ইভানা লিঞ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইভানা লিঞ্চ
A caucasian female with light blonde hair, wearing a creamy white dress.
২০০৯ চনত ইভানা লিঞ্চ
জন্ম ইভানা পেট্ৰিচিয়া লিঞ্চ (ইংৰাজী :Evanna Patricia Lynch)
১৬ আগষ্ট, ১৯৯১ (৩২ বছৰ)
টাৰ্মনফেকিন,কাউণ্ট্ৰী লাউথ,আয়াৰলেণ্ড
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৭-বৰ্তমানলৈকে

ইভানা পেট্ৰিচিয়া লিঞ্চ (ইংৰাজী: Evanna Lynch জন্ম: ১৬ আগষ্ট, ১৯৯১) এগৰাকী আইৰিছ অভিনেত্ৰী। লিঞ্চক মূলতঃ হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাত তেওঁ ৰূপায়ণ কৰা লুনা লাভগুড (ইংৰাজী : Luna Lovegood) চৰিত্ৰটোৰ বাবে জনা যায়। সেই সময়ত তেওঁৰ বয়স আছিল ১৪ বছৰ। ২০০৭ চনৰ পৰা ২০১১ চনলৈকে লিঞ্চে শৃংখলাটোৰ চাৰিখন চলচ্চিত্ৰত অভিনয় কৰে। ইয়াৰ লগতে তেওঁ চলচ্চিত্ৰকেইখনৰ সৈতে সম্পৰ্কিত ভিডিঅ' গেমসমূহতো একেই ভূমিকাত অৱতীৰ্ণ হয়।

লিঞ্চে ফেশ্বনৰ আনুষঙ্গিক সামগ্ৰীসমূহৰ নিৰ্মাণ কাৰ্যতো জড়িত হোৱাৰ লগতে এখন অডিঅ'বুকো বাণীবদ্ধ কৰিছে। তেওঁ দা হেৰী পটাৰ এলায়েঞ্চ (The Harry Potter Alliance) নামৰ অলাভকাৰী এক অনুষ্ঠানৰ উপদেষ্টামণ্ডলীৰো সদস্য।

শৈশৱ আৰু শিক্ষা[সম্পাদনা কৰক]

আয়াৰলেণ্ডৰ কাউণ্টি লাউথৰ নগৰাঞ্চল টাৰ্মনফেকিনত ইভানাৰ জন্ম হৈছিল। তেওঁৰ মাতৃ আৰু পিতৃ হৈছে ক্ৰমে মাৰ্গাৰেট (ইংৰাজী : Marguerite) আৰু ডনেল লিঞ্চ (ইংৰাজী : Donal Lynch)। ছজনীয়া পৰিয়ালটোত[1]লিঞ্চৰ এমিলি আৰু মেইৰেড নামৰ দুই ভগ্নী আৰু পেট্ৰিক[2] নামৰ এক ভাতৃও আছে। শৈশৱতে হেৰী পটাৰ শৃংখলাৰ অনুৰাগী[3] লিঞ্চে শৃংখলাটোৰ লেখিকা জে. কে. ৰাউলিংলৈ পত্ৰও প্ৰেৰণ কৰিছিল। এঘাৰ বছৰ বয়সৰ পৰা প্ৰায় দুবছৰ ধৰি লিঞ্চ এন'ৰেক্সিয়া ৰোগত ভুগিছিল। সেই সময়ছোৱাত ৰাউলিঙে পত্ৰযোগে লিঞ্চক উৎসাহ যোগাই আহিছিল। এই সম্পৰ্কত লিঞ্চে ৰাউলিঙক এক পৰামৰ্শদাতা সদৃশ বুলি বৰ্ণাইছে।[4]


লিঞ্চে কাৰ্ট'উন নেচনেল স্কুলত ২০০৪ চনলৈকে শিক্ষাগ্ৰহণ কৰাৰ পিছত কাউণ্টী লাউথৰে ড্ৰ'গেডা নামৰ ঠাইৰ আৱাৰ লেডী কলেজ নামে এখন কেথ'লিক মহিলা শিক্ষানুষ্ঠানত নামভৰ্ত্তি কৰে। উক্ত শিক্ষানুষ্ঠানতে লিঞ্চৰ পিতৃয়েও উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5][6] ২০০৮ চনত লিঞ্চে ডাবলিনৰ গ্লাচনেভিন নামৰ ঠাইত অৱস্থিত চেণ্টাৰ ফৰ দা টেলেণ্টেড য়ুথ অফ আয়াৰলেণ্ড নামৰ শিল্প-প্ৰতিভাৱান কিশোৰ-কিশোৰীসকলৰ এক শিক্ষানুষ্ঠানত কল্পনাশীল গল্প আৰু নাটকৰ বিষয়ে অধ্যয়ন কৰে।[7][8] হেৰী পটাৰ চলচ্চিত্ৰৰ ছেটতো তেওঁক দৈনিক অন্ততঃ তিনিঘণ্টা সময় ধৰি শিকোৱা-বুজোৱা হৈছিল।[9] ২০১০ চনৰ পৰা লিঞ্চে পুনৰাই নিজৰ শিক্ষান্ত পৰীক্ষাৰ বাবে ইনষ্টিটিউট অফ এডুকেচনতো উপস্থিত আছিল।[10]

কৰ্মজীৱন[সম্পাদনা কৰক]

হেৰী পটাৰ[সম্পাদনা কৰক]

A caucasian female with light blonde hair, wearing a blue short sleeve shirt.
২০০৯ চনত লণ্ডনত "হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স"ৰ বাবে চুক্তিবদ্ধ হোৱাৰ সময়ত লিঞ্চ

হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্স[সম্পাদনা কৰক]

২০০৬ চনত লিঞ্চে লণ্ডনৰ এক অভিনয় শিল্পী বাছনি অনুষ্ঠানত হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্স ছবিৰ লুনা লাভগুড চৰিত্ৰটোৰ বাবে বাছনি পৰীক্ষা অৰ্থাৎ অডিচনত অৱতীৰ্ণ হয়।[11][12] অন্য ১৫০০০ কিশোৰীৰ বিপৰীতে[11] বাছনি পৰীক্ষা দিয়াৰ পিছতেই তেওঁ ছবিৰ মুখ্য অভিনেতা ডেনিয়েল ৰেডক্লিফৰ সৈতে এক স্ক্ৰীণ টেষ্টতো অৱতীৰ্ণ হয়।[9] চৰিত্ৰটোৰ সৈতে থকা ইভানাৰ সাদৃশ্যত প্ৰযোজকসকল মুগ্ধ হয়। ডেভিদ হেইমেনে কয়, "আনে লুনাক ৰূপায়ণ কৰিব পাৰিব; ইভানা লিঞ্চ লুনা। "[13] ৰাউলিঙ নিজে শিল্পী বাছনিত জড়িত নাছিল যদিও তেওঁ এই চৰিত্ৰটোৰ বাবে লিঞ্চ যথোপযুক্ত বুলি বিশ্বাস কৰিছিল।[14] হেৰী পটাৰ শৃংখলাৰ আগলৈকে লিঞ্চৰ অভিনয়ৰ কোনো বৃত্তিগত অভিজ্ঞতা নাছিল আৰু ই বিদ্যালয়ৰ নাটসমূহতে সীমাৱদ্ধ আছিল।উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক ২০০৭ চনৰ হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্স ৰূপালী পৰ্দাত লিঞ্চৰ প্ৰথম প্ৰদৰ্শন আছিল। বিশ্বজুৰি ৯৩৮ মিলিয়ন ইউ এছ ডলাৰ উপাৰ্জনেৰে এই ছবিখন বক্স অফিচত হিট হয়। ইয়াত কৰা সু-অভিনয়ৰ বাবে লিঞ্চ বিশেষভাৱে সমালোচকসকলৰদ্বাৰা উচ্চ প্ৰশংসিত হয়।[15][16] এ. অ'. স্কট আৰু দা নিউয়ৰ্ক টাইমছে তেওঁৰ অভিনয়ক 'বিমুগ্ধকাৰী' আখ্যা দিয়ে।[17] কাণ্ট্ৰি লাইফৰ জেন ৱাটকিনছে ইয়াকো কয়, "তেওঁ চৰিত্ৰটোৰ মাজলৈ এক মিঠা আকৰ্ষণ আনে যি গ্ৰন্থকেইখনতো ভালদৰে ফুটি উঠা নাই। "[18] ছবিখনৰ সৈতে সংযুক্ত ভিডিঅ' গেমতো লিঞ্চে লুনাৰ ভূমিকা পালন কৰে।[19]

হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্স[সম্পাদনা কৰক]

