অসমৰ কাঁহ শিল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাণবাতি

কাঁহ (ইংৰাজী: Bell Metal) এবিধ ৰাসায়নিক মিশ্ৰ ধাতু। ইয়াৰ প্ৰস্তুতকৰণ প্ৰনালী সুকীয়া। ৰাং (Tin) আৰু তাম (Copper), এই দুই ধাতু নিৰ্দিষ্ট উষ্ণতাত গলাই এক বিশেষ মিশ্ৰণ প্ৰক্ৰিয়াৰে কাঁহ প্ৰস্তুত কৰা হয়। সাধাৰণতে ইয়াৰ অনুপাত হ’ল ২০:৮০। কেতিয়াবা সামান্য পৰিমাণে দস্তা (Zinc) আৰু সীহ (Lead) যোগ দিয়া হয়। ষোল্ল শতিকাত প্ৰথমে কাঁহ প্ৰস্তুত কৰা হৈছিল। কাঁহৰ অৱমন্দন (damping) নিম্ন, আৰু ইয়াক পশ্চিমৰ দেশত ঘাইকৈ ঘণ্টা সাজিবলৈ ব্যৱহাৰ কৰা হৈছিল।[1] এই ধাতু যথেষ্ট ব্যয়বহুল।

অসমত কাঁহ শিল্পৰ আৰম্ভণি[সম্পাদনা কৰক]

আহোম ৰাজত্বৰ কালতেই অসমৰ সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ বিকশিত হ’বলৈ ধৰিছিল।[2] বহু ইতিহাসবিদে ক’ব খোজে যে, আহোম ৰজা ৰুদ্ৰ সিংহৰ প্ৰচেষ্টাত সৰ্থেবাৰী আৰু হাজো অঞ্চলত কাঁহ-পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ এক শ্ৰেণীৰ লোক নিয়োগ কৰা হৈছিল।[2] আহোম যুগত অসমৰ কাঁহ শিল্পত ব্যৱহৃত কেইবিধমান সঁজুলি আছিল এনেধৰণৰ – নিয়াৰি (পিতল খুন্দা লোৰ ডাঙৰ যতন), বেলমূৰি (মজলীয়া আকাৰৰ নিয়াৰী), চাতুলি (সৰু আকাৰৰ নিয়াৰী), সৰাহ (কাঁহ পিতল পোনাবলৈ ব্যৱহাৰ কৰা যতন), আফুৰি (জুইশাল) আদি।[2]

কাঁহৰ সঁজুলি প্ৰস্তুত প্ৰণালী[সম্পাদনা কৰক]

বঁটা

অসমত এই কাঁহ ধাতুৰ পৰাই কাঁহৰ বাচন-বৰ্তন তৈয়াৰ কৰা হয়। কাঁহৰ বাচন-বৰ্তন নিৰ্মান প্ৰণালীটোৰো এক বিশেষ কৌশল আছে। [3] প্ৰথমতে কাঁহখিনি আফৰৰ জুইত মুহিৰ ভিতৰত থৈ গলাই লোৱা হয়। তাৰ পাছত গলিত ধাতুখিনিত আঁকৰ ঢালি দিয়া হয়। চেঁচা হোৱাৰ পাছত ই টান হৈ পিঠাৰ আকৃতি লয়। তাৰপিছত এইবোৰ তপতাই লৈ নিয়াৰিত থৈ হাতুৰীৰে প্ৰস্তুত কৰিব লোৱা বাচন গঢ় লোৱালৈকে কোবাই থকা হয়। মূল ওজা কঁহাৰজনে সঁৰাহেৰে ইয়াক টানকৈ ধৰি লৈ ঘূৰাই থাকে আৰু বাকী পালি কঁহাৰসকলে এটা গতিত হাতুৰীৰে কোবাই থাকে। ডাঙৰ হাতুৰীৰ চিনবোৰ আকৌ জুইৰ তাপ দি সৰু হাতুৰীৰে কোবাই মিহি কৰা হয়। ইয়াৰ পাছত পানীত কিছুসময় জুবুৰিয়াই চেঁচা কৰি তাক অ’ৰে ঘঁহি মিহি কৰাৰ লগতে চাফা কৰা হয় । পিছত আকৌ কুন্দাত দি গুণা টানি প্ৰয়োজন অনুসৰি মিহি কৰা হয় । শেষত ইয়াৰ ওপৰত ছেনাৰ সহায়ত ফুল-পাত,লতা আদি কটা হয়। যি ঠাইত এই প্ৰস্তুতকৰণ প্ৰণালী সম্ভৱ হয় তাক গঢ়শাল বুলি কোৱা হয়। গঢ়শালত কমেও আঠ-দহজনীয়া লোকৰ একোটা দলৰ লোকে কাম কৰে। গঢ়শালৰ মুখ্য কঁহাৰজনক “ওজা কহাঁৰ” আৰু বাকী কেইজনক “ভাইগা কহাঁৰ” বুলি কোৱা হয়।

