাপন কৰা হয়। বৰ্তমান, ইলেকট্ৰনিকছ এণ্ড টেলিকমিউনিকেশ্বন ইঞ্জিনিয়াৰিং বিভাগ বিভাগৰ লগত এই বিভাগটো সংলগ্ন কৰা হৈছে। এই বিভাগটোৱে কম্পিউটাৰ চায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং বিভাগত চাৰি বছৰীয়া (আঠটা ষান্মাষিক) বি.ই. ডিগ্ৰীৰ পাঠ্যক্ৰম প্ৰদান কৰে।

এইচিৰ কাষতে থকা দীপৰ বিল ৰ দৃশ্য

ৰাসায়নিক অভিযান্ত্ৰিকী বিভাগ[সম্পাদনা কৰক]

১৯৬৩ চনত ৰাসায়নিক অভিযান্ত্ৰিকী বিভাগটো স্থাপন কৰা হয়। বাৰ্ষিক ৬৬ জন ছাত্ৰ-ছাত্ৰীয়ে এই বিভাগত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰে। এই বিভাগটো সাধাৰণতে গৱেষণা সম্বন্ধীয় কামত ব্যৱহাৰ কৰা হয়। লগতে পি.এইচ.ডি ডিগ্ৰীও প্ৰদান কৰা হয়। এই বিভাগটোৱে ৰাসায়নিক অভিযান্ত্ৰিকী বিভাগত চাৰি বছৰীয়া বি.ই. ডিগ্ৰীৰ পাঠ্যক্ৰম প্ৰদান কৰে। এই বিভাগৰ মুখ্য বিষয় সমূহ হৈছে Process Calculation, Chemical Technology, Chemical Engineering Thermodynamics, Mass Transfer Operations, Heat Transfer Operations, Chemical Reaction Engineering, Process Dynamics & Control, Petroleum Refinery Engineering & Petrochemicals, Process Equipment Design & Drawing, Fluid Flow Operation, Transport Phenomenon, Process Utilities, Process Instrumentation।

ইণ্ডাচট্ৰিয়েল এণ্ড প্ৰডাকচন ইঞ্জিনিয়াৰিং বিভাগ[সম্পাদনা কৰক]

অসমৰ তেল উৎপাদন খণ্ডত প্ৰডাকচন অভিযন্তাৰ চাহিদা বঢ়াৰ কাৰণে ১৯৯৮ চনত ইণ্ডাচট্ৰিয়েল এণ্ড প্ৰডাকচন ইঞ্জিনিয়াৰিংবিভাগটো স্থাপন কৰা হয়। ২০০১ চনত AICTEয়ে এই বিভাগটোক স্বীকৃতি প্ৰদান কৰে।

ইনষ্ট্ৰুমেণ্টেশ্বন ইঞ্জিনিয়াৰিং বিভাগ[সম্পাদনা কৰক]

১৯৯৮ চনত ইয়াত ইনষ্ট্ৰুমেণ্টেশ্বন ইঞ্জিনিয়াৰিং বিভাগটো স্থাপন কৰা হয়। ২০০১ চনত AICTEয়ে এই বিভাগটোক স্বীকৃতি প্ৰদান কৰে। বাৰ্ষিক ২০ জন ছাত্ৰ-ছাত্ৰীয়ে এই বিভাগত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰে।

নেচনেল কেডেট ক’ৰ্পছ, ৩০ অসম ইঞ্জিনিয়াৰিং কম্পেনী[সম্পাদনা কৰক]

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এনচিচি বাহিনী হৈছে ৩০ অসম ইঞ্জিনিয়াৰিং কম্পেনীৰ এটা প্ৰধান অংশ। মহাবিদ্যালয়ৰ ষ্টাফচকলৰ মাজত এজন ANO আৰু এজন NCO আছে। ৩০ অসম ইঞ্জিনিয়াৰিং কম্পেনী হৈছে ১ অসম বেটেলীয়ানৰ অধীনৰ এটা বিভাগ। ইয়াৰ এনচিচিৰ কেডেট সকলে নিয়মিতভাৱে সৈন্য বাহিনীৰ পৰা প্ৰশিক্ষণ লোৱাৰ সুবিধা লাভ কৰে।

বাৰ্ষিক মহাবিদ্যালয় উৎসৱ: Pyrokinesis[সম্পাদনা কৰক]

Pyrokinesis, হৈছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত আয়োজিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাৰ্ষিক প্ৰযুক্তিবিদ্যা আৰু সাংস্কৃতিক উৎসৱ। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বিলাক শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত এই উৎসৱ জনপ্ৰিয় হৈ উঠিছে আৰু তেওঁলোকে ইয়াত অংশ গ্ৰহণ কৰে। Pyrokinesisৰ অৰ্থ হৈছে বিভিন্ন চিন্তাৰ লগ লাগি এক নতুন চিন্তাৰ উদ্ভৱ হোৱা। তিনিদিন ধৰি মহাবিদ্যালয়ত Pyrokinesisৰ অয়োজন কৰা হয়।

ইভেণ্টসমূহ[সম্পাদনা কৰক]

Technokinesis হৈছে এই উৎসৱৰ প্ৰযুক্তিবিদ্যা বিভাগ। ছাত্ৰ-ছাত্ৰী সকলে নিজ নিজ চিন্তা আৰু জ্ঞানৰ ব্যৱহাৰ কৰি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুওৱাৰ সুবিধা লাভ কৰে। ইয়াত বিভিন্ন ধৰণৰ আলোচনা চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত হয়। ইয়াত আয়োজন কৰা বিভিন্ন ইভেণ্ট সমূহৰ নাম হৈছে:

  • Buildxtra: structural designing প্ৰতিযোগিতা
  • Big-Gyan: আলোচনা চক্ৰ (seminar)
  • Technocracy: প্ৰযুক্তিবিদ্যাৰ প্ৰদৰ্শনী
  • Deus Ex Machinima: robotics প্ৰতিযোগিতা
  • Wrangler: তৰ্ক প্ৰতিযোগিতা
  • Grey Matters: কুইজ প্ৰতিযোগিতা
    (২০১০ বৰ্ষৰ এই প্ৰতিযোগিতাত শীৰ্ষৰ ২৫টা দলক নগদ ধনেৰে পুৰস্কৃত কৰা হৈছিল। ই আছিল ভাৰতৰ কোনো কুইজ প্ৰতিযোগিতাৰ ভিতৰত প্ৰথম। )
  • Codewar: [[ছফ্টৱেৰ] প্ৰতিযোগিতা
  • Skoar: gaming প্ৰতিযোগিতা
  • Different Strokes: চিত্ৰাংকন প্ৰতিযোগিতা
  • Visual Impact: আলোকচিত্ৰ (photography) প্ৰতিযোগিতা

সাংস্কৃতিক বিভাগে ইয়াত বিভিন্ন বেণ্ডৰ মাজত প্ৰতিযোগিতা, স্থানীয় বিদ্যালয় সমূহৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]