ইয়াৰ দুবছৰ পাছত লিঞ্চে শৃংখলাৰ ষষ্ট ছবি হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্সত পুনৰবাৰ লুনাৰ চৰিত্ৰ ৰূপায়ণ কৰে। ছবিখনে সমালোচনা আৰু আৰ্থিক দিশৰ পৰা সাফল্য অৰ্জন কৰে।[20][21] ৱেছলি মৰিছ আৰু দ্য বষ্টন গ্ল'বৰ মতে লুনাৰ ৰূপত লিঞ্চে "ছবিখনৰ মাজে মাজে আহি পৰা স্থবিৰ গতিক নিজা [লুনাৰ] আমোদজনক স্থবিৰতাৰে প্ৰতিহত কৰে। "[22] দ্য আইৰিছ টাইমছৰ মাইকেল ডয়াৰে ছবিখনত কৰা প্ৰদৰ্শনৰ বাবে তেওঁক ২০০৯ বৰ্ষৰ শ্ৰেষ্ট আইৰিছ অভিনেত্ৰী বুলি অভিহিত কৰে।[23] এই প্ৰদৰ্শনে তেওঁলৈ 'স্ক্ৰীম বঁটা' আৰু যুৱ শিল্পী বঁটাৰ মনোনয়ন কঢ়িয়াই আনে[24][25] আৰূ তেওঁ পুনৰবাৰ ছবিখনৰ সৈতে যুক্ত ভিডিঅ' গেমছত লুনাক ৰূপায়িত কৰি যায়।[26]


হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ[সম্পাদনা কৰক]

২০১০ চনত গ্ৰন্থ শৃংখলাটোৰ অন্তিম গ্ৰন্থখনৰ আধাৰত নিৰ্মাণ হ'ব লগা দুখন ছবিৰ প্ৰথমখন ছবি হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ -প্ৰথম খণ্ড নিৰ্মাণ কৰা হয়। বক্স অফিছত সফল হোৱাৰ লগতে ই সমালোচকসমলৰদ্বাৰা সমাদৃত হয়।[27][28] দা বষ্টন হেৰল্ডৰ জেমছ ভাৰ্নিয়েৰে লুনাৰ বিষয়ে "এতিয়াও চন্দ্ৰমুখ" বুলি মন্তব্য কৰে।[29] কুইকফিক্স আলোচনীত ছাইমন মিৰেড'ৱে মন্তব্য কৰে, "উন্মাদপ্ৰায় লুনা লাভগুডৰ ৰূপত ইভানা লিঞ্চক বেয়াকৈ কমকৈ উপযোগ কৰা হৈছে। "[30] এই ছবিখনৰে সংযুক্ত ভিডিঅ' গেমছতো লিঞ্চে আগৰদৰেই কাম কৰি যায়।[31]

২০১১ চনত লিঞ্চে শৃংখলাৰ অন্তিম ছবি হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ - দ্বিতীয় খণ্ডতো লুনাৰ ভূমিকা পালন কৰে। ছবিখনে ১.৩২৮ ইউ এছ ডলাৰ মুঠ আয়েৰে সৰ্বকালৰ চতুৰ্থ সৰ্বোচ্চ মুঠ আয় অৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।[32][33] দ্য অ'ৰলেণ্ড' ছেণ্টিনেলৰ ৰ'জাৰ মূৰেই লিঞ্চক সমাপ্তিৰ এক প্ৰিয় চৰিত্ৰ বুলি অভিহিত কৰে।[34] তেওঁ ভিডিঅ' গেমসমূহতো আগৰদৰেই কাম কৰি যায়।[35]

২০১২ চনৰ আগষ্টত তৃতীয় হেৰী পটাৰ মিউজিকেলত লুনা লাভগুডৰ ভূমিকাত অৱতীৰ্ণ হ'বলৈ লিঞ্চে চিকাগোৰ লিকিক'নত ষ্টাৰকিডত যোগদান কৰে।

২০১১ চনত লিঞ্চ

ভৱিষ্যত প্ৰকল্প[সম্পাদনা কৰক]

