ইণ্টেল ৮০৮৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ইণ্টেল ৮০৮৫

ইণ্টেল ৮০৮৫
শ্ৰেণী ৮ বিট মাইক্ৰ'প্ৰচেছৰ
পৰিবেশনৰ সীমা
৩-৬ মেগাহাৰ্টজ

"ইণ্টেল ৮০৮৫" হৈছে এবিধ ৮ বিট মাইক্ৰ'প্ৰচেছৰ যি ইণ্টেলে ১৯৭৭ চনত নিৰ্মাণ কৰি উলিয়াইছিল । ই নিজৰ বিখ্যাত পূৰ্বসুৰী "ইণ্টেল ৮০৮০"ৰ লগতো কম্পেটিবেল হয় । লগতে উল্লেখনীয় যে ৮০৮৫ৰ নিৰ্মাণ খৰচ ৮০৮০তকৈ যথেষ্ট কম । নিৰ্দেশনা প্ৰক্ৰিয়া ক্ষেত্ৰতো ৮০৮৫ যথেষ্ট সৰল ।

বিৱৰণ[সম্পাদনা কৰক]

৮০৮৫ৰ সূক্ষ্মগঠন (মাইক্ৰ'আৰ্কিটেক্সাৰ)

"ইণ্টেল ৮০৮৫" ৮০৮০ৰ দৰে গতানুগতিক "ভন নিউমেন" ডিজাইনৰ ভিত্তিত বনোৱা হৈছিল । ৮০৮০ৰ দৰে ই স্থিতি সংকেত "ডে'টা বাছ"ৰ জ্বৰিয়তে একেলগে ব্যৱহাৰৰ নকৰে যদিও পিনৰ সংখ্যা কমোৱাৰ হেতুকে ১৬ বিট "এড্ৰেছ বাছ"ৰ নিম্ন অংশ ৮ বিট "ডে'টা বাছ"ৰ সৈতে "মাল্টিপ্লেক্স" কৰা হয় যাতে দুয়োটা কাৰ্য একেটা পিনতে সম্ভৱ হৈ উঠে । ফলত পিনৰ সংখ্যা আগতকৈ ৪০লৈ কমোৱা সম্ভৱ হৈ উঠিল । ৮০৮৫ৰ ৪০ নং পিনটোৰ সহায়ৰে ৫ ভল্ট বিদ্যুৎ আহৰণ কৰে আৰু লগতে ২০ নং পিন গ্ৰাউণ্ড কৰা থাকে । "ইণ্টেল ৮০৮৫"ত সৰ্বমুঠ ৬,৫০০টা ট্ৰান্জিষ্টৰ ব্যৱহাৰ কৰা হয় ।[1]

প্ৰয়োগ[সম্পাদনা কৰক]

শিক্ষামূলক ব্যৱহাৰ[সম্পাদনা কৰক]

ছিমোলে'টৰ[সম্পাদনা কৰক]

৮০৮৫ ছিমোলে'টৰ হৈছে এনে এবিধ ছফ্টৱে'ৰ যাক ৮০৮৫ৰ অনুৰূপক হিচাপে বিভিন্ন আধুনিক "অ'পাৰেটিং ছিষ্টেম"ত ব্যৱহাৰ কৰিব পাৰি । কিছুমান প্ৰচলিত ৮০৮৫ ছিমোলে'টৰৰ তথ্য তলত দাঙি ধৰা হ'ল -

  • GNUSim8085 - "ৱিনড'জ" আৰু "লিনাক্স"ত ব্যৱহাৰৰ উপযোগী ।
  • Win85 - "ৱিনড'জ"ৰ বাবে মুক্ত উৎসৰ "ছিমোলে'টৰ/দিবাগাৰ" ("এম. আই. টি"ৰ লাইচেন্স যুক্ত) ।
  • "এন্ড্ৰইড" উপযোগী বিভিন্ন ছিমোলে'টৰ । [2]
  • ENVI85 - প্ৰফেছৰদ্বয় ফেডিস্ক্যান আৰু এডৱিন কেইৰ দ্বাৰা বিকশিত । ৰমেশ গাওঁকাৰৰ "মাইক্ৰ'প্ৰচেছৰ আৰ্কিটেক্সাৰ, প্ৰ'গ্ৰামিং এন্ড এপ্লিকেচন ৱিথ 8085" নামৰ বহুল প্ৰচলিত কিতাপখনৰ লগত সম্বলিত "চি.ডি."ত উক্ত ছিমোলে'টৰ উপলব্ধ ।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. The history of the microcomputer-invention and evolution, S Mazor - Proceedings of the IEEE, 1995
  2. [1]