ইফ টুমৰ' কামছ
| ইফ টুমৰ কামছ | |
|---|---|
![]() |
|
| লেখক | ছিডনী শ্বেলডন |
| দেশ | আমেৰিকা |
| ভাষা | ইংৰাজী |
| প্ৰকাৰ | অপৰাধ কাহিনী |
| প্ৰকাশক | ৱার্ণাৰ বুকছ |
| প্ৰকাশ | ১৯৮৫ |
| মিডিয়া প্ৰকাৰ | মূদ্রণ |
| পৃষ্ঠা সংখ্যা | ৪১৬ |
| আই.এচ.বি.এন. | 0-446-35742-1 |
| পূৰ্বৱৰ্তী | মাষ্টাৰ অৱ দ্য গেম |
| পৰৱৰ্তী | ৱিন্দমিলছ অৱ দ্য গডছ |
ইফ টুমৰ' কামছ (ইংৰাজী: If Tomorrow Comes) ১৯৮৫ চনত ছিডনী শ্বেলডন ৰচিত এক অপৰাধ-কাহিনী মূলক উপন্যাস। মিছা অপৰাধত জেললৈ যাবলগীয়া হোৱা এক সাধাৰণ মহিলাই কিদৰে পিছত তাইক জেললৈ পঠিওৱা সকলৰ ওপৰত প্রতিশোধ লয় আৰু এক পাকৈত ঠগ হৈ পৰে তাৰ কাহিনী ইয়াত বর্ণিত হৈছে।
সূচী |
কাহিনী সাৰাংশ[সম্পাদনা কৰক]
কাহিনীৰ মূল নায়িকা ট্রেছী হুইটনী ফিলাডেলফিয়াৰ এক বেংকত কম্পিউটাৰ নিয়ন্ত্রক হিচাপে কর্মৰত এক বুদ্ধিমতী,ৰূপহী গাভৰু। কাহিনীৰ আৰম্ভণিতে ট্রেছীৰ মাতৃ ডৰিচ হুইটনীয়ে নিউ অৰলীয়েনচৰ পৰা ফোন কৰে আৰু তাৰ পিছত আত্মহত্যা কৰে। ফিলাডেলফিয়াৰ এক ধনী পৰিয়ালৰ উত্তৰাধিকাৰী চালর্ছ ষ্টেনহোপ তৃতীয়ৰ লগত ট্রেচী প্রণয়সূত্রে বান্ধ খায় আৰু ইয়াৰ ফলশ্রুতিত ট্রেছী সন্তান সম্ভৱা হয়। দুয়ো বিবাহৰ সিদ্ধান্ত লয় কিন্তু চার্লছৰ মাক দেউতাকে ট্রেছীক সিমান পছন্দ নকৰে। নিউ অৰলীয়েনচৰ পুলিছ বিভাগৰ এজন বিষয়াই ট্রেছীক মাকৰ মৃত্যুৰ বাতৰি দিয়ে। তালৈ গৈ ট্রেছীয়ে গম পায় যে এন্টনী অৰচাট্টি নামৰ এজন মাফিয়া নেতাৰ সোঁহাত স্বৰূপ জো ৰোমানোই মাকক ব্যৱসায়ত খুব বেয়াকৈ ঠগাই দেউলীয়া কৰি পেলোৱাত হে মাক মৰিবলৈ বাধ্য হয়। তাই মাকক ন্যায় দিবৰ বাবে এটা পিষ্টল কিনি জো ৰোমানোক সকলো কথা প্রকাশ কৰিবলৈ ধমকি দিবলৈ যায়। তাত ভুলতে তাইৰ পিষ্টলৰ পৰা এটা গুলী ওলাই ৰোমানোৰ গাত লাগে। ট্রেছীয়ে চিকিত্সা সাহার্য্যৰ বাবে ফোন কৰে আৰু পলাবৰ চেষ্টা কৰে। কিন্তু ৰোমানোৱে পুলিছত ট্রেছীৰ বিৰূদ্ধে হত্যাৰ চেষ্টা আৰু এক বিখ্যাত ছবি চুৰি কৰাৰ অভিযোগ জাপি দিয়ে। পেৰী পোপ নামৰ এক উকীলে তাইক কয় যে কোর্টত লৰেঞ্চ নামৰ ন্যায়াধীশজনৰ ওচৰত দোষ স্বীকাৰ কৰিলে পোপে তাইক মোকলাব পাৰিব কাৰণ সিহঁত দুয়োও অৰচাট্টিৰ বিৰোধী। কিন্তু ট্রেছীয়ে দোষ স্বীকাৰ কৰাত লৰেঞ্চে তাইক ১৫ বছৰৰ কাৰাদণ্ড দিয়ে আৰু ট্রেছীয়ে গম পায় যে সিহঁত দুয়োও অৰচাট্টিৰে গোলাম। তাই চার্লছক ফোন কৰে কিন্তু চার্লছে এক "অপৰাধী"ক সহায় কৰিবলৈ অমান্তি হয়। গর্ভস্থ সন্তানটিৰ সৈতে ট্রেছীক কাৰাগাৰলৈ লৈ যোৱা হয়।
