অসমীয়া বৰ্ণমালা
|
|
এই প্ৰবন্ধ বা অনুচ্ছেদ অসমীয়া লিপিৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
|
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে । আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মনৰ ভাৱবোৰ লিখিত ৰূপত ব্যৱহাৰ কৰিবৰ বাবে কিছুমান চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয়৷ এই সংকেতৰ প্ৰতীক বা সাকাৰ ৰূপেই হ'ল বৰ্ণ বা আখৰ৷ অসমীয়া ভাষাত বৰ্তমান ৫২ টা বৰ্ণ আছে[1]।
- অ আ ই ঈ
- উ ঊ ঋ
- এ ঐ ও ঔ
- ক খ গ ঘ ঙ
- চ ছ জ ঝ ঞ
- ট ঠ ড ঢ ণ
- ত থ দ ধ ন
- প ফ ব ভ ম
- য ৰ ল ৱ
- শ ষ স হ
- ক্ষ ড় ঢ় য়
- ৎ ং ঃ ঁ
অ-ৰপৰা ঁ-লৈকে ৫২ টা বৰ্ণৰ সমষ্টিক একেলগে বৰ্ণমালা বোলা হয় ৷ উচ্চাৰণৰ পাৰ্থক্য অনুসৰি বৰ্ণালাক দুটা ভাগত ভাগ কৰা হৈছে ৷
- ১) স্বৰবৰ্ণ আৰু
- ২) ব্যঞ্জণ বৰ্ণ
সূচী |
স্বৰবৰ্ণ [সম্পাদনা কৰক]
যিবোৰ বৰ্ণ উচ্চাৰণৰ সময়ত বাহিৰলৈ ওলাই যোৱা স্বাস বায়ু মুখৰ ভিতৰত কোনোভাৱে বাধাপ্ৰাপ্ত নহয় সেইবোৰক স্বৰবৰ্ণ বোলে ৷ বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত স্বৰবৰ্ণ ১১টা ৷
- অ আ ই ঈ
- উ ঊ ঋ
- এ ঐ ও ঔ
উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণক হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ দুটা ভাগত ভাগ কৰা হৈছে ৷
হ্ৰস্ব স্বৰ: অ ই উ ঋ এ ও এই ছটা বৰ্ণৰ উচচাৰণ চুটি বাবে ইহঁতক হ্ৰস্ব স্বৰ বোলে ৷
দীৰ্ঘ স্বৰ: আ ঈ ঊ ঐ ঔ এই পাঁচটা বৰ্ণৰ উচচাৰণ দীঘলীয়া বাবে ইহঁতক দীৰ্ঘ স্বৰ বোলে ৷
ব্যঞ্জণ বৰ্ণ [সম্পাদনা কৰক]
যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে বায়ু প্ৰৱাহ মুখবিৱৰত বাধাপ্ৰাপ্ত হৈ উচ্চাৰিত হয় সেইবোৰক ব্যঞ্জণ বৰ্ণ বোলে ৷ ব্যঞ্জণ বৰ্ণ সদায় স্বৰাশ্ৰয়ী ৷ অসমীয়া ভাষাত ব্যঞ্জণ বৰ্ণ ৪১টা ৷
- ক খ গ ঘ ঙ
- চ ছ জ ঝ ঞ
- ট ঠ ড ঢ ণ
- ত থ দ ধ ন
- প ফ ব ভ ম
- য ৰ ল ৱ
- শ ষ স হ
- ক্ষ ড় ঢ় য়
- ৎ ং ঃ ঁ
- ইয়াৰ য় ড় ঢ় -এই বৰ্ণকেইটা শব্দৰ আদিত ব্যৱহাৰ নহয় ৷
উচ্চাৰণৰ পাৰ্থক্য অনুসৰি ব্যঞ্জণ বৰ্ণক (১)স্পৰ্শ বৰ্ণ, (২)উষ্ম বৰ্ণ আৰু (৩)অন্ত বৰ্ণ এই তিনিটা ভাগত ভাগ কৰা হৈছে ৷
(১)স্পৰ্শ বৰ্ণ: ক-ৰপৰা ম-লৈ এই পঁচিশটা বৰ্ণৰ ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে জিভাই মুখৰ একো একো অংশত স্পৰ্শ কৰে, সেইবাবে এই পঁচিশটা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে ৷ স্পৰ্শ বৰ্ণক পাঁচটা বৰ্ণৰে একোটা ভাগত ভাগ কৰি প্ৰতিটো বৰ্গৰ আৰম্ভণি আখৰটোৰ নাম দিয়া হৈছে ৷ সেয়ে স্পৰ্শ বৰ্ণক বৰ্গীয় বৰ্ণও বোলা হয় ৷
