অসমৰ চলচ্চিত্ৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজাই যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ[1] জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত o ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা নাম উল্লেখযোগ্য।
যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় প্ৰৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলে আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জৰিত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তাৰোপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্হানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে।[2]
অসমৰ চলচ্চিত্ৰ উদ্যোগতোক জলিউড[উদ্ধৃতিৰ প্ৰয়োজন] বুলিও জনা যায়।

সূচী

[সম্পাদনা কৰক] ইতিহাস

[সম্পাদনা কৰক] ১৯৩০ দশক

প্ৰথম অসমীয়া ছবি জয়মতী (১৯৩৫)-ৰ এটি দৃশ্য

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। কাৰণ তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাতেই ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰে প্ৰথম অসমীয়া ছবি জয়মতীয়ে। ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি [3] আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়।[4] কাৰিকৰী শিল্পীৰ অভাৱৰ বাবে জ্যোতিপ্ৰসাদে নিজেই ছবিখনৰ চিত্ৰনাট্য ৰচনা, পৰিচালনা, প্ৰযোজনা, সম্পাদনা, সংগীত ৰচনা তথা পৰিচালনা, নৃত্য নিৰ্দেশনা, কলা নিৰ্দেশনা এই সকলো দিশ তত্বাৱধান কৰে। তাৰোপৰি তেওঁ নিজেই কেবা গৰাকীও শিল্পীৰ মাত কথা বাণীবদ্ধ কৰে।[5]অসমীয়া সমাজ আৰু বুৰঞ্জীৰ সমল লৈ নিৰ্মিত জয়মতীত ৰাছিয়ান চলচিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়। দ্ৰূত সলনি হোৱা কেমেৰাৰ শ্বট, বিশেষ ভাৱে নিৰ্মান কৰা ছেট, আৰু কলা নিৰ্দেশনাত ব্যৱহৃত প্ৰতিকী ব্যঞ্জনাই জ্যোতিপ্ৰসাদৰ কলাত্মক বিবেচনাবোধৰ পৰিচয় দিয়ে। ৬০,০০০ টকা বাজেটৰ ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয় আৰু বহুত লোকচান ভৰিবলগীয়া হয়।
দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ‘ইন্দ্ৰমালতী’ও জ্যোতিপ্ৰসাদৰে দান। ঘাইকৈ জয়মতী-ত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ কৰা হৈছিল। ছবিখনে মুক্তি পায় ১৯৩৯ চনত। স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। ছবিখন ব্যৱসায়িক ভাৱে সফল হৈছিল বুলি জনা যায়। এই ছবিখনে জয়মতীত হোৱা লোকচানৰ জোৰা কিছু পৰিমাণে মাৰিবলৈ সক্ষম হৈছিল। কিন্তু কম খৰছত নিৰ্মাণ কৰিব লগীয়া হোৱা বাবে ছবিখনৰ শৈল্পিক মূল্য বহু পৰিমাণে কমি যোৱা বুলি জ্যোতিপ্ৰসাদে আক্ষেপ কৰিছিল।

