আংগামী নগা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আংগামী নগা
মুঠ জনসংখ্যা
Approx. 200,000[1]
ভাষাসমূহ

Angami language (Sino-Tibetan)

ধৰ্ম

Christianity (98.22%),
Hinduism (0.74%),
Animism (0.71%).[2]

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

Other Naga peoples

আংগামী নগাসকলৰ এটা নৃত্য উৎসৱ

আংগামী উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যত বসবাস কৰা এটা স্থানীয় নগা জনজাতি। তেওঁলোকক ভাৰতীয় সংবিধানৰ পঞ্চম সূচী অনুসৰি অনুসূচিত জনজাতিৰূপে স্বীকৃতি দিয়া হৈছে।[3] এই জনজাতিৰ লোকসকলে ফেব্ৰুৱাৰী মাহত পালন কৰা ‘চেক্ৰেনী’ (Sekrenyi) নামৰ উৎসৱটোৰ বাবে প্ৰখ্যাত।

বিভাগ[সম্পাদনা কৰক]

আংগামীসকলৰ মূল বাসস্থান বৰ্তমানৰ কহিমা জিলা যদিও মূলতঃ চাৰিটা বিভাগ দেখা পোৱা যায়।

  • দক্ষিণৰ আংগামী: এওঁলোক কহিমাৰ দক্ষিণে মাউণ্ট জাফু নামৰ পৰ্বতৰ নামনিত বাস কৰে। প্ৰধান অঞ্চলসমূহ হ’ল-জাফুফিকি (Japfüphiki ),বিশ্বেমা (Viswema), খুজামা (Khuzama), কিদিমা (Kidima), কিগোৱেমা (Kigwema), জখমা (Jakhama), ফিজামা (Phesama), মিমা (Mima), মিটেলেফে (Mitelephe), ফুচামা (Pfuchama), কেজ’মা (Kezoma), চাজুবা (Chazuba), চ’খাবা (Chakhaba) আৰু কেজ’ টাউন।
  • পশ্চিমৰ আংগামী (Western Angami ) - কহিমাৰ পশ্চিমদিশে বাস কৰে। মূলত: জ’টছমা (Jotsoma), খনমা (Khonoma), মেজ’মা (Mezoma), চেচ্ছুমা (Sechuma), জুবজা (Secü-zubza), কিৰুফেমা (Kiruphema), পেডুচ্ছা (Peducha),মেনগ’জুমা (Mengoujuma), থেকৰেজু (Thekrejü), জুলেকে (Dzüleke) গাঁৱৰ অধিবাসী সকল।
  • উত্তৰৰ আংগামী (Northern Angami) : কহিমাৰ উত্তৰে কিউহিমা (Kewhima), চিডিমা (Chedema), মেৰিমা (Meriema), চিকামা (Chiechama),নেৰহেমা (Nerhema), চিফ’ব’জু (Chiephobozou), টুফেমা (Tuophema), গৰিফেমা (Gariphema), দিহ’মা (Dihoma), ৰুছ’মা (Rusoma) ইত্যাদি গাওঁসমূহৰ অধিবাসী সকল।
  • চাখ্ৰ’ আংগামী (Chakhro Angami)- মূলত: ডিমাপুৰৰ আশে পাশে থকা গাওঁ আৰু সৰু টাউনসমূহ যেনে মেডজিফেমা (Medziphema), চুমুকেডিমা (Chumukedima), চ’ভিমা (Sovima), ৰাজাফে (Razaphe), পিফিমা (Piphema) ইত্যাদিৰ অধিবাসীসকল।

পূৰ্বৰ পূব আগামীসকল বৰ্তমান পৃথক হৈ চাকেঁচাঙ (Chakhesang) নামৰ জনজাতি গঠন কৰিছে।

সংস্কৃতি[সম্পাদনা কৰক]

Captain Butler and assembled Nagas; seated left to right: Lt. Ridgeway, Capt. Butler, Angami Naga interpreter Sezele of Chephama, Mikir coolie. Standing left to right: Angami Naga, Inspector of Police, Angami Naga Dotsole of Chedema, Angami Naga, Rengma Naga, Commander in Chief Manipur Army, (sacred tree with skulls),?, 2 Rengma Nagas, Dr Brown - Political Agent, Manipur

