অৰ্থব্যৱস্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰ্থব্যৱস্থা হ'ল পণ্য আৰু সেৱাউৎপাদন, বিতৰণ, বাণিজ্য আৰু উপভোগৰ ব্যৱস্থা। সাধাৰণতে, ইয়াক এনে এক সামাজিক ব্যৱস্থা বুলি বুজা হয় য'ত দুৰ্লভ সম্পদৰ উৎপাদন, ব্যৱহাৰ আৰু পৰিচালনাৰ সৈতে সম্বন্ধিত কাৰ্য, বাৰ্তা আৰু ভৌতিক প্ৰকাশ দেখা যায়। যিকোনো অৰ্থব্যৱস্থাৰ নিজা সংস্কৃতি, মূল্য, শিক্ষা, প্ৰযুক্তিগত বিকাশ, ইতিহাস, সামাজিক ব্যৱস্থাপন, ৰাজনৈতিক সংৰচনা, আইনী ব্যৱস্থা আৰু প্ৰাকৃতিক সম্পদ মূল অংশ হিচাপে থাকে। এই অংশসমূহেই কোনো অৰ্থব্যৱস্থাক প্ৰয়োজনীয় প্ৰেক্ষাপট আৰু সমল প্ৰদান কৰে, আৰু পৰিস্থিতি আৰু অচলৰ সংহতি প্ৰদান কৰে যাৰ ভিতৰতে অৰ্থব্যৱস্থাটো ক্ৰিয়ান্বিত হয়। আন শব্দত, অৰ্থব্যৱস্থা এনে এক সামাজিক ব্যৱস্থা য'ত পৰস্পৰৰ সৈতে সংলগ্ন মানৱ কাৰ্য আৰু লেনদেন অকলশৰে বৰ্তি থাকিব নোৱাৰে।

অৰ্থনৈতিক নিৰ্ণয়কৰ্তা ব্যক্তি, ব্যৱসায়, সংগঠন আৰু চৰকাৰ আদি হ'ব পাৰে। অৰ্থনৈতিক লেনদেন তেতিয়া সম্ভৱপৰ হয় যেতিয়া দুই গোট বা ফৈদে লেনদেন কৰিবলগীয়া পণ্য বা সেৱাৰ মূল্য কোনো সৰ্বস্বীকৃত মাধ্যমেৰে প্ৰকাশ কৰে আৰু আৰু সেই মূল্যৰ সৈতে একমত হয়। পিচে, ধনেৰে হোৱা এনে লেনদেন অৰ্থনৈতিক কাৰ্যসমূহৰ এক সৰু ভাগহে।

অৰ্থনৈতিক ক্ৰিয়া প্ৰাকৃতিক সম্পদ, শ্ৰম আৰু মূলধন ব্যৱহাৰ কৰা উৎপাদন প্ৰক্ৰিয়াৰে ত্বৰান্বিত হয়। সময়ৰ সৈতে প্ৰযুক্তি সলনি হৈ আহিছে আৰু নতুন আৱিষ্কাৰৰ সৈতেই অৰ্থব্যৱস্থাৰ সংৰচনাও সলনি হৈ আহিছে। এই প্ৰযুক্তি প্ৰাকৃতিক হ'ব পাৰে, যেনে যন্ত্ৰ বা সামাজিক হ'ব পাৰে, যেনে কোনো সেৱা আগবঢ়োৱাৰ নতুন পদ্ধতি। আগৰটোৰ উদাহৰণ হ'ল ভাপ ইঞ্জিন আৰু পাছৰটোৰ উদাহৰণ হ'ল ৰেষ্টুৰাঁত খাদ্য ৰন্ধা আৰু বিতৰণ কৰা কাৰ্যক পৃথক কৰা। নতুন পণ্য, সেৱা, প্ৰক্ৰিয়া, বহল হৈ গৈ থকা বজাৰ, বৈচিত্ৰ্য বৃদ্ধি আদিয়ে নতুন নতুন অৰ্থনৈতিক সম্বন্ধৰ উদয় আৰু পুৰণি সম্বন্ধৰ অন্ত অনাইছে, যেনে শিশু শ্ৰমিকৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু দাসপ্ৰথাৰ অন্ত।

