ঈদ-উল-ফিটৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ঈদুল ফিতৰৰ পৰা পুনঃনিৰ্দেশিত)
ঈদ-উল-ফিটৰ
عيد الفطر
ৰোজা ভঙাৰ দিৱস
ঈদ-উল-ফিটৰ عيد الفطر ৰোজা ভঙাৰ দিৱস
ঈদ-উল-ফিটৰৰ নামাজৰ পাছত মৰমৰ আলিংগন
অন্য নাম ৰোজাৰ ঈদ, ৰমজান ঈদ
পালন কৰে মুছলমান
প্ৰকাৰ ইছলামিক
মহত্ব ৰমজানৰোজাৰ শেষৰ চিহ্ন
তাৰিখ শ্বাওয়াল
উদযাপন পৰিয়াল আৰু বন্ধুসকলকলৈ ভ্ৰমণ, চিৰাচৰিত মিঠাই খুৱাবস্তু, সুগন্ধি ব্যৱহাৰ, নতুন কাপোৰ-কানি পিন্ধা, উপহাৰ দিয়া, ইত্যাদি
আচাৰ জাকাত, ঈদৰ নামাজ
সম্পৰ্কিত ৰমজান, ঈদ-উল-জুহা,

ঈদ-উল-ফিটৰ বা ঈদুল ফিতৰ (আৰৱী: عيد الفطر অৰ্থাৎ "ৰোজা ভঙাৰ দিৱস") ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা।[1] দ্বিতীয়টো হ'ল ঈদ-উল-জুহা। ধৰ্মীয় পৰিভাষাত ইয়াক ‍ইয়াউমুল জাএজ‍ (অৰ্থঃ পুৰস্কাৰৰ দিৱস) হিচাপেও বৰ্ণনা কৰা হৈছে। দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিম সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।

পালন কৰা সময়[সম্পাদনা কৰক]

চন্দ্ৰ পঞ্জিকাৰ ওপৰত ভিত্তি কৰি ঈদৰ দিন ধাৰ্য কৰা হয়। এটা শুক্ল প্ৰতিপদৰ পৰা তাৰ পিছৰ অমাৱস্যালৈকে সময়ছোৱাই হ'ল চন্দ্ৰ মাহ। এই হিচাপ মতে ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুনদিনে দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়।[2] মুছলমান সকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ'ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালন কৰিলে শুভ হয় বুলি বিশ্বাস কৰে।

ঈদৰ নামাজ[সম্পাদনা কৰক]

দিল্লী জামে মছজিদত ঈদৰ নামাজ পঢ়ি থকাৰ এটি দৃশ্য

ৰাতিপুৱাৰ সমূহীয়া ঈদৰ নমাজৰ সৈতে পবিত্ৰ ঈদৰ আৰম্ভণি হয়; য'ত ইছলাম ধৰ্মীয় লোকসকলে ধৰ্মীয় নীতি অনুসৰি ২ ৰাকাত ঈদৰ নামাজ ৬ তকবিৰসহ পথাৰ (ঈদগাহ) বা মছজিদত বহুতো মানুহ একত্ৰিত হৈ আদায় কৰে বা পঢ়ে। ফজৰৰ নামাজৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ পিছত ঈদ-উল-ফিতৰৰ নামাজৰ সময় হয়। এই নামাজ আদায় কৰাটো মুছলমানৰ দায়িত্ব। ইমাম কৰ্তৃক শুক্ৰবাৰত জুম্মাৰ নামাজৰ আগত খুদবা (ইছলামিক বক্তব্য) প্ৰদানৰ নীতি থাকিলেও ঈদৰ নামাজৰ ক্ষেত্ৰত খুদবা নামাজৰ পিছত প্ৰদান কৰা হয়। ইছলামীক বৰ্ণনা অনুযায়ী ঈদ-উল-ফিটৰৰ নামাজৰ পিছত খুদবা প্ৰদান ইমামৰ ক্ষেত্ৰত ছুন্নত আৰু শ্ৰৱণকাৰী সকলৰ বাবে দায়িত্ব।

ফিৎৰা বা ফিটৰ[সম্পাদনা কৰক]

ঈদৰ সময়ত দুখীয়া- নিছলাক টকা-পইচা দান কৰা এটা নিয়ম আছে। এই নিয়মমতে অৱস্থাসম্পন্ন মুছলমান সকলে ঈদৰ নামাজ পঢ়াৰ আগত দুখীয়ালোকক এক কেঃজিঃ আটা (ঘেঁহু) বা তাৰ মূল্য দান কৰাটো বাধ্যতামূলক। [3] ইয়াকে ফিৎৰা বা ফিটৰা বোলে। এই ফিটৰা বা দান কৰি ঈদ বা আনন্দ লাভ কৰা হয় কাৰণে এই ঈদক ঈদ-উল-ফিটৰ বোলা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Elias, Jamal J. (1999). Islam. Routledge. পৃষ্ঠা. 75. ISBN 0415211654. 
  2. Ghamidi, Javed Ahmad. Mizan: A Comprehensive Introduction to Islam. প্ৰকাশক Lahore: Al-Mawrid. 
  3. "Articles and FAQs about Islam, Muslims". Islamicfinder.org. http://www.islamicfinder.org/articles/article.php?id=405&lang। আহৰণ কৰা হৈছে: 11 August 2013.