অসমীয়া লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা



অসমীয়া
Oxomiya Lipi.svg
প্ৰকাৰ আলফাচিলেবাৰী (ইং)
ভাষা অসমীয়া
সময় ১৩ শতিকাৰ পৰা বৰ্তমান কাললৈকে
মাতৃ লিপি
Note: This page may contain IPA phonetic symbols.


অসমীয়া লিপি অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধিমাতৃকা লিপি হৈ[3][4] নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা[5][6] বুলি মত পোষণ কৰে। ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি)[7][4] যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। একে উৎসৰ পৰাই উদ্ভৱ হোৱা সামান্য পৰিৱৰ্তিত ৰূপৰ লিপি বাংলা ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা লিখিবলৈও ব্যৱহাৰ কৰা হয়। আধুনিক অসমীয়া লিপি বাংলা লিপিতকৈ তিনিটা আখৰত পৃথক (ৰ, ৱ আৰু ক্ষ)[1]

ইতিহাস[সম্পাদনা কৰক]

কানাই-বৰশীবোৱা শিলালিপি ১২০৭ খ্ৰীষ্টাব্দ (১১২৭ শক)
অসমীয়া লিপি থকা আহোম ৰজাৰ দিনৰ মুদ্ৰা


অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায় বৌদ্ধধৰ্মীয় ধৰ্ম সাধনাৰ গীত "চৰ্যাপদ[8]। চৰ্যাপদসমূহ ৮ম-১২শ শতিকামানত ৰচনা কৰা হৈছিল। বাংলা ভাষা আৰু উড়িয়া ভাষাৰো পুৰণি ৰূপ চৰ্যাপদত দেখিবলৈ পোৱা যায়। ১৪শ শতিকাত মাধৱ কন্দলীয়ে অসমীয়া লিপি ব্যৱহাৰ কৰি "কথা ৰামায়ণ" লিখি উলিয়ায়। উল্লেখযোগ্য যে সংস্কৃত ভাষাৰ বাল্মীকিৰামায়ণৰ পিছত মাধৱ কন্দলীৰখনেই আছিল স্থানীয় ভাষালৈ অনুদিত প্ৰথম ৰামায়ণ। ১৫শ আৰু ১৬শ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ ব্ৰজাৱলী ভাষাৰে তেওঁৰ কাব্যসমূহ ৰচনা কৰে। আহোম সাম্ৰাজ্যবুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। আহোম ৰজা চক্ৰধ্বজ সিংহই (১৬৬৩-১৬৭০ খ্ৰীষ্টাব্দ) তেওঁৰ শাসনকালত অসমীয়া মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰে[7]


লিপিবিদসকল অসমীয়া লিপিৰ উৎপত্তি সম্পৰ্কে দুটা মতত বিভক্ত। প্ৰথম মত অনুসৰি ব্ৰাহ্মী লিপিৰ পৰা গুপ্ত লিপি, কুটিল লিপি আৰু পুৰণি অসমীয়া লিপিৰ মাজেৰে বৰ্তমানৰ ৰূপ পাইছে[3]। দ্বিতীয় মত অনুসৰি ব্ৰাহ্মী লিপিৰ পৰা প্ৰাচীন কামৰূপী লিপি আৰু পুৰণি অসমীয়া লিপি হৈ বৰ্তমানৰ ৰূপ পাইছে[5]। ৫ম শতিকাৰ উমাচলৰ শিলালিপি আৰু নগাজৰী-খনিকৰ গাঁওৰ প্ৰস্তৰখণ্ডৰ লিপিয়েই এই অঞ্চলত অসমীয়া লিপিৰ ব্যৱহাৰৰ প্ৰথম প্ৰমাণ[9][7]। তাৰ পিছৰ কালৰ শিলালিপি, তামৰ ফলিৰ লিপি আৰু সাঁচিপাতৰ পুথিসমূহে ১৮শ-১৯শ শতিকা মানলৈকে অসমীয়া লিপিৰ বিকাশ সূচায়। কানাই বৰশীবোৱা শিলালিপিয়ে ইয়াকো প্ৰমাণ কৰে যে ১২শ শতিকামানতে প্ৰাক্‌-অসমীয়া ৰূপ বা মধ্যযুগীয় বা কামৰূপী লিপিৰ বিকাশ ঘটে[10]। মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা শৈলী দেখিবলৈ পোৱা যায়: কাইথেলী/লহকৰি লিপি (কায়স্থসকলৰ দ্বাৰা পুথি ৰচনা, নকল কৰাৰ বাবে ব্যৱহৃত লিপি), গড়গঞা লিপি (আহোমসকলৰ দ্বাৰা প্ৰথমে বুৰঞ্জীৰ নকলৰ বাবে ব্যৱহৃত হৈছিল) আৰু বামুণীয়া লিপি (সংস্কৃত ভাষাৰ পৰা পুথি নকল কৰিবৰ বাবে ব্ৰাহ্মণ সকলৰ দ্বাৰা ব্যৱহৃত)। ১৯শ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা 'ধৰ্মপুস্তক' (বাইবেলৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়[9]

