আমচোং অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমচোং অভয়াৰণ্য
Amchang Wildlife Sanctuary
মানচিত্ৰত আমচোং অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান গুৱাহাটী, অসম, ভাৰত
নিকটতম চহৰ গুৱাহাটী
মাটিকালি 78.68 বৰ্গ কি.মি. (7,86,80,000 বৰ্গ মিটাৰ)
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

আমচোং অভয়াৰণ্য (ইংৰাজী: Amchang Wildlife Sanctuary) অসমকামৰূপ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই পূব-কামৰূপ বনবিভাগৰ অন্তৰ্গত।

ইতিহাস[সম্পাদনা কৰক]

গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা আমচাং অভয়াৰণ্যই ‘আৰ্লি বাৰ্ডছ’ (Early Birds) নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ প্ৰচেষ্টাত ২০০৪ চনৰ ৯ জুনত চৰকাৰীভাৱে অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। খানাপাৰা দক্ষিণ আমচাং অঞ্চলৰ ২৫৪৬.১০ হেক্টৰ অৰণ্যভূমি আৰু আমচাং অঞ্চলৰ ৫৩১৮ হেক্টৰ অৰণ্যভূমিক সামৰি আমচাং অভয়াৰণ্য গঠন কৰা হৈছে। পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত এই অভয়াৰণ্যৰ মুঠ মাটিকালি ৭৮৬৪.১০ হেক্টৰ অৰ্থাৎ প্ৰায় ৭৮.৬৪ বৰ্গ কিলোমিটাৰ।

এই বনাঞ্চলক ২০০৪ চনৰ ১৯ জুন তাৰিখে বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।[1]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

আমচোং অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৭৮.৬৮ বৰ্গকিলোমিটাৰ।[2] ই গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা মাথোঁ ১৫ কিমি দুৰত্বত অৱস্থিত।

জলবায়ু[সম্পাদনা কৰক]

অভয়াৰণ্যখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ১৮০০ মিলিমিটাৰতকৈ কম, গড় সৰ্বোচ্চ তাপমাত্ৰা ৩৪° চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন তাপমাত্ৰা ৬ চেণ্টিগ্ৰেড।

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

উদ্ভিদ:[সম্পাদনা কৰক]

মূলতঃ পৰ্ণপাতী উদ্ভিদ।[1] কিছু কিছূ অঞ্চলত ঘাঁহনিও দেখা পোৱা যায়। অভয়াৰণ্যখনৰ ভূমিভাগ পাহাৰীয়া। পাহাৰীয়া হোৱাৰ ফলত এই অভয়াৰণ্যৰ ভিতৰ ভাগত কিছুমান এঢলীয়া ভূমিৰ লগে লগে সৰু সৰু ঘূলিৰ সৃষ্টি হৈছে। অভয়াৰণ্যখন প্ৰধানকৈ পৰ্ণপাতী বৃক্ষৰে পৰিপূৰ্ণ। তদুপৰি এই অৰণ্যত সৰু সৰু ঘাঁহনিও পৰিলক্ষিত হয়। কদম, গমাৰি, আঁহত, পমা, কৰৈ, শিমলু, অৰ্জুন, এজাৰ, চেগুন, ঘোঁৰানিম ইত্যাদি গছ অভয়াৰণ্যখনত পোৱা যায়।

প্ৰাণী:[সম্পাদনা কৰক]

অভয়াৰণ্যখন হাতীৰ এক উল্লেখযোগ্য বাসস্থান। হাতীৰ বাহিৰেও এই অভয়াৰণ্যত যথেষ্ট সংখ্যক নাহৰফুটুকী বাঘ আছে। অভয়াৰণ্যখনত থকা আন স্তন্যপায়ী বন্যপ্ৰাণীবোৰ হ’ল— বনৰৌ, লাজুকী বান্দৰ, মলুৱা বান্দৰ, বাদুলী, টুপীমূৰীয়া বান্দৰ, বনৰীয়া গাহৰি, বনগৰু বা মেঠোন, বনৰীয়া শহাপহু, সুগৰী পহু, কেৰ্কেটুৱা, হেপা ইত্যাদি।

হাতী, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।[2]

চৰাই-চিৰিকটি:[সম্পাদনা কৰক]

  • সৰীসৃপ: ফেঁটীসাপ, পাইথন, কাছ, গুইঁ ইত্যাদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Amchang Wildlife Sancturary". enajori.com. enajori.com. Archived from the original on 2015-02-14. https://web.archive.org/web/20150214094224/http://enajori.com/wildlife/sanctuaries/amchang-wildlife-sanctuary/। আহৰণ কৰা হৈছে: 22 আগষ্ট 2013. 
  2. 2.0 2.1 "Amchang Wildlife Sanctuaries". AMTRON. Department of Environment and Forests, Govt. of Assam. Archived from the original on 2013-05-16. https://web.archive.org/web/20130516070931/http://assamforest.in/NP_Sanctuaries/wls_Amchang.php। আহৰণ কৰা হৈছে: 22 আগষ্ট 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

আমচাং অভয়াৰণ্যৰ ইতিসাহ Archived 2020-10-17 at the Wayback Machine