আংগামী সকল মূলত: খেতি আৰু পশুপালনৰ ওপৰতে নিৰ্ভৰশীল পৰ্বতীয়া জনজাতি। তেওঁলোকক terraced wet-rice cultivation ৰ বাবে জনা যায়। মূল সোতৰটা নগা জনজাতিৰ ভিতৰত এনে খেতি কৰা দুটা জনজাতিৰ অন্যতম এই আংগামীসকল। ইয়াৰ ফলত তেওঁলোকে একেডোখৰ মাটিতে প্ৰতিবছৰে ধানৰ খেতি কৰিব পাৰে আৰু সেয়ে ঝুম খেতিৰ ওপৰত তেওঁলোক তুলনামূলকভাৱে কম নিৰ্ভৰশীল।

সামাজিক শ্ৰেণীবিভাজন আংগামী সমাজত দেখা পোৱা নাযায়। পৰম্পৰাগতভাৱে, সতি-সন্ততিৰ মাজত সম্পত্তিৰ সমানে ভাগ কৰি দিয়া হয়। পৰিয়ালৰ আটাইতকৈ নুমলীয়া পুত্ৰই পিতৃ-মাতৃৰ ঘৰ ’কিথ’কি’ (Kithoki ) লাভ কৰে। তেওঁলোকক বৃদ্ধাৱস্থাত চোৱাচিতা কৰাৰ দায়িত্বও ইয়াৰ লগতে তেওঁ পালন কৰে।

ধৰ্ম[সম্পাদনা কৰক]

আংগামীসকল পৰম্পৰাগতভাৱে যুদ্ধপ্ৰিয় জনজাতি আছিল। পূৰ্বতে আংগামী পুৰুষসকলে শত্ৰু গাৱঁৰ সৈতে যুদ্ধ কৰি আৰু মূৰ কাটি সময় অতিবাহিত কৰিছিল। ১৮৭৯ চনত বিট্ৰিছ চৰকাৰে তেওঁলোকৰ অঞ্চলসমূহ হস্তগত কৰি এনে যুদ্ধ-বিগ্ৰহৰ অন্ত পেলায়। খ্ৰীষ্টান ধৰ্মপ্ৰচাৰৰ ফলশ্ৰুতিত প্ৰায়ভাগ আংগামী লোকে ধৰ্মান্তৰিত হৈ পূৰ্বৰ ৰীতি-নীতি ত্যাগ কৰে। খ্ৰীষ্টানধৰ্মী আংগামীসকল মূলসুঁতি পাঁচটা- বেপ্টিষ্ট, খ্ৰীষ্টান ৰিভাইভেল, ৰোমান কেথ’লিক, পেণ্টিক’ষ্টেল আৰু সপ্তম দিনীয়া এডভেণ্টিষ্ট (Seventh-day Adventist)। অৱশ্যে খ্ৰীষ্টানধৰ্মী আংগামীসকলৰ প্ৰায় ৮০% ই বেপ্টিষ্ট। বৰ্তমান প্ৰায় ৯৮% আংগামী লোকেই খ্ৰীষ্টান ধৰ্মী যদিও পূৰ্বৰ এনিমিষ্ট ধৰ্ম জীয়াই ৰখা অন্তিম নগা জনজাতিবোৰৰ এটা এই আংগামীসকল। এই এনিমিষ্ট আংগামীসকলে পালন কৰা ধৰ্মক ’ফুটছানা’ (Pfutsana religion) বুলি জনা যায়। ১৯৯১ চনৰ লোকপিয়ল অনুসৰি এই ধৰ্মাৱলম্বী আংগামীৰ সংখ্যা আছিল ১৭৬০ জন, কিন্তু দহবছৰৰ পিছত এই সংখ্যা ৮৮৪ লৈ হ্ৰাস পায়। বৰ্তমান এই ধৰ্মী লোকসকল কহিমাৰ দক্ষিণে নখন গাঁৱত সিঁচৰতি হৈ আছে। [4][5]

প্ৰখ্যাত ব্যক্তি[সম্পাদনা কৰক]

