আকাশ টেবলেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আকাশ টেবলেট
আকাশৰ সংস্কৰণ Ubislate7ৰ ছবি
আকাশৰ সংস্কৰণ Ubislate7ৰ ছবি
বিকাশক ডাটা ৱিণ্ড
নিৰ্মাতা ভি এম চি চিষ্টেমচ, হাইদৰাবাদ[1]
প্ৰকাৰ টেবলেট কম্পিউটাৰ
প্ৰাৰম্ভিক মূল্য $৩৫ / ২,২৫০
মেডিয়া জি এচ এম
অপাৰেটিং চিষ্টেম এণ্ড্ৰইড ২.৩ গিনজাৰব্ৰে’ড
শক্তি ৩০০০ mAh লিঠিয়াম আয়ন বেটাৰী
চি পি এউ এ আৰ এম ১১ কৰ্টেক্স এ৮ @ ৮০০MHz প্ৰেচেচৰ
সংৰক্ষণ ক্ষমতা ফ্লাচ মেম’ৰি
ইণ্টাৰনেল ২ জিবি
এক্সটাৰ্নেল ২-৩২ জিবি
মেম,ৰি ২৫৬ এম বি ৰেম
ডিচপ্লে’ ৮০০ × ৪৮০ পিস্কেল
শব্দ মাইক্ৰ’ফোন; ষ্টেৰিঅ’ ইয়াৰফোন; 3.5mm jack
ইনপুট মাল্টি টাচ স্ক্ৰিন
কেমেৰা নাই
টাচপেড ৰোধীয়
সংযোগ ৱাই ফাই, (802.11 a/b/g/n)
অনলাইন সেৱাসমূহ গেট জাৰ মাৰ্কেট
মাত্ৰা ১৯০.৫ মিমি H
১১৮.৫ মিমি W
১৫.৭ মিমি D
ওজন ৩৫০ গ্ৰাম
পূৰ্ববৰ্তী শক্ষত
পৰৱৰ্তী আকাশ ২
ৱেবচাইট www.akashtablet.com

আকাশ হৈছে ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহঃযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা।[2]

আকাশ হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী টেবলেট। ইয়াক Ubislate 7+ (বাণিজ্যিক নাম) বুলিও জনা যায়। ই বজাৰত $৬০ত ঊপলভ্য। ছাত্ৰ ছাত্ৰীৰ বাবে ৫০% ৰেহাই মূল্যত এই টেবলেট পোৱা যায়।[2]

আকাশৰ প্ৰথমটো শৃংখলাৰ টেবলেট সমূহৰ RAM ২৫৬ এম বি, প্ৰচেচৰ ARM 11 আৰু এইবোৰ এণ্ড্ৰইড ২.২ যুক্ত। "আকাশ ১ক" "প্ৰতিজন ছাত্ৰৰ বাবে এটাকৈ লেপটপ (One Laptop Per Child) আঁচনিৰ অধীনত সমগ্ৰ ভাৰতৰ ২৫,০০০খন মহাবিদ্যালয় আৰু ৪০০খন বিশ্ববিদ্যালয় ছাত্ৰ সকলক কমেও এটাকৈ কম্পিউটিং সঁজুলি যোগান ধৰাৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা হৈছিল।[2]

১১ নবেম্বৰ ২০১২ তাৰিখে "আকাশ ২" মুকলি কৰি দিয়া হয়, আকাশ ১ৰ তুলনাত আকাশ ২ উন্নত প্ৰচেচৰ, আৰু অধিক ৰেম যুক্ত, আকাশ ২ আই আই টি ৰাজস্থানৰ সহঃযোগত নিৰ্মাণ কৰা হৈছে।[2]

এপ্লিকেচনসমূহ[সম্পাদনা কৰক]

লগত অহা এপ্লিকেচনসমূহ:

  • ৱেব ব্ৰাউজাৰ
  • কেলকুলেটৰ (গণক যন্ত্ৰ)
  • কেলেণ্ডাৰ
  • কেমেৰা (আকাৰ্যক্ষম)
  • ঘড়ী
  • ঠিকনা বহী
  • ডাটাৱিণ্ড মেনেজাৰ
  • ডেভেলপাৰৰ সঁজুলি
  • ইমেইল
  • গেলেৰী
  • বাৰ্তা (মেছেজিং)
  • সংগীত (মিউজিক)
  • টোকা বহী (ন’ট পেড)
  • ফোন
  • ক্ৱিক পিক (?)
  • সন্ধান
  • ছেটিংচ
  • অন্যান্য

টোকা: UbiSlate 7 শৃংখলাৰ টেবলেট সমূহত লগতে অহা ফাইল এক্সপ্ল’ৰাৰ, লগতে এণ্ড্ৰইড ষ্ট’ৰ দেখিবলৈ পোৱা নাযায়।

ৱেব ব্ৰাউজাৰ[সম্পাদনা কৰক]

ডাটাৱিণ্ডে দাবী কৰা মতে এই টেবলেটৰ ডিফল্ট ৱেব ব্ৰাউজাৰত তথ্য সংকোচন প্ৰযুক্তিৰে সমৃদ্ধ, যাৰ বাবে ২জি নেটৱৰ্কটো ই ৩জি দৰে দ্ৰুত বেগ দিবলৈ সক্ষম। ই আন ব্ৰাউজাৰতকৈ প্ৰায় ৩০ গুণ অধিক প্ৰদান কৰিবলৈ সক্ষম।[3]

বাকচৰ ভিতৰত ঊপলভ্য[সম্পাদনা কৰক]

  • ম’বাইল ইণ্টাৰনেট সঁজুলি (টেবলেট)
  • ২জিবি মাইক্ৰ’ এচ ডি কাৰ্ড
  • এ চি এডাপ্টেৰ (চাৰ্জাৰ)
  • নিৰ্দেশনা থকা কিতাপ
  • স্বাগতম পত্ৰ
  • ৱাৰেণ্টি পত্ৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Harsimran Julka, ET Bureau (Jun 2, 2012). "Aakash 2, the cheapest tablet PC, misses May-end deadline". The Economic Times. http://articles.economictimes.indiatimes.com/2012-06-02/news/31984185_1_tablet-datawind-kapil-sibal। আহৰণ কৰা হৈছে: 27 July 2012. 
  2. 2.0 2.1 2.2 2.3 thinkdigit.com (ডিচেম্বৰ ২০১২). "Encyclopedia Technica A to E". ডিজিট খণ্ড ১২ (১২): ৬. 
  3. "Datawind press release". Datawind.com. 2011-10-05. http://datawind.com/pressrelease.html। আহৰণ কৰা হৈছে: 2012-07-31. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]