অহেতুক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অহেতুক

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক বাণী দাস
চিত্ৰনাট্য বাণী দাস
কাহিনী বাণী দাস
প্ৰযোজক ৰাজকুমাৰ জৈন
(ৰাজ ৰাণী প্ৰডাক্‌চন)
অভিনয়ত গুঞ্জন ভৰদ্বাজ
অমৃতা গগৈ
তপন দাস
চিত্ৰগ্ৰহণকাৰী নাহিদ আহমেদ
সম্পাদনা সঞ্জীৱ বৰঠাকুৰ
সংগীত পৰিচালক পৰাণ বৰকটকী
মুক্তি
২ জানুৱাৰী, ২০১৫
দেশ  ভাৰত
ভাষা অসমীয়া

অহেতুক (ইংৰাজী: Ahetuk) হৈছে ২০১৫ চনৰ ২ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাজ ৰাণী প্ৰডাক্‌চনৰ বেনাৰত ৰাজকুমাৰ জৈনে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বাণী দাসৰ। এক গোপন অনুসন্ধানত দুজন সাংবাদিকে সন্মুখীন হোৱা পৰিস্থিতিৰ কাহিনীৰে নিৰ্মিত বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে গুঞ্জন ভৰদ্বাজ আৰু অমৃতা গগৈয়ে। সংগীত পৰিচালনা পৰাণ বৰকটকীৰ। চলচ্চিত্ৰখনৰ শ্বুটিং, প্ৰি-প্ৰডাক্‌চন আৰু প'ষ্ট প্ৰডাক্‌চনৰ সকলোখিনি কাম অসমতে কৰা হয়।[1][2]

কাহিনী[সম্পাদনা কৰক]

দুজন সাংবাদিকে নিজৰ জীৱনকো বিপদাপন্ন কৰি এটা ঘটনাৰ আচল ৰহস্য জানিবৰ বাবে অনুসন্ধান কৰে। অৱশেষত তেওঁলোক দুজনে গম পায় যে কোনো লোকে নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কাৰণেহে তেওঁলোক দুজনক ব্যৱহাৰ কৰিছিল।[1][2]


অভিনয়ত[সম্পাদনা কৰক]

কলা-কুশলী[সম্পাদনা কৰক]

  • প্ৰযোজনা- ৰাজকুমাৰ জৈন
  • পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ- বাণী দাস
  • কাৰ্যবাহী পৰিচালনা - মানস দাস
  • চিত্ৰগ্ৰহণ- নাহিদ আহমেদ
  • সংগীত পৰিচালনা- পৰাণ বৰকটকী
  • চিত্ৰগ্ৰহণকাৰী - ৰক্তিম
  • সম্পাদনা- সঞ্জীৱ বৰঠাকুৰ
  • ভি এফ এক্স- সুমন চৌধুৰী, প্ৰিয়ম চক্ৰৱৰ্তী, উৎপল তালুকদাৰ[1][2]

সংগীত[সম্পাদনা কৰক]

অহেতুক
বোলছবি
মুক্তি ২০১৫
শৈলী/ধৰণ বোলছবি সংগীত
লেবেল Times Music
প্ৰযোজক Raj Rani Production


চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা পৰাণ বৰকটকী (জ'জ')ৰ। গীতৰ কথা ইবছন লাল বৰুৱা,‌‌ ৰাজদ্বীপ আৰু বাণী দাসৰ। শ্ৰব্য এলবামটোত মুঠ ৬টা গীত আছে।[3]

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "অহেতুক"  ইবছন লাল বৰুৱাজুবিন গাৰ্গ ৪:২৩
2. "মেঘৰ জলঙা"  ইবছন লাল বৰুৱাপম্পী গগৈ ৩:২৬
3. "লাহে লাহে"  বাণী দাসজুবিন গাৰ্গ ৫:১৩
4. "ননচেন্স হৃদয়ে"  ৰাজদ্বীপকল্পনা পাটোৱাৰী ৪:১৫
5. "মেঘৰ জলঙা - ৰিপ্ৰাইজ"  ইবছন লাল বৰুৱাপম্পী গগৈ ৪:৫২
6. "অহেতুক - ডাব্ মিক্স"  ইবছন লাল বৰুৱাজুবিন গাৰ্গ ৪:২১
মুঠ দৈৰ্ঘ্য:
২৬:৩০

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Ahetuk to Release on 2nd January 2015". Kothasobi. ২২ নৱেম্বৰ ২০১৪. Archived from the original on 2016-03-15. https://web.archive.org/web/20160315154234/http://www.kothasobi.com/news/ahetuk-release-2nd-january-2015/। আহৰণ কৰা হৈছে: ২২ জানুৱাৰী ২০১৫. 
  2. 2.0 2.1 2.2 2.3 "Ahetuk : New Film by Bani Das". Kothasobi. ২২ জুন ২০১৪. Archived from the original on 2016-03-17. https://web.archive.org/web/20160317090731/http://www.kothasobi.com/news/ahetuk-new-film-bani-das/। আহৰণ কৰা হৈছে: ২২ জানুৱাৰী ২০১৫. 
  3. "AHETUK". Times Music. Archived from the original on 2016-06-04. https://web.archive.org/web/20160604072132/http://www.timesmusic.com/album/regional/ahetuk-3110.html। আহৰণ কৰা হৈছে: ২২ জানুৱাৰী ২০১৫. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]