অসমীয়া আখৰ[সম্পাদনা কৰক]

স্বৰবৰ্ণ[সম্পাদনা কৰক]

অসমীয়া ভাষাত স্বৰবৰ্ণৰ আখৰ ১১টা- অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ। এই সকলোবোৰ অসমীয়া আৰু বাংলা দুয়োটা ভাষাতে ব্যৱহাৰ কৰা হয়। আনহাতে অসমীয়া স্বৰধ্বনি হ'ল ৮ টা আৰু এই কেইটা হ'ল- অ (ɒ), অ' (ɔ), আ (a), ই (i), উ (u), এ (ɛ), এ' (e), ও (o)। ই (i) আৰু উ (u) স্বৰধ্বনিসূচক আখৰ অসমীয়া বৰ্ণমালাত দুটাকৈ আছে। সংস্কৃত বা আন ভাৰতীয় ভাষা- বাংলা , হিন্দী আদিৰ দৰে অসমীয়াত ই আৰু উ বৰ্ণৰ হস্ৰ আৰু দীৰ্ঘ দুটা ৰূপ নাই। অ' (ɒ) আৰু এ' (e) এই ধ্বনি সূচোৱা কোনো আখৰ অসমীয়া বৰ্ণমালাত নাই। সেয়েহে এই দুটা ধ্বনি ক্ৰমে অ আৰু এ আখৰেৰে প্ৰকাশ কৰা হয় যদিও বিশেষ ক্ষেত্ৰত অ আৰু এ ওপৰত উৰ্দ্ধকমা দিয়ো বুজোৱা হয়। অসমীয়া ভাষাত ঋ স্বৰবৰ্ণ নহয়। ঋ হ’ল 'ৰ' আৰু 'ই' (ৰি) বৰ্ণৰ যুগ্ম ৰূপ। ঐ আৰু ঔ আখৰ দুটা স্বৰৰ সন্ধি; ঐ= অ/অ'+ই , ঔ=ও+ই। প্ৰতিটো স্বৰৰ আকৌ একোটাকৈ অনুনাসিক ৰূপ আছে। স্বৰৰ অনুনাসিকতাক ৺ ( ̃) বুজোৱা হয়।

অসমীয়া ভাষাৰ স্বৰধ্বনি[11] [12]
স্বৰধ্বনি আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি প্ৰতিনিধিত্ব কৰা আখৰ/ চিহ্ন উদাহৰণ
ɒ সম, ৰম
অ' ɔ অ' অ'ত-ত'ত, ক'ত, ল'ৰা
a আ, া আম, জা
i ই, ঈ, ি, ী ন্দিৰা, গল, চিহ্নযাত্ৰা, কীৰ্তন
u উ, ঊ, ু, ূ ম, ণ, সুদূ
ɛ এ, ে ক, লান্ধু, বেল (ফল), তে
এ' e এ, ে ৰী-পলুবেল (Bell), ৰেল, ভেদ, বে
o ও, ো ৰাং, ৰোহঘৰ, সোণাৰি