ট্রেছীক লোলা,পলিতা আৰু কাৰাগাৰৰ এক নেতাস্বৰূপ এগৰাকী কৃষ্ণাঙ্গ মহিলা আর্ণেষ্টাইন লিটলচেপৰ সৈতে এটা কোঠাতে থোৱা হয়। তাই ডেনিয়েল কুপাৰকো লগ পায় যিয়ে ট্রেছীয়ে চুৰি কৰা বুলি ভবা ছবিখনৰ বীমা প্রতিষ্ঠানত কাম কৰে। প্রথমদিনাই ট্রেছীক কোঠাত থকা আন তিনিজনীয়ে বলাত্কাৰ কৰে ফলত ট্রেছীৰ সন্তানটিৰ মৃত্যু ঘটে। সেই সময়খিনিতে তাই সিদ্ধান্ত কৰে যে তাই অৰচাট্টি,ৰোমানো,পোপ,লৰেঞ্চ আৰু চার্লছৰ ওপৰত প্রতিশোধ লৈ হে এৰিব আৰু তেতিয়াৰে পৰা তাই পলোৱাৰ পৰিকল্পনা কৰে। ট্রেছীক কাৰাগাৰৰ অধীক্ষকৰ সৰু ছোৱালী এমীক চোৱা চিতা কৰাৰ ভাৰ দিয়া হয়। তাই আর্ণেষ্টাইনৰ সৈতে বন্ধু হৈ লয় আৰু পলাবলৈ সহায় কৰিবলৈ অনুৰোধ কৰে। কিন্তু পলাবলৈ খোজাৰ দিনাই এমী এটা খালত পৰে আৰু তাইক বচাবলৈ সাতুৰিব নজনা স্বত্তেও ট্রেছী খালত জপিয়াই পৰে। এই ঘটনাই সকলোৰে সমমর্মিতা আদায় কৰে আৰু ট্রেছীক মুক্ত কৰি দিয়া হয়।
বাহিৰ ওলাই ট্রেছীয়ে আর্ণেষ্টাইনৰ সহযোগত নিজৰ বেংকিং জ্ঞান প্রয়োগ কৰি অৰচাট্টি আৰু ৰোমানোৰ মাজত ব্যৱসায়িক বিভেদ সৃষ্টি কৰে যাৰ ফলত অৰচাট্টিয়ে ৰোমানোক মাৰি পেলায়। ঠিক তেনেদৰে তাই পেৰী পোপ আৰু অৰচাট্টিৰ মাজতো সংঘাত মাতি আনে আৰু লৰেঞ্চক ৰাছিয়াত থাকোতে এনে কিছুমান বে-আইনী বার্তা পঠাই যে তাক ৰাছিয়াত দহ বছৰ কাৰাবাসৰ শাস্তি দিয়া হয়। অৰচাট্টিৰ কর্পদকশূণ্য অৱস্থা দেখি আন এক দলে অৰচাট্টিৰ ঠাই দখল কৰিবলৈ আগবাঢ়ি আহে। ইয়াৰ পিছত ট্রেছীয়ে চার্লছৰ ওপৰত প্রতিশোধ লবলৈ গৈ দেখে যে চার্লছ তেওঁৰ পত্নীৰ সৈতে সুখী নহয় আৰু তাই অনুভৱ কৰে যে এয়াই চার্লছৰ কাৰণে পর্যাপ্ত শাস্তি।ইয়াৰ পিছত ট্রেছীৰ বিপর্য্যয়ৰ সময় আৰম্ভ হয় কাৰণ অপৰাধী বুলি এক চেকা লগা হেতুকে কোনোৱে তাইক চাকৰি নিদিয়ে। তাই নিউয়র্কৰ এক সোণাৰীৰ ওচৰলৈ যায় যিয়ে তাইক এক মোটা অংকৰ বিনিময়তে এটা ঘৰত চুৰি কৰিবলৈ পঠিয়াই। ট্রেছীয়ে পুলিছক মূর্খ সাজি কামফেৰা সম্পন্ন কৰে যদিও বাটতে এফ.বি.আইৰ সদস্য দুজনে তাইৰ পৰা চুৰি কৰা অলংকাৰসমূহ লৈ যায়। কিন্তু ট্রেছীয়ে গম পায় যে সিহঁত প্রকৃততে সোণাৰিয়ে পঠিওৱা মানুহহে আৰু দুয়োকে বুর্বক সাজি ট্রেছীয়ে অতি বুদ্ধিমত্তাৰে অলংকাৰখিনি পুনৰ হাত কৰে আৰু এনেকৈয়ে জেফ ষ্টিভানছৰ সৈতে ট্রেছীৰ সাক্ষাত্ হয়। এনকৈয়ে পৃথিৱীৰ এক বুদ্ধিমান ঠগ হিচাপে ট্রেছীৰ জীৱন আৰম্ভ হয় য'ত তেওঁ কেবা মিলিয়ন ডলাৰ মূল্যৰ অলংকাৰ,ছবি,হীৰা আদি চুৰি কৰে। এই চুৰি সমূহ পেচাতকৈও বেছি নিচা হৈ পৰে আৰু ডেনিয়েল কুপাৰকে ধৰি সমগ্র বিশ্বৰ পুলিছেও তাইক ধৰিব নোৱাৰে। এনেকৈয়ে বহুতো সম্পত্তি গঢ়াৰ পিছত ট্রেছী আৰু জেফে চুৰি বৃত্তি বাদ দি ব্রাজিললৈ গৈ বিয়াত বহিবলৈ সিদ্ধান্ত কৰে। কিন্তু প্লেনত ট্রেছীৰ কাষৰ আসনত মেক্সমিলিয়ান পিয়েৰপন্ট নামৰ ধনী ব্যক্তি এজন বহে আৰু ট্রেছীয়ে তেওঁৰ পৰা চুৰি কৰিবনে নাই এই কৌতূহল বাহাল ৰাখি উপন্যাস খন শেষ হয়।
অভিযোজন[সম্পাদনা কৰক]
১৯৮৬ চনত ইয়াৰ কাহিনীৰ ওপৰত ভিত্তি কৰি তিনিটা খণ্ডৰ এক টিভি শৃংখলা নির্মাণ কৰা হয় য'ত মেডোলিন স্মিথ অচবর্ণ, টম বেৰেংগাৰ, ডেভিড কেইথ, লিয়াম নেচন আদিয়ে অভিনয় কৰে।
মতামত[সম্পাদনা কৰক]
গুডৰীডছ ডট কমে ইয়াক পাঁচটাৰ ভিতৰত ৩.৯টা তৰা দিয়ে। তাত লিখা হৈছে যে "এক নির্দোষী মহিলাৰ পৰা বুদ্ধিমতী আৰু শক্তিশালী ঠগলৈ নায়িকাৰ এই ৰূপান্তৰ বিশ্বাসযোগ্য আৰু গ্রহণযোগ্য"।[1] মাউথশ্বাটে ইয়াক ৪টা তৰা[2] আৰু গুগলবুকছে ৩.৫টা তৰা[3] দিয়ে। ইনোটছ ডট কমত "ঘটনাবহুল কাহিনীয়ে কিছুসময়ৰ বাবে কৌতুহল পিয়াসী সকলক যথেষ্ট আমোদ দিব" যদিও "শ্বেলডনৰ এক মহিলাৰ কাৰাগাৰৰ ভিতৰচ'ৰাৰ বর্ণনা বা ডেনিয়েল কুপাৰৰ অতীতৰ ৰহস্যই কাহিনীক কোনো গভীৰতা প্রদান নকৰে" বুলি কোৱা হৈছে।[4] অলৰীডার্ছৰ শ্বার্মিন ৰহমানে ইয়াক শ্বেলডনৰ শ্রেষ্ঠতম উপন্যাসসমূহৰ এখন বুলি কয়।[5]
তথ্য সংগ্রহ[সম্পাদনা কৰক]
- ↑ "If Tomorrow Comes by Sidney Sheldon - Reviews, Discussion, Bookclubs, Lists". Goodreads.com. http://www.goodreads.com/book/show/14554.If_Tomorrow_Comes। আহৰণ কৰা হৈছে: 2013-02-22.
- ↑ "IF TOMORROW COMES - SIDNEY SHELDON Reviews and Ratings - MouthShut.com". M.mouthshut.com. http://m.mouthshut.com/product-reviews/If_Tomorrow_Comes_-_Sidney_Sheldon-reviews-925001081। আহৰণ কৰা হৈছে: 2013-02-22.
- ↑ "If Tomorrow Comes - Sidney Sheldon - Google Books". Books.google.co.in. http://books.google.co.in/books/about/If_Tomorrow_Comes.html?id=H8PJutSyWZoC। আহৰণ কৰা হৈছে: 2013-02-22.
- ↑ "If Tomorrow Comes Summary - Sidney Sheldon - Magill Book Reviews". Enotes.com. http://www.enotes.com/tomorrow-comes-salem/tomorrow-comes। আহৰণ কৰা হৈছে: 2013-02-22.
- ↑ "If Tomorrow Comes by Sidney Sheldon Detailed Book Review". Allreaders.com. http://www.allreaders.com/topics/info_6150.asp। আহৰণ কৰা হৈছে: 2013-02-22.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| পূৰ্বৱৰ্তী মাষ্টাৰ অৱ দ্য গেম |
ছিডনী শ্বেলডনৰ উপন্যাস ১৯৮৫ |
পৰৱৰ্তী ৱিন্দমিলছ অৱ দ্য গডছ |
|
|||||||||||||||||||