[সম্পাদনা কৰক] ১৯৪০ দশক

প্ৰথম অসমীয়া ধৰ্মমূলক ছবি ‘সতী বেউলা’ (১৯৪৮)-ৰ এটি দৃশ্য

এই দশকৰ আৰম্ভণিতেই ১৯৪১ চনত মুক্তি লাভ কৰে তৃতীয়খন অসমীয়া ছবি ৰোহিনী কুমাৰ বৰুৱা পৰিচালিত ‘মনোমতী’য়ে। তাৰ পাছত পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৪৪ চনত নিৰ্মাণ কৰি উলিয়াই চতুৰ্থখন অসমীয়া বোলছবি ‘ৰূপহী’। দ্বিতীয় মহাসমৰৰ দপদপনিৰ মাজতে ৰূপহী নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। পাৰ্বতি প্ৰসাদ বৰুৱাই ‘বৰুৱা বোলছবি, ৰূপালী পাম’ নাম দি এটা চলচিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ জন্ম দিয়ে। এই প্ৰতিষ্ঠানৰ বেনাৰতে ৰূপহী নিৰ্মাণ কৰা হয়। মুঠ দুটা প্ৰিণ্টেৰে ৰূপহী মুক্তি দিয়া হৈছিল। ৰূপহী ছবি ঘৰত ভালকৈ চলোৱা হোৱা নাছিল। সেই বাবে এই ছবিখনে ভাল ব্যৱসায় কৰিব পৰা নাছিল। এই দশকৰ আন ছবিসমূহ হৈছে কমল নাৰায়ণ চৌধুৰীৰ ‘বদন বৰফুকন’ (১৯৪৬), ফণী শৰ্মাৰ ‘ছিৰাজ’ (১৯৪৮), সুৰেশ গোস্ৱামীৰ ‘ৰুণুমী’ (১৯৪৮), সুনীল গাংগুলীৰ ‘সতী বেউলা’ (১৯৪৮) আৰু প্ৰবীণ ফুকনৰ ‘পাৰঘাট’ (১৯৪৯)।
ছিৰাজ ছবিখনে দৰ্শকৰপৰা প্ৰচুৰ জনপ্ৰিয়তা আৰ্জন কৰে। দুখজনক ভাৱে ৰাইজৰ সঁহাৰি স্বত্তেও ছবিখনৰ নিৰ্মাতা ‘চিত্ৰাৱলী পিকচাৰ্চে’ লাভৰ মুখ দেখা নাপালে। ছবিখনৰ পৰিবেশনাৰ দায়িত্ব অন্যৰ হাতত থকা বাবে লাভৰ টকা মূল প্ৰযোজকৰ ওচৰলৈ অহা নাছিল। অন্য হাতে ১৯৫২ চনত বিষ্ণুৰাম মেধিৰ চৰকাৰে অজ্ঞাত কাৰণত ৰুণুমী ছবিখনৰ প্ৰদৰ্শনত পৰা বাধা নিষেধ আৰোপ কৰে।[6][7] ‘সতী বেউলা’ আছিল প্ৰথম অসমীয়া ধৰ্মমূলক ছবি। ‘পাৰঘাট’-এ অসমীয়া ছবিত আগতীয়া টিকট বুকিং প্ৰথা আৰম্ভ কৰে।

[সম্পাদনা কৰক] ১৯৫০ দশক

পিয়লী ফুকন’ (১৯৫৫)-ৰ এটি দৃশ্য

৫০ দশকৰ আৰম্ভণীতেই মুক্তি লাভ কৰে অশীত সেনৰ ‘বিপ্লৱী’ (৬ জানুৱাৰী, ১৯৫০)। এই দশকৰ এক উল্লেখযোগ্য ছবি হৈছে ফণী শৰ্মাৰ ‘পিয়লি ফুকন’ (১৯৫৫)। o ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা এই ছবিখনে লাভ কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ (দা প্ৰেচিডেণ্টচ্ চাৰ্টিফিকেট অফ মেৰিট)। ১৯৫৫ চনত নিপ বৰুৱাৰ পৰিচালিত প্ৰথম ছবি ‘স্মৃতিৰ পৰশে’ মুক্তি লাভ কৰে। তেওঁৰ পৰবৰ্তী ছবিসমূহ আছিল ‘মাক আৰু মৰম’ (১৯৫৭), ‘ৰঙা পুলিচ’ (১৯৫৮) আৰু ‘কেঁচা সোণ’ (১৯৫৯)। ৰঙা পুলিচ হৈছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি। আন উল্লেখযোগ্য ছবিৰ ভিতৰত লক্ষ্যধৰ চৌধুৰীৰ ‘নিমিলা অংক’ (১৯৫৫), o ভূপেন হাজৰিকা পৰিচালিত প্ৰথম ছবি ‘এৰা বাটৰ সুৰ’ (১৯৫৬), আনৱাৰ হুছেইনৰ ‘সৰাপাত’ (১৯৫৬), বাংলা ছবিৰ প্ৰখ্যাত পৰিচালক প্ৰভাত মুখাৰ্জীৰ ‘পূবেৰুণ’ (১৯৫৯), ফণী শৰ্মাৰ ‘ পুৱতি নিশাৰ সপোন’ (১৯৫৯) ইত্যাদি। পূবেৰুণ ছবিখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰাৰ লগতে ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত ষষ্ঠ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। বিদেশত প্ৰদৰ্শিত এইখনেই প্ৰথম অসমীয়া বোলছবি।
এই দশকত অসমীয়া ছবিৰ যথেষ্ঠ প্ৰসাৰ হয় আৰু দৰ্শকৰো সঁহাৰি লাভ কৰিবলে সক্ষম হয়। ইয়াৰোপৰি বহু ছবিয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত হয়।

