আত্ৰেয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এজন আত্ৰেয় (आत्रेय) হ’ল হিন্দু ঋষিসকলৰ ভিতৰত অন্যতম অত্ৰিৰ বংশধৰ যাৰ অৱদানসমূহ পুৰাণসমূহত উল্লেখিত আছে।

ভাৰত আৰু নেপালৰ ব্ৰাহ্মণসমাজে ব্যৱহাৰ কৰা আন বহুতো গোত্ৰৰ দৰে অত্ৰি ঋষিৰ বংশধৰ সকলেও আত্ৰেয় তেওঁলোকৰ উপাধি হিচাপে ব্যৱহাৰ কৰে। প্ৰকৃত আত্ৰেয় গোত্ৰৰ ব্ৰাহ্মণ সকলে পূব ভাৰতৰ বৰ্তমানৰ ঊৰিষ্যা কলিংগ,উত্কল,দক্ষিণ কৌশল আদি ৰাজ্যলৈ পৰিব্ৰাজন কৰে।


ভাৰতীয় পৰম্পৰাগত ঔষধী ব্যৱস্থা আয়ুৰ্বেদৰ বহল ক্ষেত্ৰখনত আত্ৰেয় সকলৰ অৱদান অতি গুৰুত্বপূৰ্ণ। বাগভট্টৰ দ্বাৰা ৰচিত অষ্টাংগ হৃদয়ৰ প্ৰথম অধ্যায়ৰ তৃতীয় শ্লোকত উল্লেখ আছে যে ব্ৰহ্মাআয়ুৰ্বেদৰ জ্ঞান অশ্বিনী কুমাৰদ্বয়ক দিয়ে,অশ্বিনী কুমাৰে এয়া ইন্দ্ৰক শিকাই। ইন্দ্ৰই এই জ্ঞান অত্ৰিপুত্ৰ আত্ৰেয় পুনৰ্বসুক দিয়ে আৰু আত্ৰেয়ই অগ্নিৱেশ,ভেল আদি ছয়জন শিষ্যৰ মাজত এই জ্ঞান ভগাই দিয়ে।[1]

References[সম্পাদনা কৰক]

  1. VAGHBHATA, translated by Kanjiv Lochan. Astanga Hrdayam. CHAUKHAMBHA PUBLICATIONS. পৃষ্ঠা. 1. ISBN 978-81-89798-15-4.