ইয়াণ্ডাবু সন্ধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইয়াণ্ডাবু সন্ধি
Treaty of Yandabo
ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আভাৰ ৰজাৰ মাজৰ শান্তি চুক্তি
Yandabo treaty.jpg
স্বাক্ষৰ ২৪ ফেব্ৰুৱাৰী, ১৮২৬
অৱস্থিতি ইয়াণ্ডাবু, ম্যানমাৰ
স্বাক্ষৰকাৰীসকল আভাৰ ৰজা

ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী

ভাষাসমূহ ইংৰাজী, বাৰ্মীয়

ইয়াণ্ডাবু সন্ধি প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল। ব্ৰিটিছ বাহিনীৰ ফালৰপৰা 'ছাৰ আৰ্চিবল্ড কেম্পবেল' আৰু ব্ৰহ্মদেশৰ ফালৰপৰা লেগাইৰ ৰাজ্যপাল 'মহা মিন লা কিয়' টিন'-এ এই সন্ধিত স্বাক্ষৰ কৰিছিল। সন্ধি স্বাক্ষৰ হোৱাৰ সময়ত ব্ৰিটিছ বাহিনী ৰাজধানী 'আভা'ৰপৰা পঞ্চিলছ মাইল আঁতৰত থকা ইয়াণ্ডাবু নামে ঠাইত উপস্থিত হৈছিল। এনে অৱস্থাত সন্ধিত ব্ৰিটিছ বাহিনীয়ে আগবঢ়োৱা চৰ্তমতেই স্বাক্ষৰ কৰিবলৈ মানসকল বাধ্য হৈছিল।[1]

এই সন্ধি অনুসৰি, মানসকলে নিম্নোক্ত চৰ্তসমূহ মানি লৈছিল: (১) অসম, মণিপুৰ, আৰাকান আৰু টেনাছেৰিমকে ধৰি শালউইন নদীৰ দক্ষিণ উপত্যকা ব্ৰিটিছক এৰি দিয়া হ'ব। (২) কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত হস্তক্ষেপ নকৰা, (৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ১ নিযুত ব্ৰিটিছ পাউণ্ড চাৰিটা কিস্তিত ব্ৰিটিছক দিয়া, (৪) আভা আৰু কলিকতাৰ মাজত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখা, আৰু (৫) ব্ৰিটিছৰ লগত বেপাৰৰ চুক্তিত স্বাক্ষৰ কৰা।[1][2]

এই সন্ধিয়ে ব্ৰিটিছে সেই সময়লৈ সম্পন্ন কৰা আটাইতকৈ খৰছী যুদ্ধখন শেষ কৰে। এংলো-বাৰ্মা যুদ্ধত ১৫০০০ ইংৰাজ আৰু ভাৰতীয় সৈন্য নিধন হৈছিল আৰু তাতকৈ বেছি সংখ্যক (সঠিক অংক জনা নাযায়) মান সৈন্য নিহত হৈছিল। এই যুদ্ধত ব্ৰিটিছৰ খৰছ হৈছিল পাঁচ নিযুত পাউণ্ড ষ্টাৰলিংৰপৰা (২০০৬ চনৰ আমেৰিকাৰ ডলাৰৰ হিচাপত: ১৮.৫ বিলিয়ন)[3] ১৩ নিযুত পাউণ্ড ষ্টাৰলিঙৰ ভিতৰত। এই খৰছে ১৮৩৩ চনত ব্ৰিটিছ শাসনক তীব্ৰ অৰ্থনৈতিক সংকটলৈ নিক্ষেপ কৰিছিল।[4]

এই সন্ধিৰ লগতে ব্ৰহ্মদেশৰ মানসকলৰ স্বাধীনতাৰ অৱসান হ'বলৈ আৰম্ভ কৰে। সেই সময়ৰ ব্ৰিটিছৰ তীব্ৰ প্ৰতিদ্বন্দী তৃত্বীয় মান সাম্ৰাজ্যৰ কঁকাল এই সন্ধিয়ে ভাঙি পেলাইছিল।[5] সন্ধিমতে দিবলগীয়া ১ নিযুত ক্ষতিপূৰণে মান সাম্ৰাজ্যত তীব্ৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিছিল।[2] ইয়াৰ পাছত ব্ৰিটিছে আৰু দুবাৰ ব্ৰহ্মদেশৰ লগত যুদ্ধৰ লিপ্ত হয় আৰু ১৮৮৫ চনত সমগ্ৰ ব্ৰহ্মদেশ নিজৰ অধীনলৈ আনে।

বুজা-পৰা[সম্পাদনা কৰক]

প্ৰাৰম্ভিক বুজা-পৰা[সম্পাদনা কৰক]

ইয়াণ্ডাবু চুক্তিৰ সময়ত ব্ৰিটিছসকল চালকৰ আসনত আছিল কিয়নো ১৮২৫ ৰ এপ্ৰিলত হোৱা শেহতীয়া যুদ্ধত মানৰ সেনাপতি মহা বন্দুলাক হত্যা কৰিছিল আৰু সন্ধিত তেওঁলোকে নামনি বাৰ্মা, ৰাখিন, তেনিনথ্যায়ি, অসম আৰু মণিপুৰক তেওঁলোকক গটাই দিবলৈ দাবী কৰিছিল।

প্ৰথমাৱস্থাত বাৰ্মা ৰজাই তেওঁলোকৰ চৰ্তসমূহ মানি লবলৈ টান পাইছিল যদিও সেই সময়ত বাৰ্মা আৰ্মী প্ৰায় ভাগি পৰিছিল, ফলস্বৰূপে ব্ৰিটিছৰ আগত নতিস্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিছিল। বাৰ্মা সিধান্তবোৰ ব্ৰিটিছ চৰকাৰলৈ এনেদৰে জনোৱা হৈছিল-

  1. অসম আৰু মনিপুৰ ব্ৰিটিছক গটাই দিবলৈ সিদ্ধান্ত
  2. মণিপুৰী ৰজাক সৈমান কৰোৱা
  3. তনিনথ্যায়ী গটাই দিবলৈ সিধান্ত কিন্তু ৰাখিন নিজৰ লগত ৰখিবলৈ সিদ্ধান্ত

বুজা-পৰা ভাঙি পৰাত[সম্পাদনা কৰক]

কিন্তু শেষত বুজা-পৰা ভাঙি পৰিছিল, আৰু ১৮২৫ ৰ নবেম্বৰ মাহত ব্ৰিটিছৰ লগত পুনৰ যুদ্ধ কৰিবলৈ সাজু হ'ল। আৰু ডিচেম্বৰ হোৱা বাৰ্মা আৰু ব্ৰিটিছৰ সেই ঐতিহাসিক যুদ্ধখনত পুনৰ ব্ৰিটিছৰে বিজয় হ'ল আৰু ১৮২৬ চনৰ ৮ ফেব্ৰুৱাৰীত পাগন আৰু ১৬ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু নিজৰ অধীনলৈ আনিবলৈ সমৰ্থ হ'ল।

স্বাক্ষৰ[সম্পাদনা কৰক]

অৱশেষত শান্তি ৰক্ষাৰ স্বাৰ্থত বাৰ্মা ৰজা ইংৰাজৰ লগত এক আলোচনাত বহিবলৈ সৈমত হ'ল। তেওঁলোকে দুজন মন্ত্ৰীক এই শান্তি আলোচনাত ভাগ লবলৈ পথালে। এই আলোচনাখনত উপস্থিত আছিল ব্ৰিটিছ সেনাধক্ষ চাৰ এৰ্কিবেল কেম্পৱেল। তেওঁলোকে কোনো বুজা-পৰালৈ আহিবলৈ সন্মত নহ'ল ফলস্বৰূপে বাৰ্মা ৰজাই ব্ৰিটিছৰ সকলোবোৰ চৰ্ত বিনাদিদ্ধাই মানি লবলৈ বাধ্য হ'ল।