[সম্পাদনা কৰক] ১৯৬০ দশক

পৌৰাণিক কথাছবি ‘নৰকাসুৰ’ (১৯৬১)-ৰ এটি দৃশ্য

১৯৬১ চনত মুক্তি পায় লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন পৰিচালিত বুৰঞ্জীমূলক ছবি ‘লাচিত বৰফুকন’এ। তাৰ পাছতেই আহে o ভূপেন হাজৰিকা পৰিচালিত সংগীতমধুৰ ‘শকুন্তলা’ (১৯৬১)। ছবিখন আছিল আংশিক ৰঙীন আৰু ই ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। এই দশকৰ মাজ ভাগৰ পৰা নিয়মিত ৰূপত অসমীয়া ছবি নিৰ্মাণ হ’বলে আৰম্ভ কৰে। এইবোৰৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে নিপ বৰুৱাৰ ‘নৰকাসুৰ’ (১৯৬১), অনিল চৌধুৰীৰ ‘মাটিৰ স্বৰ্গ’ (১৯৬৩), ব্ৰজেন বৰুৱাৰৰ ‘ইটো সিটো বহুটো’ (১৯৬৩) আৰু ‘o বেজবৰুৱা’ (১৯৬৯), সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ‘মণিৰাম দেৱান’ (১৯৬৪), ভূপেন হাজৰিকাৰ ‘প্ৰতিধ্বনি’ (১৯৬৪), ‘লটি ঘটি’ (১৯৬৬) আৰু ‘চিকমিক বিজুলি’ (১৯৬৯)। ইটো সিটো বহুটো আৰু ডo বেজবৰুৱা হৈছে ক্ৰমে প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্য হাস্যৰসাত্মক ছবি আৰু প্ৰথম অসমীয়া থ্ৰিলাৰ ছবি। ডo বেজবৰুৱা ছবিখনে প্ৰথমবাৰৰ বাবে ১৯৬৯ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[8]
১৯৩৫ চনৰ আৰম্ভণিৰ পৰা এই দশকৰ শেষলৈকে মুঠ ৬২ খন ছবি নিৰ্মাণ হয়। আগত উল্লেখিত ব্যক্তিসকলৰ লগতে এই সময়চোৱাত চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰা আন ব্যক্তিসকল হৈছে প্ৰবীণ শৰ্মা, শৈল বৰুৱা, আব্দুল মজিদ, অমৰ পাঠক, ইন্দুকল্প হাজৰিকা, দেৱকুমাৰ বসু, অমুল্য মান্না, গৌৰী বৰ্মন, অতুল বৰদলৈ, সুজিত সিং, নলিন দুৱৰা, প্ৰফুল্ল বৰুৱা আদি।

[সম্পাদনা কৰক] ১৯৭০ দশক

গঙাচিলনীৰ পাখি’ (১৯৭৬)-ৰ এটি দৃশ্য

সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ‘অৰণ্য’ (১৯৭১) আৰু ‘পুতলা ঘৰ’ (১৯৭৬), দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ ‘যোগ বিয়োগ’ (১৯৭১), প্ৰথমখন ৰঙীন অসমীয়া কথাছবি কমল নাৰায়ণ চৌধুৰীৰ ‘ভাইটি’ (১৯৭২)[8], ব্ৰজেন বৰুৱাৰ ‘ওপজা সোণৰ মাটি’ (১৯৭২), নলিন দুৱৰাৰ ‘মমতা’ (১৯৭৩), মনোৰঞ্জন সুৰীৰ ‘উত্তৰণ’ (১৯৭৩), প্ৰবীণ বৰাৰ ‘পৰিণাম’ (১৯৭৪), দেউতি বৰুৱাৰ ‘বৃষ্টি’ (১৯৭৪), পুলক গগৈৰ ‘খোজ’ (১৯৭৪), দিবন বৰুৱাৰ ‘তৰামাই’ (১৯৭৫), আব্দুল মজিদৰ ‘চামেলি মেমচাব’ (১৯৭৫), পদুম বৰুৱাৰ ‘গঙাচিলনীৰ পাখি’ (১৯৭৬), অতুল বৰদলৈৰ ‘কল্লোল’ (১৯৭৮) আদি ৭০ দশকৰ উল্লেখযোগ্য ছবি।
এই দশকত বহুতো প্ৰতিশ্ৰুতি সম্পন্ন পৰিচালকে আত্মপ্ৰকাশ কৰে। o ভবেন্দ্ৰ নাথ শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে এই দশকতে। তেওঁৰ প্ৰথম ছবি ‘সন্ধ্যাৰাগ’ মুক্তি পায় ১৯৭৭ চনৰ ৫ আগষ্টত। ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথম বাৰৰ বাবে অসমীয়া অৰ্থবহ চলচ্চিত্ৰৰ শুভাৰম্ভ কৰে। আগৰ ৪০ বছৰ ধৰি নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহৰ বেছিখিনিয়েই আছিল বাণিজ্যিক ধৰ্মী (ব্যতিক্ৰম: গঙাচিলনীৰ পাখি)। ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা লাভ কৰে। শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবি বঁটা লাভ কৰা আনকেইখন ছবি হৈছে অৰণ্য, উপজা সোনৰ মাটি, মমতা, চামেলি মেমচাব, পুতলা ঘৰ, আৰু কল্লোল। চামেলি মেমচাবৰ সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ‘ৰজত কমল বঁটা’ লাভ কৰে।

[সম্পাদনা কৰক] ১৯৮০ দশক

শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ‘হালধীয়া চৰায়ে বাওধান খায়’ (১৯৮৭)-ৰ এটি দৃশ্য

এই দশকত চলচ্চিত্ৰ পৰিচাক ৰূপে আত্মপ্ৰকাশ কৰে জাহ্নু বৰুৱা আৰু মুনিন বৰুৱাই। ‘অপৰূপা’ (১৯৮২) আছিল জাহ্নু বৰুৱাৰ প্ৰথম ছবি। তাৰ পাছতে মুক্তি পায় ‘পাপৰি’ (১৯৮৬) আৰু ‘হালধীয়া চৰায়ে বাওধান খায়’ (১৯৮৭)। অপৰূপা আৰু হালধীয়া চৰায়ে বাওধান খায়-এ ক্ৰমান্নয়ে লাভ কৰে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা আৰু শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি ৰূপে পৰিগণিত হালধীয়া চৰায়ে বাওধান খায়। ইয়াৰোপৰি ছবিখনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বহুতো পুৰস্কাৰ লাভ কৰে।[9] মুনিন বৰুৱা আৰু নিপন গোস্বামীয়ে যৌথ ভাবে পৰিচালনা কৰা ছবি প্ৰতিমা মুক্তি পায় ১৯৮৭ চনত।১৯৮৭ চনত আন এখন কথাছবি দাৰা আহমেদ পৰিচালিত প্ৰতিদান মুক্তি পায়।তাৰ পাছতেই আহে মুনিন বৰুৱাৰ প্ৰথম একক পৰিচালনা ‘পিতাপুত্ৰ’ (১৯৮৮)। এই সময়চোৱাতেই ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰে তিনিখন অসমীয়া ছবি ‘অনিৰ্বাণ’ (১৯৮১), ‘অগ্নিস্নান’ (১৯৮৫), আৰু ‘কোলাহল’ (১৯৮৮)। এই আটাইকেইখন ছবিয়ে লাভ কৰে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। অগ্নিস্নানৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। ১৯৮৩ চনত মুক্তি পায় মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবি ‘নয়নমনি’, পৰিচালনা কৰে সুপ্ৰভা দেৱীয়ে।
৮০ৰ দশকৰ আন কেইখনমান উল্লেখযোগ্য ছবি হৈছে শিৱপ্ৰসাদ ঠাকুৰৰ ‘বোৱাৰী’ (১৯৮২) আৰু ‘সোন মইনা’ (১৯৮৪), নিপ বৰুৱাৰ ‘ককা দেউতা, নাতি আৰু হাতী’ (১৯৮৩), চাৰুকমল হাজৰিকাৰ ‘আলোকৰ আহ্বান’ (১৯৮৩) আৰু ‘বান’ (১৯৮৬), জন্‌ছ মহলীয়াৰ ‘বহাগৰ দুপৰীয়া’ (১৯৮৫), ধীৰু ভূঞাৰ ‘প্ৰথম ৰাগিনী’ (১৯৮৭) আদি।

