অৰূপা পটংগীয়া কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰূপা পটংগীয়া কলিতা
জন্ম ১৯৫৬
গোলাঘাট, অসম
পেচা লেখিকা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন দেৱৰাজ ৰয় মহাবিদ্যালয়
গৌহাটী বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা
ভাৰতীয় ভাষা পৰিষদ বঁটা

অৰূপা পটংগীয়া কলিতা (ইংৰাজী: Arupa Patangia Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ।[1][2] তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।

জীৱন[সম্পাদনা কৰক]

অৰূপা পটংগীয়া কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাৰ্ল এছ বাক (Pearl S. Buck) ৰ নাৰী চৰিত্ৰসমূহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।[3] বৰ্তমান তেওঁ দৰং জিলাটংলা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা ৰূপে কৰ্মনিৰ্বাহ কৰি আছে।[2]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

অৰূপা পটংগীয়া কলিতাই ভালেসংখ্যক উপন্যাস তথা চুটিগল্প ৰচনা কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল-[2][4]-

উপন্যাস
চুটিগল্প সংকলন
  • মৰুযাত্ৰা আৰু অন্যান্য (১৯৯২)
  • দেও পাহাৰৰ ভগ্নস্তুপত (১৯৯৯)
  • পাছ চোতালৰ কথকতা (২০০০)
  • মিলেনিয়ামৰ সপোন (২০০২)
  • আলেকজান বানুৰ জান (২০০৫) [6]
  • কুৰোশ্বোৱাৰ সপোন, মোৰ সপোন সিহঁতৰ সপোন (২০০৭)
  • পাহাৰ, নদী, সাগৰ আৰু মানুহ (২০১০)
  • সোণালী ঈগলে কণী পাৰিলে, বেলিয়ে উমনি দিলে (২০১০)
  • মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (২০১২)[7]
  • পানী গাভিনী আছিল আৰু অন্যান্য (২০১৯) [5]
অনূদিত উপন্যাস
  • Dawn: A Novel, অয়নান্তৰ ইংৰাজীলৈ অনূদিত ৰূপ, অনুবাদক- ৰঞ্জিতা বিশ্বাস
  • ফেলানী, দীপিকা ফুকনৰ দ্বাৰা ইংৰাজীলৈ অনূদিত। ক্ৰছৱৰ্ড বুক এৱাৰ্ডত মনোনীত[8]
  • The Invitation -অৰুণাভ ভূঞাৰ দ্বাৰা ইংৰাজীলৈ অনূদিত।

বঁটা আৰু সন্মান[9][সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. Archived from the original on 2013-08-08. https://web.archive.org/web/20130808103246/http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/। আহৰণ কৰা হৈছে: 2013-06-14. 
  2. 2.0 2.1 2.2 "Women's Writing". Womenswriting.com. http://www.womenswriting.com/WomensWriting/AuthorProfileDetail.asp?AuthorID=181। আহৰণ কৰা হৈছে: 2013-06-14. 
  3. "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. Archived from the original on 2013-08-08. https://web.archive.org/web/20130808103246/http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/। আহৰণ কৰা হৈছে: 2013-06-14. 
  4. Friday, Jun 14, 2013 (2013-04-06). "Arupa Patangia Kalita gets Prabina Saikia award News - By assamonline.in". News.assamonline.in. http://news.assamonline.in/Arupa-Patangia-Kalita-gets-Prabina-Saikia-award-17675। আহৰণ কৰা হৈছে: 2013-06-14. 
  5. 5.0 5.1 কলিতা, অৰূপা পটংগীয়া (২০২১). জছনাৰ ঝিটাছ. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. বেটুপাত. ISBN ৯৭৮৮১২৪৪০৬৭১৭. 
  6. The Telegraph - Calcutta : Guwahati. Telegraphindia.com. 2006-01-14. http://www.telegraphindia.com/1060114/asp/guwahati/story_5715390.asp। আহৰণ কৰা হৈছে: 2013-06-14. 
  7. The Times of India. Timesofindia.indiatimes.com. 2014-12-20. http://timesofindia.indiatimes.com/city/guwahati/Assam-and-Bodo-writers-to-get-the-award/articleshow/45578962.cms। আহৰণ কৰা হৈছে: 2015-01-06. 
  8. "Felanee by Arupa Kalita Patangia Translated by Deepika PhukanKanvas Journal". Kanvasjournal.com. Archived from the original on 2013-06-15. https://archive.is/20130615234147/http://www.kanvasjournal.com/felanee-by-arupa-kalita-patangia-translated-by-deepika-phukan/। আহৰণ কৰা হৈছে: 2013-06-14. 
  9. "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. Archived from the original on 2013-08-08. https://web.archive.org/web/20130808103246/http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/। আহৰণ কৰা হৈছে: 2013-06-14. 
  10. TI Trade (2013-04-06). The Assam Tribune Online. Assamtribune.com. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303222954/http://www.assamtribune.com/scripts/detailsnew.asp?id=apr0613%2Fcity05। আহৰণ কৰা হৈছে: 2013-06-14. 
  11. Khan, Shajid (1 January 2017). "Assam Valley Literary Award for Dr.Arupa Patangia Kalita". Assam Times. https://www.assamtimes.org/node/18216। আহৰণ কৰা হৈছে: 24 August 2017. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]