অৰ্থব্যৱস্থা মানৱ সমাজৰ এক অতিকৈ গুৰুত্বপূৰ্ণ অংশ, সেয়ে সমাজ বিজ্ঞানৰ প্ৰত্যেক ভাগতেই এই ব্যৱস্থাসমূহৰ অধ্যয়ন কৰা হয়। অৰ্থব্যৱস্থাৰ প্ৰতি আটাইতকৈ অধিক গুৰুত্ব দিয়া হয় অৰ্থনীতিত, য'ত অৰ্থনৈতিক নিৰ্ণয়কৰ্তাৰ নিৰ্ণয় গ্ৰহণ প্ৰক্ৰিয়া আৰু তেওঁলোকৰ পৰস্পৰৰ সৈতে লেনদেনৰ ফলত দেখা দিয়া ফল ঘাইকৈ অধ্যয়ন কৰা হয়। সমাজশাস্ত্ৰত অৰ্থব্যৱস্থাৰ উদয়, সংৰচনা আদি অধ্যয়ন কৰা হয় আৰু তাৰ লগতে অৰ্থব্যৱস্থাৰ সমাজৰ আন আন অংশৰ ওপৰত প্ৰভাৱো অধ্যয়ন কৰা হয়। নৃতত্ত্ববিদ্যাত আদিম লোকৰ অৰ্থনৈতিক কাৰ্য আৰু ব্যৱস্থা ঘাইকৈ অধ্যয়ন কৰা হয়। মনোবিজ্ঞানত ধন আৰু দুৰ্লভতাৰ সৈতে সম্বন্ধিত মানসিক প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয় আৰু তাৰ পৰা উদয় হোৱা প্ৰভাৱ লেনদেনত কেনেদৰে দেখা দিয়ে তাকো অধ্যয়ন কৰা হয়। ৰাজনীতি বিজ্ঞানত অনেকবাৰ অৰ্থনৈতিক সম্বন্ধক ৰাজনৈতিক সম্বন্ধৰ উৎস হিচাপে চোৱা হয়, আৰু আন পৰিস্থিতিত ৰাজনৈতিক হস্তক্ষেপে কেনেদৰে অৰ্থব্যৱস্থাত প্ৰভাৱ পেলায় তাক চোৱা হয়। বুৰঞ্জীত অৰ্থব্যৱস্থাসমূহ কেনেদৰে সময়ৰ সৈতে সলনি হৈ আহিছে, সেই কথা অধ্যয়ন কৰা হয়। ভূগোলত অৰ্থনৈতিক প্ৰক্ৰিয়াসমূহৰ ভৌগোলিক বিতৰণ অধ্যয়ন কৰা হয়।

ব্যুৎপত্তি[সম্পাদনা কৰক]

"অৰ্থব্যৱস্থা" শব্দ সংস্কৃত ভাষাৰ "অৰ্থ" শব্দৰ পৰা অহা। আটাইতকৈ পুৰণি সংস্কৃত গ্ৰন্থসমূহত "অৰ্থ" শব্দই উদ্দেশ্য বুজায়, যি অৰ্থনীতিৰ আধুনিক সংজ্ঞাৰ সৈতে খাপ খায়, য'ত অৰ্থব্যৱস্থাক উদ্দেশ্যসহিত ব্যক্তিৰ পাৰস্পৰিক কাৰ্যৰ সমাহাৰ ৰূপে চোৱা হয়। পাছলৈ সংস্কৃত "অৰ্থ" শব্দই ধন[1] বা গণ বুজাব ল'লে। হিন্দু দৰ্শনত ইয়াক প্ৰথমে ত্ৰিবৰ্গ আৰু পাছলৈ চতুৰ্বৰ্গত স্থান দিয়া হ'ল: ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষৰ অন্যতম। চাণক্যৰ "অৰ্থশাস্ত্ৰ"তো "অৰ্থ"ক এই ধৰণেৰেই ব্যাখ্যা কৰা হৈছে। সংস্কৃত "অৰ্থ" শব্দই বহলকৈ উদ্দেশ্য, কাৰণ, ব্যৱহাৰ, বস্তু, জ্ঞানেন্দ্ৰীয়ৰ বস্তু, ধন-সম্পদ, কাৰ্য, ব্যৱসায় আৰু দাম বুজাব পাৰে।[2] ইংৰাজী প্ৰতিশব্দ "ইকনমিক্স" আহিছে গ্ৰীক ভাষাৰ শব্দদ্বয় "ইকছ" আৰু "নমছ"ৰ পৰা। "ইকছ"ৰ অৰ্থ হ'ল গৃহস্থি আৰু "নমছ"ৰ অৰ্থ হ'ল পৰিচালনা।[3] ঘৰ পৰিচালনা কৰাৰ দৰেই সমাজৰ সম্পদৰ বিতৰণ আৰু পৰিচালনাৰ যি ব্যৱস্থা সেয়াই "ইকনমি"।

ইতিহাস[সম্পাদনা কৰক]

প্ৰাক-ঐতিহাসিক আৰু প্ৰাচীন কালত[সম্পাদনা কৰক]

যেতিয়াৰ পৰাই মানুহে বস্তুৰ উৎপাদন কৰি আহিছে, তেতিয়াৰ পৰাই কোনো ৰূপত অৰ্থব্যৱস্থাৰ অস্তিত্ব আছে। লাহে লাহে মানৱ সমাজ বহলতৰ হৈ অহাত আৰু অধিক জটিল হৈ অহাত অৰ্থন্যৱস্থাৰো বিকাশ ঘটিবলৈ ধৰিলে। নিজৰ প্ৰয়োজনতকৈ অধিক যেতিয়া মানুহে উৎপাদন কৰিব পৰা অৱস্থাত আহিলে, সম্পত্তি আৰু ব্যাপাৰে স্থান পালে। প্ৰাচীন চুমেৰত বৃহৎ স্তৰত পণ্য মুদ্ৰাৰ অৰ্থব্যৱস্থা তৈয়াৰ হৈ উঠিছিল আৰু বেবিলনত অৰ্থনীতিৰ আটাইতকৈ পুৰণি কিছু নীতি-নিয়ম তৈয়াৰ হৈছিল যেনে ঋণৰ নীতি, ব্যৱসায়-সম্বন্ধীয় আইন আৰু আইনী চুক্তি তথা ব্যক্তিগত সম্পত্তি।[4] তেওঁলোকে সৰ্বপ্ৰথম অসামৰিক সামাজিক (আইনী) ধাৰণা, ন্যায়ালয়, কাৰাগাৰ আৰু চৰকাৰী নথিৰ ধাৰণা বাস্তৱায়িত কৰিছিল।[5]

প্ৰাচীন অৰ্থনীতি মূলতঃ জীৱিকা-খেতিৰ ওপৰত নিৰ্ভৰশীল আছিল।[6] চেমিতীয় লোকসকলে ব্যৱহাৰ কৰা শ্বেকেল প্ৰথম জনাজাত ভৰ আৰু মুদ্ৰাৰ একক। শ্বেকেল মেচপটেমিয়াত প্ৰায় খ্ৰীষ্টপূৰ্ব ৩০০০ত ব্যৱহাৰ কৰা হৈছিল। ই বাৰ্লিৰ এক বিশেষ ভৰক বুজাইছিল যি আন পণ্য যেনে ৰূপ, ব্ৰঞ্জ, তাম আদিৰ সৈতে কোনো মাপেৰে সম্বন্ধিত আছিল। বাৰ্লি বা শ্বেকেল প্ৰথমে এটি মুদ্ৰাও আছিল আৰু ভৰৰ এককো আছিল, ঠিক সেইদৰেই যিদৰে ব্ৰিটিছ পাউণ্ড মুদ্ৰাৰ একক, কিন্তু ই এসময়লৈকে ১ পাউণ্ড ৰূপ বুজাবলৈকো ব্যৱহাৰ হৈছিল।[7]

প্ৰায় লোকৰ বাবেই পণ্যৰ বিনিময় সামাজিক সম্বন্ধেৰে হৈছিল। পিচে এনে ব্যৱসায়ীও আছিল যিয়ে বজাৰত বেপাৰ কৰিছিল। প্ৰাচীন গ্ৰীচ আৰু অন্যান্য কিছু ঠাইত কিছু মানুহকো পণ্য গণ্য কৰা হৈছিল: এই ব্যৱস্থাক দাসপ্ৰথা বোলা হয়।[8]

মধ্যযুগত[সম্পাদনা কৰক]

মধ্য যুগত বৰ্তমানে যাক অৰ্থব্যৱস্থা বোলা হয়, সেয়া নিৰ্বাহৰ স্তৰতকৈ বহু ওপৰত নাছিল। বিনিময় প্ৰায় সামজিক গোটৰ মাজতেই সীমাবদ্ধ আছিল। তদুপৰি, প্ৰভাৱশালী ৰাজনৈতিক বিজেতাসকলে উদ্যোগ মূলধন (venture capital) স্থাপন কৰিছিল নিজৰ আক্ৰমণসমূহৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ। নিয়োজিত পুঁজি আৰু সূদ নতুন বিশ্বৰ পৰা অনা সামগ্ৰীৰে ঘুৰাই দিয়ে। মাৰ্ক'-প'ল' (১২৫৪-১৩২৪), খ্ৰিষ্টফাৰ কলম্বাছ (১৪৫১-১৫০৬) ভাস্ক' ডা গামা (১৪৬৯-১৫২৪) আদিৰ আৱিষ্কাৰসমূহে পোণপ্ৰথমে বৈশ্বিক অৰ্থব্যৱস্থাৰ উদয় কৰাইছিল। প্ৰথম এণ্টাৰপ্ৰাইচসমূহ আছিল বাণিজ্যিক প্ৰতিষ্ঠান। ১৫১৩ চনত বিশ্বৰ প্ৰথম ষ্টক এক্সচেঞ্জ স্থাপিত হৈছিল এণ্টোৱাৰ্পত। সেই সময়ত অৰ্থব্যৱস্থাই মূলতঃ বাণিজ্য বুজাইছিল।

ইউৰোপীয় দখলোমূহ ইউৰোপীয় ৰাজ্যসমূহৰ শাখা হৈ পৰিল, তথা কথিত উপনিৱেশ (colony)। উদীয়মান জাতি-ৰাষ্ট্ৰ যেনে স্পেইন, পৰ্টুগান, ফ্ৰাঞ্চ, গ্ৰে'ট ব্ৰিটেইন আৰু নেদাৰলেণ্ডছে সীমা শুক্লৰ সহায়ত বাণিজ্য নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। ই ব্যক্তিগত সম্পদ আৰু ৰাজহুৱা স্বাৰ্থৰ সম্বন্ধ গঢ়াৰ এক প্ৰাৰম্ভিক প্ৰচেষ্টা আছিল। ইউৰোপ ধৰ্মনিৰপেক্ষ হৈ অহাৰ লগে লগে খ্ৰীষ্টধৰ্মীয় চাৰ্ছৰ বৃহৎ পৰিমাণৰ ধন চহৰ-নগৰ নিৰ্মাণত ব্যৱহাৰ হ'বলৈ ধৰিলে। অভিজাত লোকৰ প্ৰভাৱ কমিবলৈ ধৰিলে। অৰ্থব্যৱস্থাৰ ৰাজ্য সচিব নিযুক্ত হ'বলৈ ধৰিলে অনেক ইউৰোপীয় দেশত। আম্‌শ্চেল মায়েৰ ৰথ্‌শ্চাইল্ডৰ দৰে বেংকাৰে যুদ্ধ আৰু আন্তঃগাঁথনিৰ দৰে জাতীয় প্ৰকল্পৰ বিত্তপোষণ (financing) কৰিবলৈ ধৰিলে। অৰ্থব্যৱস্থাৰ অৰ্থ হৈ পৰিল জাতীয় অৰ্থনৈতিক কাৰ্যকালাপ, কোনো দেশৰ নাগৰিকৰ অৰ্থনৈতিক কাৰ্যকালাপৰ ৰূপত।

ঔদ্যোগিক বিপ্লৱ[সম্পাদনা কৰক]

আধুনিক অৰ্থত প্ৰথম অৰ্থনীতিবিদ আডাম স্মিথক মনা হয়, যেই ১৭২৩ৰ পৰা ১৭৯০লৈকে জীৱিত আছিল। তেওঁ আংশিক ৰূপে physiocracyৰে প্ৰভাৱিত আছিল, আৰু mercantilismৰ বিৰোধেৰেও।[9] তেওঁ জাতীয় অৰ্থব্যৱস্থাৰ তত্ত্বসমূহ সংজ্ঞায়িত কৰিছিল: পণ্যসমূহ এটি প্ৰাকৃতিক মূল্যত প্ৰদান কৰা হয় যি মূল্য প্ৰতিযোগিতাৰে নিৰ্ধাৰিত হয় - যোগান আৰু চাহিদাৰ মাধ্যমেৰে - আৰু শ্ৰমৰ বিভাজনেৰে। তেওঁ যুক্তি দাঙি ধৰিছিল যে মুক্ত বাণিজ্যৰ মূল উদ্দেশ্য হ'ল মানুহৰ স্বাৰ্থ। তথা কথিত স্বাৰ্থ অনুমান অৰ্থনীতিৰ নৃতাত্ত্বিক ভেঁটি হৈ পৰিল। থমাচ মালথুচে যোগান আৰু চাহিদাৰ ধাৰণাক মানুহৰেই জনসংখ্যাৰ ওপৰত প্ৰয়োগ কৰিছিল।

ঔদ্যোগিক বিপ্লৱ অষ্টদশ আৰু ঊনবিংশ শতিকাৰ এনে এক কাল য'ত কৃষি, উদ্যোগ, মাইনিং আৰু যাতায়াতত দেখা যোৱা বৃহৎ পৰিৱৰ্তনে যুক্তৰাজ্য়, তাৰ পাছত ইউৰোপ আৰু উত্তৰ আমেৰিকা আৰু অৱশেষত সমগ্ৰ বিশ্বতেই সামাজিক-অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱ পেলাইছিল।[10] ঔদ্যোগিক বিপ্লৱ মানৱ ইতিহাসৰ এক অত্যন্ত মহত্বপূৰ্ণ বিন্দু যাৰ প্ৰভাৱ সময়ৰ সৈতে মানৱ জীৱনৰ প্ৰত্যেক অংশতেই দেখা গ'ল। ইউৰোপত বন্য পুঁজিবাদে mercantilismৰ স্থান ল'ব ধৰিলে আৰু ই অভূতপূৰ্ন অৰ্থনৈতিক বিকাশ আনিলে। এই ব্যৱস্থাক বৰ্তমানে ঔদ্যোগিক বিপ্লৱ এই বাবেই কোৱা হয় যে এই কালত সামগ্ৰীৰ গণউৎপাদন সম্ভৱপৰ হৈ পৰিছিল।

বিংশ শতিকা[সম্পাদনা কৰক]

"অৰ্থব্যৱস্থা"ৰ ধাৰণা ১৯৩০ৰ দশকৰ আমেৰিকী মহামন্দাৰ আগলৈকে জনাজাত নাছিলেই।[11]

