অসম ভাৰতীয় জনতা পাৰ্টী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম ভাৰতীয় জনতা পাৰ্টী ( Asom Bharatiya Janata Party ) ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিভাজিত হৈ আতঁৰি গঠন হোৱা অসমৰ এটা ৰাজনৈতিক দল আছিল। অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক আৰু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত ২০০১ চনত এই দলটো গঠন হৈছিল। ২০০১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীঅসম গণ পৰিষদৰ হৈতে হোৱা নিৰ্বাচনী মিত্ৰতাক বিৰোধিতা কৰি ভট্টাচাৰ্যৰ নেতৃত্বত দলটো গঠন হৈছিল।

অসম বিজেপি-য়ে ২০০১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও সফল হ'ব নোৱাৰিলে।