  • Metsülhou Angami (১৯৯০-২০১৫): হাস্যৰসিক (Comedian), নৃত্যশিল্পী তথা সামাজিক কমেণ্টেটৰ (social commentator)। নগা মুক্তিযুদ্ধৰ দাবীৰে প্ৰতিষ্ঠিত ঐতিহাসিক চাইমন কমিছনৰ তেওঁ এগৰাকী signatory আছিল।
  • A Z. Phizo (১৯০৩-১৯৯০): নাগা নেশ্যনেল কাউন্সিলৰ নেতা।
  • A Kevichüsa (1903-1990): সৰ্বপ্ৰথম নগা স্নাতক। নগা নেশ্যনেল কাউন্সিলৰ সাধাৰণ সম্পাদক।

  • T. N. Angami (১৯১৩-১৯৮৬): নাগালেণ্ড Nagaland Legislative Assembly ৰ সৰ্বপ্ৰথম মুখপত্ৰ (speaker) তথা ১৯৬৬ ৰ পৰা ১৯৬৯ চনলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী।
  • Vizol Angami (১৯১৪-২০০৮): প্ৰথম নগা বিমানচালক (Indian Air Force during World War II) আৰু পৰৱৰ্তী কালত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী (১৯৭৪-১৯৭৫; ১৯৭৭-১৯৮০)
  • Samuel Mezhür Sekhose (১৯১৮-১৯৮৯): ব্ৰিটিছ এম্পায়াৰ মেডেল (British Empire Medal) লাভ কৰা একমাত্ৰ ভাৰতীয়।
  • Dr. Khrielieü Kire (১৯১৮-২০১৩): প্ৰথম মহিলা নগা ডাক্তৰ আৰু নাগালেণ্ডত চিকিৎসাবিদ্যাৰ অগ্ৰগতিৰ ক্ষেত্ৰত বাটকটীয়া।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". Archived from the original on 2012-09-07. https://archive.is/20120907112054/http://www.nagalandonline.in/Profile/districts/Kohima.asp। আহৰণ কৰা হৈছে: 2016-06-02. 
  2. Table ST-14, Indian Census of 2001
  3. "The Constitution (Scheduled Tribes): Order, 1950". Ministry of Law and Justice (India). http://lawmin.nic.in/ld/subord/rule9a.htm. 
  4. Table ST-14, Table ST-14a, Census of India 2001
  5. "nscn: Japfuphiki Pfutsana annual feast". Nscn.livejournal.com. 2006-03-26. http://nscn.livejournal.com/201698.html। আহৰণ কৰা হৈছে: 2014-06-10. 

লগতে চাওক[সম্পাদনা কৰক]

  • Alban von Stockhausen: Imag(in)ing the Nagas: The Pictorial Ethnography of Hans-Eberhard Kauffmann and Christoph von Fürer-Haimendorf. Arnoldsche, Stuttgart 2014, ISBN 978-3-89790-412-5.
  • Durkheim, E. and Mauss, 1963. Primitive Classification. (trans. R. Needham), London, Free Press.
  • Edsman, C.M., 1987. ‘Fire’, The Encyclopaedia of Religion, vol. 5, ed. by M. Eliade. pp.  340–46. New York, Macmillan Publishing Company.
  • Hutton, J.H., 1969. The Angami Nagas, Bombay, Oxford University Press. (first published in 1921 by Macmillan & Co. London).
  • Joshi, Vibha. A Matter of Belief: Christian Conversion and Healing in North-East India (Berghahn Books; 2012) 298 pages; a study of Christian conversion and the revival of traditional animist culture among the Angami Naga.
  • Rudhardt, J., 1987. ‘Water’, The Encyclopaedia of Religion, vol. 15, ed. by M. Eliade, pp.  350–61. New York, Macmillan Publishing Company.
  • Stirn, Aglaja & Peter van Ham. The Hidden world of the Naga: Living Traditions in Northeast India. London: Prestel.
  • Oppitz, Michael, Thomas Kaiser, Alban von Stockhausen & Marion Wettstein. 2008. Naga Identities: Changing Local Cultures in the Northeast of India. Gent: Snoeck Publishers.
  • Kunz, Richard & Vibha Joshi. 2008. Naga – A Forgotten Mountain Region Rediscovered. Basel: Merian.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]