দুই বিশ্ব যুদ্ধৰ বিশৃংখলতা আৰু ক্ষতিকৰ মহামন্দাৰ পাছত নীতি নিৰ্ধাৰকসকল অৰ্থব্যৱস্থাৰ বিষয়ে অধিক চিন্তিত হৈ পৰিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ফ্ৰিড্ৰিখ হায়েক আৰু মিল্টন ফ্ৰিডমেনৰ দৰে অৰ্থনীতিবিদে বৈশ্বিক মুক্ত বাণিজ্যৰ উপদেশ দিছিল। তেওঁলোক নব্য-উদাৰতাবাদৰ জনকসমূহৰ অন্যতম।[12][13] পিচে, আটাইতকৈ প্ৰভাৱশালী তদানীন্তন অৰ্থনীতিবিদ আছিল জন মেইনাৰ্ড কেইন্স। কেইন্সে নিজৰ গ্ৰন্থ "এ জেনেৰেল থিয়'ৰি অৱ এম্প্লয়মেণত, ইণ্টাৰেষ্ট এণ্ড মানি"ত অৰ্থব্যৱস্থাৰ এক নতুন ছবি তুলি ধৰিছিল। তেওঁ চৰকাৰৰ দ্বাৰা বজাৰৰ এক কঠোৰতৰ দখল বিচাৰিছিল। এই ধাৰণা যে সমাজবাদী প্ৰত্যক্ষ দখল নকৰাকৈও কিছু কেন্দ্ৰীয় প্ৰতিষ্ঠা আৰু নীতি সজুলিৰ মাজেৰে বজাৰত হস্তক্ষেপ কৰি সামাজিক কল্যাণ বৃদ্ধি কৰিব পৰা যায় বৰ্তমানে কেইন্সিয়ানবাদ নামেৰে জনা যায়।[14] কেইন্সৰ পৰামৰ্শসমূহ, অন্ততঃ পাশ্চাত্য জগতত সকলো চৰকাৰেই মানি লৈছিল আৰু বাস্তৱায়িত কৰিছিল। তাৰ পাছত ১৯৫০ৰ দশকত আমেৰিকা আৰু ইউৰোপত দেখা দিয়া অৰ্থনৈতিক বিকাশৰ বাবে জাৰ্মান শব্দ "ৱিৎশ্বাফ্টৱুণ্ডেৰ" ব্যৱহাৰ কৰা হয়, যাৰ অৰ্থ অৰ্থনৈতিক চমৎকাৰ। এই কালতে এক নতুন ধৰণৰ অৰ্থব্যৱস্থা দেখা গ'ল: গণ উপভোগৰ অৰ্থব্যৱস্থা। ১৯৫৮ চনত জন কেনেথ গেলব্ৰিয়াথে এই ধনী অৰ্থব্যৱস্থাৰ বিষয়ে লিখিছিল "দ্য এফ্লুৱেণ্ট চছাইটি" নামৰ গ্ৰন্থত। এই কালৰ ব্যৱস্থাক প্ৰায় সামাজিক বজাৰ অৰ্থব্যৱস্থা বোলা হয়।[15]

আন ফালে ১৯১৭ চনত ৰুছত হোৱা সাম্যবাদী বিপ্লৱৰ পাছত তাত সমাজবাদী অৰ্থব্যৱস্থা প্ৰৱৰ্তন হ'ল। গৃহযুদ্ধৰ পাছত ৰুছ আৰু আন কেইবাখনো দেশ একেলগ হৈ ছ'ভিয়েট সংঘৰ গঠন হ'ল, যি সমাজবাদী কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত আৰ্হি মানি চলিছিল।[16] প্ৰাৰম্ভিক কেইটামান দশকত ছ'ভিয়েট সংঘত অভূতপূৰ্ব অৰ্থনৈতিক বিকাশ দেখা গ'ল আৰু অৰ্থনৈতিকভাৱে পিছপৰা ৰুছ হৈ পৰিল বিশ্বৰ দ্বিতীয় সৰ্ববৃহ্ত অৰ্থব্যৱস্থা। পাছলৈ পিচে ছ'ভিয়েট সংঘৰ অৰ্থব্যৱস্থাৰ বিকাশ প্ৰায় শূণ্য হৈ পৰিল আৰু অৱশেষত ১৯৯১ত এই দেশ ভংগ কৰা হ'ল।[17] অন্য সমাজবাদী অৰ্থব্যৱস্থাসমূহেও আশানুৰূপ ভাল ফল দেখাব নোৱাৰিলে, যদিও সেই দেশ সমূহত শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত সাধাৰণতে উন্নতি দেখা গৈছিল।

একবিংশ শতিকা[সম্পাদনা কৰক]

