আনন্দ চন্দ্ৰ দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আনন্দ চন্দ্ৰ দত্ত
জন্ম ফেব্ৰুৱাৰী ৮, ১৯২৩[1]
চেকনিধৰা গাঁও, যোৰহাট
বাসগৃহ ক্লাব ৰোড, যোৰহাট
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম বাপ
বংশদ্ভূত অসমীয়া
নাগৰিকত্ব ভাৰতীয়
পেচা উদ্ভিদবিদ আৰু প্ৰকৃতিপ্ৰেমী
গৃহস্থান যোৰহাট
ধৰ্ম হিন্দু


আনন্দ চন্দ্ৰ দত্ত (ইংৰাজী: Ananda Chandra Dutta) (জন্ম ৮ মাৰ্চ ১৯২৩ - ) অসমৰ এজন আন্তঃৰাষ্ট্ৰীয়ভাৱে জনাজাত উদ্ভিদবিদ[2]। গৱেষণা আৰু বিশ্ববিদ্যালয়ৰ কোনো বিশেষ ডিগ্ৰী নথকা সত্বেও একান্ত আগ্ৰহ, শ্ৰম, কষ্টসহিষ্ণুতা, ধৈৰ্য আদিৰ বলত অসমৰ প্ৰকৃতিৰ গছ-বন আদিৰ অধ্যয়ন আৰু সেইবোৰৰ সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ গ্ৰন্থ, প্ৰবন্ধ, চিত্ৰ আদি প্ৰকাশ কৰিছে।[3]

জন্ম[সম্পাদনা কৰক]

আনন্দ চন্দ্ৰ দত্তৰ যোৰহাটচেকনিধৰা গাঁওত জন্ম হৈছিল। পিতৃৰ নাম ভোলাৰাম দত্ত আৰু মাতৃৰ নাম সৰুমাই দত্ত সৰুকালৰ ঘৰুৱা নাম আছিল বাপকোঁচ সম্প্ৰদায়ৰ নিৰক্ষৰ পিতৃয়ে ধান, মাহ, আলু, সৰিয়হ আদি খেতি কৰাৰ বাহিৰেও আজৰি দিনত সেই কালৰ যোৰহাট কুঁহিয়াৰ গৱেষণা কেন্দ্ৰত ছয়-অনা (৩৬ প‍ইছা) মজুৰিত দিন মজুৰি কৰি পৰিয়াল পোহপাল কৰিছিল।[3]

শিক্ষা[সম্পাদনা কৰক]

১৯৩৪ চনত তেখেতে যোৰহাট প্ৰেক্তিছিং স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰে আৰু ১৯৪৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰে। ১৯৪৫ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়িবলৈ লৈছিল যদিও আৰ্থিক দূৰৱস্থাৰ বাবে কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে।[3]

কৰ্মজীৱন[সম্পাদনা কৰক]

টোকোলাই চাহ গৱেষণা কেন্দ্ৰ

কলেজীয়া শিক্ষা অসম্পূৰ্ণ অৱস্থাতেই তেখেতে মৰিয়নি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাবে ১৯৪৪-৪৫ চনত কৰ্মজীৱন আৰম্ভ কৰিছিল।[1] তেখেতে ১৯৪৭ চনৰ ৮ ফেব্ৰুৱাৰীত যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰত ড° উইলিয়াম ৱাইটৰ অধীনত মাহে ৫০ টকা দৰমহাৰে কেন্দ্ৰৰ সহকাৰী বিজ্ঞানী পদত চাকৰিত নিয়োজিত হয় আৰু ১৯৮৩ চনৰ ১ মাৰ্চত এই চাকৰিৰ অন্ত পৰে।[3] ১১৮৩ চনৰ ১ এপ্ৰিলৰ পৰা ১৯৮৬ চনৰ ডিচেম্বৰ মাহলৈকে তেখেত অসম কৃষি বিশ্ববিদ্যালয়ত Audio Visual Aid Assistant পদত কাম কৰে। ইয়াৰ পাছত এবছৰৰ বাবে অৰ্থাৎ ১৯৮৭ ৰ পৰা ১৯৮৮ চনলৈ তিতাবৰ ছেৰিকালছাৰ ফাৰ্মত আলোকচিত্ৰশিল্পী হিচাপে নিয়োজিত হয়। পৰৱৰ্তী সময়ত টোকোলাই চাহ গৱেষণা কেন্দ্ৰত বনস্পতিৰ সূচী প্ৰস্তুত কৰাৰ বাবে পুনৰাই চাকৰিত নিয়োজিত কৰে। ১৯৯১ চনৰ আগষ্টৰ পৰা ১৯৯৪ চনৰ এপ্ৰিললৈ যোৰহাটৰ জিমখানা ক্লাবৰ পৰিচালক পদত নিয়োজিত হয়।[3]

শ্ৰী দত্তই দা আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, প্ৰান্তিক, আমাৰ অসম, আজিৰ অসম, স্বাস্থ্য চিন্তা আদি বহুতো বাতৰি কাকত আৰু আলোচনীত তিনিশতকৈও অধিক প্ৰবন্ধ, দুশমান বিভিন্ন বিষয়ৰ চিঠি লিখিছে।[3]

আনন্দ চন্দ্ৰ দত্তই ১৯৭৭ চনত যোৰহাটত এক চাহ সংগ্ৰহালয় (tea museum) স্থাপনত মুখ্য ভূমিকা পালন কৰিছিল[1]। তেখেতে যোৰহাটৰ টোকোলাইৰ বনস্পতি সংগ্ৰহালয় (herbarium) অৰ বাবে ১০,০০০ গছৰ নামসমৃদ্ধ এখন তালিকা প্ৰস্তুত কৰিছিল[1]। তেখেতক শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ডঃ অৱ চায়েন্স উপাধি প্ৰদান কৰে।[3]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  1. Some Common Weeds of the T.E. in NE India. (১৯৭২)
  2. Some Shade Trees, Green crop & Cover Crop Plants in the T.E. of N.E. India. (১৯৭৭)
  3. ফটোগ্ৰাফী (১৯৮০): এইখন আছিল ফটোগ্ৰাফী বিষয়ত প্ৰথম অসমীয়া গ্ৰন্থ[3]
  4. Dictionary of Economic and Medical Plants (১৯৮৫)
  5. বনৌষধিৰ গুণ আৰু ৰোগ আৰোগ্য (২০০৩)
  6. অসমৰ গছ গছনি (১ম খণ্ড) (২০০০)
  7. উদ্ভিদ উপাদান (যন্ত্ৰস্থ, ১ম খণ্ড) (২০০৪)

অপ্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

২০০৬ চনৰ তথ্য অনুসৰি তেখেতৰ অপ্ৰকাশিত গ্ৰন্থসমূহৰ তালিকা[3]:-

  1. অসমৰ গছ-গছনি (২য় খণ্ড)
  2. উদ্ভিদ উপাদান (২য় খণ্ড)
  3. বনশাকৰ ঔষধি গুণ
  4. দেৱানৰ দিন
  5. আঘোণী বাই (সামাজিক উপন্যাস)
  6. ভকত-বান্ধৱ (আধ্যাত্মিক)
  7. Tea Plantation Handbook (অসমীয়া আৰু ইংৰাজী সংস্কৰণ)
  8. চাহ গছৰ ইতিহাস আৰু বিকাশ (২০০৪)


অন্যান্য অভিৰুচি[সম্পাদনা কৰক]

উদ্ভিদ অধ্যয়ন, ফটোগ্ৰাফীৰ ওপৰিও উদ্যান সজোৱা, আপুৰুগীয়া গ্ৰন্থ আৰু সম্পদ সংগ্ৰহ, বাঁহীবাদন, পেঁপাবাদন, হাৰ্মোনিয়াম, বাঁহ কাঠৰ হস্তশিল্প নিৰ্মান তেখেতৰ অভিৰুছি তথা বিশেষ দক্ষতা আছে।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Assam Jatiya Bidyalaya fellowship to AC Dutta" The Assam Tribune, 11 February 2010; Retrieved 18 March 2012.
  2. Ananda Chandra Dutta felicitated at Jorhat The Sentinel, 15 March 2012; Retrieved 18 March 2012
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 ফুলেশ্বৰী ডেকা বৰুৱা. প্ৰান্তিক, ১-১৫ ফেব্ৰুৱাৰী, ২০০৬. প্ৰকাশক গুৱাহাটী, অসম. পৃষ্ঠা. ৩০ -৩২. 
  4. আলোচনী: জিএনাআৰচি স্বাস্থ্য, প্ৰকাশ: অক্টোবৰ ২০১০, প্ৰবন্ধ: আনন্দ চন্দ্ৰ দত্তৰ সৈতে এখন্তেক, লেখিকা: লখিমী চুতীয়া গগৈ।