অৰুণাচল প্ৰদেশ বিধানসভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুণাচল প্ৰদেশ বিধানসভা
ধৰন
ধৰন এককক্ষীয়
নেতা
অধ্যক্ষ টেনজিং নৰবু থংডক[1], ভাজপা
২০১৬
উপ অধ্যক্ষ টুমকে বাগ্ৰা[2], ভাজপা
২০১৬
মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, ভাজপা
২০১৬
বিৰোধী দলপতি টাকাম পাৰিঅ', পি পি এ
২০১৬
গঠন
সদস্য ৬০
ৰাজনৈতিক দলসমূহ চৰকাৰ (৫০)

বিৰোধী (১০)

নিৰ্বাচন
নিৰ্বাচন পদ্ধতি First past the post
বিগত নিৰ্বাচন ৯ এপ্ৰিল ২০১৪
সভাৰ স্থান
বিধান ভৱন, ইটানগৰ, অৰুণাচল প্ৰদেশ, ভাৰত
ৱেবছাইট
arunachalassembly.gov.in

অৰুণাচল প্ৰদেশ বিধানসভা (ইংৰাজী: Arunachal Pradesh Legislative Assembly) হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ এককক্ষীয় বিধানসভা। অৰুণাচলৰ বিধানসভা ভৱনটো ৰাজ্যখনৰ ৰাজধানী ইটানগৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ বিধানসভা ৬০ জন বিধায়কৰ সৈতে গঠিত।[4]

ইতিহাস[সম্পাদনা কৰক]

১৯৬৯ চনৰ২৯ ডিচেম্বৰত অসমৰ ৰাজ্যপালৰ সভাপতিত্বত উত্তৰ-পূব সীমান্ত এজেন্সী (North-East Frontier Agency, বৰ্তমানৰ অৰুণাচল প্ৰদেশ) শাসনৰ বাবে এটা এজেন্সী কাউন্সিল গঠন কৰা হয়। ১৯৭২ চনৰ ২ অক্টোবৰত এজেন্সী কাউন্সিলৰ সলনি প্ৰদেশ কাউন্সিল গঠিত কৰা হয়। ১৯৭৫ চনৰ ১৫ আগষ্টত প্ৰদেশ কাউন্সিলখনক ৰাজ্য বিধানসভালৈ পৰিৱৰ্তন কৰা হয়। প্ৰথমতে, এই বিধানসভাত ৩৩ জন সদস্য আছিল। ইয়াৰে ৩০ জন সদস্য নিৰ্বাচনৰ দ্বাৰা আৰু আন ৩জন সদস্যক কেন্দ্ৰীয় চৰকাৰে মনোনিত কৰিছিল। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশক পূৰ্ণাংগ ৰাজ্য ঘোষণা কৰাৰ পিছত সদস্যৰ সংখ্যা ৬০ জনলৈ বৃদ্ধি কৰা হয়।[5]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]