বাণকাঁহী

কাঁহ শিল্পৰ সজুলিসমূহ[সম্পাদনা কৰক]

  • নিয়াৰি - কাঁহ হাতুৰীৰে কোবাই বাচনৰ আকৃতি দিবৰ ব্যৱহাৰ কৰা ঘূৰণীয়া শকত লো।
  • হাতুৰী - কাঁহৰ সজুলিবোৰ বিভিন্ন আকৃতিত গঢ়িবলৈ সজোৱা লোৰ সজুলি।
  • সঁৰাহ - নিয়াৰিৰ ওপৰত কাঁহ চেপি ধৰা লোৰ সজুলি।
  • ঢেকা - এমূৰে ভাঁজ থকা লোৰ নিয়াৰি।
  • খন্তা - কাঁহৰ সামগ্ৰীসমূহ গঢ়াৰ পাছত পৰিস্কাৰ কৰিবলৈ লোৱা সজুলি।
  • ছেনা - কাঁহৰ সামগ্ৰীসমূত ফুলকটা, মিহিকৰা আদি কামত ব্যৱহাৰ কৰা বটালিৰ নিচিনা লোৰ সামগ্ৰী।
  • ৰেতি - কাঁহৰ সামগ্ৰীসমূহ ঘঁহি ঘঁহি কাটিবলৈ আৰু মিহি কৰিবৈ ব্যৱহাৰ কৰা সজুলি।
  • মুহী - কাঁহ জুইত গলাবলৈ লোৱা মাটিৰ পাত্ৰ।
  • আফৰ - এঙাৰেৰে ভৰা জুহালখনত মুহী বহুৱাব পৰা নিৰ্দিষ্ট আয়তনৰ ঠাইখিনিক আফৰ বোলে।
  • ঘৰমাৰা - কাঁহৰ সামগ্ৰীত ফুল কাটিবলৈ ব্যৱহাৰ কৰা লোৰ শলা।
  • ৰাগী -পাত্ৰত সুদৃশ্য ফুল কাটিবলৈ ব্যৱহাৰ কৰা এবিধ বিশেষ যতন।
  • পঁজাল - বিভিন্ন সাঁচৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ এইবিধ যতন ব্যৱহাৰ কৰা হয়[2]
শৰাই
কাঁহ শিল্পৰ ক্ষুদ্ৰ বেপাৰী

অসমৰ কাঁহ শিল্পৰ লগত জড়িত অঞ্চলসমূহ[সম্পাদনা কৰক]

হাজো, সৰ্থেবাৰী অসমৰ কাঁহ শিল্পৰ বাবে বিখ্যাত।[3] অতীজৰেপৰা বৰ্তমানলৈকে জাতীয় ঐতিয্যপূৰ্ণ এই শিল্পটো এই অঞ্চলত বৰ্তমানলৈকে জীয়াই আছে। আহোম ৰাজত্বকালত হাজো, সৰ্থেবাৰীৰ বাহিৰেও উজনি অসমতিতাবৰ, ৰহা, ঢেকিয়াজুলি আদি ভালেমান ঠাইত কাঁহ শিল্পৰ প্ৰচলন আছিল। কিন্তু কালৰ সোঁতত এই শিল্পটো সেই ঠাইৰপৰা নোহোৱা হ’ল।

কাঁহৰ বিভিন্ন সামগ্ৰী[সম্পাদনা কৰক]

সঁফুৰা

গঢ়শালত গঢ়া কাঁহৰ সামগ্ৰীসমূহ এনেধৰণৰ- কাঁহী, সাধাৰণতে ভাত খাবলৈ ব্যৱহাৰ কৰা হয়। এই কাঁহী বিভিন্ন ধৰণৰ যেনে:-

