
২৫ নবেম্বৰ ২০১০ৰ অসমীয়া প্ৰতিদিনৰ গুৱাহাটী সংস্কৰণৰ প্ৰথম পৃষ্ঠা |
| প্ৰকাৰ |
দৈনিক বাতৰিকাকত |
| ফৰমেট |
ডাঙৰ পৃষ্ঠা |
| প্ৰকাশক |
যতীন চৌধুৰী |
| সম্পাদক |
নিত্য বৰা |
| সম্পাদক প্ৰধান |
হাইদৰ হুছেইন |
| ভাষা |
অসমীয়া |
| মুখ্য কাৰ্যালয় |
গুৱাহাটী |
| ৱেবছাইট |
asomiyapratidin.co.in |
অসমীয়া প্ৰতিদিন (ইংৰাজী: Asomiya Pratidin) হৈছে এখন অসমীয়া দৈনিক বাতৰি কাকত। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভুঞা। প্ৰথম কাৰ্য্যবাহী সম্পাদক পৰাগ কুমাৰ দাস। প্ৰাক্তন সম্পাদকসকল হ'ল অদীপ কুমাৰ ফুকন, মনজিত মহন্ত । বৰ্তমানৰ মুখ্য সম্পাদক হাইদৰ হুছেইন, সম্পাদক নিত্য বৰা আৰু কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন। কাকতখনৰ গৰাকী জয়ন্ত বৰুৱাৰ হৈ যতীন চৌধুৰীয়ে প্ৰকাশ কৰে। জয়ন্ত বৰুৱা মালিকানাধীন এই কাকত গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত আন আন কাকত আৰু আলোচনী হ'ল: সাদিন,সাতসৰী আৰু নন্দিনী। এই বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু বঙাইগাঁওৰ পৰা একেসময়তে প্ৰকাশ পায়।
এই কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমানে আন্তৰ্জাতিক বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে। কাকতখনত সাধাৰনতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰনতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে।
|
|
|
| বাতৰি কাকত |
|
|
| আলোচনী |
|
|
| শিশু আলোচনী |
|
|