ইছলাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইছলাম (ইংৰাজী ভাষাpron.: /ˈɪzlɑːm/ আৰবি ভাষাত: الإسلام আল্‌ইছলাম্‌) এটা একেশ্বৰবাদী ধৰ্ম। "ইছলাম" শব্দৰ অৰ্থ "আত্মসমৰ্পণ", বা একক স্ৰষ্টাৰ নিকট নিজকে সমৰ্পন। খৃষ্টীয় সম্তম শতিকাত আৰবৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মহম্মদ (সাঃ) এই ধৰ্ম প্ৰচাৰ কৰে। কোৰান ইছলামৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলৰ মুছলমান বা মুছলিম বোলা হয়। কোৰান আল্লাহৰ বাণী আৰু তাৰ কৰ্তৃক মহম্মদৰ নিকট প্ৰেৰিত বুলি মুছলমানসকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মুহম্মদ শেষ নবী। হাদিসৰ পৰা প্ৰাপ্ত নিৰ্দেশিত কাজ আৰু শিক্ষাৰ ভিত্তিতে কোৰানক ব্যাখ্যা কৰা হয়।

ইহুদি আৰু খ্ৰীষ্টান ধৰ্মৰ ন্যায় ইছলাম ধৰ্ম আৰু আব্ৰাহামীয়[1] মুছলমানৰ সংখ্যা আনুমানিক ১৪০ কোটি আৰু তেওঁলোক পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধৰ্মাবলম্বী গোষ্ঠী[2] মহম্মদ (সাঃ) আৰু তেওঁৰ উত্তৰসূৰীসকলৰ প্ৰচাৰ আৰু যুদ্ধ জয়ৰ ফলশ্ৰুতিতে ইছলাম ধৰ্মৰ বিশ্বত দ্ৰুত বিস্তাৰ হয়।[3] বৰ্তমান সমগ্ৰ বিশ্বব্যাপী, বিশেষকৈ মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, পূর্ব আফ্রিকা, পশ্চিম আফ্রিকা. দক্ষিণ এছিয়া, মধ্য এছিয়া, দক্ষিণ-পূৱ এছিয়াত মুছলমানসকল বাস কৰে। আৰবত দেশত মুঠ মুছলমানৰ সংখ্যা শতকৰা মাত্ৰ ২০ বিশভাগ।[4] যুক্তৰাজ্যসহ বহুকেইখন ইউৰোপীয় দেশৰ দ্বিতীয় বৃহত্তম ধৰ্ম ইছলাম।[5][6]

ধৰ্মবিশ্বাস[সম্পাদনা কৰক]

মুছলমানসকলে বিশ্বাস কৰে আল্লা মানৱজাতিৰ বাবে তেখেতৰ বাণী ফেৰেস্তা যিব্ৰাইল (আঃ) মাধ্যমত মহম্মদ (সাঃ)ৰ নিকট অবতীৰ্ণ কৰে। কোৰানত উক্ত "খতমে নবুয়্যত" আৰু মহম্মদৰ নিজৰ দাবীৰ ভিত্তিতে মুছলমানসকলে তেওঁক শেষ বাণীবাহক (নবী) বুলি বিশ্বাস কৰে। তেওঁলোকে বিশ্বাসমতে, তেখেতসকলৰ পবিত্ৰ গ্ৰন্থ কোৰান নিখুঁত, অবিকৃত আৰু মানৱজাতিৰ উদ্দেশ্যে অবতীৰ্ণ আল্লাৰ শেষ বাণী, যি পুনৰুত্থান দিৱস পৰ্যন্ত বৰ্তী বা কাৰ্যকৰী হৈ থাকিব।

