অসমীয়া বৰ্ণমালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা



মনৰ ভাৱবোৰ লিখিত ৰূপত ব্যৱহাৰ কৰিবৰ বাবে কিছুমান চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয়৷ এই সংকেতৰ প্ৰতীক বা সাকাৰ ৰূপেই হ'ল বৰ্ণ বা আখৰ৷ অসমীয়া ভাষাত বৰ্তমান ৫২ টা বৰ্ণ আছে[1]

বৰ্ণৰ মুখ্য শ্ৰেণীবিভাগ
অ আ ই ঈ
উ ঊ ঋ
এ ঐ ও ঔ
ক খ গ ঘ ঙ
চ ছ জ ঝ ঞ
ট ঠ ড ঢ ণ
ত থ দ ধ ন
প ফ ব ভ ম
য ৰ ল ৱ
শ ষ স হ
ক্ষ ড় ঢ় য়
ৎ ং ঃ ঁ

অ-ৰপৰা ঁ-লৈকে ৫২ টা বৰ্ণৰ সমষ্টিক একেলগে বৰ্ণমালা বোলা হয় ৷ উচ্চাৰণৰ পাৰ্থক্য অনুসৰি বৰ্ণালাক দুটা ভাগত ভাগ কৰা হৈছে ৷

১) স্বৰবৰ্ণ আৰু
২) ব্যঞ্জণ বৰ্ণ

স্বৰবৰ্ণ[সম্পাদনা কৰক]

যিবোৰ বৰ্ণ উচ্চাৰণৰ সময়ত বাহিৰলৈ ওলাই যোৱা স্বাস বায়ু মুখৰ ভিতৰত কোনোভাৱে বাধাপ্ৰাপ্ত নহয় সেইবোৰক স্বৰবৰ্ণ বোলে ৷ বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত স্বৰবৰ্ণ ১১টা ৷

অ আ ই ঈ
উ ঊ ঋ
এ ঐ ও ঔ

উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণক হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ দুটা ভাগত ভাগ কৰা হৈছে ৷

হ্ৰস্ব স্বৰ: অ ই উ ঋ এ ও এই ছটা বৰ্ণৰ উচচাৰণ চুটি বাবে ইহঁতক হ্ৰস্ব স্বৰ বোলে ৷

দীৰ্ঘ স্বৰ: আ ঈ ঊ ঐ ঔ এই পাঁচটা বৰ্ণৰ উচচাৰণ দীঘলীয়া বাবে ইহঁতক দীৰ্ঘ স্বৰ বোলে ৷


ব্যঞ্জণ বৰ্ণ[সম্পাদনা কৰক]

যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে বায়ু প্ৰৱাহ মুখবিৱৰত বাধাপ্ৰাপ্ত হৈ উচ্চাৰিত হয় সেইবোৰক ব্যঞ্জণ বৰ্ণ বোলে ৷ ব্যঞ্জণ বৰ্ণ সদায় স্বৰাশ্ৰয়ী ৷ অসমীয়া ভাষাত ব্যঞ্জণ বৰ্ণ ৪১টা ৷

ক খ গ ঘ ঙ
চ ছ জ ঝ ঞ
ট ঠ ড ঢ ণ
ত থ দ ধ ন
প ফ ব ভ ম
য ৰ ল ৱ
শ ষ স হ
ক্ষ ড় ঢ় য়
ৎ ং ঃ ঁ
  • ইয়াৰ য় ড় ঢ় -এই বৰ্ণকেইটা শব্দৰ আদিত ব্যৱহাৰ নহয় ৷

উচ্চাৰণৰ পাৰ্থক্য অনুসৰি ব্যঞ্জণ বৰ্ণক (১)স্পৰ্শ বৰ্ণ, (২)উষ্ম বৰ্ণ আৰু (৩)অন্ত বৰ্ণ এই তিনিটা ভাগত ভাগ কৰা হৈছে ৷