লিঞ্চে স্কাই ওৱান টেলিভিছন চেনেলযোগে প্ৰচাৰিত হ'বলগা ধাৰাবাহিক ছিনবাদত ৰাজকুমাৰী এলেনাৰ চৰিত্ৰ ৰূপায়ণ কৰিব।[36][37] ২০১৩ চনত তেওঁ হেৰী পটাৰ শৃংখলাত একলগে অভিনয় কৰা গেৰী অল্ডমেনৰ সৈতে অপৰাধ নাট্যমূলক ছবি মনষ্টাৰ বাটলাৰতো ফিয়'না কেৰিক-স্মিথৰ ভূমিকাত অভিনয় কৰাৰ কথা আছিল। এই ছবিখন ইংৰাজ ধাৰাবাহিক হত্যাকাৰী আৰু চোৰ আৰ্কিবল্ড হলৰ (Archibald Hall) জীৱনৰ ওপৰত আধাৰিত হ'বলগা আছিল।[36][38] পিছে অৰ্থৰ অভাৱত ছবিখনৰ নিৰ্মাণ বাতিল কৰা হয়।

অন্যান্য কৰ্ম[সম্পাদনা কৰক]

লিঞ্চে হেৰী পটাৰ চলচ্চিত্ৰসমূহৰ বাবে ভালেসংখ্যক ফেশ্বনৰ আনুষঙ্গিক সামগ্ৰীৰো নিৰ্মাণ তথা ডিজাইন তৈয়াৰ কৰিছে।[1][6][39][40] ইয়াৰোপৰি তেওঁ কেটৰিন থমাছ আৰু চিয়েৰান চুইনিৰ বাবে মডেলিঙো কৰিছে।[41][42][43] লিঞ্চে ক্লেয়াৰ কিগানৰ চুটি গল্পৰ এক অডিঅ'বুকো বাণীবদ্ধ কৰিছে।[44] লিঞ্চ আয়াৰলেণ্ডৰ মাল্টিপল শ্লেৰ'ছিছ চ'ছাইটীৰ সৈতেও জড়িত য'ত তেওঁ ২০১০ চনত এম এছ ৰিডএথন নামে বৰঙনি সংগ্ৰহকাৰী প্ৰকল্পৰ শুভাৰম্ভ কৰে। লিঞ্চ অলাভকাৰী অনুষ্ঠান 'হেৰী পটাৰ এলায়েঞ্চ'ৰ উপদেষ্টামণ্ডলীৰো অন্যতম। অনুষ্ঠানটোৰ সৈতে তেওঁ সমলিংগ-বিবাহৰ প্ৰতি সমৰ্থন আগবঢ়াই[45] আৰু এক 'ৱেবকাষ্ট' অনুষ্ঠানত অংশ লোৱাৰ[46] লগতে এক বৰঙনি গোটোৱাৰ উদ্দেশ্য প্ৰকাশিত গ্ৰন্থলৈ[47] এক প্ৰবন্ধও আগবঢ়ায়।[48]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

চলচ্চিত্ৰ আৰু দূৰদৰ্শন
বৰ্ষ শিৰোনাম চৰিত্ৰ টোকা
২০০৭ হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্স লুনা লাভগুড
২০০৯ হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স লুনা লাভগুড
২০১০ হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল'জ – প্ৰথম খণ্ড লুনা লাভগুড
২০১১ হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল'জ – দ্বিতীয় খণ্ড লুনা লাভগুড
২০১২ ছিনবাদ আলেহনা টেলিভিছন ছিৰিজ; পৌনঃ পুনিক ভূমিকা
২০১২ এপেক্স ৰেগান চুটি ছবি
২০১৩ মনষ্টাৰ বাটলাৰ ফিয়'না চেৰিক-স্মিথ অৰ্থাভাৱৰ বাবে বাতিল
ভিডিঅ' গেম
বৰ্ষ গেম চৰিত্ৰ
২০০৭ হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্স লুনা লাভগুড
২০০৯ হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স লুনা লাভগুড
২০১০ হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল'জ – প্ৰথম খণ্ড লুনা লাভগুড
২০১১ হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল'জ – দ্বিতীয় খণ্ড লুনা লাভগুড

বঁটা আৰু মনোনয়নসমূহ[সম্পাদনা কৰক]

পুৰস্কাৰ আৰু মনোনয়ন
বৰ্ষ বঁটা শিতান ছবি ফলাফল
২০০৯ স্ক্ৰীম এৱাৰ্ড শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স মনোনীত
২০০৯ যুৱ শিল্পী বঁটা শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স মনোনীত

