আমাৰ সোনাৰ বাংলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমাৰ সোনাৰ বাংলা
আমার সোনার বাংলা

 বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত
গীতিকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, ১৯০৫
সুৰকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, ১৯০৫
গ্ৰহণৰ তাৰিখ ১৯৭২
সংগীতৰ নমুনা
noicon

আমাৰ সোনাৰ বাংলা (বঙালী: আমার সোনার বাংলা, "মোৰ সোণৰ বংগ") গানটো হৈছে বাংলাদেশৰ জাতীয় সঙ্গীত। এই গানটোৰ ৰচনা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ। ১৯০৫ খ্ৰীষ্টাব্দৰ বংগ-ভংগ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই গানটো ৰচনা কৰা হৈছিল। ১৯৭২ খ্ৰীষ্টাব্দত এই গানটোৰ প্ৰথম দহ শাৰী সদ্যগঠিত গণপ্ৰজাতন্ত্ৰী বাংলাদেশৰ জাতীয় সঙ্গীত হিচাবে নিৰ্বাচন কৰা হয়[1]। আনুষ্ঠানিকভাবে কেবল প্ৰথম চাৰি শাৰী গোৱা হয়।

সোনাৰ শব্দটোৰ অৰ্থ হৈছে 'সোণেৰে নিৰ্মিত', কিন্তু গানটোত সোনাৰ বাংলা শব্দটোৱে বেংগলৰ মূল্য অথবা ধান খেতি চপোৱাৰ আগতে ধাননি পথাৰৰ ৰঙক সূচাইছে।

ইতিহাস[সম্পাদনা কৰক]

আমাৰ সোনাৰ বাংলা গানটি ৰচিত হৈছিল ১৯০৫ চনৰ বংগ ভংগ আন্দোলনৰ পৰিপ্ৰেক্ষিতত। ১৯০৫ চনৰ ১৯ জুলাইত সেই সময়ৰ ভাৰতৰ ভাইচৰয়, লৰ্ড কাৰ্জনে অবিভক্ত ভাৰতৰ বেংগল প্ৰদেশক দুটা ভাগত বিভক্ত কৰাৰ কথা ঘোষণা কৰিছিল। পূব বংগৰ অধিকাংশ লোক মুছলমান আৰু পশ্চিম বংগৰ অধিকাংশ লোক হিন্দু আছিল। ৰাজনৈতিক আৰু সাম্প্ৰদায়িক বিভাজনৰ বিৰুদ্ধে জনতাৰ মাজত সচেতনতা আনিবৰ বাবে এই গীতটোৰ ৰচনা কৰা হৈছিল।

ৰচনা[সম্পাদনা কৰক]

গানটোৰ কোনো পাণ্ডুলিপি পোৱা নাযায়, সেয়ে ইয়াৰ ৰচনাকাল সঠিকভাৱে জনা নাযায়[2]সত্যেন ৰায়ৰ ৰচনাৰ পৰা জনা যায়, ১৯০৫ চনৰ ৭ আগষ্টৰ দিনা কলকাতাৰ টাউন হলত আয়োজিত এখন প্ৰতিবাদ সভাত এই গীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। সেই বছৰৰে ৭ ছেপ্তেম্বৰত সঞ্জীবনী পত্ৰিকাত ৰবীন্দ্ৰনাথৰ স্বাক্ষৰৰ সৈতে এই গীতটো প্ৰকাশ হৈছিল। সেই বছৰৰ ছেপ্তেম্বৰ মাহৰ "বংগদৰ্শন" পত্ৰিকা খনটো এই গীতটো প্ৰকাশ পাইছিল। তাত ৭ আগষ্টৰ উক্ত সভাত এই গীতটো গোৱাৰ কোনো প্ৰমাণ পোৱা নাযায়[2]প্ৰশান্তকুমাৰ পালৰ মতে, ১৯০৫ চনৰ ২৫ আগষ্টত কলকাতাৰ টাউন হলত এই গীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল।[2]

সুৰ[সম্পাদনা কৰক]

কোৱা হয় যে বাউল গায়ক "গগন হৰকাৰ"ৰ গীত আমি কোথায় পাবো তাৰে (বঙালী: আমি কোথায় পাবো তারে) গানটোৰ পৰা এই গীতটোৰ সুৰ অনুপ্ৰাণিত হৈছে[3]। "আমি কোথায় পাবো তাৰে" গানটোৰ স্বৰলিপি শতগান সংকলনত প্ৰকাশ পাইছিল। উল্লেখযোগ্য যে ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ ভংগ সময়ত ৰচনা কৰা বহুতো স্বদেশী গানৰ সুৰৰ স্বৰলিপি ইতিমধ্যে এই গ্ৰন্থত প্ৰকাশ পাইছিল[2]। ১৮৮৯-১৯০১ সময়ত পূব বংগৰ বিভিন্ন অঞ্চল জমিদাৰী সম্বন্ধীয় কামত ভ্ৰমণ আৰু বসবাস কৰা সময়ত বাংলা লোক সংগীতৰ লগত ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিচয় হয়। পূব বংগৰ বাউল আৰু ভাটিয়ালি সুৰৰ সৈতে ৰবীন্দ্ৰনাথৰ চিনাকি আছিল বুলি জনা যায়। ৰবীন্দ্ৰনাথৰ স্বদেশী আন্দোলনৰ সমসাময়িক গানসমূহত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়, বিশেষকৈ আমাৰ সোনাৰ বাংলা গীতটোত।

বিতৰ্ক[সম্পাদনা কৰক]

আমাৰ সোনাৰ বাংলা গীতটোক বাংলাদেশৰ জাতীয় সংগীত হিচাবে স্বীকৃতি দিয়াত বিতৰ্কৰ সূত্ৰপাত হৈছিল। কাৰণ পূব বেংগল (বৰ্তমানৰ বাংলাদেশ) গঠন কৰাৰ বিৰুদ্ধে এই গীতটোৰ ৰচনা কৰা হৈছিল। অৱশেষত, ১৯৭২ চনত এই গীতটোৰ প্ৰথম দহটা শাৰীক বাংলাদেশৰ জাতীয় সংগীত হিচাবে গ্ৰহণ কৰা হয়।

বাংলাদেশৰ জাতীয় সংগীত হিচাবে স্বীকৃতি[সম্পাদনা কৰক]

১৯৭১ চনৰ ১ মাৰ্চত স্বাধীন বাংলাৰ কেন্দ্ৰীয় সংগ্ৰাম পৰিষদ গঠন হয়। ৩ মাৰ্চ তাৰিখে পল্টন ময়দানত গানটোকে বাংলাদেশৰ জাতোয় সংগীত স্বীকৃতি দিয়া হয়। ১৯৭১ চনৰ ১৭ এপ্ৰিল তাৰিখে মুজিব নগৰত বাংলাদেশ চৰকাৰৰৰ শপত গ্ৰহণ অনুষ্ঠানত এই গানটো প্ৰথম জাতীয় সংগীত হিচাবে গোৱা হয়।

গানৰ কথা[সম্পাদনা কৰক]

অসমীয়া লিপি ইংৰাজী লিপিত অনুবাদ ভাৱ অনুবাদ
আমাৰ সোনাৰ বাংলা

আমাৰ সোনাৰ বাংলা,

আমি তোমায় ভালবাসি।

Amar sonar Bangla

Ami tomay bhalobashi

My beloved Bengal

My Bengal of Gold,
I love you.

চিৰদিন তোমাৰ আকাশ,

তোমাৰ বাতাস

আমাৰ প্ৰাণে বাজায় বাঁশি।

Chirodin tomar akash,
Tomar batash,
Amar prane bajae bãshi.

Forever your skies,
Your air set my heart in tune
As if it were a flute.

ও মা,

ফাগুনে তোৰ আমেৰ বনে

ঘ্ৰাণে পাগল কৰে--

মৰি হায়, হায় ৰে

ও মা,

অঘ্ৰানে তোৰ ভৰা খেতে,

আমি কী দেখেছি মধুৰ হাসি।।

O ma,
Phagune tor amer bone
Ghrane pagol kôre,
Mori hay, hay re,
O ma,
Ôghrane tor bhôra khete
Ami ki dekhechhi modhur hashi.

In spring, O mother mine,
The fragrance from your mango groves
Makes me wild with joy,
Ah, what a thrill!
In autumn, O mother mine,
In the full blossomed paddy fields
I have seen spread all over sweet smiles.

কী শোভা, কী ছায়া গো,

কী স্নেহ, কী মায়া গো,--

কী আঁচল বিছায়েছ

বটেৰ মূলে,

নদীৰ কূলে কূলে।

Ki shobha, ki chhaya go,
Ki sneho, ki maea go,
Ki ãchol bichhaeechho
Bôţer mule,
Nodir kule kule.

Ah, what beauty, what shades,
What an affection, and what tenderness!
What a quilt have you spread
At the feet of banyan trees
And along the banks of rivers!

মা, তোৰ মুখেৰ বাণী

আমাৰ কানে লাগে

সুধাৰ মতো-

Ma, tor mukher bani
Amar kane lage
Sudhar moto-

Are like nectar to my ears.
Ah, what a thrill!
If sadness, O mother mine,
Casts a gloom on your face,
My eyes are filled with tears!

মা তোৰ বদন খানি মলিন হলে

আমি নয়ন

ও মায় আমি নয়ন জলে ভাসি

সোনাৰ বাংলা,

আমি তোমায় ভালবাসি।

Ma tor bodonkhani molin hole
ami noyon
o may ami noyonjole bhashi
sonar bangla,
ami tomay bhalobasi!

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Bangladesh: Amar Shonar Bangla". NationalAnthems.me. http://nationalanthems.me/bangladesh-amar-shonar-bangla। আহৰণ কৰা হৈছে: 2011-08-09. 
  2. 2.0 2.1 2.2 2.3 প্ৰশান্তকুমাৰ পাল, ৰবিজীবনী, পঞ্চম খণ্ড, আনন্দ পাবলিশাৰ্স, কলকাতা, ১৯৯০, পৃ. ২৫৮-৫৯
  3. Folk singer, Swapan Basu, demonstrates the similarity in a live recitation (0:43/8:46 to 1:21/8:46)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]