২৭ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আগষ্ট ২৭ৰ পৰা পুনঃনিৰ্দেশিত)
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

২৭ আগষ্ট (ইংৰাজী: 27 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৯তম (অধিবৰ্ষত ২৪০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৬০৪ - শিখ গুৰু অৰ্জুনদেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগৃহীত হয়। সেই বছৰৰে সেই দিনটোত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ইয়াক সংৰক্ষণ কৰা হয়।
  • ১৭৮১ - হায়দৰ আলীয়ে ব্ৰিটিছৰ লগত পল্লিলোৰ যুদ্ধত লিপ্ত হৈছিল।
  • ১৮৫৯ - আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান পোৱা হয়।
  • ১৮৮৩ - ইন্দোনেছিয়াৰ ক্ৰাকেটোৱাত সৰ্ববৃহৎ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল। ৩৬,৬০০জন লোকৰ হানি হৈছিল।
  • ১৯৩৯ - জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজ পৰীক্ষামূলক উৰণ সম্পন্ন হয়।
  • ১৯৪৭ - ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি. টি. আই. গঠন হয়।
  • ১৯৭৬ - ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা মেজৰ জেনেৰেল গাৰ্টুদে আলী ৰামক মিলিটেৰি নাৰ্চিং চাৰ্ভিচেছ ডিৰেক্টৰ হিচাপে নিয়োগ কৰা হয়।
  • ১৯৯৯ - সোণালী বেনাৰ্জী প্ৰথম ভাৰতীয় মহিলা সামুদ্ৰিক অভিযন্তা হয়।
  • ২০০৩ - প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থিত হয়।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৯৮ - জন হ'পকিনছন, ইংৰাজ পদাৰ্থ বিজ্ঞানী, হ'পকিনছন সূত্ৰৰ বাবে জনাজাত।
  • ১৯১৯ - লুইছ ব'থা, দক্ষিণ আফ্ৰিকাৰ প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৯৬৩ - ৱিলিয়াম এডৱাৰ্ড বাৰ্গাহাৰ্ট ডু ব'ই (William Edward Burghardt Du Bois), আমেৰিকাৰ সমাজবিজ্ঞানী।
  • ১৯৬৫ - লী ক'ৰবাজিয়ে, ফ্ৰান্সৰ এগৰাকী খ্যাতনামা স্থপতিবিদ, শিল্পী আৰু লেখক।
  • ১৯৭৬ - মুকেশ, ভাৰতীয় গায়ক।
  • ১৯৭৯ - লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হয়। ভাৰতৰ অন্তিম ভাইচৰয়।
  • ১৯৮২ - নিৰ্মলা সুন্দৰী, সাধ্বী আৰু যোগ গুৰু।
  • ২০০৬ - ঋষিকেশ মুখাৰ্জী, ভাৰতীয় বোলছবিৰ এগৰাকী প্ৰসিদ্ধ পৰিচালক।
  • ২০১০ - ৰবীন্দ্ৰ কেলকৰ, কোংকণী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় লেখক।
  • ২০১৮ - গুণ মহন্ত, অসমীয়া অভিনেতা।
  • ২০২০ - অৰ্চনা মহন্ত, অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া আধুনিক গীতত, ভক্তিমূলক গীতত, বিহুগীতত আৰ অসমীয়া কথাছবিত কণ্ঠদান কৰিছিল। আকাশবাণীৰ পৰা 'বি হাই গ্ৰেড' স্বীকৃতি লাভ কৰা তেওঁ প্ৰথমগৰাকী শিল্পী। (জন্ম: ১৮ মাৰ্চ, ১৯৪৯)

দিৱস[সম্পাদনা কৰক]

  • স্বাধীনতা দিৱস (মলদোভা)।

অন্যান্য[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



তথ্যসূত্ৰ[সম্পাদনা কৰক]