অসমৰ পৰম্পৰাগত খেল-ধেমালি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সমগ্ৰ পৃথিৱীৰ সকলো জাতিৰ মানুহৰ মাজত থকা আমোদ-প্ৰমোদেই হ’ল নানা ধৰণৰ খেল-ধেমালি। সাধাৰনতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। অসমৰো সকলো জাতি-জনগোষ্ঠীৰ মাজত অতি প্ৰিয় বহুতো খেল-ধেমালি আছে। অসমত প্ৰচলিত কিছুমান জনপ্ৰিয় খেল আৰু সেই খেলসমূহৰ তালিকা আৰু বিতং বৰ্ণনা তলত উল্লেখ ক’ৰা হ’ল।

  1. কণী যুঁজ
  2. কড়ি খেল
  3. ম'হ যুঁজ
  4. ঘোৰা দৌৰ
  5. দৌৰ
  6. তৰোৱাল খেল
  7. শেন মেলা
  8. কাড় খেল
  9. বুলবুলি চৰাই যুঁজ
  10. মাল যুঁজ
  11. বাঘ-ভালুক যুঁজ
  12. ঘঁৰিয়াল যুঁজ
  13. হাতী যুঁজ
  14. হাউখেল, লৰা, ধৰা, বোন্দা হাউ
  15. গন্ধ হাউ
  16. ঢোপখেল
  17. টাংগুটি
  18. ঘিলাখেল
  19. লুকাভাকু
  20. ধেমনা অনা খেল
  21. লালী
  1. ফুৰ্টি, (গোল্লা)
  2. হাফলা
  3. ঘিলা
  4. ৰচী টনা
  5. কধৰা টনা
  6. কুকুৰা যুঁজ
  7. ভটাগুটী
  8. মুঠিভটা
  9. মংগলপঠা
  10. হাতবল
  11. বৈঠা বল
  12. তিনিঠেঙীয়া দৌৰ
  13. টেকেলী ভঙা
  14. গছকপটি
  15. থাটিকপটি
  16. ফুলফুলতি
  17. হাফোলা
  18. সোল
  19. ঠুকুচা
  20. লেটেকু
  21. চিলনী-চিলনী
  1. হচিন-বিচনী
  2. লেচেকচ
  3. সাঁতোৰ-চিলনী, থিয় সাঁতোৰ
  4. কচুগুটি – ষোল্ল গুটি, বাইশগুটি, বাঘবোল, পঁচিশগুটি, দুইগুটি
  5. কানিমুনি
  6. হাঠাবঠা বা দাণ্ডা বটা
  7. ঢুলনি
  8. চোৱা-চুই
  9. চাক ঘোঁৰা বাঁহৰ ঠেং
  10. ছৌবিশটা বকুল গুটি বা ছৌবিশটা তেতেলী গুটি খেল
  11. পাশা খেল
  12. তেল দিয়া বাঁহ গছত বা কলগছত উঠা
  13. লাঠি খেল
  14. নাওখেল – চৰানাও, পানচৈনাও, বৰনাও
  15. হাঁচিয়াই
  16. চণ্ডালী
  17. কুকুৰ পোৱালী
  18. খুলিখেল
  19. কুকুৰঠেঙীয়া
  20. ইৰিকটি-মিৰিকটি
  21. গছ কবাদি
  22. হৈ কবাদি[1][2]
ঢোপ খেল
শুৱালকুছিত অনুষ্ঠিত হোৱা নাওখেল
বুলবুলি চৰাইৰ যুঁজ

সূচী

ভটা-গুটি বা টাং-গুটি [সম্পাদনা কৰক]

