অসম বিধানসভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম বিধানসভা
Assam Legislative Assembly
১৩তম বিধানসভা
Seal of Assam.png
ধৰন
ধৰন এককক্ষীয়
নেতা
বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ, কংগ্ৰেছ
২০১১
মুখ্যমন্ত্ৰী তৰুণ গগৈ, কংগ্ৰেছ
২০১১
গঠন
সদস্য ১২৬ জন
ৰাজনৈতিক দলসমূহ ভাৰতীয় জাতীয় কংগ্ৰেছ
অসম গণ পৰিষদ
ভাৰতীয় জনতা পাৰ্টি
Assam United Democratic Front
নিৰ্বাচন
নিৰ্বাচন পদ্ধতি First-past-the-post
বিগত নিৰ্বাচন ২০০৬
সভাৰ স্থান
দিশপুৰ
ৱেবছাইট
http://assamassembly.nic.in

অসম বিধানসভা (ইংৰাজী: Assam Legislative Assembly) ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন এককক্ষীয় সভা৷ অসমৰ ৰাজধানী দিশপুৰত ইয়াৰ অৱস্থিতি৷ অসম বিধানসভা মুঠ ১২৬ জন বিধানসভা সদস্যৰে গঠিত৷ এই সদস্য সকলক পোণপটীয়াভাৱে অসমৰ বিভিন্ন এক আসন বিশিষ্ট নিৰ্বাচনী সমষ্টিৰ পৰা নিৰ্বাচিত কৰা হয৷ অসম বিধানসভাৰ সম্পুৰ্ন কাৰ্যকাল ৫ (পাঁচ) বছৰ কিন্তু যিকোনো সময়তে অনাস্থা প্ৰস্তাৱ নতুবা ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দ্বাৰা এই সভা ভঙ্গ কৰিব পাৰি৷

ইতিহাস[সম্পাদনা কৰক]

১৯৩৫ চনৰ ২ আগষ্টত বৃটিছ সংসদত ভাৰত চৰকাৰ অধিনিয়ম ১৯৩৫ (Government of India Act 1935)গৃহীত হয়। এই অধিনিয়মৰ উপবন্ধ অনুসৰি ১৯৩৭ চনত অসম প্ৰদেশৰ বাবে দ্বিকক্ষীয় বিধানমণ্ডল প্ৰনয়ন কৰা হয়। বিধানমণ্ডলৰ নিম্ন কক্ষ, অসম বিধানসভাৰ প্ৰথম বৈঠক বহে ছিলঙৰ সভা কক্ষত ১৯৩৭ চনৰ এপ্ৰিল মাহৰ ৭ তাৰিখে। ছিলং সেই সময়ৰ সংযোজিত অসমৰ ৰাজধানী আছিল। বিধানসভাৰ সদস্য সংখ্যা আছিল ১০৮। এই আটাইকেইজন সদস্যই আছিল নিৰ্বাচিত। উচ্চ সদন বিধান পৰিষদৰ (Legislative Council) সদস্য সংখ্যা আছিল ২১ বা ২২ জন।

ভাৰত বিভাজনৰ পাছত অসমৰ চিলেট জিলা পূব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) অন্তৰ্ভূক্ত হ'ল। স্বাভাবিকতে বিধানসভাৰ আসনৰ সংখ্যা ৭১খনলৈ নামিল। অৱশ্যে স্বাধীনতাৰ পাছত আসনৰ সংখ্যা পুনৰ ১০৮খন হ'ল। ১৯৪৭ চনত বিধান পৰিষদৰ (উচ্চ সদন) অৱলুপ্তি ঘটাই অসমৰ বিধান মণ্ডল এককক্ষীয় কৰা হয়। স্বাধীনোত্তৰ কালচোৱাত অসমৰ বিভাজন ঘটি বহুকেইখন নতুন ৰাজ্যৰ সৃষ্টি হয়। ১৯৬৩ চনত নাগালেণ্ড গঠিত হয়। ১৯৭১ চনত ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইনযোগে মেঘালয়ক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যদা দিয়া হয়। মিজোৰাম আৰু অৰুণাচল প্ৰদেশো অসমৰপৰা আঁতৰি যায়। মেঘালয় গঠনৰ পাছত চিলং অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ যুটীয়া ৰাজধানী হয়। ১৯৭২ চনত অসম চৰকাৰে দিশপুৰলৈ ৰাজধানী স্থানান্তৰৰ সিদ্ধান্ত লয়। ১৯৭৩ চনৰ ১৬ মাৰ্চত দিশপুৰৰ অস্থায়ী ৰাজধানীত অসম চৰকাৰৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। ১৯৫২ চনত স্বাধীনোত্তৰ ভাৰতত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হয়। সেয়েহে ১৯৫২ চনত গঠিত হোৱা বিধানসভাখনক স্বানীনত্তৰ অসমৰ প্ৰথম বিধানসভা বুলি কোৱা হয়। সেই লেখেৰে ২০১১চনলৈকে অসমত ১৩খন বিধানসভা গঠন কৰা হ'ল। [1][2]