  1. বাণকাঁহী,
  2. জাতকাঁহী,
  3. মাইহাং কাঁহী,
  4. পাণধোৱা কাঁহী,
  5. ডফলা কাঁহী ইত্যাদি।

আঞ্জা, জলপান খাবলৈ ব্যৱহাৰ কৰা বাচনক বাতি বোলা হয়। বিভিন্ন ধৰণৰ বাতি হ’ল-

  1. বাণবাতি,
  2. জেলবাতি,
  3. তেলবাতি,
  4. হাতীখুজীয়া বাতি ইত্যাদি।

অন্যান্য সামগ্ৰীসমূহ[সম্পাদনা কৰক]

কাঁহী
  • চুটি ডিঙিৰ বহল মুখ থকা পানী খোৱা পাত্ৰবিধক ঘটি বোলা হয়।
  • দীঘল ডিঙিৰ সৰু মুখৰ পাত্ৰবিধক লোটা বোলা হয়।
  • দীঘল ডিঙিৰ সৰুবিধ লোটাক ডগডগী লোটা বোলে।
  • পেট ডাঙৰ আৰু ডিঙি ঠেক পানী থোৱা পাত্ৰবিধক কলহ বোলে।
  • বস্তু ধুবলৈ ব্যৱহাৰ কৰা পাত্ৰবিধক চৰিয়া বোলে।
  • তামোল : পাণেৰে মান ধৰাৰ ক্ষেত্ৰত আৰু নৈবেদ্য সজাওঁতে ব্যৱহাৰ কৰা পাত্ৰবিধ হ’ল বঁটা
  • দেৱ-দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা নৈবেদ্য আৰু সন্মানীয় ব্যক্তিক মান ধৰিবলৈ ব্যৱহাৰ কৰা ওখ ডাঙৰ বঁটাই হ’ল শৰাই
  • তাল হ’ল নাম প্ৰসঙ্গত বজোৱা কাঁহৰ চেপেটা ঘূৰণীয়া বাদ্য।
  • ভোৰতাল, পাতিতাল, খুটিতাল আদি কেইবাবিধো তাল কাঁহেৰে প্ৰস্তুত কৰা হয়।
  • মন্দিৰত চাকি জ্বলোৱা সামগ্ৰীবিধৰ নাম গছা। নলী লগোৱা দীঘল লোটাক ভোগজৰা বোলে।
  • ধোঁৱা খাবলৈ ব্যৱহাৰ কৰা দীঘল নলীৰ সামগ্ৰীবিধ হ’ল গুৰগুৰি

এই প্ৰধান সামগ্ৰীবোৰৰ উপৰিও ফুলদানি, টেমী, কলচী, দাপনী, জাৰী চামুচ আদি সামগ্ৰীও নিৰ্মাণ কৰা দেখা যায়।

বৰ্তমানৰ কাঁহ-শিল্পৰ অৱস্থা[সম্পাদনা কৰক]

বৰ্তমান অসমৰ কাঁহ-শিল্প ধবংসৰ দিশলৈ গতি কৰিছে। ইয়াৰ ধবংসৰ কাৰণ বৰ্ণনা কৰি আঞ্চলিক কঁহাৰ সংঘৰ সম্পাদক মহিৰাম দাসে দ্য চানডে ইণ্ডিয়ানক কয় – “এতিয়া বজাৰত কাঁহ পিতলৰ সামগ্ৰীৰ তুলনাত তীখা তথা কাঁচৰ সস্তীয়া সামগ্ৰী পোৱা যায়। ফলত কাঁহ তথা পিতলৰ সামগ্ৰীৰ বিক্ৰী ভালেখিনি কমি গৈছে। কেঁচামালৰ যোগানৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সমুখীন হৈ আহিছোঁ। বাহিৰৰ পৰা অহা কেঁচা মাল আমি উচচ দৰত ক্ৰয় কৰিব লগীয়া হয়। তদুপৰি কাঁহ-পিতলৰ সামগ্ৰী মেচিনতে তৈয়াৰ কৰিব পাৰি। মেচিনত তৈয়াৰী সামগ্ৰীৰ মূল্য হাতেৰে গঢ়া সামগ্ৰীতকৈ বহু পৰিমাণে কম৷ সেয়ে আমাৰ বাবে জীয়াই থকাই টান হৈ পৰিছে৷”[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]