[সম্পাদনা কৰক] ১৯৯০ দশক

বৈভৱ’ (১৯৯৯)-ৰ এটি দৃশ্য

৯০ দশকত ছবিঘৰলৈ আহে কেইবাখনো উল্লেখযোগ্য ছবি। জাহ্নু বৰুৱাই উপহাৰ দিয়ে ৫খন ছবি: ‘বনানি’ (১৯৯০), ‘ফিৰিঙতি’ (১৯৯২), ‘সাগৰলৈ বহু দুৰ’ (১৯৯৫), ‘কুশল’ (১৯৯৮), আৰু ‘পখী’ (১৯৯৯)। ইয়াৰে শেষৰ তিনিখনে লাভ কৰে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। সাগৰলৈ বহু দুৰৰ বাবে তেওঁ লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা। ছবিখন বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো সন্মানিত হয়।[9] ফিৰিঙতিৰ বাবে মলয়া গোস্বামীক শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। ভবেন্দ্ৰ নাথ শইকীয়াই এই দশকত পৰিচালনা কৰে ৩ খন ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া ছবি ‘সাৰথি’ (১৯৯১), ‘আবৰ্তন’ (১৯৯৩), আৰু ‘ইতিহাস’ (১৯৯৫)। উল্লেখযোগ্য যে ডo শইকীয়াই পৰিচালনা কৰা প্ৰতিখন অসমীয়া ছবিয়েই ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হয়। সঞ্জীৱ হাজৰিকাই তেওঁৰ প্ৰথম ছবি ‘হলধৰ’ (১৯৯২)-ৰ বাবে শ্ৰেষ্ঠ নবাগত পৰিচালকৰ বাবে আগবঢ়োৱা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। সান্ত্বনা বৰদলৈ পৰিচালিত ছবি ‘অদাহ্য’ মুক্তি পায় ১৯৯৬ চনত। মঞ্জু বৰাই পৰিচালনা কৰে তেখেতৰ প্ৰথম ছবি ‘বৈভৱ’ (১৯৯৯) এই দশকতে। ১৯৯৮ চনত মুক্তি পায় অশোক কুমাৰ বিষয়াৰ ‘যৌৱনে আমনি কৰে’, যাৰ নাম ১৯৬১ চনৰ ছবি লাচিত বৰফুকনৰ এটি গীতৰ কলিৰ পৰা ৰখা হৈছিল। এই ছবিখনে দৰ্শকৰ পৰা লাভ কৰে অভূতপূৰ্ব সঁহাৰি। ছবিখনে অনেক নবাগত শিল্পীক অসমীয়া ছবি নিৰ্মাণৰ প্ৰতি আকৃষ্ট কৰে। সেয়ে এই ছবিখনক অসমীয়া চলচ্চিত্ৰ জগতৰ এক মাইলষ্টোন বুলিব পাৰি।
এই দশকৰ আন কেইখনমান অন্যতম ছবি হৈছে হেমেন দাসৰ ‘যুঁজ’ (১৯৯০), পুলক গগৈৰ ‘ৰেল আলিৰ দুবৰি বন’ (১৯৯৪) আৰু ‘মৰম নদীৰ গাভৰু ঘাট’ (১৯৯৯), সঞ্জীৱ হাজৰিকাৰ ‘মিমাংসা’ (১৯৯৪), চন্দ্ৰ মুদৈৰ ‘অগ্নিগড়’ (১৯৯৪), দীপক ভূঞাৰ ‘দেউতাৰ বিয়া’ (১৯৯৭), পৰমানন্দ ৰাজবংশীৰ ‘অনল’ (১৯৯৯), ধীৰাজ কাশ্যপৰ ‘মোহমুক্তি’ (১৯৯৯) আদি।

