আয়তক্ষেত্ৰ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| আয়তক্ষেত্ৰ | |
|---|---|
| প্ৰকাৰ | quadrilateral, parallelogram, orthotope |
| Edges and vertices | ৪ |
| Schläfli symbol | {}×{} |
| Coxeter–Dynkin diagrams | সাঁচ:CDD |
| Symmetry group | D2, [2], (*22) |
| Dual polygon | ৰম্বস |
| বৈশিষ্ট | convex, isogonal, cyclic |
আয়তক্ষেত্ৰ (ইংৰাজী: Rectangle) হৈছে এক চতুৰ্ভুজ যিটোৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু অভ্যন্তৰৰ প্ৰত্যেকটো কোণেই একো একো সমকোণ।[1][2]
এই সংজ্ঞাৰ পৰা দেখা যায় আয়তৰ দুই যোৰা সমান্তৰাল বাহু আছে, যাৰ অৰ্থ আয়তক্ষেত্ৰ এটি সামান্তৰিক। বৰ্গক্ষেত্ৰ এটি বিশেষ ধৰনৰ আয়তক্ষেত্ৰ যাৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান; ইয়াৰ অৰ্থ বৰ্গ একে সময়তে এক আয়তক্ষেত্ৰ আৰু ৰম্বস।
দুটি বিপৰীত সমান্তৰাল যোৰা মাজত যিটো বেছি দীঘল তাৰ দৈৰ্ঘ্যক আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু সৰু যোৰা বাহুক আয়তক্ষেত্ৰৰ প্ৰস্থ বোলা হয়। আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ গুণফল। সংকেতত প্ৰকাশ কৰিলে
। উদাহৰণস্বৰূপে ৫ একক দৈৰ্ঘ্য আৰু ৪ একক প্ৰস্থৰ আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল ২০ বৰ্গ একক:
।
সূচী |
বৈশিষ্ট্য [সম্পাদনা কৰক]
- প্ৰতিটো কোণ ৯০ ডিগ্ৰী
- বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্যে পৰস্পৰ সমান।
- বিপৰীত বাহুবোৰ সমান্তৰাল।
- কৰ্ণদ্বয়ৰ দৈৰ্ঘ্য সমান আৰু ই পৰস্পৰক দ্বিখন্ডিত কৰে।
সংশ্লিষ্ট বহুভুজ [সম্পাদনা কৰক]
- আয়তক্ষেত্ৰ এক ধৰনৰ বৃত্তস্থ চতুৰ্ভুজ।
- আয়তক্ষেত্ৰৰ যুগ্ম বহুভুজ হ’ল ৰম্বছ।
- দৈৰ্ঘ্য-প্ৰস্থ সমান হলে আয়ত বৰ্গত পৰিণত হয়।
- আয়ত বিশেষ ধৰনৰ সামান্তৰিক, কাৰন ইয়াৰ দুই যোৰা সমান্তৰাল বাহু আছে। সামান্তৰিক আৰু ফলত আয়তক্ষেত্ৰও বিশেষ ধৰনৰ ট্ৰেপিজিয়াম, যাৰ অন্ততঃ এযোৰ বাহু সমান্তৰাল হয়।
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ Definition of Oblong. Mathsisfun.com. Retrieved 2011-11-13.
- ↑ Oblong – Geometry – Math Dictionary. Icoachmath.com. Retrieved 2011-11-13.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- Animated course (Construction, Circumference, Area)
- Weisstein, Eric W., "Rectangle" মেথৱৰ্ল্ডৰ পৰা.
- Definition and properties of a rectangle With interactive animation
- Area of a rectangle with interactive animation
|
|||||||||||||||||