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Cummins, Steve (12 October 2010). "The Insider: Evanna Lynch". Nylon. Archived from the original on 17 October 2010. https://web.archive.org/web/20101017023104/http://nylonmag.com/?section=article&parid=5287। আহৰণ কৰা হৈছে: 27 January 2011. 
  2. Hogan, Louise (9 July 2007). "Evanna goes Potty as big screen wins over her dad". Irish Independent (Independent News & Media). http://www.independent.ie/national-news/evanna-goes-potty-as-big-screen-wins-over-her-dad-995614.html। আহৰণ কৰা হৈছে: 23 July 2010. 
  3. "Luna Lovegood actress talks Potter". BBC News (BBC). 16 July 2007. http://news.bbc.co.uk/2/hi/entertainment/6900391.stm। আহৰণ কৰা হৈছে: 16 July 2010. 
  4. Smart, Gordon (22 November 2010). "JK Rowling a life-saver for Luna". The Sun (News International). http://www.thesun.co.uk/sol/homepage/showbiz/bizarre/3239243/Actress-reveals-Harry-Potter-author-saved-her-from-anorexia.html। আহৰণ কৰা হৈছে: 27 January 2011. 
  5. Bray, Allison (14 July 2009). "Evanna casts a spell as stars step out for Potter". Irish Independent (Independent News & Media). http://www.independent.ie/entertainment/film-cinema/evanna-casts-a-spell-as-stars-step-out-for-potter-1820362.html। আহৰণ কৰা হৈছে: 23 July 2010. 
  6. 6.0 6.1 O'Toole, Sascha (12 June 2010). "Evanna wins art prize to add to Potter magic". Evening Herald (Independent News & Media). http://www.herald.ie/entertainment/around-town/evanna-wins-art-prize-to-add-to-potter-magic-2218384.html। আহৰণ কৰা হৈছে: 12 July 2010. 
  7. McDonagh, Patricia (25 July 2007). "Luna Lovegood's a wizard with words". Irish Independent (Independent News & Media). http://www.independent.ie/national-news/luna-lovegoods-a-wizard-with-words-1043541.html। আহৰণ কৰা হৈছে: 16 July 2010. 
  8. "News - headlines". Dcu.ie. 2011-03-22. Archived from the original on 2012-04-02. https://web.archive.org/web/20120402143215/http://www.dcu.ie/news/2011/mar/s0311v.shtml। আহৰণ কৰা হৈছে: 2011-04-04. 
  9. 9.0 9.1 {{cite episode|title=Evanna Lynch|url=http://www.rte.ie/podcasts/2009/pc/pod-v-230409-28m27s-tts.mp3%7Cseries=The Tubridy Show|network=RTÉ Radio 1|airdate=23
  10. Byrne, Andrea (28 November 2010). "Moving from Hogwarts to the Institute". Irish Independent (Independent News & Media). http://www.independent.ie/entertainment/film-cinema/moving-from-hogwarts-to-the-institute-2439279.html। আহৰণ কৰা হৈছে: 5 March 2011. 
  11. 11.0 11.1 "Luna Lovegood role has been cast". CBBC Newsround (BBC). 2 February 2006. http://news.bbc.co.uk/cbbcnews/hi/newsid_4670000/newsid_4672700/4672798.stm। আহৰণ কৰা হৈছে: 29 May 2010. 
  12. Buchanan, Jason (2007). "Overview of Harry Potter and the Order of the Phoenix". Allmovie. http://allmovie.com/work/harry-potter-and-the-order-of-the-phoenix-289458। আহৰণ কৰা হৈছে: 14 April 2010. 
  13. Battersby, Matilda (9 November 2010). "Harry Potter and the class of Hogwarts 2000". The Independent (Independent Print Limited). http://www.independent.co.uk/arts-entertainment/films/features/harry-potter-and-the-class-of-hogwarts-2000-2128472.html। আহৰণ কৰা হৈছে: 10 November 2010. 
  14. "Rowling bemoans paper 'shortage'". BBC News (BBC). 6 April 2006. http://news.bbc.co.uk/2/hi/entertainment/4882230.stm। আহৰণ কৰা হৈছে: 29 June 2010. 
  15. "Harry Potter and the Order of the Phoenix (2007)". Box Office Mojo. Amazon.com. http://www.boxofficemojo.com/movies/?page=main&id=harrypotter5.htm। আহৰণ কৰা হৈছে: 20 October 2007. 
