অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
Logo of Assam Higher Secondary Education Council
ল'গ'
চমু  নাম AHSEC
প্ৰতিষ্ঠা জুন ১, ১৯৮৪ (1984-06-01) (৩৯ বছৰ পূৰ্বে)[1]
ধৰণ ৰাজ্যিক শিক্ষা পৰিষদ
প্ৰধান  কাৰ্যালয় গুৱাহাটী, ভাৰত
অঞ্চল বামুণীমৈদাম, গুৱাহাটী, অসম, ভাৰত
আনুষ্ঠানিক  ভাষা অসমীয়া আৰু ইংৰাজী
অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা
মাতৃ  সন্থা শিক্ষা মন্ত্ৰালয়, অসম চৰকাৰ
ৱেবছাইট https://ahsec.assam.gov.in/

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (ইংৰাজী: Assam Higher Secondary Education Council) (AHSEC) হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।

ইতিহাস[সম্পাদনা কৰক]

অসমত উচ্চতৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ, নিৰীক্ষণ আৰু বিকাশৰ বাবে অসম চৰকাৰে ১৯৮৪ চনৰ ১ জুন তাৰিখে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰতিষ্ঠা কৰে।[2]

পদবী[সম্পাদনা কৰক]

  • অধ্যক্ষ (পূৰ্ণকালীন) - তেওঁ সংসদৰ মুখ্য কাৰ্যবাহী বিষয়া। ৰাজ্য চৰকাৰে অধ্যক্ষক ৩ বছৰৰ কাৰ্যকালৰ বাবে নিযুক্তি দিয়ে। এই নিযুক্তিৰ ম্যাদ আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
  • সচিব - তেওঁ হ'ল সংসদৰ মুখ্য প্ৰশাসনিক বিষয়া। তেওঁ সংসদৰ সাধাৰণ প্ৰশাসন, প্ৰতিষ্ঠান, আইনী বিষয়, হিচাপ-নিকাচ, জনসংযোগ, অভিযোগ নিষ্পত্তি, ভুক্তি আৰু সা-সম্পত্তিৰ বাবে দায়বদ্ধ। *পৰীক্ষা নিবন্ত্ৰক - তেওঁ পৰীক্ষা প্ৰশাসন আৰু পৰীক্ষাৰ যাৱতীয় গোপনীয়তা ৰক্ষাৰ বাবে দায়বদ্ধ।
  • যুটীয়া সচিব
  • উপ সচিব
  • শৈক্ষিক বিষয়া
  • সহকাৰী সচিব
  • অভ্যন্তৰীণ হিচাপ নিৰীক্ষক
  • অধীক্ষক
  • সহকাৰী অধীক্ষক
  • পি এ
  • ইউ ডি এ
  • এল ডি এ

কাৰ্যালয়ৰ ঠিকনা[সম্পাদনা কৰক]

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
বামুণীমৈদাম, গুৱাহাটী-৭৮১০২১
টেলিফোন নং- ০৩৬১-২৫৫১৫৬৫
ই-মেইল- ahsec1@yahoo.com [3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "About us". Assam Higher Secondary Education Council. Assam Higher Secondary Education Council. Archived from the original on 30 January 2014. https://web.archive.org/web/20140130072503/http://www.ahsec.nic.in/AboutUs.html। আহৰণ কৰা হৈছে: 3 March 2014. 
  2. "Assam higher secondary education council". https://m.timesofindia.com/home/education/board-exams/assam-higher-secondary-education-council-ahsec/articleshow/9991549.cms। আহৰণ কৰা হৈছে: 30 April 2022. 
  3. "CONTACT INFO & DETAILS". Archived from the original on 7 June 2022. https://web.archive.org/web/20220607191125/https://ahsec.assam.gov.in/index.php/contact/। আহৰণ কৰা হৈছে: 30 April 2022.