মুছলমানসকলৰ বিশ্বাস অনুযায়ী, আদমে (আঃ) আৰম্ভ কৰা ঈশ্বৰ-প্ৰেৰিত সকলো পুৰুষ ইছলামৰ বাণীয়ে প্ৰচাৰ কৰি গৈছে। ইছলামৰ দৃষ্টিত ইহুদি আৰু খ্ৰীষ্টান উভয়েই আব্ৰাহামৰ শিক্ষাৰ ঐতিহ্য পৰম্পৰা। উভয় ধৰ্মাবলম্বীকে কোৰানত "আহলে কিতাব" বুলি সম্বোধন কৰা হৈছে আৰু বহুদেৱতাবাদীসকলৰ পৰা পৃথক কৰা হৈছে। এই ধৰ্ম দুটিৰ গ্ৰন্থসমূহৰ বিভিন্ন ঘটনা আৰু বিষয়ৰ উল্লেখ কোৰানত আছে, সেয়ে অনেক ক্ষেত্ৰত পাৰ্থক্য দেখা যায়। ইছলামী বিশ্বাসানুসাৰে এই দুই ধৰ্মৰ অনুসাৰীসকলে তেখেতসকলৰ নিকট প্ৰদত্ত ঈশ্বৰৰ বাণীৰ অৰ্থগত আৰু নানাবিধ বিকৃতসাধন কৰিছে; ইহুদিগণৰ তৌৰাতক (তোৰাহ) আৰু খ্ৰীষ্টানগণৰ ইনজিলক (নতুন বাইবেল)।

আল্লাহ[সম্পাদনা কৰক]

মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাকে 'আল্লাহ' বুলি সম্বোধন কৰে। ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাবেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শাহাদাহ বোলা হয়। এটা পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) আল্লাহ ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) মুহম্মদ (সাঃ) তেওঁৰ প্ৰেৰিত বাণীবাহক। সুৰা এখলাছত আল্লাহৰ এনেদৰে বৰ্ণনা দিয়া হৈছে [قُلْ هُوَ اللهُ أَحَدٌ. اللهُ الصَّمَدُ. لَمْ يَلِدْ وَلَمْ يُولَدْ. لَمْ يَلِدْ وَلَمْ يُولَدْ. وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ] {الاخلاص:1-4}

ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ" তকৈ আগত। খ্ৰীষ্টানসকলে খ্ৰীষ্টান ধৰ্মক একেশ্বৰবাদী বুলি দাবী কৰিলেও মুছলমানসকলে খ্ৰীষ্টানসকলৰ ত্ৰিত্ববাদ (trinity) বা এক ঈশ্বৰৰ মাজৰ পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ মিলন, এই বিশ্বাসক বহু-ঈশ্বৰবাদী ধাৰণা বুলি অস্বীকাৰ কৰে। ইছলামী ধাৰণাত ঈশ্বৰ সম্পূৰ্ণ নিৰাকাৰ, যাৰ কোনোপ্ৰকাৰ আবয়বিক বৰ্ণনা অসম্ভব আৰু পৌত্তলিকতাৰ সমতুল্য। এইধৰনে অবয়বহীনতাৰ ধাৰণা ইহুদি আৰু কিছু খ্ৰীষ্টান বিশ্বাসটো দেখা যায়। মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তকে তেওঁৰ বিভিন্ন গুণবাচক নাম আৰু গুণাবলীৰ মাধ্যমেৰে বৰ্ণনা কৰে।


ফৰিষ্টা[সম্পাদনা কৰক]

ফৰিষ্টা ইছলামী ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। ফৰিষ্টাৰ বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি। এয়া মানুহৰ ন্যায় আল্লাহৰ আৰু এক সৃষ্টি। ফৰিষ্টাই নভোমণ্ডল আৰু ভূমণ্ডলৰ মাজত যোগাযোগ ৰক্ষা কৰে। ফৰিষ্টাত তেওঁলোকৰ সংখ্যা অগণন। ইছলামত তেওঁলোকৰ কোনো শ্ৰেণীবিন্যাস কৰা নহলেও চাৰিজন ফৰিষ্টাক প্ৰাধান্য দিয়া হৈছে: হজৰত জিবৰাইল (আঃ) – এওঁ আল্লাহৰ দূত আৰু সৰ্বশ্ৰেষ্ঠ ফৰিষ্টা। এই ফৰিষ্টাৰ নাম তিনিবাৰ কোৰান শ্বৰীফত উল্লেখ কৰা হৈছে (সূৰা ২:৯৭; ৯৮, ৬৬:৪)। সূৰা ১৬:১০২ আয়াতে জিবৰাইল ফৰিষ্টাকে পাকৰূহবা ৰুহুল কুদ্দুস বোলা হৈছে। আল্লাহৰ আদেশ-নিষেধ আৰু সংবাদ আদান-প্ৰদান যিবোৰ ফৰিষ্টাৰ দায়িত্ব, জিব্ৰাইল তেওঁলোকৰ প্ৰধান। জিব্ৰাইল-ই আল্লাহৰ নবীসকলৰ কাষত গমনাগমন কৰে। হজৰত মিকাইল (আঃ) – কোৰানৰ ২:৯৭ আয়াতত এই ফৰিষ্টাৰ নাম উল্লেখ কৰা হৈছে। এওঁ বৃষ্টি আৰু খাদ্য উৎপাদনৰ দায়িত্বপ্ৰাপ্ত। হজৰত ইছৰাফিল (আঃ) – এই ফেৰেস্তা কিয়ামত বা বিশ্বপ্ৰলয় ঘোষণা কৰিব। তেওঁৰ কথা কোৰান শ্বৰীফত নাথাকিলেও হাদিসত উল্লেখ কৰা হৈছে। হজৰত আজৰাইল (আঃ) বা মালাক আল-মাউত – এওঁ মৃত্যুৰ ফৰিষ্টা আৰু প্ৰাণ হৰণ কৰে। বিশেষ দুজন ফৰিষ্টা কিৰামুন আৰু কাতিবুনে প্ৰতিজন মানুহৰ ভাল বেয়া কামৰ হিচাব ৰাখে। কবৰত মুনকিৰ আৰু নাকিৰ নামেৰে দুজন ফৰিষ্টাই মানুহক সিহতৰ কৃতকৰ্মবোৰৰ খতিয়ান লয়। মালিক নামেৰে ফৰিষ্টাই নৰক বা জহন্নামৰ ৰক্ষণাবেক্ষণ কৰে আৰু ৰিদওয়ান নামেৰে আৰু এজন ফৰিষ্টাই স্বৰ্গ বা বেহেস্তাৰ চোৱাচিতা কৰে। ইছলাম, খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ বাদে হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে।

কোৰান[সম্পাদনা কৰক]

হাত্তাত আজিজ এফেন্দিৰ হস্তলিখিত - কোৰানৰ প্ৰথম সুৰা।

কোৰান মুছলমানসকলৰ মূল ধৰ্মগ্ৰন্থ। তেওঁলোকৰ বিশ্বাসত কোৰান স্ৰষ্টাৰ অবিকৃত, হুবহু বক্তব্য। বাংলাত কোৰানক "আল-কুৰআন" বা "কুৰআন শৰীফ" বোলা হয়। "কোৰান"ৰ ঠাইভেদে "কোৰআন" বা "কুৰআন" বুলিও লিখা দেখা যায়।


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Vartan Gregorian (2003). Islam: A Mosaic, Not a Monolith. প্ৰকাশক Washington D.C.: Brookings Institution Press. পৃষ্ঠা. p. ix. ISBN 0-8157-3283-X. 
  2. Teece, Geoff (2005). Religion in Focus: Islam. Smart Apple Media. পৃষ্ঠা. p. 10. 
  3. Nelson, Lynn Harry. "Islam and the Prophet Muhammad". Kansas University. http://www.ku.edu/kansas/medieval/108/lectures/islam.html। আহৰণ কৰা হৈছে: 2006-06-17.  - "One must remember that we are talking about the Muslim expansion, not Arab conquests. The expansion of Islam was as much, or perhaps much more, a matter of religious conversion than it was of military conquest."
  4. John L Esposito (2002). What Everyone Needs to Know About Islam. Oxford University Press US. পৃষ্ঠা. p. 2. ISBN 0-19-515713-3. 
  5. Office for National Statistics (2003-02-13). "Religion In Britain". http://www.statistics.gov.uk/cci/nugget.asp?id=293। আহৰণ কৰা হৈছে: 2006-08-27. 
  6. BBC (2005-12-23). "Muslims in Europe: Country guide". http://news.bbc.co.uk/1/hi/world/europe/4385768.stm। আহৰণ কৰা হৈছে: 2006-09-28. 

বহিঃসংযোগ[সম্পাদনা কৰক]