  16. "Harry Potter and the Order of the Phoenix (2007): Reviews". Metacritic. 11 July 2007. http://www.metacritic.com/movie/harry-potter-and-the-order-of-the-phoenix/। আহৰণ কৰা হৈছে: 14 November 2010. 
  17. Scott, Anthony (10 July 2007). "Hogwarts Under Siege". New York Times (The New York Times Company). http://movies.nytimes.com/2007/07/10/movies/10harr.html। আহৰণ কৰা হৈছে: 29 July 2007. 
  18. Watkins, Jane (5 July 2007). "Harry Potter reviewed". Country Life. IPC Media. http://www.countrylife.co.uk/property/guides/article/128012/Harry-Potter-reviewed.html। আহৰণ কৰা হৈছে: 29 June 2010. 
  19. Electronic Arts (25 June 2007). Harry Potter and the Order of the Phoenix, Instruction manual. Electronic Arts. 
  20. "Harry Potter and the Half-Blood Prince (2009): Reviews". Metacritic. 15 July 2009. http://www.metacritic.com/movie/harry-potter-and-the-half-blood-prince/। আহৰণ কৰা হৈছে: 14 November 2010. 
  21. "Harry Potter and the Half-Blood Prince (2009)". Box Office Mojo. Amazon.com. http://www.boxofficemojo.com/movies/?id=harrypotter6.htm। আহৰণ কৰা হৈছে: 14 November 2010. 
  22. Morris, Wesley (16 July 2009). "'Harry Potter and the Half-Blood Prince' movie review". The Boston Globe. The New York Times Company. http://www.boston.com/ae/movies/articles/2009/07/15/suspense_in_8216half_blood_prince8217_lays_groundwork_for_big_finale/। আহৰণ কৰা হৈছে: 29 May 2010. 
  23. Clarke, Donald; Dwyer, Michael (11 December 2009). "A year in film". The Irish Times (Irish Times Trust). Archived from the original on 27 January 2013. https://archive.is/FEjEX। আহৰণ কৰা হৈছে: 13 July 2010. 
  24. "Best Supporting Actress – Scream 2009". Spike. Archived from the original on 23 January 2010. http://www.spike.com/event/scream2009/page/vote/category/33654। আহৰণ কৰা হৈছে: 8 April 2010. 
  25. "Thirty-first Annual Young Artist Awards". The Young Artists Foundation. http://www.youngartistawards.org/noms31.html। আহৰণ কৰা হৈছে: 8 April 2010. 
  26. Electronic Arts (30 June 2009). Harry Potter and the Half-Blood Prince, Instruction manual. Electronic Arts. 
  27. "Harry Potter and the Deathly Hallows: Part I (2010): Reviews". Metacritic. 19 November 2010. http://www.metacritic.com/movie/harry-potter-and-the-deathly-hallows-part-i/। আহৰণ কৰা হৈছে: 5 December 2010. 
  28. "Harry Potter and the Deathly Hallows Part 1 (2010)". Box Office Mojo. Amazon.com. http://www.boxofficemojo.com/movies/?id=harrypotter7.htm। আহৰণ কৰা হৈছে: 5 December 2010. 
  29. Verniere, James (20 November 2010). "Hollow ‘Hallows’". The Boston Herald. Herald Media Inc. http://www.bostonherald.com/entertainment/movies/reviews/view.bg?articleid=1297190। আহৰণ কৰা হৈছে: 5 December 2010. 
  30. Miraudo, Simon (18 November 2010). "Nothing by half-measures – Harry Potter and the Deathly Hallows: Part One review". Quickflix. http://blog.quickflix.com.au/2010/11/18/nothing-by-half-measures-harry-potter-and-the-deathly-hallows-part-one-review/। আহৰণ কৰা হৈছে: 13 July 2011. 
  31. "More voices confirmed for new game". EA.com (Electronic Arts, Inc.). 26 August 2010. Archived from the original on 31 August 2010. https://web.archive.org/web/20100831093739/http://harrypotter.ea.com/UK/?p=741। আহৰণ কৰা হৈছে: 27 August 2010. 
  32. "Harry Potter and the Deathly Hallows: Part 2 (2011): Reviews". Metacritic. 15 July 2011. http://www.metacritic.com/movie/harry-potter-and-the-deathly-hallows-part-2। আহৰণ কৰা হৈছে: 8 August 2011. 
  33. "Harry Potter and the Deathly Hallows Part 2 (2011)". Box Office Mojo. Amazon.com. http://www.boxofficemojo.com/movies/?id=harrypotter72.htm। আহৰণ কৰা হৈছে: 8 August 2011. 