ভটা-গুটি এবিধ অতি পুৰনি দিনৰ খেল, নামটো ভটা-গুটি নামেৰেই জনাজাত। অসমৰ কিছুমান ঠাইত ইয়াক টাং-গুটি নামেৰেও জনা যায়। এই খেল চেমনীয়াসকলে গৰুৰ পাল চৰাবলৈ যোৱাৰ সময়ত পথাৰত সমনীয়াহঁতৰ লগত খেলা হয়। এই খেলত ৬ ইঞ্চি মান দীঘল বাঁহ বা কাঠৰ মাৰি এডাল থাকে। প্ৰতিজনে খেলুৱৈ হাতত এডাল বাঁহ বা কাঠৰ দীঘল লাঠী লৈ থাকে। সাধাৰণ বহল খোলা জেগাত এই খেল খেলা হয়। খেলৰ সময়ত মাটিত প্ৰায় ৪ ইঞ্চি মান দ গাত এটা কৰি লোৱা হয়, যাক স্থানবিশেষ গফ/গপ বুলি কোৱা হয়। দুটা দলত বিভক্ত হৈ এই খেল খেলা হয়। প্ৰত্যেক দলতে মুঠ ৬ জনকৈ খেলুৱৈ থাকে। উপস্থিত খেলুৱৈৰ সংখ্যা অনুসৰি সদস্যৰ সংখ্যা বঢ়া-টুটা হ'ব পাৰে। প্ৰত্যেক খেলুৱৈয়ে হাতত বাঁহ বা কাঠৰ এডাল লাঠি লৈ দলত অৰ্ন্তভুক্ত হব লাগে ।

দাৰিয়া কোৰ্ট খেল [সম্পাদনা কৰক]

দাৰিয়া কোটৰ নক্সা

এই খেল সাধাৰণতে অসমৰ গাওঁ অঞ্চলত খেলা দেখা যায়। নামনি আৰু উজনি অসমত খেলৰ বিধৰ প্ৰচলন তুলনামুলক ভাবে কম দেখা যায়। ঠাই বিশেষে খেলৰ নাম আৰু নিয়মবোৰো বেলেগ বেলেগ দেখা যায়। খেলৰ সামগ্ৰী বিশেষ একো প্ৰয়োজন নহয়, এই খেলৰ বাবে মাত্ৰ মুকলি পথাৰ বা সমতল মাটিৰহে প্ৰয়োজন হয়। খেলৰ বাবে তলত দিয়া নক্সাৰ দৰে মাটিত ৪টা বা ৬টা কোঠালী সন্নিবিষ্ট দাগ বা চিহ্ন দি লোৱা হয়। দাৰিয়া কোৰ্ট খেলত খেলুৱৈৰ সংখ্যা নূন্যতম ৬জন আৰু সৰ্বাধিক যুগ্ম সংখ্যক খেলুৱৈ ১০জনলৈকে হ’ব পাৰে।

কণী যুঁজ [সম্পাদনা কৰক]

অসমৰ কণী যুঁজ

কণী যুঁজ অসমৰ এটি প্ৰিয় খেল৷ ব’হাগ বিহুৰ কেইদিনমান আগৰেপৰাই ই আৰম্ভ হৈ বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে৷ যুঁজত সাধাৰণতে পাতিহাঁহকণীৰে যুঁজাই৷[3] খেলাৰুসকলে বিভিন্ন ঠাইৰপৰা টান কণী কিনি আনি যুঁজলৈ সাজু হয়৷ টান কণীৰ নাম সৈয়া ( বা হৈয়া)৷ কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে৷ কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন৷ ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়৷ দৰ-দাম ঠিক হোৱাৰ পিছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে৷ যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে৷ কোনো কোনোৱে হাঁহ কণীৰ মাজত দুই এটা কুকুৰা অথবা গিনিফাউলৰ কণী মিহলাই কণী যুঁজায়৷ পিছত উল্লেখ কৰা কণীসমূহ হেনো পাতিহাঁহৰ কণীতকৈ টান৷ কোনো কোনোৱে সাত বিহুলৈকে বা হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয়৷ এনে কণীক কোৱা হয়- ‘সাত বিহুৰ সৈয়া কণী’৷ কণী যুঁজত আবাল-বৃদ্ধ-বনিতা সকলোৱে অংশ গ্ৰহণ কৰে৷

অনান্য জনপ্ৰিয় খেল [সম্পাদনা কৰক]

ৰছী টনা খেল [সম্পাদনা কৰক]

ৰছী টনা খেলটোও অতীজৰে পৰাই জনপ্ৰিয় খেল। সৰু-ডাঙৰ সকলোৱে এই খেল খেলিব পাৰে, ইয়াত কোনো বয়সৰ সীমা নাই। এই খেলটো সাধাৰনতে অসমৰ ব’হাগ বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা খেল-ধেমালিৰ অংশৰূপে প্ৰায়ে খেলা দেখা যায়।

