অৰণ্যক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰণ্যক
Aaranyak
Aaranyak logo.svg
প্ৰকাৰ ধৰ্মাৰ্থ ন্যাস (Charitable trust)
প্ৰতিষ্ঠা ১৯৮৯
স্থান গুৱাহাটী, ভাৰত উত্তৰ-পূব ভাৰত
পৰিবেশনৰ ঠাই উত্তৰ-পূব ভাৰত
লক্ষ্য পৰিৱেশ, সংৰক্ষণ, পৰিস্থিতিতন্ত্ৰ
পদ্ধতি শিক্ষা, উপকক্ষীয় আলোচনা, গৱেষণা, পৰামৰ্শ দান
ম'ট' Nourishing Nature to Secure Our Future (প্ৰকৃতিক পুষ্টি যোগাই ভৱিষ্যতৰ ৰক্ষা)
ৱেবচাইট www.aaranyak.org

অৰণ্যক বন্যপ্ৰাণী সম্পৰ্কীয় এখন বেচৰকাৰী প্ৰতিষ্ঠান।[1] ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ই উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিখ্যাত বন্যপ্ৰাণীৰ লগত জড়িত বেচৰকাৰী প্ৰতিষ্ঠান। এইখন ভাৰতৰ অন্যতম বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণাৰ পৰিৱেশিক প্ৰতিষ্ঠান। সমগ্ৰ পূব হিমালয় অঞ্চলত ই প্ৰাকৃতি সংৰক্ষণ, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন, প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা, সীমাৰেখিয় গোষ্ঠীৰ উন্নত জীৱন যাপনৰ বাবে গৱেষণা, শিক্ষা আৰু আইনী পৰামৰ্শৰে সেৱা আগবঢ়ায়।[2]

অৰণ্যকে আন্তৰ্জাতিক পৰ্বত উন্নয়ন কেন্দ্ৰৰ লগত যুটীয়ভাৱে অসমৰ ধেমাজি আৰু লখিমপুৰ জিলাৰ গোষ্ঠীগত পাৰম্পৰিক পদ্ধতিৰে বানপানীৰ আগজাননী দিয়া তন্ত্ৰৰ সফলতাৰে ব্যৱহাৰ কৰাৰ বাবে ২০১৪ চনৰ ৰাষ্ট্ৰসংঘৰ লাইটহাউচ এক্টিভিটি বঁটা লাভ কৰিছিল।

তদুপৰি ইয়াৰ লগত জড়িত বিভিন্ন প্ৰকল্প আৰু সদস্য সমূহে বহুতো দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে। ২০১৭ চনত অৰণ্যকৰ সদস্য পূৰ্ণিমা দেৱী বৰ্মনে গ্ৰীণ অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]