অৰ্ধপৰিবাহী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

যিবিলাক পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাৰ মান পৰিবাহী পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাতকৈ বেছি আৰু অপৰিবাহী পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাতকৈ কম হয়, সে‌ইবিলাক পদাৰ্থক অৰ্ধপৰিবাহী বুলি কোৱা হয়। অৰ্থা‌ৎ অৰ্ধপৰিবাহীৰ বৈদ্যুতিক পৰিবাহীতাৰ মান ১০-ৰ পৰা ১০-৮ চিমেন প্ৰতি চেণ্টিমিটাৰৰ ভিতৰত হয়। ৰেডিঅ’, কম্পিউটাৰ, টেলিফোন আৰু অন্যান্য বহুতো আধুনিক ইলেক্ট্ৰনিক সা-সজুলিৰ ভেটি হৈছে অৰ্ধপৰিবাহী পদৰ্থবোৰ। এ‌ই সজুলিবোৰত ব্যৱহৃত ট্ৰেনজিষ্টৰ, পোহৰ বিকৰণ কৰিব পৰা ডায়ড(light-emitting diode)কে ধৰি বিভিন্ন ধৰণৰ ডায়ড, চিলিকন নিয়ন্ত্ৰিত ৰেক্টিফায়াৰ, ডিজিটেল আৰু এনালগ সংযুগ্ম বৰ্তনী (integrated circuit) আদি সজুলি অৰ্ধপৰিবাহী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়। একেদৰে অৰ্ধপৰিবাহী সৌৰ ফ’ট’ভল্টে‌ইক পেনেলৰ দ্বাৰা সূৰ্যৰ পোহৰ শক্তিক প্ৰত্যক্ষভৱে বৈদ্যুতিক শক্তিলৈ পৰিৱৰ্তন কৰিব পৰা হৈছে। ধাতবীয় পৰিবাহী পদৰ্থবোৰত ইলেক্ট্ৰনৰ গতিৰ কাৰণে বিদ্যু‌ৎ প্ৰৱাহৰ সৃষ্টি হয়। আনহাতে অৰ্ধপৰিবাহী পদৰ্থবোৰত বিদ্যু‌ৎ প্ৰৱাহ ইলেক্ট্ৰনৰ গতি নাইবা ধনাত্মক ভাৱে আহিত হ’লৰ কাৰণে সৃষ্টি হয়। সাধাৰণতে অৰ্ধপৰিবাহী পদৰ্থবোৰ স্ফটিকীয় গোটা পদাৰ্থ হয়, কিন্তু ‌‌‌‌অনিয়তাকাৰ আৰু তৰল অৰ্ধপৰিবাহীও পোৱা যায়।


ব্যৱসায়িকভাৱে চিলিকনক সধাৰণতে অৰ্ধপৰিবাহী হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু জাৰ্মেনিয়াম,গেলিয়াম আৰ্চেনাইড আৰু চিলিকন কাৰ্বাইড আদি পদাৰ্থও অৰ্ধপৰিবাহী হিচাপে ব্যৱহাৰ কৰা হয়। বিশুদ্ধ অৰ্ধপৰিবাহীত খুব কম পৰিমানে অন্য কিছুমান বিশেষ পদাৰ্থ যোগ কৰি পৰিবাহীতা আৰু অন্যান্য কিছুমান ধৰ্ম‌ নিয়ন্ত্ৰিতভৱে সলনি কৰিব‌ পাৰি। বিশুদ্ধ অৰ্ধপৰিবাহীত যোগ দিয়া এ‌ই পদৰ্থবোৰক “ড’পেণ্ট” বোলা হয়। স্ফটিকীয় চিলিকনত গলিত অৱস্থাত ব’ৰ’ণ, ফচফৰাচ আদি অশুদ্ধি যোগ কৰি গোট মাৰিবলৈ দি ড’পেণ্ট যোগ কৰা হয়। এ‌ই প্ৰক্ৰিয়াটোক “ড’পিং” বোলা হয়।

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত