ইন্দ্ৰমালতী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ইন্দ্ৰমালতী

বোলছবিখনৰ এক দৃশ্য
পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা
প্ৰযোজক চিত্ৰলেখা মুভিটোন-ৰ হৈ জ্যোতিপ্ৰসাদ আগৰৱালা
লেখক জ্যোতিপ্ৰসাদ আগৰৱালা
চিত্ৰনাট্য জ্যোতিপ্ৰসাদ আগৰৱালা
কাহিনী জ্যোতিপ্ৰসাদ আগৰৱালা
অভিনয়ত মনোভিৰাম বৱুৱা,
ৰাসেশ্বৰী বৰুৱা
ফণী শৰ্মা
সংগীত পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা
চিত্ৰগ্ৰহণকাৰী জনা নাযায়
সম্পাদনা জ্যোতিপ্ৰসাদ আগৰৱালা
ষ্টুডিঅ’ অৰোৰা ষ্টুডিঅ', কলিকতা
পৰিবেশক চিত্ৰলেখা ফিল্ম ডিষ্ট্ৰিবিউটৰছ, পাছলৈ জোনালী ফিল্ম্‌ছ, তেজপুৰ
মুক্তি ১৯৩৯
দেশ ভাৰত
ভাষা অসমীয়া
বাজেট ১৫,০০০ টকা


ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ। প্ৰথম অসমীয়া কথাছবি 'জয়মতী'ৰ ব্যৱসায়িক বিপৰ্য্যয়ৰ পাছত কম খৰছতে এই ছবিখন নিৰ্মান কৰা হৈছিল। ঘাইকৈ জয়মতী-ত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মান কৰা হৈছিল। জ্যোতিপ্ৰসাদৰ নিজৰ ভাষাতেই '...ফিল্মখনৰ অৰ্থক্ষতি আৰু সৌন্দৰ্য্য হানি কৰিও খৰচ কমাই ৰখা হৈছে।...টকা খৰচ কমাবলৈকে ফিল্মখনৰ বহু ঠাইত কথাৰ বাহুলতা কমাই পেলোৱা হৈছে আৰু তাৰ বাবে ফিল্মখনৰ সৌন্দৰ্য্য হানি নোহোৱাকৈ থকা নাই।'

সূচী

[সম্পাদনা কৰক] নিৰ্মাণৰ কথা

জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি জয়মতী (১৯৩৫) ব্যৱসায়িক ভাৱে অত্যন্ত অসফল আছিল। আনহাতে সেই ছবিখনত অৰ্থব্যয় কৰা হৈছিল পঞ্চাছ হাজাৰতকৈ অধিক টকা। এই লোকচান পূৰাবলৈকে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল দ্বিতীয়খন অসমীয়া কথাছবি--ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদৰ স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। বৰ্হিদৃশ্যৰ ছুটিং কৰা হৈছিল তেজপুৰৰ মিছন চাৰিআলিৰ কাষৰ তেওঁলোকৰ পৰিয়ালৰে তালবাৰীত। প্ৰায় সাত দিনৰ ভিতৰত 'ইন্দ্ৰমালতী'ৰ লোকেছন ছুটিং শেষ কৰা হৈছিল। কেমেৰাৰ মুভমেণ্ট ৰখা হোৱা নাছিল। কেমেৰা একেঠাইতে ৰাখি এংগোল সলাই চিত্ৰগ্ৰহণ কৰা হৈছিল। এইখন ছবিৰ ছুটিঙৰ বাবে 'জয়মতী'ত ব্যৱহৃত ভোলাগুৰি চাহবাগিচাৰ 'চিত্ৰবন' ষ্টুডিঅ'টো ব্যৱহাৰ কৰা হোৱা নাছিল। অন্তৰ্দৃশ্যৰ ছুটিং কৰা হৈছিল কলিকতাৰ নাৰিকেলডাংগাৰ অৰোৰা ষ্টুডিঅ'ত। মাথোঁ তিনিদিনৰ ছুটিঙতে এইখন ছবিৰ ষ্টুডিঅ'ৰ দৃশ্যগ্ৰহনৰ কাম শেষ কৰা হৈছিল।

