অসমৰ বৰষুণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সমগ্ৰ অসমত গড়ে প্ৰতি বছৰে ১৫০০ – ২০০০ মিলিমিটাৰ বৰষুণ হয়। সাধাৰণতে ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈকে বৰষুণৰ পৰিমাণ যথেষ্ট কমি থাকে। মাৰ্চ মাহৰ মাজভাগৰপৰা ৰাজ্যখনত বৰষুণৰ পৰিমাণ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰে। জুলাই মাহৰপৰা ছেপ্টেম্বৰৰ শেষৰপৰা বৰষুণৰ পৰিমাণ লাহে লাহে কমি আহে আৰু আকাশ ফৰকাল হ’বলৈ ধৰে।[1]


শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

বৰষুণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি বছৰটোক চাৰিটা ঋতুত ভাগ কৰিব পাৰি। এইবোৰ হ'ল-

প্ৰাক-মৌচুমী কাল বা গ্ৰীষ্ম কাল (Pre-monsoon season)

মাৰ্চ মাহৰপৰা মে’মাহলৈকে। প্ৰাক-মৌচুমী কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়। এইখিনি সময়ত উত্তৰ-পশ্চিম দিশৰপৰা অতি বেগেৰে বলা ধুমুহা-বৰষুণে অসমৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। খন্তেকতে সৃষ্টি হোৱা এই অতি বেগী ধুমুহাবোৰক বৰদৈচিলা (Nor’wester)বোলা হয়। এই সময়ছোৱাত পশ্চিম দিশৰপৰা অসমত প্ৰবেশ কৰা দুই-এজাক পছোৱা বা-মাৰলীৰ ফলতো পাতলীয়া বৰষুণ হয়।

মৌচুমী কাল বা শৰৎ কাল (Monsoon season)

জুন মাহৰপৰা চেপ্তেম্বৰ মাহলৈকে। বৰ্ষাকালত অসমত মৌচুমী বতাহৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। নমছুন ট্ৰাফৰ(Monsoon trough) অৱস্থান আৰু বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণি বতাহ বা বা-মাৰলী (Monsoon depression) আৰু এইবোৰৰ গতিৰ দিশেও এই সময়ত অসমত হোৱা বৰষুণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

পশ্চাৎ-মৌচুমী কাল বা শৰৎ কাল (Post-Monsoon season)

অক্টোবৰ আৰু নৱেম্বৰ মাহ। পশ্চাৎ মৌচুমী কালত বংগোপসাগৰত সৃষ্টি হোৱা ক্ৰান্তীয় ধুমুহাবোৰ(Tropical Cycolone) আৰু দুই-এজাক পছোৱা বা-মাৰলী প্ৰবেশ কৰাৰ বাবে অসমত যথেষ্ট বৰষুণ হয়।

শুকান ঋতু বা শীত কাল (Winter or Dry season

ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰি মাহলৈকে। শীতকালত অসমত বৰষুণৰ পৰিমাণ অতি নগণ্য যদিও পছোৱা বা-মাৰলীৰ বাবে কেইবাদিনো ধৰি বতৰ ডাৱৰীয়া হৈ থাকি দুই-এজাক পাতলীয়া বৰষুণ হোৱা দেখা যায়।[1]

অসমৰ বৰষুণ নিৰ্ভৰশীল হোৱা কাৰকসমূহ[সম্পাদনা কৰক]

দক্ষিণ-পশ্চিম মৌচুমী বতাহ (South-West monsoon)

দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্ৰায় এশদিন সক্ৰিয় হৈ থাকি গোটেই ভাৰততে যথেষ্ট বৰষুণ দিয়ে। বংগোপসাগৰৰপৰা যথেষ্ট পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনি অসমত পোনে পোনে প্ৰৱেশ কৰাৰ উপৰিও হিমালয়ত বাধা প্ৰাপ্ত হৈ আগবাঢ়িব নোৱাৰৰ ফলত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

মনছুন ট্ৰাফৰ অৱস্থান (Position of monsoon trough

মে-জুনমাহত উত্তৰ-পশ্চিম ভাৰতত অত্যধিক গৰম পৰাৰ ফলত এটা নিম্নচাপ অঞ্চল সৃষ্টি হয়। এই নিম্নচাপ অঞ্চল ইয়াৰ সাধাৰণ অৱস্থানত থাকিলে ভাৰতৰ মধ্যম অঞ্চলত বৰষুণৰ সমবিতৰণ হয়। যদিহে মনচুন ট্ৰাফ অঞ্চলে ইয়াৰ সাধাৰণ অৱস্থানৰ পৰা সোঁফালে অৰ্থাৎ উত্তৰলৈ গতি কৰে, হিমালয়ৰ পাদদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলত প্ৰচুৰ মাত্ৰাত বৰষুণ হয়।

মৌচুমীকালত বংগোপসাগৰত সৃষ্টি হোৱা বা-মাৰলী((Tropical cyclone)

মৌচুমী বতাহ সক্ৰিয় হৈ থকাৰ সময়ত বংগোপসাগৰত প্ৰতি বছৰে গড়ে ৭-৮টা ঘূৰ্ণিবতাহ বা বা-মাৰলীৰ সৃষ্টি হয়। এই নিম্নচাপ কেন্দ্ৰীয় ঘূৰ্ণিবতাহবোৰৰ গতিপথত প্ৰচুৰ বৰষুণ হয়। এই ঘূৰ্ণিবতাহবোৰ কেতিয়াবা উত্তৰ-পশ্চিমমুখীহৈ উৰিষ্যা আৰু পশ্চিমবংগৰ ফালে গতি কৰে। এনে পৰিস্থিতত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট পৰিমাণে বৰষুণ হয়।

পছোৱা বা-মাৰলী (Westerely disturbances)

পছোৱা বা-মাৰলীবোৰ মধ্য অক্ষাংশত পশ্চিম এছিয়াত উৎপত্তি হয়। এই বা-মাৰলীবোৰ এটাৰ পিছত এটাকৈ ভূমধ্য সাগৰ, ইৰান, আফগানিস্তান আৰু পাকিস্তান পাৰ হৈ উত্তৰ ভাৰতত প্ৰবেশ কৰে। এই পছোৱা বা-মাৰলীবোৰৰ প্ৰভাৱত অসমত কেইবাদিনো ধৰি বতৰ ডাৱৰীয়া হৈ থাকি পাতলীয়া বৰষুণ হোৱাৰ লগতে তাপমাত্ৰাও যথেষ্ট হ্ৰাস হয়।

সাধাৰণ ধুমুহা-বৰষুণ আৰু বৰদৈচিলা (Thunder storms and Nor’wester)

মৌচুমী বায়ু আগমনৰ প্ৰাকমুহূৰ্তত আৰু প্ৰস্থানৰ সময়ত সৃষ্টি হোৱা ক্ৰান্তীয় সাগৰীয় ধুমুহাবোৰৰ প্ৰভাৱত অসমত গাজনি-ঢেৰেকনিৰে ধুমুহা-বৰষুণ হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ড॰ প্ৰশান্ত নেওগ,নিখিলেখ বৰুৱা (১ - ১৫ আগষ্ট ২০০৮). "অসমৰ বৰষুণ". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৭শ সংখ্যা): ২৯ -৩১.