খেলৰ সামগ্ৰী [সম্পাদনা কৰক]

খেলৰ সামগ্ৰী বুলিবলৈ বিশেষ একো প্ৰয়োজন নহয়, মাত্ৰ এডাল দীঘল (১০ৰ পৰা ১৫মি. মান) মজবুত ৰছীৰ প্ৰয়োজন হয়, যাতে খেল খেলাৰ সময়ত ৰছীডাল চিগি নাযায়।

খেলুৱৈ সংখ্য [সম্পাদনা কৰক]

ৰছীটনা খেলত খেলুৱৈৰ সংখ্যা ৰছীডালৰ কেন্দ্ৰবিন্দুৰ পৰা দুই ফালে সমান সংখ্যক খেলুৱৈ থাকিব লাগিব । দুই ফালে সমান সংখ্যক খেলুৱৈ লৈ দুটা দলত বিভক্ত কৰি লোৱা হয় । এই খেলত কোনো নিদিষ্ট সংখ্যক খেলুৱৈ নাথাকে, মাথো দুয়ো দলত সমান সংখ্যক খেলুৱৈ থাকিব লাগিব ।আটাইতকৈ প্ৰয়োজনীয় কথা হল দুয়ো ফালৰ খেলুৱৈ সকল যাতে সমান চেহেৰাৰ অথবা সমান ওজনৰ হয় ।

খেলৰ নিয়ম [সম্পাদনা কৰক]

ৰছীটনা খেলৰ খেলুৱৈ সকল দুটা দলত বিভক্ত হৈ ৰছীডালৰ কেন্দৰ পৰা দুই ফালে এটা সমান দুৰত্বত অৱস্থান কৰিবলৈ দিয়া হয়। ৰছীডালৰ কেন্দ্ৰত ঠিক পোনে পোনে মাটিত এটা চিহ্ন দিয়া হয় যাতে কোন দলৰ জোৰ বেচি বা কোন দলে ৰছীডাল নিজৰ ফাললৈ বেছিকৈ টানি নিব পাৰিছে সেইটো সহজেই নিৰুপন কৰিব পাৰি। এতিয়া সকলো সাজু হোৱাৰ পাছত কোনো এজন লোকক (দলৰ বাহিৰৰ) বিচাৰক ৰূপে নিয়োগ কৰি খেল আৰম্ভ কৰা হয়। কোনো কোনো ঠাইত বিচাৰক নোহোৱাকৈও খেল খেলা হয়। বিচাৰক থাকিলে বিচাৰকৰ নিৰ্দ্দেশ ক্ৰমে খেল আৰম্ভ কৰা হয় বা ৰছীডাল দুই দলে দুয়ো ফালে টনা হয়, বিচাৰক নাথাকিলে দুই দলৰ খেলুৱৈ পচন্দৰ মতে দলপতি বাচি লৈ সেই দুই দলপতিৰ নিৰ্দ্দেশ ক্ৰমে খেল খেলা হয়। প্ৰথমে নিৰ্দ্দেশ পোৱাৰ লগে লগে দুই দলে ৰছীডাল যিমান পাৰি টনা-টনি আৰম্ভ কৰি দিয়ে, এনেকৈ টনা-টনি কৰি কেন্দ্ৰৰ পৰা যি দলে ৰছীডাল সৰ্বাধিক দূৰ টানি নিব পাৰিছে সেই দলে এক এককৈ নম্বৰ পায় বুলি ধৰা হয়। এনেকৈ তিনিবাৰলৈ সুবিধা দিয়া হয় এটা দলক, মুঠ তিনিবাৰৰ ভিতৰত যদি এটা দলে সৰ্বাধিক দুবাৰেই ৰছীডাল কেন্দ্ৰৰ পৰা নিজৰ ফাললৈ টানি নিবলৈ সক্ষম হয়, তেনেহলে সেই দলে দুই নম্বৰ পায় আৰু বিপৰীত দলে এক নম্বৰ পায়, এনেকৈ মুঠ তিনিটা ৰাউণ্ডৰ খেল অনুস্থিত হয় আৰু সেই তিনি ৰাউণ্ডৰ ভিতৰত যি দলেই সৰ্বাধিক নম্বৰ আহৰন কৰিবলৈ সক্ষম হয় সেই দলকেই বিজয়ী দল বুলি ঘোষনা কৰা হয়। এই খেলৰ নিয়ম বা খেলৰ নাম ঠাই বিশেষে বেলেগ হব পাৰে।

হাউ খেল [সম্পাদনা কৰক]

প্ৰায় ষাঠিৰ পৰা আশী দশকৰ সময়ছোৱাত অসমৰ নানা প্ৰান্তৰ খেলপথাৰবোৰত হাউ খেলৰ প্ৰচলন আছিল। সেই সময়ৰ ঘাইকৈ গাৱলীয়া অঞ্চলবোৰত এই খেলবিধে ডেকা-গাভৰুসকলৰ অৱসৰ বিনোদনৰ লগতে শৰীৰ চৰ্চাৰো এক আমোদজনক মাধ্যম আছিল।[4]

খেলৰ সামগ্ৰী [সম্পাদনা কৰক]

  • অলপ বহল ঠাই/ কিছু নিৰ্দ্দিষ্ট সীমা
  • এটি ঘাই খুটি বা কেন্দ্ৰ বিন্দু[4]

নিয়মাৱলী [সম্পাদনা কৰক]

  • সৰ্বপ্ৰথমে দলটোৰ যিকোনো এজন ( নিজৰ ইচ্ছা মতে) গৈ ঘাই খুটি টোৰ ওচৰত থিয় হ’ব আৰু বাকি কেইজন এটি নিৰ্দ্দিষ্ট দূৰত্বত থাকিব।
  • তাৰ পিছত বাকীকেইজনে নিৰ্ধাৰিত কৰা সময় অনুযায়ী ঘাই খুটিটোৰ ওচৰত থকাজনে আনটো পক্ষৰ ওচৰলৈ খেদি যোৱাৰ দৰে যাব লাগে।
  • খেদি যোৱাৰ সময়ছোৱাত খেলুৱৈজনে মুখেৰে “হাউ কুট …. হাউ কুট…” বুলি উচ্চাৰণ কৰিহে যাব লাগিব।
  • খেদি যোৱা খেলুৱৈজনৰ মুল উদ্দেশ্য হ’ল বিপৰীত দলৰ অতি কমেওঁ এজনক চুই আহি সফলতাৰে নিজৰ ঘাই খুটি পোৱা আৰু যদি তেনে কৰাত ব্যৰ্থ হয় তেন্তে একেজন খেলুৱৈয়ে আকৌ সেই দায়িত্বৰ পুনৰাবৃত্তি কৰিব ।
  • সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খেদি যোৱা খেলুৱৈজনে দ্বিতীয় বাৰ উশাহ নোলোৱাকৈয়ে তেওঁৰ দায়িত্ব সম্পন্ন কৰিব লাগিব আৰু যদি খেদি থকা মুহূৰ্ত্তত তেওঁ দ্বিতীয় উশাহ লয় তেতিয়া হ’লেও তেওঁ তেওঁৰ দায়িত্বৰ পুনৰাবৃত্তি কৰিব।
  • তদুপৰি বিপক্ষৰো তেওঁক জোৰেৰে ধৰি ৰখাৰ সম্পূৰ্ণ অধিকাৰ থাকে । বিপক্ষৰ উদ্দেশ্য হ’ল; খেদি যোৱাজনক দ্বিতীয়বাৰৰ বাবে উশাহ লবলৈ বাধ্য কৰোৱা।
  • অৱশ্যে কোনো কোনো ঠাইত খেলটো খেলোতে মুখেৰে উচ্চাৰণ নকৰাকৈয়ে খেলাৰো দৃষ্টান্ত পোৱা যায়।[4]

বাঘ ঐ … বৰাহ ঐ … [সম্পাদনা কৰক]