স্বৰবৰ্ণ চিহ্নক ব্যঞ্জনবৰ্ণৰ লগত যুক্ত কৰিলে ব্যঞ্জনবৰ্ণৰ উচ্চাৰণ সলনি হয় (ইয়াত "ক" আখৰেৰে উদাহৰণ দিয়া হৈছে)। স্বৰবৰ্ণ যুক্ত হৈ নাথাকিলে ব্যঞ্জনবৰ্ণৰ পাছত হসন্ত (্) লিখা হয়।

স্বৰবৰ্ণ
আখৰ আখৰটোৰ নাম ক /[kɔ]/-অৰ সৈতে স্বৰবৰ্ণ চিহ্ন চিহ্নটোৰ নাম IPA
/ɔ/, //
' উৰ্ধ কমা (ক') /ko/
কা আ-কাৰ /ka/
হ্ৰস্ব ই কি হ্ৰস্ব ই-কাৰ /ki/
দীৰ্ঘ ই কী দীৰ্ঘ ঈ-কাৰ /ki/
হ্ৰস্ব উ কু হ্ৰস্ব উ-কাৰ /ku/
দীৰ্ঘ উ কূ দীৰ্ঘ ঊ-কাৰ /ku/
ৰি কৃ ঋ-কাৰ /kri/
কে এ-কাৰ // and /ke/
অ'ই কৈ ঐ-কাৰ /kɔj/
কো ও-কাৰ //
অ'উ কৌ ঔ-কাৰ /kɔw/

ব্যঞ্জনবৰ্ণ[সম্পাদনা কৰক]

ব্যঞ্জনবৰ্ণৰ নাম তাৰ নিজা উচ্চাৰণৰ লগত "অ" যোগ দি কৰা হয়। "অ" উচ্চাৰণটো লগত লিখা নহয়, সেইবাবে বেছিভাগ ব্যঞ্জনবৰ্ণৰে নাম আখৰটোৰ সৈতে একে (যেনে- "গ"ৰ উচ্চাৰণ আৰু নাম "গ"য়েই)। আধুনিক অসমীয়াত নিজৰ বৈশিষ্টপূৰ্ণ ধ্বন্নি হেৰুৱাই পেলোৱা কিছুমান আখৰক বেলেগ নামেৰে জনা যায়। যেনে- প্ৰায় একেধৰণৰ অনুনাসিক উচ্চাৰণ থকা "ণ", "ন" আৰু "ঞ"ক ক্ৰমে "মূৰ্ধন্য ণ", "দন্ত্য ন" আৰু "ঞ" (উচ্চাৰণ "ন্য" বা "নিয়"ৰ দৰে)। তেনেধৰণে "স"ৰ দৰেই উচ্চাৰণ হোৱা আখৰকেইটা "তালব্য শ", "মূৰ্ধন্য ষ" আৰু "দন্ত্য স"। আকৌ "জ"ক কোৱা হয় "বৰ্গীয় জ" (অনুনাসিক বৰ্ণৰে শেষ হোৱা ব্যঞ্জনবৰ্ণৰ প্ৰথম পাঁচটা শাৰীৰ বৰ্গত থকা) আৰু "য"ক কোৱা হয় "অন্তঃস্থ য" (বৰ্গৰ আখৰ আৰু পিছৰ আখৰবোৰৰ মাজত থকা)।

ব্যঞ্জনবৰ্ণ
আখৰ আখৰটোৰ নাম IPA
/k/
//
/ɡ/
/ɡʱ/
/ŋ/
প্ৰথম চ /s/
দ্বিতীয় চ /sh/
বৰ্গীয় জ /z/
/zh/
/j/
মূৰ্ধণ্য ট /t/
মূৰ্ধণ্য ঠ //
মূৰ্ধণ্য ড /d/
মূৰ্ধণ্য ঢ //
মূৰ্ধণ্য ণ /n/
দন্ত্য ত /t/
দন্ত্য থ //
দন্ত্য দ /d/
দন্ত্য ধ //
দন্ত্য ন /n/
/p/
//
/b/
//
/m/
অন্তঃস্থ য /z/
/ɹ
/l/
ওঅ ব /w/
তালব্য শ /x/~/s/
মূৰ্ধন্য ষ /x/~/s/
দন্ত্য স /x/~/s/
/h/
ক্ষ /kʰj/
ড় ডৰে ৰ /ɾ/
ঢ় ঢৰে ৰ /ɾ/
য় অন্তঃস্থ য় /j/
হসন্ত (খন্দ ত)
অনুস্বৰ
বিসৰ্গ
চন্দ্ৰবিন্দু
IAST:sparśa
(স্পৰ্শ বৰ্ণ)
IAST:anunāsika
(অনুনাসিক বৰ্ণ)
IAST:antastha
(অন্ত্যস্থ বৰ্ণ)
IAST:ūṣma/saṃghashrī
(উষ্ম বৰ্ণ)
ঘোষ IAST:aghoṣa/অঘোষ ghoṣa/ঘোষ aghoṣa/ঘোষ ghoṣa/অঘোষ
প্রাণ alpaprāṇa/অল্পপ্রাণ mahāprāṇa/মহাপ্রাণ alpaprāṇa/অল্পপ্রাণ mahāprāṇa/মহাপ্রাণ alpaprāṇa/অল্পপ্রাণ mahāprāṇa/মহাপ্রাণ
kaṇṭhya
(কণ্ঠ্য)
ka
/k/
kha
/kʰ/
ga
/ɡ/
gha
/ɡʱ/
ṅa
/ŋ/
ha
/ɦ/
tālavya
(তালব্য)
ca
/c, t͡ʃ/
cha
/cʰ, t͡ʃʰ/
ja
/ɟ, d͡ʒ/
jha
/ɟʱ, d͡ʒʱ/
ña
/ɲ/
য় ya
/j/
śa
/ɕ, ʃ/
mūrdhanya
(মূৰ্ধণ্য)
ṭa
/ʈ/
ṭha
/ʈʰ/
ḍa
/ɖ/
ḍha
/ɖʱ/
ṇa
/ɳ/
ra
/r/
ṣa
/ʂ/
dantya
(দন্ত্য)
ta
/t̪/
tha
/t̪ʰ/
da
/d̪/
dha
/d̪ʱ/
na
/n/
la
/l/
sa
/s/
oṣṭhya
(ওষ্ঠ্য)
pa
/p/
pha
/pʰ/
ba
/b/
bha
/bʱ/
ma
/m/
va
/ʋ/

যুক্তাক্ষৰ[সম্পাদনা কৰক]

ভাষাবিদ ড: গোলোক চন্দ্ৰ গোস্বামীৰ মতে ১৭৪ টা আখৰেৰে লিখিব পৰা দুটা বৰ্ণযুক্ত অসমীয়া যুক্তাক্ষৰৰ সংখ্যা ১৪৩ টা। ২৭ টা আখৰেৰে লিখিব পৰা তিনিটা বৰ্ণযুক্ত যুক্তাক্ষৰ ২১ টা[উদ্ধৃতিৰ প্ৰয়োজন]। তাৰে কিছুমান উদাহৰণস্বৰূপে তলত দিয়া হ'ল:

আখৰবোৰ যুক্তাক্ষৰ
ক + ক ক্ক
ঙ + ক ঙ্ক
ল + ক ল্ক
ষ + ক ষ্ক
স + ফ স্ফ
ঙ + খ ঙ্খ
স + খ স্খ
ঙ + গ ঙ্গ
ঙ + ঘ ঙঘ
দ + ঘ দঘ
শ + চ শ্চ
চ + ছ চ্ছ
ঞ + ছ ঞ্ছ
ঞ + জ ঞ্জ
জ + ঞ জ্ঞ
ল + ট ল্ট
ণ + ঠ ণ্ঠ
ষ + ঠ ষ্ঠ
ণ + ড ণ্ড
ষ + ণ ষ্ণ
হ + ন হ্ন
ক + ষ ক্ষ
প + ত প্ত
স + ত স্ত
ক + ত ক্ত
গ + ন ঘ্ন
ম + ন ম্ন
শ + ন শ্ন
স + ন স্ন
হ + ন
ত + থ ত্থ
ন + থ ন্থ
ন + দ ন্দ
ব + দ ব্দ
ম + প ম্প
ল + প ল্প
ষ + প ষ্প
স + প স্প
ম + ফ ম্ফ
ষ + ফ স্ফ
দ + ব দ্ব
ম + ব ম্ব
হ + ব হ্ব
দ + ভ দ্ভ
ম + ভ ম্ভ
ক + ম ক্ম
দ + ম দ্ম
হ + ম হ্ম
ম + ম ম্ম
ষ + ট ষ্ট

সংখ্যা[সম্পাদনা কৰক]

সংখ্যা
ইংৰাজী সংখ্যা 0 1 2 3 4 5 6 7 8 9
অসমীয়া সংখ্যা
অসমীয়া নাম শূণ্য এক দুই তিনি চাৰি পাচ ছয় সাত আঠ

টোকা[সম্পাদনা কৰক]

  • "Suniti Kumar Chatterjee (1890-1977), a renowned Bengali linguist admitted that the Charyapadas, the Buddhist songs composed in 8th-12th century considered as early writings of Assamese, Bengali and Maithili were written in Kamrupi Prakrit. It is also to be observed that Assamese script has more resemblance with Tibetan than Devanagari script which developed in the eight century. Kamrupi has nothing to do with Nagari form of writing except a common source of borrowing the concept from Brahmi. Moreover, Kamrupi is three hundred years older than Nagari script." ([5]Haque,Aziz-ul; Assamese script controversy and Unicode, The Sentinal, o1.08.2011, আহৰণ ১২.১০.২০১১)
  • "Assamese and Bengali, as well as those of Maithili and Oriya, originated from a common eastern source pre-Charyagitikosa period, and all developed independently. This common eastern source is rightly be called the Kamrupi script because when this common script originated in Kamrup smetimes in the 5th to the 7th century AD, the kingdom of Kamrup not only covered the present Assam but extended all over North Bengal and included parts of Mithila as well upto the present Koshi river on the west." ([6]Barua,Rajen; Script Story, The Assam Tribune, 8.10.2011, আহৰণ ১৫.১০.২০১১)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 [1]Haque,Aziz-ul; Assamese script controversy and Unicode, The Sentinal, o1.08.2011, আহৰণ ১২.১০.২০১১
  2. [2]Barua,Rajen; Script Story, The Assam Tribune, 8.10.2011, আহৰণ ১৫.১০.২০১১
  3. 3.0 3.1 নেওগ, মহেশ্বৰ (১৯৭৪); প্ৰাচ্য-শাসনাৱলী; অসম প্ৰকাশন পৰিষদ, গুৱাহাটী
  4. 4.0 4.1 [3]Neog,Maheswar; Early history of the Vaiṣṇava faith and movement in Assam, আহৰণ ১২.১০.২০১১
  5. 5.0 5.1 গোস্বামী, উপেন্দ্ৰনাথ (১৯৮৯); অসমীয়া লিপি; অসম প্ৰকাশন পৰিষদ
  6. দাস, নাৰায়ণ (১৯৯৭); বিশ্বলিপিৰ ভূমিকা; ডেকো পাবলিকেচনচ
  7. 7.0 7.1 7.2 Bora, Mahendra (1981). The Evolution of Assamese Script. Jorhat, Assam Sahitya Sabha
  8. শৰ্মা, স্যতেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ
  9. 9.0 9.1 [4]History of Assam#Social and literacy consciousness in Assam, আহৰণ ১৩.১০.২০১১
  10. goswami, Upendrantha; An introduction to Assamese(1978), Mani Manik publications
  11. ড° গোলোকচন্দ্ৰ গোস্বামী (১৯৯০). অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ. বীণা লাইব্ৰেৰী, গুৱাহাটী, অসম. পৃষ্ঠা. ৪৫. 
  12. Banikanta Kakati (1995). Assamese Its Formation and Development. LBS Publication, Guwahati. পৃষ্ঠা. 56. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. লিপিবদ্ধ অসম অসমীয়া শব্দৰ উদ্ভৱৰ সন্ধানত, ড° গকুল গোস্বামী উত্স - নীলা চৰাই ৱেবছাইট।
  2. অসম ডট অৰ্গত অসমীয়া লিপি সম্পৰ্কে চমু বৰ্ননা আছে।
  3. অমিনিগলট ডট কমত অসমীয়া লিপি সম্পৰ্কে চমু বৰ্ননা আছে।