  1. অসম, মণিপুৰ, ৰেখিন, তনিনথ্যায়ি ব্ৰিটিছক গটাই দিবলৈ সিধান্ত
  2. কাছাৰ আৰু জয়ন্তীয়াৰ পৰা বাৰ্মাৰ সামৰিক ঘাটি আঁতৰাই নিবলৈ সিধান্ত
  3. ১ মিলিয়ন পাউন্ড জৰিমণা আদায়(৪ টা কিস্তিত)
  4. এভা আৰু কলিকতাৰ মাজত এজন দূত ৰাখিবলৈ সিধান্ত
  5. লগতে এখন বানিজ্যিক চুক্তি স্বাক্ষৰ কৰিবলৈ সিধান্ত

(প্ৰথমটো কিস্তি লগে লগে পৰিশোধ কৰা হৈছিল, দ্বিতীয় কিস্তিটো ১০০ দিনৰ মূৰত পৰিশোধ কৰা হৈছিল, আৰু বাকীবোৰ প্ৰায় দুটা বছৰৰ পিছত পৰিশোধ কৰা হৈছিল। মন কৰিবলগীয়া যে, ধনসমূহ লাভ নকৰালৈকে ব্ৰিটিছসকল ইয়াণ্ডাবু ত্যাগ কৰা নাছিল।)

সন্ধিখন[সম্পাদনা কৰক]

Original text of the treaty:[6]

Treaty of Yandaboo, 24 February 1826

TREATY of PEACE between the HONORABLE EAST INDIA COMPANY on the one part, and HIS MAJESTY the KING of AVA on the other, settled MAJOR-GENERAL SIR ARCHIBALD CAMPBELL, K.C.B., and K.C.T.S., COMMANDING the EXPEDITION, and SENIOR COMMISSIONER in PEGU and AVA; THOMAS CAMPBELL ROBERTSON, ESQ., CIVIL COMMISSIONER in PEGU and AVA; and HENRY DUCIE CHAD, ESQ., CAPTAIN, COMMANDING BRITANNIC MAJESTY'S and the HONORABLE COMPANY'S NAVAL FORCE the IRRAWADDY RIVER, on the part of the Honorable Company; and by MENGYEE-MAHA-MEN-KYAN-TEN WOONGYEE, LORD of LAYKAING, and MENGYEE-MARA-HLAH-THUO-HAH-THOO-ATWEN-WOON, LORD of the REVENUE, on the part of the King of Ava; who have each communicated to the other their full powers, agreed to and executed at Yandaboo in the Kingdom of Ava, on this Twenty-fourth day of February, in the year of Our Lord One Thousand Eight Hundred and Twenty-six, corresponding with the Fourth day of the decrease of the Moon Taboung, in the year One Thousand One Hundred and Eighty-seven Gaudma Era, 1826.

দফা ১

শান্তি-শৃংখলাৰ স্বাৰ্থত দুয়োটা পক্ষ ইষ্ট ইন্ডিয়া কোম্পানী, ব্ৰিটিছ আৰু মানৰ ৰজা বুজাপৰালৈ আহিবলৈ সিধান্ত গ্ৰহণ কৰে।

দফা ২

চুক্তিৰ মতে মানৰ ৰজাই আগতে আৰোপ কৰা সকলোবোৰ ৰাজকীয় ঘোষনা, কৰ ইত্যাদিবোৰ উঠাই লবলৈ সিধান্ত গ্ৰহণ কৰে।

দফা ৩

দুয়োখন দেশৰ মাজত শান্তি-শৃংখলা বজায় ৰখাতো কাম্য। স্থায়ী সীমাৰেখা নিৰ্ধাৰণ কৰা হয় আৰু আৰকন গিৰিমালাকে দুয়োখন দেশৰ সীমা হিচাবে পঞ্জীভূত কৰা হয়।

দফা ৪

His Majesty the King of Ava cedes to the British Government the conquered Provinces of Yeh, Tavoy, and Mergui and Tenasserim, with the islands and dependencies thereunto appertaining, taking the Salween River as the line of demarcation on that frontier ; any doubts regarding their boundaries will be settled as specified in the concluding part of Article third.