বিংশ শতিকাৰ শেষৰ ফালে সাম্যবাদী লৌহ পৰ্দা সৰি পৰিল। ৰুছ আৰু পূৰ্বী খণ্ডৰ অন্যান্য দেশ পুঁজিবাদী হ'বলৈ বাধ্য হ'ল। এই প্ৰক্ৰিয়াত সেই দেশসমূহৰ ওচৰত মধ্য-পন্থা অৱলম্বন কৰাৰ কোনো সুযোগ দিয়া হোৱা নাছিল। সেই দেশসমূহক শীঘ্ৰাতিশীঘ্ৰে পুঁজিবাদী অৰ্থব্যৱস্থা আকোৱালি ল'বলৈ বাধ্য কৰা হৈছিল: এই প্ৰক্ৰিয়াক শ্বক থেৰাপি বা স্তম্ভিতকাৰী চিকিতসা বোলা হয়। তাৰ পাছত এই দেশসমূহত অৰ্থনৈতিক অৱনতিহে পিচে দেখা গ'ল।[18]

নব্বৈৰ দশকত ভাৰত আৰু চীনৰ বজাৰ মুক্ত কৰা হ'ল।[19][20] চীনৰ তীব্ৰ উত্থান একবিংশ শতিকাৰ প্ৰথম দুটি দশকত দেখা গ'ল, যাৰ ফলস্বৰূপে বাস্তৱ মূল্যত ই আমেৰিকা যুক্তৰাজ্যক চেৰ পেলাই বিশ্বৰ সৰ্ববৃহত অৰ্থব্যৱস্থা হৈ পৰিল। ই তেনে কৰিব পাৰিছিল কম খৰচত ঔদ্যোগিক উতপদনৰ মাধ্যমেৰে, যাৰ ফলস্বৰূপে বহুজাতিক কোম্পানীসমূহে চীনত নিজৰ কাৰখানা স্থাপন কৰিছিল আৰু বিদেশলৈ ৰপ্তানি কৰিছিল।[21] ভাৰত, ব্ৰাজিল আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহেও তীব্ৰ গতিত বিকাশ দেখা পালে এই দুই দশকত। বিশ্বৰ অৰ্থনীতি অভূতপূৰ্ব স্তৰত সংযুক্ত হৈ পৰিল: য'ত উতপাদনৰ বিভিন্ন স্তৰ ভিন ভিন দেশত আৰু অৱশেষত উপভোগো অন্য দেশত কৰা হয়। এই প্ৰক্ৰিয়াক বিশ্বয়ন বোলা হয়। এছিয়াত অভূতপূৰ্ব গতিত দৰিদ্ৰতা নিৰ্মূলন দেখা গ'ল।[22]

জাপানৰ বিকাশ বিংশ শতিকাৰ তুলনাত লেহেমীয়া হৈ পৰিল। আমেৰিকা আৰু ইউৰোপৰ বিকাশো লেহেমীয়া হৈ পৰিল, বিশেষকৈ জনসংখ্যাৰ মন্দ্ৰ গতিত বৃদ্ধি আৰু বৃদ্ধকৰণৰ বাবে।[23]

১৯৯০ৰ দশকত গঢ় লৈ উঠা আন্তৰ্জাল সম্বন্ধীয় কোম্পানীসমূহৰ বেপাৰ বিশ্বত বৃদ্ধি পাবলৈ ধৰিলে: ফেচবুক, গুগল, এমাজন, এপল আদি কোম্পানী বিশ্বৰ সৰ্ববৃহ্ত কোম্পানীৰ অন্যতম হ'ল। অংকীয় উপকৰণ যেনে গণক যন্ত্ৰ, বুদ্ধিমত্ত দূৰভাষ, কৃত্ৰিম বুদ্ধিমত্তা আদি অতিকৈ জনপ্ৰিয় হৈ পৰিছে আৰু তাৰ লগতে চেমিকণ্ডাক্টৰ আদিৰ চাহিদাও।[24]

যদিও বিশ্ব অৰ্থব্যৱস্থা তৈল সামগ্ৰীৰ ওপৰত আধাৰিত, বিভিন্ন দেশে সময়সীমাবদ্ধ আয়োজনেৰে বিশ্বত সেউজীয়া ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে।

অৰ্থনৈতিক প্ৰক্ৰিয়া[সম্পাদনা কৰক]

কোনো অৰ্থব্য়ৱস্থাত তিনি প্ৰক্ৰিয়াই দুৰ্লভ সম্পদৰ বিতৰণত কাম কৰে।

উৎপাদন[সম্পাদনা কৰক]

উৎপাদন হ'ল উপাদানৰ পৰা উৎপাদ তৈয়াৰ কৰা প্ৰক্ৰিয়া। উৎপাদনৰ কাৰ্যত কোনো বস্তুক আন বস্তুলৈ ৰূপান্তৰ কৰা হয় এনে প্ৰক্ৰিয়াৰে যে উৎপাদিত বস্তুৰ মূল্য উপাদানসমূহৰ মূল্যতকৈ অধিক হয়। এই কাৰ্যক value added বোলা হয়। পুঁজিবাদী অৰ্থব্যৱস্থাত এই উৎপাদন ঘাইকৈ ব্যক্তিগত উৎপাদকে কৰে, যাৰ উদ্দেশ্য দীৰ্ঘম্যাদত নিজৰ লাভ বৃহদায়িত কৰা হয় বুলি ধৰা হয়। এনে প্ৰত্যেক উৎপাদকৰ উৎপাদিত সাগ্ৰীৰ মুঠ উৎপাদন যোগ কৰিলে আমি কোনো দেশৰ মুঠ ঘৰুৱা উৎপাদন বা GDP পাওঁ। কোনো সমাজবাদী অৰ্থনীতিত উৎপাদন ঘাইকৈ চৰকাৰৰ দ্বাৰা কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত হয়।