ৰাজ্যৰ বিভাজন আৰু সমষ্টিৰ পুনৰ্গঠনৰ বাবে অসম বিধানসভাৰ আসনৰ সংখ্যা সময়ে-সময়ে পৰিবৰ্তন হৈ আহিছে। অসম বিধানসভাৰ আসনৰ সংখ্যা এনে ধৰণৰ

প্ৰথম বিধানসভা (১৫৫২-৫৭) ১০৮খন
দ্বিতীয় বিধানসভা (১৯৫৭-৬২) ১০৫খন
তৃতীয় বিধানসভা (১৯৬৭-৭২) ১১৪খন
পঞ্চম বিধানসভাৰ (১৯৭২-৭৮) পৰা বৰ্তমানলৈ ১২৬খন।[3]

অসম বিধানসংভাৰ অধ্যক্ষসকলৰ তালিকা[সম্পাদনা কৰক]

অসম বিধানসভাৰ অধ্যক্ষসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল[4]:

অসম প্ৰদেশ[সম্পাদনা কৰক]

# নাম কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ ত্যাগ ৰাজনৈতিক দল
বাবু বসন্ত কুমাৰ দাস ৭ এপ্ৰিল ১৯৩৭ ১১ মাৰ্চ, ১৯৪৬
দেৱেশ্বৰ শৰ্মা ১২ মাৰ্চ, ১৯৪৬ ১০ অক্টোবৰ, ১৯৪৭
লক্ষেশ্বৰ বৰুৱা ৫ নৱেম্বৰ, ১৯৪৭ ৩ মাৰ্চ, ১৯৫২
অসম বিধানসভা ভৱন

অসম ৰাজ্য[সম্পাদনা কৰক]

# নাম কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ ত্যাগ ৰাজনৈতিক দল
কুলধৰ চলিহা ৫ মাৰ্চ ১৯৫২ ৭ জুন, ১৯৫৭
দেৱকান্ত বৰুৱা ৮ জুন, ১৯৫৭ ১৫ ছেপ্তেম্বৰ, ১৯৫৯
মহেন্দ্ৰ মোহন চৌধুৰী ৯ ডিচেম্বৰ, ১৯৫৯ ১৯ মাৰ্চ, ১৯৬৭
হৰেশ্বৰ গোস্বামী ২০ মাৰ্চ, ১৯৬৭ ১০ মে, ১৯৬৮
মহীকান্ত দাস ২৭ আগষ্ট, ১৯৬৮ ২১ মাৰ্চ, ১৯৭২
ৰমেশ চন্দ্ৰ বৰুৱা ২২ মাৰ্চ, ১৯৭২ ২০ মাৰ্চ, ১৯৭৮
যোগেন্দ্ৰ নাথ হাজৰিকা ২১ মাৰ্চ, ১৯৭৮ ৪ ছেপ্তেম্বৰ, ১৯৭৯
শেইখ চান্দ মহম্মদ ৭ নৱেম্বৰ, ১৯৭৯ ৭ জানুৱাৰী, ১৯৮৬
পুলকেশ বৰুৱা ৯ জানুৱাৰী, ১৯৮৬ ২৭ জুলাই, ১৯৯১
১০ জীৱকান্ত গগৈ ২৯ জুলাই, ১৯৯১ ৯ ডিচেম্বৰ, ১৯৯২
১১ দেবেশ চন্দ্ৰ চক্ৰৱৰ্তী ২১ ডিচেম্বৰ, ১৯৯২ ১১ জুন, ১৯৯৬
১২ গণেশ কুটুম ১২ জুন, ১৯৯৬ ২৪ মে, ২০০১ অসম গণ পৰিষদ
১৩ পৃথিৱী মাঝি ৩০ মে, ২০০১ ১৯ মে, ২০০৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ টংক বাহদুৰ ৰায় ২৯ মে, ২০০৬ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৫ প্ৰণৱ কুমাৰ গগৈ [5] ৬ জুন, ২০১১ ভাৰতীয় জাতীয় কংগ্ৰেছ


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. চন্দ্ৰ কুমাৰ বৰুৱা (১-১৫ মে ২০১২). "অসম বিধানসভাৰ ৭৫ বছৰ". প্ৰান্তিক: ১২, ১৩ পৃঃ. 
  2. "অসম বিধানসভাৰ বিভাগীয় ৱেবচাইট". http://assamassembly.gov.in/history.html। আহৰণ কৰা হৈছে: May 04, 2012. 
  3. "অসম বিধানসভাৰ বিভাগীয় ৱেবচাইট". http://assamassembly.gov.in/history.html। আহৰণ কৰা হৈছে: May 04, 2012. 
  4. "List of Speakers since 1937". http://assamassembly.gov.in/speaker-list.html। আহৰণ কৰা হৈছে: 9 December 2010. 
  5. Members of 13th Assembly sworn in - Pranab Gogoi elected Assam Speaker

বাহ্যিক সংযোগ[সম্পাদনা কৰক]