দফা ৫

In proof of the sincere disposition of the Burmese Government to maintain the relations of peace and amity between the Nations, and as part indemnification to the British Government for the expenses of the War, His Majesty the King of Ava agrees to pay the sum of one crore of Rupees

দফা ৬

No person whatever, whether native or foreign, is hereafter to be molested by either party, on account of the part which he map have taken or have been compelled to take in the present war.

দফা ৭

In order to cultivate and improve the relations of amity and peace hereby established between the two governments, it is agreed that accredited ministers, retaining an escort or safeguard of fifty men, from each shall reside at the Durbar of the other, who shall be permitted to purchase, or to build a suitable place of residence, of permanent materials ; and a Commercial Treaty, upon principles of reciprocal advantage, will be entered into by the two high contracting powers.

দফা ৮

All public and private debts contracted by either government, or by the subjects of either government, with the others previous to the war, to be recognized and liquidated upon the same principles of honor and good faith as if hostilities had not taken place between the two Nations, and no advantage shall be taken by either party of the period that may have elapsed since the debts were incurred, or in consequence of the war ; and according to the universal law of Nations, it is further stipulated, that the property of all British subjects who may die in the dominions of His Majesty the King of Ava., shall, in the absence of legal heirs, be placed in the hands of the British Resident or Consul in the said dominions, who will dispose of the same according to the tenor of the British law. In like manner the property of Burmese subjects dying under the same circumstances, in and part of the British dominions, shall be made over to the minister or other authority delegated by His Burmese Majesty to the Supreme Government of India

দফা ৯

The Kink of Ava will abolish all exactions upon British ships or vessels in Burman ports, that are not required from Burmah ships or vessels in British port nor shall ships or vessels, the property of British subjects, whether European or Indian, entering the Rangoon River or other Burman ports, be required to land their guns, or unship their rudders, or to do any other act not required of Burmese ships or vessels in British ports.

দফা ১০

The good and faithful Ally of the British Government, His Majesty the King of Siam, having taken a part in the present War, will, to the fullest extent, as far as regards His Majesty and his subjects, be included in the above Treaty.

দফা ১১

This Treaty to be ratified by the Burmese authorities competent in the like cases, and the Ratification to be accompanied by all British, whether Europe or Native, American, and other prisoners, who will be delivered over to the British Commissioners ; the British Commissioners on their part engaging that the said Treaty shall be ratified by the Right Honorable the Governor-General in Council ,and the Ratification shall be delivered to His Majesty the King of Ava in four months, or sooner if possible, and all the Burmese prisoners shall, in like manner be delivered over to their own Government as soon as they arrive from Bengal.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Lt. Gen. Sir Arthur P. Phayre (1967). History of Burma (2 সম্পাদনা). প্ৰকাশক London: Sunil Gupta. পৃষ্ঠা. 237. 
  2. 2.0 2.1 Maung Htin Aung (1967). A History of Burma. প্ৰকাশক New York and London: Cambridge University Press. পৃষ্ঠা. 214–215. 
  3. Thant Myint-U (2006). The River of Lost Footsteps--Histories of Burma. Farrar, Straus and Giroux. পৃষ্ঠা. 113. ISBN 978-0-374-16342-6, 0-374-16342-1. 
  4. Anthony Webster (1998). Gentlemen Capitalists: British Imperialism in South East Asia, 1770-1890. I.B.Tauris. পৃষ্ঠা. 142–145. ISBN 1860641717, 9781860641718. 
  5. Thant Myint-U (2006). The River of Lost Footsteps--Histories of Burma. Farrar, Straus and Giroux. পৃষ্ঠা. 125–127. ISBN 978-0-374-16342-6, 0-374-16342-1. 
  6. http://www.sdstate.edu/projectsouthasia/loader.cfm?csModule=security/getfile&PageID=874574

বাহ্যিক সংযোগ[সম্পাদনা কৰক]