ইটাগুৰীয়া হাইঠা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইটাগুৰীয়া হাইঠা (Pompadour Green Pigeon)
শ্ৰীলংকাত ইটাগুৰীয়া হাইঠা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Treron

ইটাগুৰীয়া হাইঠা (ইংৰাজী: Pompadour Green Pigeon, বৈজ্ঞানিক নাম-Treron sp.) 'Treron' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷

বিৱৰণ[সম্পাদনা কৰক]

ইটাগুৰীয়া হাইঠাৰ দেহটো থোপোকা (stocky) আৰু দেখাত পাৰ চৰাইৰ দৰে৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২৫-২৮ ছে:মি: হয়৷ [2] ইয়াৰ মূৰটো সেউজীয়া বা সেউজ-হালধীয়া ধৰণৰ, তলৰ অংশ সেউজীয়া৷ ইয়াৰ মূৰৰ ওপৰৰ অংশ মটীয়া হোৱা দেখা যায়৷ [2]ইটাগুৰীয়া হাইঠাৰ ডেউকা দুখন শেঁতা বগা বা হালধীয়া ধৰণৰ৷ [3]

টেক্স'নমি[সম্পাদনা কৰক]

ইটাগুৰীয়া হাইঠাৰ ছবিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত হৈছে৷ এইবোৰ হ'ল[4][2]

বিতৰণ[সম্পাদনা কৰক]

ইটাগুৰীয়া হাইঠা দক্ষিণ এছিয়াভাৱত, শ্ৰীলংকা ৰ পৰা ফিলিপাইনছ]লৈকে বহুলভাৱে বিস্তৃত হৈ আছে৷ ভাৰতত ইয়াক প্ৰধানকৈ দাক্ষিণাত্য (Western Ghats) আৰু উত্তৰ-পূব ভাৰত তথা আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জত দেখা পোৱা যায়৷

আচৰণ[সম্পাদনা কৰক]

ইটাগুৰীয়া হাইঠা সাধাৰণতে যুৰীয়াকৈ বা অকলশৰে থকা দেখা যায়৷ ই খৰকৈ আৰু পোনে পোনে উৰিব পাৰে৷

খাদ্য[সম্পাদনা কৰক]

ইটাগুৰীয়া হাইঠাই ফল-মূল আৰু বিভিন্ন উদ্ভিদ আদি খাই জীয়াই থাকে৷

প্ৰজনন[সম্পাদনা কৰক]

ইহঁতে গছৰ ডালত বাহ সাজে৷ এবাৰত দুটাকৈ বগা কণী পাৰে৷

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2009). "Treron pompadora". IUCN Red List of Threatened Species. Version 2010.4. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/143625। আহৰণ কৰা হৈছে: 18 November 2010. 
  2. 2.0 2.1 2.2 Rasmussen, P.C. & J.C. Anderton. 2005. Birds of South Asia: the Ripley guide. 2 vols. Lynx Edicions, Barcelona.
  3. Gibbs, D.; Barnes , E.; and Cox, J. (2000). Pigeons and Doves: A Guide to the Pigeons and Doves of the World. ISBN 1-873403-60-7. 
  4. Gill, F., and D. Donsker (Eds). 2010. IOC World Bird Names. Version 2.6. Accessed 18 November 2010.
  • Grimmett, R.; Inskipp, C.; and Inskipp, T.. Birds of India. ISBN 0-691-04910-6. 
  • Collar, N.J. 2011. Species limits in some Philippine birds including the Greater Flameback Chrysocolaptes lucidus. Forktail number 27: 29-38.
  • Rasmussen, P.C., and J.C. Anderton. 2005. Birds of South Asia: the Ripley guide. Lynx Edicions and Smithsonian Institution.