ইলেকট্ৰা কমপ্লেক্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ইলেকট্ৰা কমপ্লেক্স (ইংৰাজী: Electra complex) হ'ল ফ্ৰয়েডীয় মনোবিজ্ঞানৰ এক আলোৰণকাৰী ধাৰণা। চমুতে কবলৈ গ'লে ইলেকট্ৰা কমপ্লেক্স হ'ল কন্যা সন্তানৰ দেউতাকৰ প্ৰতি থকা এক ধৰণৰ অৱচেতন যৌন কামনা। বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগ্‌মণ্ড ফ্ৰয়েডৰ মতবাদ অনুসৰি শৈশৱ কালতেই কন্যা সন্তানসকলৰ দেউতাকৰ প্ৰতি এক ধৰণৰ অনুৰাগ অথবা আকৰ্ষণ গঢ় লৈ উঠে আৰু এই অনুৰাগ গঢ় লয় সন্তানৰ অকালজাত যৌন চেতনাৰ প্ৰভাৱত। ইয়াৰ সমান্তৰালভাৱে কন্যাসন্তানসকলৰ মনত মাতৃৰ প্ৰতি এক ধৰণৰ বিৰাগ বা বিকৰ্ষণে ঠাই লয়। ইলেকট্ৰা কমপ্লেক্সৰ ধাৰণাটো গ্ৰীচ দেশৰ এক পৌৰাণিক লোক-কাহিনীৰ লগত জড়িত হৈ আছে। এই কাহিনী অনুসৰি ইলেকট্ৰা নামৰ নাৰী এগৰাকীয়ে তেওঁৰ এজন ভায়েকৰ হতুৱাই নিজ মাতৃত হত্যা কৰি পিতৃৰ লগত বিয়া হৈছিল। আৰু এই কাহিনীক আলম কৰিয়েই চিগ্‌মণ্ড ফ্ৰয়েডে কন্যা সন্তানৰ এই অসুস্থ যৌন মানসিকতাটোৰ নাম ৰাখিছিল ইলেকট্ৰা কমপ্লেক্স।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]