আশীৰ দশকৰ পৰা নব্বৈৰ ভাগলৈ নামনি অসমৰ যুৱক-যুৱতী সমূহৰ মাজত বাঘ ঐ .. বৰাহ ঐ… যথেষ্ট জনপ্ৰিয় খেল-ধেমালি আছিল। বিশেষকৈ সৰু ল’ৰা-ছোৱালী সমূহৰ মাজত এই খেলবিধ বৰকৈ জনপ্ৰিয় হৈছিল।ই খেলুৱৈসুলভ প্ৰতিভাৰ বিকাশ ঘটোৱাৰ উপৰিও এক আনন্দময়ী শৰীৰ চৰ্চাৰ মাধ্যম আছিল।[5]

খেলৰ সামগ্ৰী [সম্পাদনা কৰক]

  • কৰবী ফুলৰ গুটি (যিহেতু এনে গুটি ডাঙৰ আছিল)
  • খেলা ঠাই খিনি অকণমান জঙ্ঘল থকা হ’লে বেছি ভাল।[5]

নিয়মাৱলী [সম্পাদনা কৰক]

  • প্ৰথমতে এজনে ফুলৰ গুটি বোৰ লৈ থিয় হ’ব
  • কিছু পিছত গুটি বোৰ জংঘল ঠাই খিনিত যেনি তেনিয়ে ছটিয়াই দিব
  • তাৰ পিছত আটায়বোৰে মিলি গুটি বোৰ বিচাৰিব
  • গুটি বিছাৰি থকা সময়ত প্ৰতি জন খেলুৱৈয়ে “বাঘ ঐ.. বৰাহ ঐ” বুলি মুখেৰে উচ্চাৰণ কৰিব লাগে ( ইয়াৰ দ্বাৰা ইয়াকে সূচোৱা হৈছে যে জংঘলত বাঘো থাকিব পাৰে আৰু বৰাহো থাকিব পাৰে ; সেয়েহে গুটিবোৰ বিছাৰোতে সাৱধান হোৱা উচিত )।
  • গোটেই কেইজনৰ ভিতৰত যিজন খেলুৱৈয়ে আটাইতকৈ বেছি গুটি সংগ্ৰহ কৰিব পাৰিব তেৱেই পৰৱৰ্তী সময়ত গুটি বোৰ জংঘলত ছটিয়াব পাৰিব।[5]

শিশুৰ খেল-ধেমালী সমূহ [সম্পাদনা কৰক]

শিশু সকলৰ মাজতো বহুতো খেল-ধেমালি দেখা যায়, শিশুৰ এই খেল-ধেমালীবোৰ স্বভাবতেই গীত সমৃদ্ধ হয়। ঠাই বিশেষে শিশুৰ খেল-ধেমালীৰ লগত জডিত গীতবোৰ সুকীয়া সুকীয়া। অসমত প্ৰচলিত কিছুমান শিশুৰ খেল-ধেমালি জনপ্ৰিয় খেল তলত উল্লেখ কৰা হ'ল:

  1. কপটি বা হৈ গুদু
  2. কুকুৰা যুঁজ
  3. ৰজা ৰাণী খেল

কপটি বা হৈ গুদু [সম্পাদনা কৰক]

কপটি বা হৈ গুদু খেলটো অসমৰ গ্ৰামাঞ্চলত শিশু সকলৰ মাজত জনপ্ৰিয়। সাধাৰণতে মুকলি খেলপথাৰত হৈ গুদু খেলা হয়। মাটিত মাজতে এডাল আঁক পাৰি দুফালে দুটা দল হৈ এদলৰ এটাই আন দলটোৰ যিকোনো এজনক একে উশাহতে চুবলৈ যায়। খেদি যোৱা জনৰ মুখত উশাহ নসলোৱাকৈ এটা গীত গাই হাতেৰে চুই সাৰি আহিব পাৰিলেই চুই অহাজন খেলৰ পৰা বাহিৰ হৈ যাব লাগে। লগে লগে আনটো দলৰ এটাই উশাহ নসলোৱাকৈ মুখত আন এটা গীত গাই গাই বিপৰীত দলৰ খেলুৱৈ বোৰক খেদি আহে। এইদৰেই খেল চলি থাকে। যিদলৰে আটাইকেজন খেলুৱৈ মৰি মৰি খেলৰ পৰা বাহিৰ হব, সেইদলটো হাৰিব আৰু আনটো দল জিকিল বুলি ধৰা হয়।

কুকুৰা যুঁজ [সম্পাদনা কৰক]