ঐতিহাহিসকভাৱে শ্ৰম আৰু মূলধনক উৎপাদনৰ উপাদান বুলি গণ্য কৰা হৈ আহিছে। বৰ্তমানে ভূমি আৰু মানৱ পুঁজিক পৃথক উপাদান বুলিও অনেকে গণ্য কৰে। পুঁজিবাদী অৰ্থব্যৱস্থাত শ্ৰমে বেতন, মূলধনে সূদ, ভূমিয়ে ভাড়া আৰু মানৱ পুঁজিয়ে লাভ পায়।

বিতৰণ[সম্পাদনা কৰক]

বিতৰণ হ'ল উৎপাদিত সামগ্ৰীৰ অৰ্থব্যৱস্থাৰ বিভিন্ন অংশীদাৰৰ মাজত ভাগ-বতৰা। এই বিতৰণ বিভিন্ন ধৰণেৰে হ'ব পাৰে। উদাহৰণ স্বৰূপে, সম্পূৰ্ণৰূপে পুঁজিবাদী কোনো অৰ্থব্যৱস্থাত বজাৰৰ মাধ্যমেৰে বস্তু বিতৰণ কৰা হয়। তাৰ বিপৰীতে, সমাজবাদী অৰ্থব্যৱস্থাত চৰকাৰে বস্তু বিতৰণ কৰে।

বিতৰণে কেইবাধৰণৰো ভাগ-বতৰাক বুজাব পাৰে। এক দৃষ্টিৰ পৰা ই অৰ্থব্যৱস্থাৰ বিভিন্ন ব্যক্তিৰ মাজৰ সম্পদৰ বিতৰণ বুজায়। ই ব্যক্তিৰ মাজৰ আয়ৰ বিতৰণো বুজাব পাৰে। আন দৃষ্টিকোণৰ পৰা, ই অৰ্থব্যৱস্থাৰ বিভিন্ন উপাদানৰ মাজৰ আয়ৰ বিতৰণ বুজায়। শ্ৰমে মজুৰী, মূলধনে সূদ, ভূমিয়ে খাজনা আৰু মানৱ পুঁজিয়ে লাভ পায়।

উপভোগ[সম্পাদনা কৰক]

উপভোগ হ'ল কোনো বস্তুক নিজৰ ইচ্ছাৰ পূৰ্তিৰ বাবে ব্যৱহাৰ কৰা। সম্পদ বিতৰণ হোৱাৰ পাছত সেই সম্পদ যাৰ হাতত পৰে, সেই ব্যক্তিয়ে সম্পদ উপভোগ কৰে।

অৰ্থব্যৱস্থাৰ তিনি কেন্দ্ৰীয় প্ৰশ্ন[সম্পাদনা কৰক]

আমেৰিকী অৰ্থনীতিবিদ পল ছেমুৱেলছনে কোনো অৰ্থব্যৱস্থাক

কি উৎপাদিত হ'ব?[সম্পাদনা কৰক]

কেনেকৈ উৎপাদিত হ'ব?[সম্পাদনা কৰক]

কাৰ বাবে উৎপাদিত হ'ব?[সম্পাদনা কৰক]

অৰ্থব্যৱস্থাৰ প্ৰকাৰ[সম্পাদনা কৰক]

পুঁজিবাদ[সম্পাদনা কৰক]

সমাজবাদ[সম্পাদনা কৰক]

মিশ্ৰ অৰ্থব্যৱস্থা[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

অৰ্থনৈতিক খণ্ড[সম্পাদনা কৰক]

কৃষি খণ্ড[সম্পাদনা কৰক]

ঔদ্যোগিক খণ্ড[সম্পাদনা কৰক]