- ক বৰ্গ - ক খ গ ঘ ঙ
- চ বৰ্গ - চ ছ জ ঝ ঞ
- ট বৰ্গ - ট ঠ ড ঢ ণ
- ত বৰ্গ - ত থ দ ধ ন
- প বৰ্গ - প ফ ব ভ ম
এই বৰ্গীয় বৰ্ণবোৰক অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ নামে দুটা ভাগত ভাগ কৰা হৈছে ৷
অল্পপ্ৰাণ বৰ্ণ: বৰ্গীয় বৰ্ণৰ প্ৰথম, তৃতীয়, আৰু পঞ্চম বৰ্ণসমূহৰ ধ্বনি উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহত জোৰ নপৰে ৷ফলত উচ্চাৰণ কোমল হয় । সেয়ে ইহঁতক অল্পপ্ৰাণ বৰ্ণ বোলা হয় ৷
- প্ৰথম - ক চ ট ত প
- তৃতীয় - গ জ ড দ ব
- পঞ্চম - ঙ ঞ ণ ন ম
মহাপ্ৰাণ বৰ্ণ: প্ৰত্যেক বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ দুটা উচ্চাৰণৰ সময়ত বায়ু প্ৰৱাহ অধিক আৰু প্ৰৱল হয় ৷ ইহঁতৰ উচ্চাৰণ কঠিন হোৱা বাবে ইহঁতক মহাপ্ৰাণ ৰ্ণ বোলা হয় ৷
- দ্বিতীয় - খ ছ ঠ থ ফ
- চতুৰ্থ - ঘ ঝ ঢ ধ ভ
(২)উষ্ম বৰ্ণ: শ ষ স আৰু হ এই চাৰিটা বৰ্ণৰ ধ্বনি উচ্চাৰণ হওঁতে মুখৰ বায়ু তপত হয় বাবে ইহঁতক উষ্ম বৰ্ণ বোলা হয় ৷
(৩)অন্ত বৰ্ণ: য ৰ ল ৱ এই চাৰিটা বৰ্ণ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থকা বাবে ইহঁতক অন্ত বৰ্ণ বা অন্তঃস্থ বৰ্ণ বোলে ৷
উচ্চাৰণৰ স্থান অনুসৰি বৰ্ণ বিভাগ [সম্পাদনা কৰক]
বৰ্ণবোৰ উচ্চাৰণ হওঁতে নিশাহত ওলাই অহা বায়ু মুখেদি বাহিৰ হয় ৷ এনে অৱস্থাত বৰ্ণবোৰ জিভাৰ সহায়ত কন্ঠ, তালু, দাঁত, ওঁঠ, আদি ঠাইৰপৰা উচ্চাৰিত হয় ৷ উচ্চাৰণৰ স্থান অনুসৰি বৰ্ণবোৰক বেলেগ বেলেগ নামাকৰণ কৰা হৈছে ।
- কণ্ঠ্য বৰ্ণ: অ আ ক খ গ ঘ ঙ হ এইকেইটা বৰ্ণ কণ্ঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠ্য বৰ্ণ বোলা হয় ৷
- তালব্য বৰ্ণ: ই ঈ চ ছ জ ঝ ঞ য শ এইকেইটা বৰ্ণ তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক তালব্য বৰ্ণ বোলা হয় ৷
- মূৰ্দ্ধণ্য বৰ্ণ: ট ঠ ড ঢ ণ ঋ ৰ ষ এইকেইটা বৰ্ণ মূৰ্দ্ধৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক মূৰ্দ্ধণ্য বৰ্ণ বোলা হয় ৷
- দন্ত্য বৰ্ণ: ত থ দ ধ ন ল স এইকেইটা বৰ্ণ দন্তৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক দন্ত্য বৰ্ণ বোলা হয় ৷
- ওষ্ঠ্য বৰ্ণ: উ ঊ প ফ ব ভ ম এইকেইটা বৰ্ণ ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক ওষ্ঠ্য বৰ্ণ বোলা হয় ৷
- অনুনাসিক বৰ্ণ: ঙ ঞ ণ ম ং এইকেইটা বৰ্ণ নাকৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক অনুনাসিক বৰ্ণ বোলা হয় ৷
- কণ্ঠ্য তালব্য বৰ্ণ: এ ঐ এইকেইটা বৰ্ণ কণ্ঠ আৰু তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠ্য তালব্য বৰ্ণ বোলা হয় ৷
- কণ্ঠোষ্ঠ্য বৰ্ণ: ও ঔ এইকেইটা বৰ্ণ কণ্ঠ আৰু ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কণ্ঠৌষ্ঠ বৰ্ণ বোলা হয় ৷
- দন্তৌষ্ঠ বৰ্ণ: ৱ বৰ্ণটো দাঁত আৰু ওঁঠৰ পৰা উচ্চাৰিত হয় বাবে ইযাক দন্তৌষ্ঠ বৰ্ণ বোলা হয় ৷
- অযোগবাহ বৰ্ণ: ং আৰু ঃ এই দুটা বৰ্ণ যি বৰ্ণৰ লগত ব্যৱহাৰ হয় সেই বৰ্ণৰে উচ্চাৰিত হয় । ইহঁতৰ নিজা উচ্চাৰণ নথকাৰ বাবে ইহঁতক অযোগবাহ বৰ্ণ বোলা হয় ।
তাৰোপৰি অসমীয়া ভাষাৰ বৰ্ণ উচ্চাৰণ কৰোঁতে কিছুমান শব্দত স্বৰ বৰ্ণৰ ধ্বনি উচ্চাৰণ স্পটকৈ হয় আৰু কিছুমানত নহয় ৷
- (১)পুৰণি বা ব্ৰজাৱলী ভাষাত স্বৰ বৰ্ণৰ ধ্বনি উচ্চাৰণ স্পটকৈ হয় ৷ যেনে- আহে সামাজিক(অ) লোক(অ)
- (২)কিছুমান শব্দৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ নহয় ৷ যেনে- আম, খাম, বহল, মানুহ ইত্যাদি ৷
- (৩)কিছুমান শব্দৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ হয় ৷ যেনে- নাৰ, পাৰ, পাভ আদি ।
- (৪)ং-ৰ অন্তত থকা ব্যঞ্জন বৰ্ণৰ স্বৰ ধ্বনি উচ্চাৰণ হয় ৷ যেনে-অংশ, কংস, বংশ আদি ।
- (৫)শব্দৰ অন্তত থকা যুক্তাক্ষৰৰ স্বৰ ধ্বনি উচ্চাৰণ হয় ৷ যেনে-কৃষ্ণ, নম্ৰ, ছাত্ৰ ইত্যাদি ৷
যুক্ত বৰ্ণ বা যুক্তাক্ষৰ [সম্পাদনা কৰক]
দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগলাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয় ।
যেনে-
- দুটা বৰ্ণ লগলাগি-
- ক + ক = ক্ক ,
- ক + স = ক্স ,
- ক + ষ = ক্ষ
- তিনিটা বৰ্ণ লগলাগি-
- ন + ধ + উ = ন্ধ্ৰ ,
- স + ত + ৰ = স্ত্ৰ ,
- ধ + ৰ + উ = ধ্ৰু
বৰ্ণ বিন্ন্যাস বা বৰ্ণ বিশ্লেষণ [সম্পাদনা কৰক]
একোটা শব্দ দুটা বা ততোধিক বৰ্ণৰ সমষ্টি মাথোন ৷ শব্দত থকা বৰ্ণবোৰ পৃথক পৃথকৈ দেখুওৱাকে বৰ্ণ বিন্ন্যাস বা বৰ্ণ বিশ্লেষণ বোলা হয় ৷
যেনে-
- অসম = অ + স্ + অ + ম্ + অ
- অসমীয়া = অ + স্ + অ + ম্ + ঈ + য়্ + আ
- স্বাস্থ্যবান = স্ + ব্ + আ + স্ + থ্ + য্ + অ + ব্ + আ + ন্ + অ
লগতে চাওক [সম্পাদনা কৰক]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ আধুনিক অসমীয়া ব্যাকৰণ আৰু ৰচনা, লেখক- নীলমণি মহন্ত