[সম্পাদনা কৰক] ২০০০ দশক

জাতিঙ্গা ইত্যাদি’ (২০০৭)-ৰ এটি দৃশ্য

‘যৌৱনে আমনি কৰে’ৰ সফলতাৰ পাছত এই দশকৰ প্ৰথমাৰ্ধত বহুতো বাণিজ্যিকধৰ্মী অসমীয়া ছবি নিৰ্মাণ হয়। তাৰ মাজৰে মুনিন বৰুৱাৰ ছবিসমূহ দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হয়। ইয়াৰ উদাহৰণ ‘হিয়া দিয়া নিয়া’ (২০০০), ‘দাগ’ (২০০১), ‘নায়ক’ (২০০১), ‘কন্যাদান’ (২০০২), ‘দীনবন্ধু’ (২০০৪) আদি। আন জনপ্ৰিয় ছবিসমূহৰ মাজত মুন্না আহমেদৰ ‘জোন জ্বলে কপালত’ (২০০০), সুমন হৰিপ্ৰিয়াৰ ‘কইনা মোৰ ধুনীয়া’ (২০০১), চন্দ্ৰ মুদৈৰ ‘মাঘত মামনিৰ বিয়া’ (২০০২), ‘চুৰেন চোৰৰ পুতেক’ (২০০৫) আৰু ‘জোনদা ইমান গুণ্ডা’ (২০০৭), বাণী দাসৰ ‘মন’ (২০০২) আদি অন্যতম।
এই দশকৰ শেষাৰ্ধৰ পৰা কিন্তু চলচ্চিত্ৰ নিৰ্মাণ স্থবিৰ হৈ পৰে। তাৰ কাৰণ বহুতো। ইয়াৰ ভিতৰত প্ৰধান কৰণবোৰ হৈছে চিত্ৰগৃহৰ অভাৱ, ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডৰ হেঁচা, একঘেয়েমি ছবি, পৰিবেশকৰ অসমীয়া ছবিৰ প্ৰতি অনিহা ইত্যাদি। দুই এজন পৰিচালকে কেবল ছবি মহোৎসৱক লক্ষ্য কৰি দুই এখন কলাত্মক ছবি নিৰ্মাণ কৰে। এনে ছবিসমূহৰ ভিতৰত কেইখনমান হৈছে সঞ্জীৱ হাজৰিকাৰ ‘মৎস্যগন্ধা’ (২০০০), জাহ্নু বৰুৱাৰ ‘কণিকাৰ ৰামধেনু’ (২০০২) আৰু তৰা (২০০৪), মঞ্জু বৰাৰ ‘আকাশীতৰাৰ কথাৰে...’ (২০০৩), ‘লাজ’ (২০০৪), ‘জয়মতী’ (২০০৬) আৰু ‘আই ক’ত নাই’, সুমন হৰিপ্ৰিয়াৰ ‘কদমতলে কৃষ্ণ নাচে’ (২০০৫), সঞ্জীৱ সভাপণ্ডিতৰ ‘জুয়ে পোৰা সোণ’ (২০০৪) আৰু ‘জাতিঙ্গা ইত্যাদি’ (২০০৭), এম মনিৰামৰ ‘মন যায়’ (২০০৮)। জাহ্নু বৰুৱাৰ তৰাই শ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ২০০৭ চনত মুক্তি পায় অৰূপ মান্নাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী"ৰ নামভূমিকাত অভিনয় কৰা আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক চলচিত্ৰ ‘আইদেউ’। ছবিখনে ৫৪-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে।
২০০৫ চনৰ পৰা অসম ৰাজ্য চৰকাৰে আৰম্ভ কৰে ৰাজ্যিক চলচ্চিত্ৰ বঁটা। ২০০৯ চনত মুক্তি লাভ কৰা তিমথী দাস হাঞ্চেৰ ‘জীৱন বাটৰ লগৰী’য়ে দৰ্শকৰ পৰা কিছু সঁহাৰি লাভ কৰিবলে সক্ষম হয়।