সেৱা খণ্ড[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Britannica. Artha. https://www.britannica.com/topic/artha
  2. Moiner-Williams Sanskrit Dictionary. Search Result for "artha". https://www.sanskrit-lexicon.uni-koeln.de/scans/MWScan/2020/web/webtc2/index.php
  3. Etymonline. Etymology of "economy". https://www.etymonline.com/word/economy
  4. Sheila C. Dow (2005), "Axioms and Babylonian thought: a reply", Journal of Post Keynesian Economics 27 (3), p. 385-391.
  5. Charles F. Horne, Ph.D. (1915). "The Code of Hammurabi : Introduction". Yale University. Archived from the original on September 8, 2007. https://web.archive.org/web/20070908205713/http://www.yale.edu/lawweb/avalon/medieval/hammint.htm। আহৰণ কৰা হৈছে: September 14, 2007. 
  6. Aragón, Fernando M.; Oteiza, Francisco; Rud, Juan Pablo (2021-02-01). "Climate Change and Agriculture: Subsistence Farmers' Response to Extreme Heat" (en ভাষাত). American Economic Journal: Economic Policy খণ্ড 13 (1): 1–35. doi:10.1257/pol.20190316. ISSN 1945-7731. https://pubs.aeaweb.org/doi/10.1257/pol.20190316। আহৰণ কৰা হৈছে: July 30, 2022. 
  7. Bronson, Bennet (November 1976), "Cash, Cannon, and Cowrie Shells: The Nonmodern Moneys of the World", Bulletin, 47, প্ৰকাশক Chicago: Field Museum of Natural History, pp. 3–15, https://archive.org/stream/fieldmuseumofnat47chica#page/n193/mode/2up .
  8. G.E.M. de Ste. Croix, The Class Struggle in the Ancient Greek World (Cornell University Press, 1981), pp. 136–137, noting that economic historian Moses Finley maintained "serf" was an incorrect term to apply to the social structures of classical antiquity.
  9. Quesnay, François. An Encyclopedia of the Early Modern World- preview entry:Physiocrats & physiocracy. Charles Scribner & Sons. https://www.scribd.com/doc/150712162/Physiocracy। আহৰণ কৰা হৈছে: February 24, 2014. 
  10. "Industrial History of European Countries". Council of EuropeEuropean Route of Industrial Heritage. https://www.erih.net/how-it-started/industrial-history-of-european-countries। আহৰণ কৰা হৈছে: 2 June 2021. 
  11. Goldstein, Jacob (28 February 2014). "The Invention Of 'The Economy'". NPR - Planet Money. https://www.npr.org/sections/money/2014/02/28/283477546/the-invention-of-the-economy. 
  12. Taylor C. Boas, Jordan Gans-Morse (June 2009). "Neoliberalism: From New Liberal Philosophy to Anti-Liberal Slogan". Studies in Comparative International Development খণ্ড 44 (2): 137–61. doi:10.1007/s12116-009-9040-5. 
  13. Springer, Simon; Birch, Kean; MacLeavy, Julie, eds (2016). The Handbook of Neoliberalism. Routledge. পৃষ্ঠা. 3. ISBN 978-1138844001. https://www.routledge.com/The-Handbook-of-Neoliberalism/Springer-Birch-MacLeavy/p/book/9781138844001। আহৰণ কৰা হৈছে: July 30, 2022. 
  14. "What Is Keynesian Economics? – Back to Basics – Finance & Development, September 2014". www.imf.org. http://www.imf.org/external/pubs/ft/fandd/2014/09/basics.htm। আহৰণ কৰা হৈছে: 2 November 2015. 
  15. Koppstein, Jeffrey; Lichbach, Mark Irving (2005), Comparative Politics: Interests, Identities, And Institutions In A Changing Global Order, Cambridge University Press, p. 156, ISBN 0-521-60395-1, https://archive.org/details/comparativepolit0000unse_t7g3. 
  16. ব্ৰিটেনিকা। ছো'ভিয়েট ইউনিয়ন। https://www.britannica.com/place/Soviet-Union
  17. হেৰিছন। দ্য ছ'ভিয়েট ইকনমি, ১৮১৭-১৯৯১। চি ই পি অৰ। https://cepr.org/voxeu/columns/soviet-economy-1917-1991-its-life-and-afterlife
  18. ইনভেষ্টপিডিয়া। শ্বক থেৰাপি ডেফিনিশ্বন। https://www.investopedia.com/terms/s/shock-therapy.asp
  19. বাইকুছ। ইণ্ডিয়ান ইকনমিক ৰিফৰ্মছ। https://byjus.com/current-affairs/lpg-reforms/#:~:text=India%20made%20LPG%20reforms%20in,world%20for%20trade%20and%20commerce.
  20. চাইনা অভাৰভিউ। ৱৰ্ল্ড বেংক। https://www.worldbank.org/en/country/china/overview
  21. চাইনাজ নেক্স্ট লিপ ইন মেন্যুফেক্সাৰিং। https://www.bcg.com/publications/2018/china-next-leap-in-manufacturing
  22. পাই ডট কম। গ্লবেলাইজেশ্বন। https://www.piie.com/microsites/globalization/what-is-globalization#:~:text=Globalization%20is%20the%20word%20used,investment%2C%20people%2C%20and%20information.
  23. বি এছ আৰ। গ্লবেল পপুলেচন গ্ৰৌথ স্ল'ডাউন। https://www.bsr.org/en/emerging-issues/the-global-population-slowdown
  24. ব্ৰুকিংছ। দ্য ইকনমি এণ্ড দ্য ইণ্টাৰ্নেট। https://www.brookings.edu/research/the-economy-and-the-internet-what-lies-ahead/