  34. Moore, Roger (19 July 2011). "Potter at the Oscars? The speculation begins…". The Orlando Sentinel. Tribune Company. http://blogs.orlandosentinel.com/entertainment_movies_blog/2011/07/potter-at-the-oscars-the-speculation-begins.html। আহৰণ কৰা হৈছে: 1 December 2011. 
  35. Electronic Arts (12 July 2011). Harry Potter and the Deathly Hallows – Part 2, Instruction manual. Electronic Arts. 
  36. 36.0 36.1 Prinzivalli, Fallon (6 June 2012). "'Harry Potter' Acctress Cast In 'Monster Butler'". MTV. http://moviesblog.mtv.com/2012/06/06/harry-potter-monster-butler। আহৰণ কৰা হৈছে: 10 June 2012. 
  37. "Evanna moves in with 'Glee' cast to launch LA career". Evening Herald (Independent News & Media). 20 January 2012. Archived from the original on 23 January 2012. https://web.archive.org/web/20120123083446/http://www.herald.ie/entertainment/around-town/evanna-moves-in-with-glee-cast-to-make-magic-in-la-2995279.html। আহৰণ কৰা হৈছে: 22 January 2012. 
  38. "Evanna Lynch joins cast of Monster Butler". RTÉ Ten (Raidió Teilifís Éireann). 7 June 2012. http://www.herald.ie/entertainment/around-town/evanna-moves-in-with-glee-cast-to-make-magic-in-la-2995279.html। আহৰণ কৰা হৈছে: 10 June 2012. 
  39. Evanna, Lynch; Temime, Jany (2009). Harry Potter and the Half-Blood Prince, Costume Designs with Evanna Lynch (DVD). Warner Bros. Pictures. 
  40. Sibley, Brian (2010). Harry Potter Film Wizardry. HarperCollins. পৃষ্ঠা. 127. ISBN 0-06-199781-1. 
  41. "Ponytail_2/Audition starring Evanna Lynch 001". KatrinThomas.com. Archived from the original on 12 March 2012. https://web.archive.org/web/20120312004034/http://www.katrinthomas.com/photography/fashion/index.php?ProjectID=13। আহৰণ কৰা হৈছে: 9 September 2010. 
  42. "About Ciarán". CiaranSweeney.com. Archived from the original on 8 July 2011. https://web.archive.org/web/20110708153455/http://www.ciaransweeney.com/about.htm। আহৰণ কৰা হৈছে: 9 September 2010. 
  43. Nolan, Lorna (18 May 2009). "Amber breaks down in tears over secret struggle with hair loss". Evening Herald (Independent News & Media). http://www.herald.ie/entertainment/around-town/amber-breaks-down-in-tears-over-secret-struggle-with-hair-loss-1742955.html?start=2। আহৰণ কৰা হৈছে: 12 July 2010. 
  44. "Afternoon Reading: Foster". BBC Radio 4. BBC. http://www.bbc.co.uk/programmes/b00tj84p। আহৰণ কৰা হৈছে: 23 July 2010. 
  45. Taylor, Richie (24 October 2009). "Evanna works her magic for Harry Potter Alliance". Irish Independent (Independent News & Media). http://www.independent.ie/lifestyle/evanna-works-her-magic-for-harry-potter-alliance-1923464.html। আহৰণ কৰা হৈছে: 3 September 2010. 
  46. Slack, Andrew (26 June 2010). "JK Rowling and Helping Haiti Heal!". The Harry Potter Alliance. Archived from the original on 6 September 2010. https://web.archive.org/web/20100906110153/http://www.thehpalliance.org/2010/06/jk-rowling-and-helping-haiti-heal/। আহৰণ কৰা হৈছে: 9 September 2010. 
  47. "Dear Mr. Potter". The Harry Potter Alliance. Archived from the original on 26 April 2011. https://web.archive.org/web/20110426024032/http://thehpalliance.org/dearmrpotter/। আহৰণ কৰা হৈছে: 27 April 2011. 
  48. Lynch, Evanna (18 January 2011). "Why the Body Bind is My Nightmare". The Harry Potter Alliance. Archived from the original on 24 March 2014. https://web.archive.org/web/20140324094422/http://thehpalliance.org/2011/01/why-the-body-bind-is-my-nightmare/। আহৰণ কৰা হৈছে: 27 January 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]