(১)স্পৰ্শ বৰ্ণ: ক-ৰপৰা ম-লৈ এই পঁচিশটা বৰ্ণৰ ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে জিভাই মুখৰ একো একো অংশত স্পৰ্শ কৰে, সেইবাবে এই পঁচিশটা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে ৷ স্পৰ্শ বৰ্ণক পাঁচটা বৰ্ণৰে একোটা ভাগত ভাগ কৰি প্ৰতিটো বৰ্গৰ আৰম্ভণি আখৰটোৰ নাম দিয়া হৈছে ৷ সেয়ে স্পৰ্শ বৰ্ণক বৰ্গীয় বৰ্ণও বোলা হয় ৷

ক বৰ্গ - ক খ গ ঘ ঙ
চ বৰ্গ - চ ছ জ ঝ ঞ
ট বৰ্গ - ট ঠ ড ঢ ণ
ত বৰ্গ - ত থ দ ধ ন
প বৰ্গ - প ফ ব ভ ম

এই বৰ্গীয় বৰ্ণবোৰক অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ নামে দুটা ভাগত ভাগ কৰা হৈছে ৷

অল্পপ্ৰাণ বৰ্ণ: বৰ্গীয় বৰ্ণৰ প্ৰথম, তৃতীয়, আৰু পঞ্চম বৰ্ণসমূহৰ ধ্বনি উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহত জোৰ নপৰে ৷ফলত উচ্চাৰণ কোমল হয় । সেয়ে ইহঁতক অল্পপ্ৰাণ বৰ্ণ বোলা হয় ৷

প্ৰথম - ক চ ট ত প
তৃতীয় - গ জ ড দ ব
পঞ্চম - ঙ ঞ ণ ন ম

মহাপ্ৰাণ বৰ্ণ: প্ৰত্যেক বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ দুটা উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহ অধিক আৰু প্ৰৱল হয় ৷ ইহঁতৰ উচ্চাৰণ কঠিন হোৱা বাবে ইহঁতক মহাপ্ৰাণ ৰ্ণ বোলা হয় ৷

দ্বিতীয় - খ ছ ঠ থ ফ
চতুৰ্থ - ঘ ঝ ঢ ধ ভ

(২)উষ্ম বৰ্ণ: শ ষ স আৰু হ এই চাৰিটা বৰ্ণৰ ধ্বনি উচ্চাৰণ হওঁতে মুখৰ বায়ু তপত হয় বাবে ইহঁতক উষ্ম বৰ্ণ বোলা হয় ৷

(৩)অন্ত বৰ্ণ: য ৰ ল ৱ এই চাৰিটা বৰ্ণ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থকা বাবে ইহঁতক অন্ত বৰ্ণ বা অন্তঃস্থ বৰ্ণ বোলে ৷


উচ্চাৰণৰ স্থান অনুসৰি বৰ্ণ বিভাগ[সম্পাদনা কৰক]

বৰ্ণবোৰ উচ্চাৰণ হওঁতে নিশাহত ওলাই অহা বায়ু মুখেদি বাহিৰ হয় ৷ এনে অৱস্থাত বৰ্ণবোৰ জিভাৰ সহায়ত কন্ঠ, তালু, দাঁত, ওঁঠ, আদি ঠাইৰপৰা উচ্চাৰিত হয় ৷ উচ্চাৰণৰ স্থান অনুসৰি বৰ্ণবোৰক বেলেগ বেলেগ নামাকৰণ কৰা হৈছে ।

  • কণ্ঠ্য বৰ্ণ: অ আ ক খ গ ঘ ঙ হ এইকেইটা বৰ্ণ কণ্ঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠ্য বৰ্ণ বোলা হয় ৷
  • তালব্য বৰ্ণ: ই ঈ চ ছ জ ঝ ঞ য শ এইকেইটা বৰ্ণ তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক তালব্য বৰ্ণ বোলা হয় ৷
  • মূৰ্দ্ধণ্য বৰ্ণ: ট ঠ ড ঢ ণ ঋ ৰ ষ এইকেইটা বৰ্ণ মূৰ্দ্ধৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক মূৰ্দ্ধণ্য বৰ্ণ বোলা হয় ৷
  • দন্ত্য বৰ্ণ: ত থ দ ধ ন ল স এইকেইটা বৰ্ণ দন্তৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক দন্ত্য বৰ্ণ বোলা হয় ৷
  • ওষ্ঠ্য বৰ্ণ: উ ঊ প ফ ব ভ ম এইকেইটা বৰ্ণ ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক ওষ্ঠ্য বৰ্ণ বোলা হয় ৷
  • অনুনাসিক বৰ্ণ: ঙ ঞ ণ ম ং এইকেইটা বৰ্ণ নাকৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক অনুনাসিক বৰ্ণ বোলা হয় ৷
  • কণ্ঠ্য তালব্য বৰ্ণ: এ ঐ এইকেইটা বৰ্ণ কণ্ঠ আৰু তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠ্য তালব্য বৰ্ণ বোলা হয় ৷
  • কণ্ঠোষ্ঠ্য বৰ্ণ: ও ঔ এইকেইটা বৰ্ণ কণ্ঠ আৰু ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠৌষ্ঠ বৰ্ণ বোলা হয় ৷
  • দন্তৌষ্ঠ বৰ্ণ: ৱ বৰ্ণটো দাঁত আৰু ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইযাক দন্তৌষ্ঠ বৰ্ণ বোলা হয় ৷
  • অযোগবাহ বৰ্ণ: ং আৰু ঃ এই দুটা বৰ্ণ যি বৰ্ণৰ লগত ব্যৱহাৰ হয় সেই বৰ্ণৰে উচ্চাৰিত হয় । ইহঁতৰ নিজা উচ্চাৰণ নথকাৰ বাবে ইহঁতক অযোগবাহ বৰ্ণ বোলা হয় ।


তাৰোপৰি অসমীয়া ভাষাৰ বৰ্ণ উচ্চাৰণ কৰোঁতে কিছুমান শব্দত স্বৰ বৰ্ণৰ ধ্বনি উচ্চাৰণ স্পটকৈ হয় আৰু কিছুমানত নহয় ৷

(১)পুৰণি বা ব্ৰজাৱলী ভাষাত স্বৰ বৰ্ণৰ ধ্বনি উচ্চাৰণ স্পটকৈ হয় ৷ যেনে- আহে সামাজিক(অ) লোক(অ)
(২)কিছুমান শব্দৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ নহয় ৷ যেনে- আম, খাম, বহল, মানুহ ইত্যাদি ৷
(৩)কিছুমান শব্দৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ হয় ৷ যেনে- নাৰ, পাৰ, পাভ আদি ।
(৪)ং-ৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ হয় ৷ যেনে-অংশ, কংস, বংশ আদি ।
(৫)শব্দৰ অন্তত থকা যুক্তাক্ষৰৰ স্বৰ ধ্বনি উচ্চাৰণ হয় ৷ যেনে-কৃষ্ণ, নম্ৰ, ছাত্ৰ ইত্যাদি ৷


যুক্ত বৰ্ণ বা যুক্তাক্ষৰ[সম্পাদনা কৰক]

দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগলাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয় ।

যেনে-

দুটা বৰ্ণ লগলাগি-
ক + ক = ক্ক ,
ক + স = ক্স ,
ক + ষ = ক্ষ
তিনিটা বৰ্ণ লগলাগি-
ন + ধ + উ = ন্ধ্ৰ ,
স + ত + ৰ = স্ত্ৰ ,
ধ + ৰ + উ = ধ্ৰু


বৰ্ণ বিন্ন্যাস বা বৰ্ণ বিশ্লেষণ[সম্পাদনা কৰক]

একোটা শব্দ দুটা বা ততোধিক বৰ্ণৰ সমষ্টি মাথোন ৷ শব্দত থকা বৰ্ণবোৰ পৃথক পৃথকৈ দেখুওৱাকে বৰ্ণ বিন্ন্যাস বা বৰ্ণ বিশ্লেষণ বোলা হয় ৷

যেনে-

অসম = অ + স্ + অ + ম্ + অ
অসমীয়া = অ + স্ + অ + ম্ + ঈ + য়্ + আ
স্বাস্থ্যবান = স্ + ব্ + আ + স্ + থ্ + য্ + অ + ব্ + আ + ন্ + অ


লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. আধুনিক অসমীয়া ব্যাকৰণ আৰু ৰচনা, লেখক- নীলমণি মহন্ত