সৰু লৰা-ছোৱালীৰ মাজত কুকুৰাযুঁজ খেলবিধ খেলা দেখা যায়। সাধাৰণতে ল'ৰাবোৰেহে এই খেলত অংশ লয়। কুকুৰা যুঁজ খেলৰ বাবে কোনো আহিলাৰ প্ৰয়োজন নহয়। সাধাৰণতে খেলুৱৈ সমূহ দুটা দলত ভাগ হয়। দুই দলৰ একো একোজন খেলুৱৈয়ে বাওঁহাত সোঁকান্ধত থৈ সোঁহাতেৰে সোঁভৰি ডাঙি ধৰি ইটোৱে সিটোক খুন্দা মাৰে, এইদৰে খুন্দিয়া খুন্দি লাগি থাকে যেতিয়ালৈকে কোনো এজনৰ হাত সুলকি নপৰে বা বাগৰি নপৰে। যিজনৰ প্ৰথমেই হাত সুলকিব বা বাগৰি পৰিব সেইজন হাৰিল বুলি ধৰা হয় আৰু আনজন জিকিল বুলি ধৰা হয। এইদৰে দুই দলৰে প্ৰতিজনে এজন এজনকৈ যুঁজ লাগে। এটা সময়ত যি দলে বিপক্ষ দলৰ সকলো খেলুৱৈক হৰুৱাবলৈ সক্ষম হৱ সেই দলেই বিজয়ী হল বুলি ধৰা হয়।

ৰজা ৰাণী খেল [সম্পাদনা কৰক]

গ্ৰামাঞ্চলৰ শিশু সকলৰ মাজত আন এবিধ জনপ্ৰিয় খেল হ'ল ৰজা ৰাণী খেল। ৰজা-ৰাণী খেলটি-শিশু সকল এইখেলত দুটা দলহৈ খেলা কোনো খেলৰ বাবে প্ৰথমতে লৰা বা ছোৱালীবোৰ দুভাগ কৰি 'লবলৈ খেলুৱৈ বোৰৰ মাজৰ দুজন ৰজা-ৰাণী হয়। জাকটোৰ বাকীবোৰে দুজন দুজনকৈ যোৰ পাতি প্ৰত্যেকেই মনে মনে সোণ-ৰূপ, ফলু-পাত, আদি বিভিন্ন ধৰনৰ নাম লৈ আহি ৰজা-ৰাণীক সোধেহি যে- সোণ লাগে নে ৰূপ লাগে বা ফুল লাগে নে পাত লাগে। ডাকে ডাক সিকে ডাক বুলি কোনো কোনোৱে আকৌ গীত বা যোজনা এফাকি গাই আহে। ৰজাই যদি সোন লাগে বুলি কয় সোণ নামলৈ অহাজন ৰজাৰ ফালে আৰু ৰূপ নামলৈ অহাজন ৰাণীৰ ফালৰ দলত ভৰ্তি হয়। এইদৰে আটাইকেইটা যোৰা আহি সোধোতে সোধোতে গোটেই খেলুৱৈৰ দলটো দুভাগ হৈ যায়। দুভাগহৈ যোৱাৰ পাছত যি কোনো খেল খেলিবলৈ সুবিধা হয় আৰু দলৰ খেলুৱৈ সকলৰ মাজত কোনো আপত্তি ও নাথাকে । এতিয়া তেওঁলোকে হৈ গুদু, বৌ-গুদু যিকোনো খেল নিজৰ পচন্দ মতে খেলে।

চেংগুটি [সম্পাদনা কৰক]

খেলৰ সামগ্ৰী

পাঁচটা গুটি (শিলগুটি হ’লে ভাল), খেলুৱৈ দুজন বা ততোধিক।

নিয়মাৱলী

এই খেলত কিছুমান নিৰ্দিষ্ট ঢাপ (Step) আছে। প্ৰত্যেকটো ঢাপৰ কৌশল বেলেগ বেলেগ। খেলখনত প্ৰায় পাঁচ-ছটা মান ঢাপ থাকে। স্থানভেদে, ঢাপৰ সংখ্যা ভিন ভিন হোৱা দেখা যায়। খেলৰ মাজতে যদি কোনো এটা ঢাপত খেলুৱৈজনে ভুল কৰে, তেতিয়া পৰৱৰ্তী খেলুৱৈজনে খেলিবলৈ সুবিধা পায়। আটাইকেইটা ঢাপ শেষ কৰাৰ পাছত খেলুৱৈজনে একোটা নম্বৰ লাভ কৰে আৰু পুনৰ প্ৰথমটো ঢাপৰ পৰা খেল আৰম্ভ কৰে। এনেদৰেই খেলখন আগবাঢ়ি গৈ থাকে।

খলিগুটি [সম্পাদনা কৰক]

খেলৰ সামগ্ৰী

পঞ্চাশটা শিলগুটি, দহটা সৰু সৰু গাঁত, দুজন খেলুৱৈ

নিয়মাৱলী

দুটা শাৰীত পাঁচোটাকৈ মুঠ দহটা সৰু সৰু গাঁত মাটিত খান্দি লোৱা হয়। প্ৰথমতে, প্ৰত্যেকটো গাঁততে পাঁচটাকৈ গুটি ৰখা হয়। এজন খেলুৱৈয়ে নিজৰ ফালে থকা যিকোনো এটা গাঁতৰ পৰা পাঁচোটা শিলগুটি লৈ খেল আৰম্ভ কৰে। খেলুৱৈজনে এই গুটিখিনি পৰৱৰ্তী গাঁতসমূহত বিলাই যায়। এই কাৰ্য তেতিয়ালৈকে চলি থাকে, যেতিয়ালৈকে গুটি বিলাই শেষ হোৱাৰ পিছত পৰৱৰ্তী গাঁতটো খালি থাকে। তেতিয়া খেলুৱৈজনে খালি গাঁতটোৰ পৰৱৰ্তী গাঁতটোৰ গুটিখিনি লাভ কৰে। ইয়াৰ পিছত পিছৰ খেলুৱৈজনে খেল আৰম্ভ কৰে। এনেদৰেই খেলখন আগবাঢ়ি গৈ থাকে।

টোকা [সম্পাদনা কৰক]

অসমৰ পৰম্পৰাগত খেল-ধেমালিত অন্তৰ্ভুক্ত হৈ থকা দাৰিয়া কোৰ্ট আৰু ৰছী টনা খেল দুবিধ লেখকৰ সৰ্ম্পূন নিজস্ব শৈশৱৰ স্মৃতি সমৃদ্ধ। টাংগুটি বা ভটাগুটি খেলত প্ৰদ্যুত জ্যোতি শইকীয়াৰ কিছু মিশ্ৰন আৰু শিশুৰ খেল-ধেমালীত নিৰ্মল প্ৰভা বৰদলৈৰ অসমৰ লোক সংস্কৃতি নামৰ কিতাপ খনৰ থুল-মূল আভাস লোৱা হৈছে।

তথ্য সংগ্ৰহ [সম্পাদনা কৰক]

  1. অসমৰ খেল ধেমালি, লেখক: নাৰায়ন শৰ্মা
  2. অসমৰ পুৰণি খেল ধেমালি - লেখিকা: সুবোধমালা বৰুৱা
  3. অসমীয়া সংস্কৃতিৰ কণিকা; সম্পাদক: ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী; পৃষ্ঠা: ৫৯-৬০
  4. 4.0 4.1 4.2 অলকেশ শৰ্মা (১৫ জুলাই, ২০১২). "হাউ খেল". সন্ধান (Xondhan). http://xondhan.com/2012/07/%E0%A6%B9%E0%A6%BE%E0%A6%89-%E0%A6%96%E0%A7%87%E0%A6%B2/। আহৰণ কৰা হৈছে: October 16, 2012. 
  5. 5.0 5.1 5.2 "বাঘ ঐ … বৰাহ ঐ". সন্ধান (Xondhan). ১৫ ছেপ্তেম্বৰ, ২০১২. http://xondhan.com/2012/09/%E0%A6%AC%E0%A6%BE%E0%A6%98-%E0%A6%90-%E0%A6%AC%E0%A7%B0%E0%A6%BE%E0%A6%B9-%E0%A6%90/। আহৰণ কৰা হৈছে: October 16, 2012. 

বাহ্যিক সংযোগ [সম্পাদনা কৰক]