[সম্পাদনা কৰক] ২০১০ দশক

ৰামধেনু’ (২০১১)-ৰ এটি দৃশ্য

অসমীয়া ছবিজগতৰ বাবে এই দশকৰ আৰম্ভণি সুখকৰ নাছিল। ২০১০ চনত মুক্তি পায় মাত্ৰ তিনিখন ছবিয়ে হীৰেন বৰাৰ ‘বসুন্ধৰা’, সূৰ্য্য হাজৰিকাৰ ‘শ্ৰীমন্ত শঙ্কৰদেৱ’ আৰু মুন্না আহমেদৰ ‘অচিন চিনাকী’। আটাইকেইখন ছবিয়েই চিত্ৰগৃহত মুখ ঠেকেচ খায়। হাতী আৰু মানুহৰ সংঘাটৰ উপৰত নৰ্মিত বসুন্ধৰা ছবিখনে ৫৬-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে।
২০১১ৰ আৰম্ভণিতেই ৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰে ‘ৰামধেনু’ৱে। আঠ বছৰৰ বিৰতিৰ পাছত এই ছবিখন পৰিচালনা কৰে মুনিন বৰুৱাই। ছবিখন দৰ্শকে আদৰি লয়। বহু বছৰৰ পাছত অসমীয়া ছবি চাবৰ বাবে দৰ্শক চিত্ৰগৃহত ভিৰ কৰেহি। উল্লেখযোগ্য যে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰযোজিত এই ছবিখনে একেলেথাৰিয়ে গুৱাহাটীৰ এটি চিত্ৰগৃহত পঁচিশ সপ্তাহ পূৰ্ণ কৰে।[10] ইয়াৰ পাছতে ১৫ এপ্ৰিলত মুক্তি পায় জনপ্ৰিয় একে নামৰ ভিডিঅ' ছবিৰ চলচ্চিত্ৰ ৰূপ জানমণি। ৰাজেশ ভূঞা পৰিচালিত ছবিখনে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰে। পৰবৰ্তি সময়ত চিত্ৰগৃহলৈ আহে তিমথী দাস হাঞ্চেৰ ‘পলে পলে উৰে মন’, যদুমণি দত্তৰ ‘জেতুকা পাতৰ দৰে’ আৰু দিগন্ত মজুমদাৰৰ ‘এ উইকেণ্ড’। এই আটাইকেইখন ছবিয়েই দৰ্শকৰ সহাৰি লাভ কৰাত ব্যৰ্থ হয়। সমালোচকৰ দ্বাৰা প্ৰসংশিত চৈয়দ আব্দুল মালিকৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত জেতুকা পাতৰ দৰে বোলছবিখনে ৫৮-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰশ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে।

[সম্পাদনা কৰক] সমস্যা

সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জৰিত। যাৰ ফলতেই বৰ্তমান কালত ছবি নিৰ্মাণ যঠেষ্ট পৰিমাণে হ্ৰাস পাইছে। এনে কিছু সমস্যা হৈছে-

  • চিত্ৰগৃহৰ অভাৱ
  • পৰিবেশকৰ অসমীয়া ছবিৰ প্ৰতি অনিহা
  • ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডৰ হেঁচা

[সম্পাদনা কৰক] বৰ্তমান

ৰামধেনু’ৰ সফলতাত উৎসাহিত হৈ অসমীয়া ছবি নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হৈছে। ২০১১ বৰ্ষটোত এতিয়ালৈ পাঁচখন ছবিয়ে মুক্তি লাভ কৰিছে আৰু প্ৰায় একুৰি ছবি নিৰ্মীয়মান পৰ্যায়ত আছে। এনে কেইখনমান ছবি হৈছে মানস বৰুৱাৰ ‘ৰিচাং’, এম মনিৰামৰ ‘ইউ আৰ নট মাই জুলি’, প্ৰদ্যুত কুমাৰ ডেকাৰ ‘সমীৰণ বৰুৱা আহি আছে’, চন্দ্ৰ মুদৈৰ ‘বাঁকৰ পুতেক’, সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ‘বীৰ চিলাৰায়’, মানস হাজৰিকাৰ ‘আকাশ চুবলে মন’, গৌতম বৰুৱাৰ ‘ৰ’দ্’, ৰাজেশ ভূঞাঁৰ ‘মি এণ্ড মাই চিষ্টাৰ’, মঞ্জু বৰাৰ ‘ৰূপতীৰ্থৰ যাত্ৰী’, লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ একে নামৰ এটি সাধুৰ চলচ্চিত্ৰ ৰূপ জুনুমনি খাউণ্ডৰ ‘তুলা আৰু তেজা’ আদি।

[সম্পাদনা কৰক] তথ্যসংগ্ৰহ

[সম্পাদনা কৰক] তথ্যসূত্ৰ


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত