ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
Bugun Liocichla, ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত ১৯৯৫ চনত আৱিষ্কাৰ হোৱা নতুন চৰাইবিধ
Bugun Liocichla, ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত ১৯৯৫ চনত আৱিষ্কাৰ হোৱা নতুন চৰাইবিধ
মানচিত্ৰত ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান পশ্চিম কামেং জিলা, অৰুণাচল প্ৰদেশ, ভাৰত
স্থানাংক 27°06′0″N 92°24′0″E / 27.1°N 92.4°E / 27.1; 92.4স্থানাংক: 27°06′0″N 92°24′0″E / 27.1°N 92.4°E / 27.1; 92.4
মাটিকালি ২১৮ বৰ্গ কি.মি. (21,80,00,000 বৰ্গ মিটাৰ)
প্ৰতিস্থা ১৯৮৯
পৰ্যটক ৭৫ (২০০৬ চনত)
কৰ্তৃপক্ষ অৰুণাচল প্ৰদেশ চৰকাৰ

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য (ইংৰাজী: Eaglenest Wildlife Sanctuary) অৰুণাচল প্ৰদেশপশ্চিম কামেং জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ উত্তৰ-পূব দিশত 'চেঁচা অৰ্কিড উদ্যান' আৰু পূবে কামেং নৈৰ সিপাৰে পাক্কে ব্ৰাঘ্ৰ প্ৰকল্প অৱস্থিত। ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য সাগৰ পৃষ্ঠৰ পৰা ৫০০ মিটাৰৰ পৰা ৩২৫০ মিটাৰ পৰ্যন্ত বিয়পি আছে। ই 'কামেং হস্তী সংৰক্ষিত বনাঞ্চল (Kameng Elephant Reserve)ৰ অন্তৰ্ভুক্ত। ১৯৫০ ৰ দশকত এই অঞ্চলত বাহৰ পাতি থকা ভাৰতীয় সেনাৰ চতুৰ্থ ইনফেণ্ট্ৰিৰ ৰেড ঈগল ডিভিজনৰ নামেৰে এই অভয়াৰণ্যৰ নাম ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য ৰখা হয় বুলি জনা যায়। [1] এই অভয়াৰণ্য প্ৰধানকৈ বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে বিখ্যাত।

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য আৰু চেঁচা অৰ্কিড অভয়াৰণ্য উত্তৰ-পূবমুৱাকৈ অৱস্থিত। এই বন্যপ্ৰাণী অভয়াৰণ্যখন উত্তৰে ঈগলনেষ্ট পাছ আৰু বুগুন জনজাতিৰ সংৰক্ষিত বনাঞ্চললৈ গঠিত হৈছে। ইয়াৰ উত্তৰ সীমান্তত টাৱাং জিলাভালুকপুং-বমডিলা ৰাষ্ট্ৰীয় পথটোৱে এই অভয়াৰণ্যৰ পূব সীমা। ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যৰ পশ্চিমে ভূটান সীমান্ত। [2]

প্ৰাণীকুল[সম্পাদনা কৰক]

পক্ষী[সম্পাদনা কৰক]

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য পক্ষী নিৰীক্ষণৰ বাবে বিখ্যাত। ইয়াত বৰ্তমানলৈকে ৪৫৪ প্ৰজাতিৰ বিভিন্ন চৰাই পোৱা গৈছে। [2] ইয়াৰ ভিতৰত ৩ বিধ পানীকাউৰী (cormorants), ৫ বিধ কণামুচুৰী জাতীয় (herons), Black Stork, Oriental White Ibis, ৪ বিধ হাঁহ (ducks), ২০ বিধ মাংসহাৰী চৰাই (hawks, eagles, kites, harriers and vultures), ৩ বিধ ফেলকন (falcons), ১০ বিধ কুকুৰাজাতীয় (pheasants, junglefowl, quail, peafowl), ১৪ বিধ কপৌ জাতীয় চৰাই (pigeons), ৩ বিধ ভাটৌজাতীয় চৰাই (Parrots), ১৫ বিধ কাউৰী জাতীয় (Cukoos), ১০ বিধ ফেঁচা জাতীয় (Owls), ৭ বিধ মাছোৰোকা জাতীয় (Kingfishers), ৪ বিধ ধনেশ (Hornbills), ৯ বিধ বুলবুল জাতীয় (Bulbuls) চৰাই প্ৰধান। [3] তদুপৰি এই অভয়াৰণ্যত তিনিবিধ ট্ৰগপান (tragopan) প্ৰজাতিৰ চৰাই দেখা পোৱা যায়।[4]

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত ১৯৯৫ চনত বুগুণ লিঅ'চিকলা (Bugun liocichla ) নামৰ এবিধ নতুন চৰাই আৱিষ্কাৰ হয়। ২০০৬ চনত ৰমনা আত্ৰেয়া (Ramana Athreya) ই এই চৰাইবিধৰ বৰ্ণনা কৰে। [5]

সৰীসৃপ প্ৰাণী[সম্পাদনা কৰক]

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত বহু প্ৰকাৰৰ সৰীসৃপ আৰু উভচৰ প্ৰাণী দেখা পোৱা যায়। ইয়াৰ ভিতৰত ৩৪ বিধ উভচৰ, ২৪ বিধ সাপ, ৭ বিধ জেঠীজাতীয়, ৪ বিধ স্কিঙ্ক (Skink) প্ৰাণী প্ৰধান। Abor Hills Agama নামৰ প্ৰাণীবিধ ১২৫ বছৰৰ বিৰতিৰ মূৰত এই অভয়াৰণ্যত পুনৰ আৱিষ্কাৰ হয়। ইয়াত দেখা পোাৱ অন্যান্য বিৰল প্ৰজাতি বোৰ হ'ল, Darjeeling False-wolfsnake, Anderson's Mountain lizard, Günther's Kukri Snake, Common Slug Snake আৰু Keelback সাপৰ প্ৰজাতি।

স্তন্যপায়ী প্ৰাণী[সম্পাদনা কৰক]

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত কমেও ১৫ বিধ স্তন্যপায়ী প্ৰাণী দেখা পোৱা যায়। ইয়াৰ ভিতৰত বিলুপ্তপ্ৰায় টুপীমুৰীয়া বান্দৰ, ঢেঁকীয়াপতীয়া বাঘ, হাতী, ৰঙা পাণ্ডা, ভালুক, অৰুণাচলী বান্দৰ আৰু মিথুন আদিয়ে প্ৰধান। ১৯৯৭ চনত প্ৰখ্যাত প্ৰাণীবিজ্ঞানী আনোৱাৰদ্দিন চৌধুৰীয়ে নতুন বান্দৰৰ প্ৰজাতি 'অৰুণাচলী বান্দৰ' আৱিষ্কাৰ কৰে।[6][7][8]

পখিলা[সম্পাদনা কৰক]

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত কমেও ১৬৫ বিধ বিভিন্ন প্ৰজাতিৰ ৰং-বিৰঙী পখিলা দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত ভূটান গ্ল'ৰি (Bhutan Glory), গ্ৰে এডমিৰেল (Grey Admiral), ডাস্কি লেবিৰিন্থ (Dusky Labyrinth), টাইগাৰ ব্ৰাউন (Tigerbrown), হুৱাইট আউল (White Owl) আদিয়ে প্ৰধান। .[9]

উদ্ভিদকূল[সম্পাদনা কৰক]

এই অভয়াৰণ্যত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখা পোৱা যায়। বৃক্ষৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ অ'ক গছেই প্ৰধান। ইয়াত কমেও পাঁচটা প্ৰজাতিৰ ৰ'ড'ডেণ্ড্ৰন ফুল দেখা পোৱা যায়। [10]

জৈৱবৈচিত্ৰ্য সংৰক্ষণ[সম্পাদনা কৰক]

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য এখন Conservation International Himalaya Biodiversity Hotspot স্থান[11]

Birdlife International এ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য আৰু চেঁচা অভয়াৰণ্যক Important Bird Area (IBA IN344) ৰ অন্তৰ্ভুক্ত কৰিছে।[12]

চিত্ৰমালা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Athreya Ramana (3/13/2005) Kaati Trust, Pune Eaglenest Wildlife Sanctuary Archived 2007-09-18 at the Wayback Machine
  2. 2.0 2.1 Choudhury A.U. (2003). Birds of Eaglenest Wildlife Sanctuary and Sessa Orchid Sanctuary, Arunachal Pradesh, India. Forktail 19:1-13
  3. Athreya Ramana (4/13/2005) Birds of W. Arunachal Pradesh, Checklist, Kaati Trust, Pune Eaglenest record (E) Archived 2007-08-08 at the Wayback Machine
  4. Choudhury, A.U. (2005). Distribution, status and conservation of galliformes in north-east India. Pp.38-56 in: Fuller, R.A. & Browne, S.J. (eds) 2005. Galliformes 2004. Proceedings of the 3rd International Galliformes Symposium. World Pheasant Association, Fordingbridge, UK.
  5. Athreya, R. (9/8/2006) A new species of Liocichla (Aves: Timaliidae) from Eaglenest Wildlife Sanctuary, Arunachal Pradesh, India Indian Birds 2 (4): p82-94 Archived 2007-03-16 at the Wayback Machine
  6. Choudhury, Anwaruddin (2004). "The mystery macaques of Arunachal Pradesh". Rhino Foundation Newsletter খণ্ড 6: 21–25. http://www.archive.org/stream/RhinoFoundation#page/n25/mode/1up. 
  7. Sinha, A.,Datta, A., Madhusudan, M. D. and Mishra, C. (2005). "Macaca munzala: a new species from western Arunachal Pradesh, northeastern India". International Journal of Primatology খণ্ড 26 (977): 989. doi:10.1007/s10764-005-5333-3. 
  8. Choudhury, A.U. (1999). Status and Conservation of the Asian elephant Elephas maximus in north-eastern India. Mammal Review 29(3): 141-173.
  9. Athreya, R. (2006) Eaglenest Biodiversity Project − I (2003–2006): A report submitted to the Forest Department of the Government of Arunachal Pradesh, India, and the Rufford-Maurice-Laing Foundation (UK). Kaati Trust, Pune. Conservation resources for Eaglenest wildlife sanctuary. Archived 2010-06-02 at the Wayback Machine
  10. In search of the Bugun Liocichla and other parables from Eaglenest, archived from the original on 2012-02-04, https://web.archive.org/web/20120204233028/http://www.kolkatabirds.com/hillbirdsofind/eaglenesttrip2009.htm, আহৰণ কৰা হৈছে: 2014-05-28 
  11. Conservation International (2007) Himalaya - conservation action and protected areas, retrieved 10/1/2007 Himalaya - conservation action and protected areas
  12. BirdLife International (2006) BirdLife IBA Factsheet, retrieved 10/1/2007 IN344 Eaglenest and Sessa Sanctuaries

বাহ্যিক সংযোগ[সম্পাদনা কৰক]