[সম্পাদনা কৰক] ইন্দ্ৰমালতীৰ কাহিনী

ধনী বেৰিষ্টাৰৰ পুত্ৰ ইন্দ্ৰজিৎ বৰুৱাই গৰমৰ বন্ধত ঘৰলৈ আহি উভতি যোৱাৰ আগেয়ে এবাৰ গাঁৱলৈ যায় দদায়েক-খুৰীয়েকৰ খবৰ লবলৈ। সেই গাঁৱতে ইন্দ্ৰই লগ পালে শিক্ষক হলিৰামৰ জীয়াৰী মালতীক। আৰু দুয়ো ইজনে সিজনক ভাল পাবলৈ ধৰে। ইন্দ্ৰ ঘূৰি আহি কলিকতা পালেগৈ। সিফালে মালতীক বিয়া কৰাবলৈ মন পাঙি ৰখা চণ্ডীৰামে মালতীক চল কৰি পলুৱাই লৈ গৈ এখন মিচিং গাঁৱৰ গাঁৱবুঢ়াৰ ঘৰত লুকুৱাই ৰাখে। গাঁৱবুঢ়াৰ জীয়ৰী উপীনাই শেষত মালতীৰ মনৰ কথা বুজি পায়। মালতীৰ অপহৰণৰ সংবাদ পাই ইন্দ্ৰই বন্ধু ললিতৰ লগত গাঁৱলৈ আহে। ইন্দ্ৰ আৰু ললিতে গাঁৱলৈ আহি জানিব পাৰে যে মালতীৰ একো খবৰেই নাই, আনকি মাক-পিতাকেও তাইৰ বিচাৰ-খোঁচাৰ কৰা বাদ দিছে, কাৰণ ইমান দিন বাহিৰত থকাৰ পাছত তাইক ঘৰত স্থান দিয়াৰ প্ৰশ্নই নুঠে। ইন্দ্ৰই খবৰ উলিয়ায় যে মালতীক নি মিচিং গাঁৱত ৰখা হৈছে, সেয়ে তেওঁ সেই গাঁৱলৈ যাবলৈ ওলাই যায়। আনহাতে চণ্ডীৰামে বাৰে বাৰে চেষ্টা কৰিও মালতীক ভুলাব নোৱাৰিলে। উপীনাই নিজৰ প্ৰেমিক লেহেমৰ লগ লাগি মালতীক গাঁৱলৈ বুলি নাৱত উঠাই লৈ আনে। সেই কথা গম পাই চণ্ডীৰামে পাছ লয়। লেহেম আহত হৈ নদীত পৰি যায়। ভয়তে মালতীয়ে নদীত জাঁপ দিয়ে। নদীত অৱশ হৈ ভাঁহি আহি থকা মালতীক ইন্দ্ৰ আৰু ললিতে উদ্ধাৰ কৰে। তেওঁলোক আটায়ে মিচিং গাঁৱলৈ যায়। মালতীয়ে গাঁৱলৈ ঘূৰি যাবলৈ অমান্তি হয়। সেয়ে মালতীয়ে ইন্দ্ৰৰ লগত মিচিং গাঁৱৰপৰা ওলাই যায় এক অনিশ্চিত ভৱিষ্যতৰ ফালে। ইন্দ্ৰই মাথোন কয়--'সূৰ্য্যৰ পোহৰে আমাক বাট দেখুৱাই লৈ যাব।'

[সম্পাদনা কৰক] অভিনেতা/অভিনেত্ৰী

ইন্দ্ৰ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল মনোভিৰাম বৰুৱাই। ফণী শৰ্মাই তেখেতৰ বন্ধু ললিতৰ চৰিত্ৰত অভিনয় কৰে। ৰাসেশ্বৰী বৰুৱাই মালতীৰ চৰিত্ৰত ৰূপদান কৰিছিল। থানু বৰাই কৰিছিল চণ্ডীৰামৰ চৰিত্ৰটো। সুন্দৰপ্ৰতীম বৰুৱা নামে কলিকতাত থকা এক চহকী অসমীয়া ব্যৱসায়ীৰ সৰু চৰিত্ৰ এটাত জ্যোতিপ্ৰসাদে নিজে অভিনয় কৰিছিল। ড. ভূপেন হাজৰিকাই এখন ছবিতে নিজৰ কণ্ঠৰ গান 'বিশ্ব বিজয়ী নৱ জোৱান' গাইছিলো আৰু এজন গৰখীয়া ল'ৰাৰ চৰিত্ৰত এই গানটো গোৱাৰ অভিনয়ো কৰিছিল।

[সম্পাদনা কৰক] অভিনয়ত

[সম্পাদনা কৰক] লাভালাভ

১৯৩৯ চনত "ইন্দ্ৰমালতী" মুক্তি দিয়া হৈছিল | ছবিখন ব্যৱসায়িক ভাৱে সফল হৈছিল বুলি জনা যায়। এই ছবিখনে 'জয়মতী'ত হোৱা লোকচানৰ জোৰা কিছু পৰিমাণে মাৰিবলৈ সক্ষম হৈছিল। কিন্তু কম খৰছত কৰিব লগীয়া হোৱা বাবে ছবিখনৰ শৈল্পিক মুল্য বহু পৰিমাণে কমি যোৱা বুলি জ্যোতিপ্ৰসাদে আক্ষেপ কৰাৰ কথা প্ৰথমেই উল্লেখ কৰা হৈছে।

[সম্পাদনা কৰক] ছবিখনৰ বৰ্তমানৰ অৱস্থা

বৰ্তমান সম্পূৰ্ণ ছবিখন নাই। কলিকতাৰ অৰোৰা ষ্টুডিঅ'ত হোৱা অগ্নিকাণ্ডৰপৰা ছবিখনৰ মাত্ৰ দুটা ৰীলহে বাচে। সেই খিনিকে হৃদয়ানন্দ আগৰৱালাই সযতনে সংৰক্ষণ কৰি ৰাখিছিল। ড. ভূপেন হাজৰিকা পৰিচালিত তথ্যচিত্ৰ 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী'-ত ইন্দ্ৰমালতীৰ কিছু অংশ দেখুওৱা হৈছে।

[সম্পাদনা কৰক] প্ৰসংগ

  • দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্ৰকাশন। গুৱাহাটী।
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত