আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড
জন্ম ৩০ আগষ্ট, ১৮৭১ খ্ৰীষ্টাব্দ
ব্ৰাইটৱাটাৰ, টাচমান জিলা, নিউজিলেণ্ড
মৃত্যু ১৯ অক্টোবৰ,১৯৩৭ খ্ৰীষ্টাব্দ
কেমব্ৰিজ, ইংলেণ্ড
বাসস্থান New Zealand, United Kingdom
নাগৰিকত্ব New Zealand, United Kingdom
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান
প্ৰতিষ্ঠান মেকগিল বিশ্ববিদ্যাকয়
মানচেষ্টাৰ বিশ্ববিদ্যাকয়
শিক্ষানুষ্ঠান University of Canterbury
কেমব্ৰিজ বিশ্ববিদ্যালয়
জনা যায় Father of nuclear physics
Rutherford model
Rutherford scattering
Rutherford backscattering spectroscopy
Discovery of proton
Rutherford (unit)
Coining the term 'artificial disintegration'
প্ৰাভাৱ পেলাইছিল Henry Moseley
Hans Geiger
Albert Beaumont Wood
উল্লেখনীয় বঁটা Rumford Medal (1905)
Nobel Prize in Chemistry (1908)
Elliott Cresson Medal (1910)
Matteucci Medal (1913)
Copley Medal (1922)
Franklin Medal (1924)
Signature
আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড's signature

আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড(৩০ আগষ্ট, ১৮৭১ খ্ৰীষ্টাব্দ-১৯ অক্টোবৰ,১৯৩৭ খ্ৰীষ্টাব্দ) নিউজিলেণ্ডত জন্ম গ্ৰহণ কৰা এজন প্ৰসিদ্ধ ব্ৰিটিছ পদাৰ্থবিদ। আণৱিক পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা মহত্বপূৰ্ণ অৱদানৰ বাবে তেওঁ বিখ্যাত। এনচাইক্লোপিডিয়া ব্ৰিটানিকাই তেওঁক মাইকেল ফেৰাডেৰ পিছতেই সৰ্বশ্ৰেষ্ঠ গৱেষক হিচাপে উল্লেখ কৰিছে।

প্ৰথম পৰ্যায়ত তেওঁ তেজষ্ক্ৰিয় পদাৰ্থ সমূহৰ অৰ্ধ-জীৱন(half-life) কালৰ বিষয়ে আৱিষ্কাৰ কৰিছিল যিয়ে তেজষ্ক্ৰিয় মৌলবোৰ বিকিৰণৰ দ্বাৰা এটাৰ পৰা কম ভৰৰ আন এটা মৌললৈ পৰিৱৰ্তিত হোৱাটো প্ৰমাণ কৰিলে। আৰু লগতে তেওঁ আলফা আৰু বিটা ৰশ্মি বিকিৰণকো পৃথক কৰি নামাকৰনো কৰিছিল। কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ত কৰা এই গৱেষণাৰ বাবে ১৯০৮ চনত তেওঁক ৰসায়নৰ নোবল বটা প্ৰদান কৰা হৈছিল।